প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজস্থানৰ ঝুনজুনুত ৰাষ্ট্ৰীয় পুষ্টিকৰণ অভিযান আৰু বেটী বচাও বেটী পঢ়াও আঁচনিৰ সম্প্ৰসাৰিত সংস্কৰণ মুকলি প্ৰধানমন্ত্ৰীৰ

Posted On: 08 MAR 2018 4:06PM by PIB Guwahati

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ ঝুনজুনুত ৰাষ্ট্ৰীয় পুষ্টিকৰণ অভিযান আৰু বেটী বচাও বেটী পঢ়াও আঁচনিৰ সম্প্ৰসাৰিত সংস্কৰণ  মুকলি কৰে৷

প্ৰধানমন্ত্ৰীয়ে জিলা দণ্ডাধীশসকলৰ লগতে বেটী বচাও বেটা পঢ়াও আঁচনিৰ উপভোক্তা মাতৃ আৰু কন্যা শিশুসকলৰ সৈতেও বাৰ্তালাপ কৰে৷

বেটী বচাও বেটা পঢ়াও আঁচনিৰ অধীনত শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰা জিলাসমূহক তেওঁ প্ৰমাণপত্ৰ প্ৰদান কৰে৷

অনুষ্ঠানত ৰাজস্থানৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে কয় যে প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানক ৰাষ্ট্ৰীয় পুষ্টিকৰণ অভিযান আৰু বেটী বচাও বেটী পঢ়াও আঁচনিৰ সম্প্ৰসাৰিত সংস্কৰণ মুকলিৰ স্থান হিচাপে বাচনি কৰাৰ বাবে সন্তুষ্টি ব্যক্ত কৰে৷ মহিলা সৱলীকৰণৰ দিশত প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা সকলো পদক্ষেপত ৰাজস্থানে সহায়-সহযোগিতা আগবঢ়াব বুলিও তেওঁ উল্লেখ কৰে৷

অনুষ্ঠানত সমবেত বৃহৎ জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিৰ শক্তিৰে ঝুনঝুনুক সমগ্ৰ দেশৰ সৈতে সংযুক্ত কৰা হৈছে৷ বেটী বচাও বেটী পঢ়াও আন্দোলনক আগুৱাই নিয়াৰ বাবে তেওঁ ঝুনঝুনু জিলাক প্ৰশংসা কৰে৷ লিংগক লৈ কোনো বৈষম্যৰ প্ৰশ্ন অৱতাৰণা নহয় বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ল’ৰা সন্তানৰ দৰে কন্যা সন্তানেও উন্নত শিক্ষা লাভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

কন্যা সন্তান কেতিয়াও বোজা নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে কন্যাসকলে বিভিন্ন ক্ষেত্ৰত আমাৰ দেশলৈ গৌৰৱ আৰু খ্যাতি কঢ়িয়াই আনিছে৷

শিশুক পৰ্যাপ্ত পুষ্টি প্ৰদানৰ গুৰুত্ব সন্দৰ্ভতো প্ৰধানমন্ত্ৰীয়ে ব্যক্তব্য আগবঢ়ায়৷ তেওঁ কয় যে মিছন ইন্দ্ৰধনুষে মহিলা আৰু শিশুসকলৰ জীৱনলৈ যথেষ্ট ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিছে৷

***

AKT/SH/MS



(Release ID: 1523421) Visitor Counter : 89