• Sitemap
  • Advance Search
Farmer's Welfare

পৰম্পৰাগত কৃষি বিকাশ যোজনা (পিকেভিৱাই): ভাৰতত জৈৱিক কৃষিৰ বিকাশ

Posted On: 07 OCT 2025 4:10PM

সাৰাংশ

• ২০১৫ চনতৰাষ্ট্ৰীয় বহনক্ষম কৃষি অভিযানৰ অধীনত পৰম্পৰাগত কৃষি বিকাশ যোজনা (পি কে ভি ৱাই) আৰম্ভ কৰা হৈছিল।

• ৩০.০১.২০২৫ তাৰিখলৈকে পি কে ভি ৱাই (২০১৫–২৫)ৰ অধীনত ২,২৬৫.৮৬ কোটি টকা মুকলি কৰা হৈছে।

• ২০২৪–২৫ বিত্তীয় বৰ্ষত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত পিকেভিৱাইৰ বাবে ২০৫.৪৬ কোটি টকা মুকলি কৰা হৈছে।

• ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহলৈকেজৈৱিক কৃষিৰ বাবে প্ৰায় ১৫ লাখ হেক্টৰ ভূমি; ৫২,২৮৯টা ক্লাষ্টাৰ গঠন; ২৫.৩০ লাখ কৃষক উপকৃত হৈছে।

• ২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে জৈৱিক খেতি পোৰ্টেলত ৬.২৩ লাখ কৃষক, ১৯,০১৬ টা স্থানীয় গোট, ৮৯ জন সমল যোগানকাৰী, আৰু ৮,৬৭৬ জন ক্ৰেতাই পঞ্জীয়ন কৰিছে।

 

প্ৰশ্ন১: পৰাম্পৰাগত কৃষি বিকাশ যোজনা (পিকেভিৱাই) কি?

পৰম্পৰাগত কৃষি বিকাশ যোজনা (পিকেভিৱাই) হৈছেৰাষ্ট্ৰীয় বহনক্ষম কৃষি অভিযানৰ অংশ হিচাপে ২০১৫ চনত আৰম্ভ কৰা এক চৰকাৰী পদক্ষেপ। পিকেভিৱাইৰ উদ্দেশ্য হৈছে ক্লাষ্টাৰৰ জৰিয়তে জৈৱিক কৃষিকাৰ্য কৰা, যাতে পৰিৱেশৰ ভাৰসাম্য পুনৰুদ্ধাৰ কৰিবপৰাযায় আৰু কৃষকৰ জীৱিকা উন্নত কৰিব পৰা যায়। এই আঁচনিখনৰ লক্ষ্য হৈছে কৃষক গোটৰ সৈতে কম খৰচী, ৰাসায়নিক মুক্ত কৌশলসমূহ ব্যৱহাৰ কৰি একআৰ্হিৰবিকাশকৰাতথাখাদ্য সুৰক্ষা, আয় সৃষ্টি, আৰু পৰিৱেশৰ বহনক্ষমতা বৃদ্ধি কৰা।

পিকেভিৱাইৰ বাবেসৰ্বাধিক ২ হেক্টৰ পৰ্যন্ত মাটি থকা কৃষক আৰু প্ৰতিষ্ঠানযোগ্য। এই পদক্ষেপৰ জৰিয়তে কৃষকসকলক ২০ হেক্টৰৰ ক্লাষ্টাৰত সংগঠিত কৰি জৈৱিক কৃষিৰ ব্যৱস্থা কৰি, সকলোৰে বাবে একে মান নিশ্চিত কৰা হয় তথা সম্পদৰ ভাগ-বতৰাৰ জৰিয়তে খৰচ হ্ৰাস কৰি ভিন্নতাপূৰ্ণ কৃষি ব্যৱস্থাক উৎসাহিত কৰা হয়।

 

প্ৰশ্ন২: পিকেভিৱাই-ৰ মূল সুবিধাবোৰ কি?

পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ অধীনত জৈৱিক কৃষি পদ্ধতি গ্ৰহণ কৰা কৃষকসকলক তিনি বছৰৰ বাবে প্ৰতি হেক্টৰত ৩১,৫০০ টকাৰ সাহায্য প্ৰদান কৰা হয়। এই যোজনাৰ অধীনত লাভ কৰা সুবিধাসমূহ হ’ল:

• ফাৰ্ম আৰু অফ-ফাৰ্ম জৈৱিক ইনপুট

• বিপণন, পেকেজিং আৰু ব্ৰেণ্ডিং

• প্ৰমাণীকৰণ আৰু অৱশিষ্ট বিশ্লেষণ

• প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ

পিকেভিৱাইয়ে ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে প্ৰত্যক্ষ বিক্ৰীৰ সুবিধা প্ৰদানকে ধৰি কৃষকসকলক ব্ৰেণ্ডিং আৰু বজাৰৰ সৈতে সংযোগ স্থাপনত সহায় কৰে। পিকেভিৱাইৰ বাবে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয়,বজাৰত ভাৰতীয় জৈৱিক সামগ্ৰীৰ ওপৰত আস্থা বৃদ্ধি কৰিছে। ইয়াৰ বাবে কৃষকসকলে এতিয়া মূল্যৰ অধিক হাৰ ধৰি ৰাখিবলৈ, বিশেষ গ্ৰাহক পাবলৈ, আৰু থলুৱা জৈৱিক ব্ৰেণ্ডসমূহক শক্তিশালী কৰিবলৈ সুবিধা লাভ কৰিছে।

তাৰোপৰি জৈৱিক খেতি পোৰ্টেলে কৃষকৰ পৰা গ্ৰাহকলৈ জৈৱিক সামগ্ৰীৰ প্ৰত্যক্ষ বিক্ৰীৰ সুবিধা প্ৰদান কৰে, যাৰ বাবেস্বচ্ছতা আৰু বজাৰত প্ৰৱেশৰ সুবিধাৰ প্ৰসাৰ ঘটাইছে।

 

 

 

প্ৰশ্ন৩: তৃণমূলপৰ্যায়ত পিকেভিৱাই কেনেকৈ ৰূপায়িত হয়?

কৃষকসকলে তেওঁলোকৰ আঞ্চলিক পৰিষদৰ জৰিয়তেএই প্ৰক্ৰিয়াটো আৰম্ভ কৰে, যিয়ে তেওঁলোকক নামভৰ্তি আৰু প্ৰমাণীকৰণৰ জৰিয়তেসহায় কৰাৰ দায়িত্ব লয়। এই আঞ্চলিক পৰিষদসমূহে ব্যক্তিগত আবেদনসমূহ সংকলন কৰি বাৰ্ষিক কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰে, যিকৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ত অনুমোদনৰ বাবে দাখিল কৰা হয়।

বাৰ্ষিক কাৰ্য্য পৰিকল্পনাত অনুমোদন পোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক ধন আবণ্টন দিয়ে, তাৰ পিছত ৰাজ্য চৰকাৰে সেই ধন আঞ্চলিক পৰিষদলৈ প্ৰেৰণ কৰে। পৰিষদসমূহে পিছলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি) ব্যৱস্থাৰ জৰিয়তে কৃষকসকলক পোনপটীয়াকৈ সাহায্য প্ৰদান কৰে। ইয়াৰ দ্বাৰা নিশ্চিত কৰা হয় যে ইনপুট, প্ৰশিক্ষণ, প্ৰমাণীকৰণ, আৰু বিপণনৰ বাবে পিকেভিৱাইৰ আৰ্থিক সহায় স্বচ্ছ আৰু তৎকালীনভাৱে গ্ৰাহকসকলৰ ওচৰলৈ যায়।

 

 

প্ৰশ্ন৪: জৈৱিক কৃষকক পিকেভিৱাই-য়ে কেনে  প্ৰমাণপত্ৰ প্ৰদান কৰে?

পিকেভিৱাই-ৰ জৰিয়তে দুইপ্ৰকাৰৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়— আন্তঃৰাষ্ট্ৰীয় বজাৰৰ বাবে এনপিঅ’পিৰ অধীনত তৃতীয় পক্ষৰ প্ৰমাণপত্ৰ,আৰু ঘৰুৱা বজাৰৰ বাবে ভাৰতীয় অংশগ্ৰহণমূলক নিশ্চয়তা ব্যৱস্থা (পিজিএছ-ইণ্ডিয়া)-ৰে সমুদায়ভিত্তিক প্ৰমাণীকৰণ।

এনপিঅ’পি হৈছে এনে এক স্বীকৃতি ব্যৱস্থা যিয়ে ভাৰতীয় জৈৱিক সামগ্ৰীসমূহে উৎপাদন, প্ৰক্ৰিয়াকৰণ, ব্যৱসায়, আৰু ৰপ্তানি আদিৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মান মানি চলাটো নিশ্চিত কৰে।

পিজিএছ-ইণ্ডিয়া হৈছে কৃষককেন্দ্ৰিক,পাৰস্পৰিক পৰীক্ষণ আৰু সমুদায়ভিত্তিক প্ৰমাণীকৰণৰ ব্যৱস্থা,যিয়ে মূলতঃ ঘৰুৱা বজাৰৰ বাবে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক সেৱা আগবঢ়ায়।

 

 

 

প্ৰশ্ন ৫: পিকেভিৱাইৰ অধীনত বৃহৎ এলেকাৰ প্ৰমাণীকৰণ (এলএচি) কি?

যিবোৰ অঞ্চলত ৰাসায়নিক খেতি কেতিয়াও কৰা হোৱা নাই (জনজাতীয় অঞ্চল, দ্বীপ, পৰিৱেশ সংৰক্ষিত অঞ্চল), সেইবোৰ অঞ্চলত প্ৰমাণীকৰণ দ্ৰুতগতিত কৰিবলৈ ২০২০–২১ চনত চৰকাৰে বৃহৎ এলেকা প্ৰমাণীকৰণ (এলএচি) কাৰ্যসূচী আৰম্ভ কৰে। এলএচিয়ে ৰূপান্তৰৰ সময়সীমা ২-৩ বছৰৰ পৰা কেইটামানমাহলৈ হ্ৰাস কৰে, যাৰ ফলত ভাৰতৰ জৈৱিক খণ্ডৰ দ্ৰুত প্ৰমাণীকৰণ, অধিক আয়, আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি পায়।

 

প্ৰশ্ন ৬: এই আঁচনিখনে উত্তৰ-পূব ভাৰতক কেনেদৰে লাভাৱান্বিত কৰিছে?

পিকেভিৱাইৰ অধীনত অসমে ৪,৪০০ হেক্টৰ মাটি জৈৱিক কৃষিৰ অধীনলৈ আনিছে, যাৰ ফলত ৯,৭৪০ জন কৃষক এই পদক্ষেপত জড়িত হৈ পৰিছে। ছিকিমত এই আঁচনিখনে বৃহৎ এলেকা প্ৰমাণীকৰণ (এলএচি)ৰ অধীনত ৬৩ হাজাৰ হেক্টৰ মাটিত জৈৱিক কৃষি কৰিবলৈ অনুপ্ৰাণিত কৰিছে, যাৰ ফলত ছিকিম এলএচিৰ অধীনত স্বীকৃতিপ্ৰাপ্ত বিশ্বৰ একমাত্ৰ সম্পূৰ্ণ জৈৱিক ৰাজ্য হিচাপে পৰিগণিত হৈছে।আনহাতে, সামূহিকভাৱে অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, আৰু মেঘালয় ৰাজ্যসমূহে এই আঁচনিৰ জৰিয়তে মুঠ ৪,১৪০ হেক্টৰ ভূমি সামৰি লৈছে। এই আঁচনিৰ অধীনত অসমে প্ৰায় ৩,০১৩ কোটি টকা, ছিকিমে ১,৮৪৯ কোটি টকাৰ আবণ্টন লাভ কৰিছে।আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহে সামূহিকভাৱে পিকেভিৱাইৰ অধীনত প্ৰায় ২,৩৩৭কোটি টকা লাভ কৰিছে।

প্ৰসংগ

পিআইবি বেকগ্ৰাউণ্ডাৰ:

https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=155346&ModuleId=3

(Explainer ID: 155379) आगंतुक पटल : 63
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English