প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দেশৰ ভিন্ন প্ৰান্তত প্ৰতিমূৰ্তি ভঙা কাৰ্যক তীব্ৰ নিন্দা প্ৰধানমন্ত্ৰীৰ গৃহমন্ত্ৰীৰ সৈতে বাৰ্তালাপ; দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ

Posted On: 07 MAR 2018 10:43AM by PIB Guwahati

দেশৰ কিছু কিছু স্থানত প্ৰতিমূৰ্তি ভঙা কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তেওঁ কৈছে যে এই ঘটনাৰ সৈতে জড়িত দোষীসকলক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব৷ এই সন্দৰ্ভত তেওঁ গৃহমন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ সৈতে বাৰ্তালাপ কৰিছে আৰু ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ গৃহ মন্ত্ৰালয়ে প্ৰতিমূৰ্তি ভঙা কাৰ্যক অত্যন্ত গভীৰভাৱে গ্ৰহণ কৰিছে আৰু এনে ঘটনা ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰসমূহক পৰ্যাপ্ত ব্যৱস্থা লবলৈ নিৰ্দেশ দিছে৷ এইধৰণৰ ঘটনাৰ সৈতে জড়িত লোকসকল কঠোৰ শাস্তিৰ সন্মুখীন হব লাগিব বুলিও গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে৷

***

AKT/AP/MS



(Release ID: 1523428) Visitor Counter : 120