• Sitemap
  • Advance Search
Energy & Environment

ইথানল মিশ্ৰিত পেট্ৰ'ল কাৰ্যসূচী

সঘনাই সোধা প্ৰশ্নসমূহ

Posted On: 10 JUL 2026 5:42PM

ইথানল মিশ্ৰিত পেট্ৰ'ল (Ethanol Blended Petrol – EBP) কাৰ্যসূচী ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তি উদ্যোগ। ইয়াৰ লক্ষ্য হৈছে দেশীয়ভাৱে উৎপাদিত নৱীকৰণযোগ্য ইন্ধনৰ অধিক ব্যৱহাৰৰ জৰিয়তে শক্তি সুৰক্ষা বৃদ্ধি কৰা, কৃষকসকলক সহায় কৰা আৰু পৰিৱেশৰ ওপৰত প্ৰভাৱ হ্ৰাস কৰা

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ২০২৬ চনৰ ২৩ জুনত প্ৰকাশ কৰা এক বিস্তৃত প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কাৰ্যসূচী সম্পৰ্কীয় বিভিন্ন উদ্বেগৰ স্পষ্টীকৰণ দিছিল। ইয়াৰ উপৰিও, ২০২৬ চনৰ ৪ জুলাই অনুষ্ঠিত এক সংবাদমেলত অটোম'বাইল নিৰ্মাতা সংস্থাসমূহেও নিজ নিজ স্পষ্টীকৰণ আগবঢ়াইছিল।

স্পষ্টীকৰণসমূহ দিয়া সত্ত্বেও, EBP কাৰ্যসূচীক লৈ কিছুমান উদ্বেগ উত্থাপন হৈ আহিছে। তলত দিয়া সঘনাই সোধা প্ৰশ্নসমূহত সেই উদ্বেগসমূহৰ তথ্যভিত্তিক আৰু প্ৰমাণ-সমৰ্থিত উত্তৰ আগবঢ়োৱা হৈছে।

ইথানল নীতি ততাতৈয়াকৈ ৰূপায়ণ কৰা হৈছিল নেকি?

প্ৰশ্ন . ইথানল ভাৰতে উদ্ভাৱন কৰা বা ততাতৈয়াকৈ গ্ৰহণ কৰা এক নতুন ইন্ধন নেকি?

নহয়। ইথানল কোনো নতুন ইন্ধন নহয়। এশ বছৰতকৈও অধিক আগতে হেনৰি ফ'ৰ্ডে (Henry Ford) Model T গাড়ীখন ইথানলত চলিব পৰাকৈ ডিজাইন কৰিছিল। ব্ৰাজিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশসমূহে বহু দশক ধৰি পেট্ৰ'লত ইথানল মিশ্ৰণ কৰি আহিছে।

 

ভাৰতৰ নিজা ইথানলৰ যাত্ৰাও বৰ্তমানৰ চৰকাৰৰ বহু আগতেই আৰম্ভ হৈছিল। এই যাত্ৰা দুই দশকৰো অধিক সময়জুৰি চলি আহিছে। তলত ইয়াৰ সময়ৰেখা দিয়া হ'ল—

  • ২০০১: এক পাইলট ইথানল মিশ্ৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল।
  • ২০০৪: কাৰ্যসূচীটো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল।
  • ২০০৬: E5, অৰ্থাৎ ৫ শতাংশ মিশ্ৰণ, কেইবাখনো ৰাজ্যত ৰূপায়ণ কৰা হৈছিল।
  • জানুৱাৰী ২০১৩: ভাৰতৰ ৰাজপত্ৰত নীতি-চক্ৰ অধিসূচিত কৰা হৈছিল, য'ত ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৫% ইথানল মিশ্ৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ পিছতো, কেৱল কুহিয়াৰ্ৰ পৰা পৰ্যাপ্ত পৰিমাণৰ ইথানল উৎপাদন কৰিব নোৱাৰাৰ বাবে ২০১৪ চনলৈকে মিশ্ৰণৰ পৰিমাণ প্ৰায় ১.৫ শতাংশতেই স্থবিৰ হৈ আছিল।
  • মে' ২০১৮: জৈৱ ইন্ধন বিষয়ক ৰাষ্ট্ৰীয় নীতিয়ে কুহিয়াৰৰ বাহিৰেও মাকৈ (Maize) আৰু উদ্বৃত্ত শস্যক কেঁচামাল হিচাপে অন্তৰ্ভুক্ত কৰি ইথানল উৎপাদনক বাস্তৱিক অৰ্থত সৰ্বস্তৰৰ চৰকাৰী অভিযানলৈ ৰূপান্তৰিত কৰিছিল।
  • জুন ২০২১: নিটি আয়োগে অটোমোবাইল নিৰ্মাতা, তেল বিপণন কোম্পানী আৰু কৃষি বিশেষজ্ঞসকলৰ সৈতে পৰামৰ্শ কৰি এক বিস্তৃত ৰোডমেপ প্ৰকাশ কৰিছিল।
  • আগষ্ট ২০২১: ইণ্ডিয়ান অইল কৰ্প'ৰেচন লিমিটেড (IOCL), ভাৰত পেট্ৰ'লিয়াম কৰ্প'ৰেচন লিমিটেড (BPCL) আৰু হিন্দুস্তান পেট্ৰ'লিয়াম কৰ্প'ৰেচন লিমিটেড (HPCL)-এ নিশ্চিত ক্ৰয় চুক্তি (Guaranteed Purchase Agreements) আৰু বেংক ঋণৰ সুবিধাৰে নিৰ্দিষ্ট ইথানল কাৰখানা স্থাপনৰ বাবে ব্যক্তিগত বিনিয়োগ আহ্বান কৰিছিল।

প্ৰশ্ন . ভাৰতে কেনেকৈ ইমান কম সময়ৰ ভিতৰতে ২০ শতাংশ মিশ্ৰণলৈ আগবাঢ়িল?

২০২১ চনত ১০ শতাংশ ইথানল মিশ্ৰণৰ লক্ষ্য পূৰণ কৰিবলৈ ভাৰতৰ বছৰি প্ৰায় ৫০০ৰ পৰা ৬০০ কোটি লিটাৰ ইথানলৰ প্ৰয়োজন হৈছিল। নতুন বিনিয়োগৰ ফলত উৎপাদন ক্ষমতা বৃদ্ধি পোৱাৰ লগে লগে বছৰি ইথানলৰ উপলব্ধতা প্ৰায় ১,২০০ কোটি লিটাৰলৈ বৃদ্ধি পায়। পৰ্যাপ্ত যোগান নিশ্চিত হোৱাৰ পিছত, ২০ শতাংশ মিশ্ৰণলৈ আগবঢ়াটো এক যুক্তিসংগত আৰু দায়িত্বশীল পৰৱৰ্তী পদক্ষেপ হৈ পৰে। মিশ্ৰণৰ হাৰ বৃদ্ধিয়ে নিজেই দেখুৱাই দিয়ে যে এইটো কোনো হঠাৎ জঁপিয়াই উঠা পদক্ষেপ নহয়, বৰঞ্চ ধীৰ, পৰিকল্পিত আৰু পৰ্যায়ক্ৰমে আগবঢ়োৱা প্ৰক্ৰিয়া—

ইথানল যোগান বৰ্ষ

প্ৰাপ্ত মিশ্ৰণ

২০২০২১

~.%

২০২১২২

১০.%

২০২২২৩

১২.%

২০২৩২৪

১৪.%

২০২৪২৫

১৯.%

২০২৫২৬ (নৱেম্বৰজুন)

২০%

ব্ৰাজিলে শূন্যৰ পৰা বিশ্বৰ প্ৰথম বৃহৎ ইথানল পৰিৱেশতন্ত্ৰ গঢ়ি তুলিছিল, যাৰ বাবে স্বাভাৱিকতেই কেইবাটাও দশক সময় লাগিছিল। ভাৰতৰ সুবিধা আছিল যে ব্ৰাজিলৰ সেই অভিজ্ঞতাৰ পৰা শিক্ষা ল'ব পাৰিছিল। যিটো দ্ৰুত অগ্ৰগতি যেন দেখা যায়, সেয়া আচলতে দুই দশকৰ প্ৰস্তুতিৰ পিছত শৃংখলাবদ্ধভাৱে ৰূপায়ণ কৰা ফল।

যানবাহনৰ সামঞ্জস্যতা আৰু গ্ৰাহকৰ পছন্দ

প্ৰশ্ন . মই কিয় পাম্পত বিশুদ্ধ পেট্ৰ', E10 আৰু E20- মাজৰ পৰা ইচ্ছামতে বাছনি কৰিব নোৱাৰোঁ, যিদৰে মই প্ৰিমিয়াম ইন্ধন বাছনি কৰোঁ?

ভাৰতত এক লাখতকৈও অধিক খুচুৰা বিক্ৰী কেন্দ্ৰ আছে, যিবোৰ বিস্তৃত শোধনাগাৰ, টাৰ্মিনেল আৰু পাইপলাইনৰ নেটৱৰ্কৰ জৰিয়তে চলি থাকে। সমগ্ৰ দেশজুৰি তিনিধৰণৰ পৃথক ভিত্তিমূলক ইন্ধন সংৰক্ষণ কৰিবলগীয়া হ'লে প্ৰতিটো বিক্ৰী কেন্দ্ৰতে ব্যয় বৃদ্ধি পাব আৰু গুণগত মান নিয়ন্ত্ৰণ অধিক জটিল হৈ পৰিব।

প্ৰিমিয়াম পেট্ৰ'লৰ সৈতে ইয়াৰ তুলনা সঠিক নহয়। প্ৰিমিয়াম পেট্ৰ'ল হৈছে সীমিত পৰিমাণে বিক্ৰী হোৱা, সংযোজক সংযোজিত এক বিশেষ ইন্ধন; ই সমগ্ৰ দেশজুৰি পৃথক ভিত্তিমূলক ইন্ধন নহয়।

ইয়াৰ উপৰিও, ইতিমধ্যে যি বিনিয়োগ কৰা হৈছে, তাৰো এটা প্ৰশ্ন আছে। ৰাজহুৱা খণ্ডৰ বেংকসমূহে ইথানল কাৰখানা, সংৰক্ষণ ব্যৱস্থা আৰু লজিষ্টিকছত বছৰি প্ৰায় ১ লাখ কোটি টকা ঋণ প্ৰদান কৰিছে। এতিয়া পুনৰ E10-লৈ ঘূৰি গ'লে এই বিনিয়োগ অচল হৈ পৰিব আৰু সৎ বিশ্বাসেৰে এই ব্যৱস্থা গঢ়ি তোলা কৃষক আৰু উদ্যোগপতিসকল ক্ষতিগ্ৰস্ত হ'ব।

প্ৰশ্ন . E20 ৰূপায়ণ কৰাৰ আগতে অটোম'বাইল উদ্যোগৰ সৈতে প্ৰকৃততে পৰামৰ্শ কৰা হৈছিল নেকি?

হয়। এই পৰিৱৰ্তনৰ আৰম্ভণিৰ পৰাই পৰামৰ্শ কৰা হৈছিল, পিছত নহয়। ২০২০–২১ চনতেই নিৰ্মাতাসকলৰ সৈতে E10-সামঞ্জস্যতা সন্দৰ্ভত আলোচনা আৰম্ভ হৈছিল, আৰু ভাৰতে ২০২২ চনৰ জুন মাহত, নিৰ্ধাৰিত সময়ৰ পাঁচ মাহ আগতেই, E10-ৰ লক্ষ্য পূৰণ কৰিছিল।

E20-ৰ ক্ষেত্ৰত প্ৰক্ৰিয়াটো আৰু অধিক বিস্তৃত আছিল। ইঞ্জিন কেলিব্ৰেচন, ইন্ধন ব্যৱস্থা, ৰাবাৰৰ উপাদান, নিৰ্গমন আৰু ইন্ধন দক্ষতাক বহু পৰ্যায়ৰ পৰীক্ষাৰ জৰিয়তে মূল্যায়ন কৰা হৈছিল, তাৰ পিছতেই ইন্ধনটো পেট্ৰ'ল পাম্পলৈ অনা হৈছিল। যদি অটোম'বাইল নিৰ্মাতাসকল E20-ৰ সুৰক্ষাৰ বিষয়ে নিশ্চিত নাথাকিলহেঁতেন, তেন্তে তেওঁলোকে E20 ব্যৱহাৰ কৰা বাহনৰ ৱাৰেণ্টি কেতিয়াও বহাল নাৰাখিলহেঁতেন।

প্ৰশ্ন . E20 ব্যৱহাৰ কৰিলে মোৰ বাহনৰ মাইলেজ কমিব নে ইয়াৰ কাৰ্যক্ষমতাৰ ওপৰত প্ৰভাৱ পৰিব?

কিছুমান বাহনত ইন্ধন দক্ষতাত ৩ৰ পৰা ৫ শতাংশ পৰ্যন্ত হ্ৰাস দেখা যাব পাৰে। কিন্তু বাস্তৱ জীৱনত মাইলেজ বহু বেছি পৰিমাণে নিৰ্ভৰ কৰে চালনাৰ অভ্যাস, টায়াৰৰ বায়ুচাপ, নিয়মীয়া ছাৰ্ভিচিং আৰু এয়াৰ কণ্ডিচনাৰৰ ব্যৱহাৰৰ ওপৰত, ইন্ধনৰ ধৰণৰ ওপৰত নহয়। মাইলেজ এই সামগ্ৰিক ছবিখনৰ কেৱল এটা অংশ।

ইন্ধন দক্ষতাৰ উপৰিও, E20-এ বহুতো কাৰ্যক্ষমতা আৰু পৰিৱেশগত সুবিধা প্ৰদান কৰে—

  • প্ৰায় ১০৮.৫-ৰ ৰিছাৰ্চ অক্টেন নম্বৰ, যি পেট্ৰ'লৰ ৮৪.৪-তকৈ বহু বেছি।
  • ভাৰতীয় পেট্ৰ'লৰ কাৰ্যকৰী অক্টেন ৰেটিং প্ৰায় ৯৫লৈ বৃদ্ধি কৰে, যাৰ ফলত আধুনিক ইঞ্জিনত দহন উন্নত হয়।
  • E20-ৰ বাবে কেলিব্ৰেট কৰা বাহনসমূহে অধিক মসৃণ ত্বৰণ (Smoother Acceleration) প্ৰদান কৰে।
  • E20-এ উন্নত এণ্টি-নক বৈশিষ্ট্য (Anti-knock Characteristics) প্ৰদান কৰে।
  • E20-এ ইঞ্জিন অধিক পৰিষ্কাৰভাৱে চলিবলৈ সহায় কৰে আৰু কণিকাগত নিৰ্গমন লক্ষণীয়ভাৱে হ্ৰাস কৰে।

E20-এ জীৱনচক্ৰভিত্তিক কাৰ্বন নিৰ্গমন (Lifecycle Carbon Emissions) প্ৰায় ৪০ শতাংশলৈকে হ্ৰাস কৰিব পাৰে।

প্ৰশ্ন . মোৰ বাহনৰ মেনুৱেলত ‘E10 Compatible’ বুলি লিখা আছে ইয়াৰ অৰ্থ E20 মোৰ গাড়ীৰ বাবে অনিৰাপদ নেকি?

নহয়। বাহনৰ মেনুৱেলত উল্লেখ কৰা তথ্যই কেৱল সেই সময়ৰ ইন্ধনৰ মানদণ্ডক প্ৰতিফলিত কৰে, যেতিয়া বাহনটোক প্ৰমাণিত কৰা হৈছিল। ইয়াৰ অৰ্থ এইটো নহয় যে, বিস্তৃত পৰীক্ষা আৰু নিয়ামকীয় অনুমোদনৰ পিছত ইন্ধনৰ মানদণ্ড আগবাঢ়ি গ'লে বাহনটো হঠাতে অনিৰাপদ হৈ পৰিব।

 

E20 ৰূপায়ণ কৰাৰ আগতে চৰকাৰে ARAI, SIAM, অটোমোবাইল নিৰ্মাতা আৰু তেল কোম্পানীসমূহক অন্তৰ্ভুক্ত কৰি বিশেষজ্ঞ সমিতি গঠন কৰিছিল। ২০২১ চনৰ নিটি আয়োগৰ ৰোডমেপে E10-ৰ পৰা E20-লৈ পৰিৱৰ্তনৰ বিষয়টো স্পষ্টভাৱে আলোচনা কৰিছিল আৰু নিৰ্মাতাসকলক বহু বছৰ আগতেই ইয়াৰ বিষয়ে অৱগত কৰিছিল।

প্ৰশ্ন . E20- পুৰণি বাহনসমূহৰ ৰাবাৰৰ অংশ, ইন্ধনৰ পাইপ বা ইঞ্জিনৰ ক্ষতি কৰিব নেকি?

E15 বা তাতকৈ অধিক মিশ্ৰণৰ ইন্ধন ইতিমধ্যে সাৰে তিনি বছৰতকৈও অধিক সময় ধৰি সমগ্ৰ ভাৰততে ব্যৱহাৰ হৈ আহিছে। E20-এ বজাৰত উপলব্ধ হোৱাৰ আগতে ইঞ্জিনৰ স্থায়িত্ব, ক্ষয়-প্ৰতিৰোধ ক্ষমতা আৰু চলনক্ষমতা ৰ ওপৰত বিস্তৃত পৰীক্ষাগাৰ আৰু ক্ষেত্ৰ-ভিত্তিক পৰীক্ষা সম্পন্ন কৰা হৈছিল।

ইয়াৰ আটাইতকৈ শক্তিশালী প্ৰমাণ বাস্তৱ অভিজ্ঞতাৰ পৰাই আহে। ২০২৫–২৬ বিত্তীয় বৰ্ষত মাৰুতি ছুজুকিয়ে ২.৮৪ কোটি গাড়ীৰ ছাৰ্ভিচিং কৰিছিল, যাৰ ভিতৰত ১.৫ কোটি পুৰণি বাহন আছিল, যিবোৰ E20-ৰ বাবে কেতিয়াও প্ৰমাণিত কৰা হোৱা নাছিল। এইসমূহৰ ক্ষেত্ৰতো E20-জনিত কোনো ক্ষতি পোৱা নগ'ল। যদি E20-এ প্ৰকৃততে ৰাবাৰৰ পাইপ, ইন্ধনৰ লাইন বা ইঞ্জিনৰ ক্ষতি কৰিলেহেঁতেন, তেন্তে বৃহৎ পৰিমাণৰ ৱাৰেণ্টি দাবী আৰু অভিযোগৰ ঢৌ দেখা গ'লহেঁতেন। কিন্তু তেনে কোনো পৰিস্থিতি সৃষ্টি হোৱা নাছিল।

ইয়াৰ উপৰিও, ভাৰতৰ ইথানল যোগান শৃংখল কঠোৰভাৱে নিয়ন্ত্ৰিত। ইথানল আৰু ইথানল মিশ্ৰিত পেট্ৰ'লে ভাৰতীয় মানক ব্যুৰো (BIS)-ৰ কঠোৰ নিৰ্ধাৰিত মানদণ্ড পূৰণ কৰিব লাগিব, আৰু ডিষ্টিলেৰীৰ পৰা ডিপো হৈ খুচুৰা বিক্ৰী কেন্দ্ৰলৈকে প্ৰতিটো পৰ্যায়তে ইয়াৰ পৰীক্ষা কৰা হয়। সকলো ৰাজ্যৰ মুখ্য সচিবসকলক ভেজালৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

মূল্য নিৰ্ধাৰণ আৰু মূল্যৰ বিনিময়ত লাভ

 

প্ৰশ্ন . ইথানল তুলনামূলকভাৱে সস্তীয়া ইন্ধন ' লাগে তেন্তে E20- মূল্য বিশুদ্ধ পেট্ৰ'লতকৈ কম কিয় নহয়?

চৰকাৰে নিশ্চিত কৰে যে এই কাৰ্যসূচীৰ অধীনত যোগান ধৰা ইথানলৰ বাবে কৃষকসকলে ন্যায্য মূল্য লাভ কৰে। উদাহৰণস্বৰূপে, মাকৈ-ভিত্তিক ইথানল প্ৰতি লিটাৰ প্ৰায় ৭১.৮৬ টকা দৰত ক্ৰয় কৰা হয়, য'ত GST, পৰিবহন আৰু সংৰক্ষণৰ ব্যয়ো অন্তৰ্ভুক্ত নহয়।

যেতিয়া বিশ্ববজাৰত কেঁচা তেলৰ মূল্য প্ৰতি বেৰেল প্ৰায় ৭০ আমেৰিকান ডলাৰ হয়, তেতিয়া E20 উৎপাদনৰ ব্যয় বিশুদ্ধ পেট্ৰ'লৰ সমান বা তাতোকৈ অধিক হ'ব পাৰে। কেঁচা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাই প্ৰতি বেৰেল ১২০–১৩০ আমেৰিকান ডলাৰ বা তাতোকৈ অধিক হ'লে তেতিয়াহে ইথানল তুলনামূলকভাৱে সস্তীয়া বিকল্প হৈ পৰে।

E20-ৰ মূল্য বিশুদ্ধ পেট্ৰ'লৰ সৈতে প্ৰায় সমান হ'লেও, গ্ৰাহকসকলে লাভান্বিত হয়। বৰ্তমান ভাৰতত বিক্ৰী হোৱা প্ৰতিটো লিটাৰ পেট্ৰ'লৰ প্ৰায় ২০ শতাংশ দেশীয়ভাৱে উৎপাদিত ইথানল। কেঁচা তেলৰ দৰে ইথানলৰ মূল্য ব্ৰেণ্ট ক্ৰুডৰ মূল্যৰ উঠা-নমা, যুদ্ধ বা বিশ্বব্যাপী জাহাজ চলাচলৰ বিঘ্নৰ দ্বাৰা প্ৰভাৱিত নহয়।

ইয়াৰ অৰ্থ হ'ল, প্ৰতিটো ইন্ধন টেংকৰ প্ৰায় এটা পঞ্চমাংশ এক স্থিতিশীল দেশীয় উৎসৰ পৰা আহে। ইয়াৰ ফলত বিশ্ববজাৰৰ তেলৰ মূল্যৰ আঘাতৰ প্ৰতি ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস পায় আৰু শক্তি সুৰক্ষা অধিক শক্তিশালী হয়।

প্ৰশ্ন . ইথানল মিশ্ৰণে ভাৰতত পেট্ৰ'লৰ মূল্য আন দেশসমূহতকৈ অধিক স্থিতিশীল কৰি ৰখাত সহায় কৰিছে নেকি?

হয়। ইয়াৰ ফলাফল ভাৰত আৰু বিশ্বৰ অন্যান্য দেশত ইন্ধনৰ মূল্যৰ পৰিৱৰ্তন তুলনা কৰিলে স্পষ্টকৈ

যায়

দেশ

পেট্ৰ'লৰ মূল্য, ২০২২

পেট্ৰ'লৰ মূল্য, জুন ২০২৬

বৃদ্ধি

পাকিস্তান

৯২.৬৪

১২৯.৪৮

৩৯.৭৭%

বাংলাদেশ

৭৬.৯৭

১০৯.৮২

৪২.৬৯%

শ্ৰীলংকা

৯০.৪৩

১২৩.৫৯

৩৬.৬৬%

নেপাল

১১৩.৯৯

১৩৭.১৯

২০.৩৫%

ফ্ৰান্স

১৭৪.১৮

২০৫.০৮

১৭.৭৪%

জাৰ্মানী

১৬৩.১৮

১৯৪.২৬

১৯.০৫%

ইটালী

১৬৬.৮৫

১৯৭.৫২

১৮.৩৯%

ভাৰত (দিল্লী)

৯৬.৭২

১০২.১২

.৫৮%

মূল্য: প্ৰতি লিটাৰত টকা

পেট্ৰ'লত মিশ্ৰিত হোৱা প্ৰতি লিটাৰ ইথানলৰ অৰ্থ হৈছে চাৰিটা গুৰুত্বপূৰ্ণ লাভ—

  • কম কেঁচা তেল আমদানি
  • বৈদেশিক মুদ্ৰাৰ কম ব্যয়
  • ভাৰতীয় কৃষকৰ অধিক আয়
  • নাগৰিকৰ বাবে অধিক স্থিতিশীল ইন্ধনৰ মূল্য

ইথানল মিশ্ৰণ হৈছে এক বিশ্বব্যাপী স্বীকৃত পদ্ধতি

ভাৰত ইথানল মিশ্ৰণ গ্ৰহণ কৰা একমাত্ৰ দেশ নহয়। বৰ্তমান ই বিশ্বজুৰি ব্যাপকভাৱে স্বীকৃত এক পদ্ধতি। বিশ্বৰ কেইবাখনো মুখ্য অৰ্থনীতিয়ে ইথানলক নিজৰ ইন্ধন কৌশলৰ এক অবিচ্ছেদ্য অংশ হিচাপে গঢ়ি তুলিছে।

  • আমেৰিকা যুক্তৰাষ্ট্ৰ: সমগ্ৰ দেশতে E10 হৈছে মানক ইথানল মিশ্ৰিত ইন্ধন। E15-ৰ ব্যৱহাৰ দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে, যাক আমেৰিকা চৰকাৰে সমৰ্থন জনাইছে। ইতিমধ্যে লাখ লাখ বাহন ফ্লেক্স-ফুৱেল সক্ষম। এই বাহনসমূহে E85-লৈকে ইথানল মিশ্ৰণত চলিব পাৰে।
  • ব্ৰাজিল: ইথানল ব্যৱহাৰৰ ক্ষেত্ৰত ব্ৰাজিল এতিয়াও বিশ্বৰ শীৰ্ষস্থানীয় দেশ। বৰ্তমান ইয়াত E27-ক মানক পেট্ৰ'ল মিশ্ৰণ হিচাপে বাধ্যতামূলক কৰা হৈছে। ইয়াক আৰু বৃদ্ধি কৰি প্ৰায় ৩৫ শতাংশলৈ নিয়াৰ প্ৰক্ৰিয়া চলি আছে। বিক্ৰী হোৱা নতুন গাড়ীৰ ৮০ শতাংশতকৈও অধিক হৈছে ফ্লেক্স-ফুৱেল বাহন। এই বাহনসমূহে E27, E30 অথবা বিশুদ্ধ জলীয় ইথানলত চলিব পাৰে।
  • জাপান: জাপানেও নিজৰ ইন্ধন ব্যৱস্থাত ইথানল অন্তৰ্ভুক্ত কৰিছে। এই কাম পৰ্যায়ক্ৰমিক E10 ৰূপায়ণ (Phased E10 Rollout)-ৰ জৰিয়তে সম্পন্ন কৰা হৈছে।

কানাডা, থাইলেণ্ড আৰু ইউৰোপৰ কেইবাখনো দেশেও পৰিষ্কাৰ ইন্ধন কৌশলৰ অংশ হিচাপে ইথানল মিশ্ৰণ গ্ৰহণ কৰিছে।

শক্তি সুৰক্ষাৰ দিশত এক প্ৰমাণিত পথ

ভাৰতৰ ইথানল যাত্ৰা দুই দশকৰো অধিক সময়জুৰি বিস্তৃত। ২০০১ চনত পাইলট প্ৰকল্পৰ জৰিয়তে আৰম্ভ হোৱা এই যাত্ৰাই নীতি সংস্কাৰ, উদ্যোগৰ সহযোগিতা আৰু ধাৰাবাহিক বিনিয়োগ লৰ মাজেৰে ক্ৰমে বিকাশ লাভ কৰিছে। ২০২৫–২৬ চনত ২০ শতাংশ মিশ্ৰণ লাভ কৰাটো কোনো হঠাৎ লোৱা সিদ্ধান্তৰ ফল নহয়; ই সুচিন্তিত পৰিকল্পনা আৰু ধাৰাবাহিক ৰূপায়ণৰ ফল।

E20 ৰূপায়ণৰ প্ৰতিটো পৰ্যায়তে অটোম'বাইল নিৰ্মাতা, পৰীক্ষণ সংস্থা, ইন্ধন খুচুৰা বিক্ৰেতা (আৰু কৃষকসকল জড়িত আছিল। ইঞ্জিন বা বিভিন্ন যান্ত্ৰিক অংশৰ ক্ষতি সম্পৰ্কীয় দাবীসমূহ মাৰুতি ছুজুকি আৰু হিৰো মটোকৰ্পে সংৰক্ষণ কৰা কোটি কোটি বাহনৰ সেৱা-তথ্যৰ ভিত্তিত মূল্যায়ন কৰা হৈছে। উপলব্ধ প্ৰমাণসমূহে এই দাবীসমূহ সমৰ্থন কৰা নাই।

ইথানল মিশ্ৰিত পেট্ৰ'ল (Ethanol Blended Petrol - EBP) কাৰ্যসূচীয়ে ভাৰতৰ শক্তি সুৰক্ষা শক্তিশালী কৰিছে, কেঁচা তেল আমদানি হ্ৰাস কৰিছে, নিৰ্গমন কমাইছে আৰু কৃষকসকলৰ আয় বৃদ্ধি কৰিছে। E20 হৈছে এক সুৰক্ষিত, অধিক পৰিষ্কাৰ আৰু বিস্তৃতভাৱে পৰীক্ষিত ইন্ধন, যি বৈজ্ঞানিক মূল্যায়ন, পৰ্যায়ক্ৰমিক ৰূপায়ণ আৰু উদ্যোগ তথা গৱেষণা প্ৰতিষ্ঠানসমূহৰ সহযোগিতাৰ দ্বাৰা সমৰ্থিত। ই এক আত্মনিৰ্ভৰ, বহনক্ষম আৰু শক্তি-সুৰক্ষিত  ভাৰত গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

তথ্যসূত্ৰ:

পিআইবি গৱেষণা

(Explainer ID: 159192) आगंतुक पटल : 22
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Bengali , Kannada