• Sitemap
  • Advance Search
Technology

এআই-ৰ যুগত ভাৰতৰ যুৱ প্ৰজন্ম

ভৱিষ্যতৰ বাবে সাজু প্ৰতিভা বাতাবৰণৰ নিৰ্মাণ

Posted On: 19 FEB 2026 9:17AM

মূল বৈশিষ্ট্যৰাজি

  • ভাৰতৰ জনগাঁথনিগত উপযোগিতাই ইয়াৰ এআই ৰূপান্তৰক শক্তিশালী কৰি তুলিছে, ৩৫ বছৰ অনূৰ্ধ ৬৫%-ৰো অধিক যুৱ প্ৰজন্ম হৈছে দেশৰ ডিজিটেল আৰু উদ্ভাৱন কৌশলৰ ভিত্তি।
  • বিদ্যালয়, বৃত্তিমূলক মঞ্চ, উন্নত গৱেষণা ফেল'শ্বিপ আৰু উদ্যোগ অংশীদাৰিত্বক সামৰি ৰাষ্ট্ৰীয় পদক্ষেপসমূহৰ সমৰ্থনত এআই দক্ষতা ত্বৰান্বিত হৈছে।
  • ইণ্ডিয়াএআই মিছনৰ অধীনত সুলভ এআই আন্তঃগাঁথনি আৰু নীতিগত সমৰ্থনে মহানগৰ সমূহৰ বাহিৰত কম্পিউট, ডাটা আৰু উদ্ভাৱনৰ সুযোগক সাৰ্বজনীন কৰি তুলিছে।
  • যুৱ-চালিত উদ্ভাৱনে পৰীক্ষা-নিৰীক্ষাৰ পৰা বিশ্বব্যাপী প্ৰভাৱলৈ গতি কৰিছে, ভাৰতক দায়িত্বশীল, অন্তৰ্ভুক্ত আৰু ইউজ-কেছ-চালিত এআই নেতৃত্বৰ ক্ষেত্ৰত এক উদীয়মান কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে।

পাতনি

২০২৬-ৰ ১৬ ফেব্ৰুৱাৰীত এক গভীৰ দৃষ্টিভংগীৰে ইণ্ডিয়া এআই ইম্পেক্ট ছামিট, ২০২৬-ৰ শুভাৰম্ভ হৈছিল। ইয়াত ভাৰতৰ যুৱক-যুৱতীসকলক ৰাষ্ট্ৰৰ কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) দিশত যাত্ৰাৰ মূল স্থানত ৰখা হৈছিল। এই সন্মিলনত এআই সন্দৰ্ভত ইতিমধ্যে নিয়োগ আৰু জীৱিকাক পুনৰ গঢ় দিয়া এক ৰূপান্তৰশীল শক্তি হিচাপে আলোচনা কৰা হয়। ভাৰত হৈছে বিশ্বৰ ভিতৰতে সৰ্বাধিক যুৱ সমাজে বসবাস কৰা দেশ। ইয়াৰ মুঠ জনসংখ্যাৰ ৬৫%-ৰো অধিক হৈছে ৩৫ বছৰ অনূৰ্ধ।

 

এই সন্মিলনে পেছিভ শিক্ষণৰ পৰা সক্ৰিয় অংশগ্ৰহণলৈ পৰিৱৰ্তন, খণ্ডসমূহৰ মাজত নিয়োগক পুনৰ সংজ্ঞায়িত কৰা, নতুন দক্ষতাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে শিক্ষাৰ সমন্বয়ৰ জৰুৰী প্ৰয়োজনীয়তাকে প্ৰতিফলিত কৰে। ইয়াত নিয়োগযোগ্যতাৰ বৰ্ধন, উৎপাদনশীলতাৰ বৰ্ধন আৰু শ্ৰেণীকোঠাৰ পৰা এআই-আধাৰিত কেৰিয়াৰলৈ নিৰৱচ্ছিন্ন সেতু গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

ইণ্ডিয়া এআই ইম্পেক্ট ছামিট, ২০২৬-ত যুৱ উদ্ভাৱকসকলে ইন’ভেচন চেলেঞ্জ, ষ্টাৰ্টআপ পিটচ আৰু লাইভ সমাধান প্ৰদৰ্শনৰ দৰে ব্যৱহাৰিক প্লেটফৰ্মৰ জৰিয়তে এজেণ্ডাক আগুৱাই নিয়ে। এনে গাঁথনিগত সংযোগসমূহে বজাৰৰ প্ৰয়োজনীয়তাৰ সৈতে দক্ষতাক সংযোগ কৰে আৰু ভাৰতৰ যুৱ সম্ভাৱনাক উৎপাদনশীল ক্ষমতালৈ ৰূপান্তৰিত কৰে। এই সন্মিলনে এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং আৰু কমিক্সকে প্ৰমুখ্য কৰি উদীয়মান খণ্ডসমূহত নিয়োগ সৃষ্টিক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰে। ইয়াৰ ফলশ্ৰুতিত ২০৩০-ৰ ভিতৰত প্ৰায় ২ নিযুত নিয়োগ সৃষ্টি হ’ব বুলি অনুমান কৰা হৈছে। বিশ্বব্যাপী অন্তৰ্দৃষ্টিৰে সংগতি ৰাখি ভাৰতে জনগাঁথনিগত লভ্যাংশক নিজৰ এআই কৌশল আৰু ভৱিষ্যতৰ বাবে সাজু কৰ্মশক্তিৰ মূল স্তম্ভ কৰি তুলিছে।

ভাৰতৰ প্ৰতিভাৰ বাবে সুযোগ হিচাপে এআই

ভাৰতৰ বিশাল প্ৰতিভাৰ পুলৰ বাবে এআই-এ দ্ৰুতগতিত এক ৰূপান্তৰশীল সুযোগ হিচাপে আত্মপ্ৰকাশ কৰিছে। নিয়োগৰ পৰিবেশক পুনৰ গঠন কৰি এআই-এ নতুন ভূমিকা সৃষ্টি কৰিছে, উৎপাদনশীলতাৰ বৰ্ধন ঘটাইছে আৰু সৰ্বাংগীন বিকাশৰ পথক সম্প্ৰসাৰিত কৰিছে। ভাৰতে এআই-ক যুৱক-যুৱতীসকলৰ নিয়োগ আৰু দক্ষতাৰ সম্প্ৰসাৰণৰ বাবে এক অনুঘটক হিচাপে গণ্য কৰিছে।

এআই দক্ষতাৰ বৰ্ধিত চাহিদা

 

এআই-ৰ ক্ষেত্ৰত দক্ষতা আৰু নিয়োগৰ বৰ্ধিত চাহিদাই ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে সুযোগক নতুন ৰূপ প্ৰদান কৰিছে। ২০২৩-ৰ জানুৱাৰীৰ পৰা ২০২৫-ৰ মাৰ্চৰ ভিতৰত দক্ষিণ এছিয়াত এআই সম্পৰ্কীয় নিয়োগ ২.৯%-ৰ পৰা ৬.৫%-লৈ বৃদ্ধি পাইছে। এআই দক্ষতাৰ চাহিদা অনা-এআই পদতকৈ ৭৫% দ্ৰুতগতিত বৃদ্ধি পাইছে। এই পৰিৱৰ্তনে ভাৰতৰ শ্ৰম বজাৰত এক গাঁথনিগত পৰিৱৰ্তনৰ সংকেত বহন কৰিছে। এই পৰিৱৰ্তনে ডিজিটেল দক্ষতা, উন্নত কাৰিকৰী সামৰ্থ্য আৰু আন্তঃশাখা বিশেষজ্ঞতাক ক্ৰমান্বয়ে লাভান্বিত কৰিছে। ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এআই কেৱল প্ৰযুক্তিগত ধাৰাই নহয়, বৰঞ্চ প্ৰযুক্তি আৰু সংলগ্ন খণ্ডসমূহৰ দক্ষতা-নিবিড়, ভৱিষ্যতৰ বাবে সাজু নিয়োগৰ দিশত এক স্পষ্ট পথো।

এআই-ৰেডী যুৱ দক্ষতাৰ বাবে নীতিগত উদ্দীপনা

এআই-ক কৌশলগত নিয়োগৰ চালিকা শক্তি হিচাপে স্বীকৃতি জনাই কেন্দ্ৰীয় বাজেট, ২০২৬–২৭ ত এআই দক্ষতা আৰু প্ৰতিভা বিকাশৰ ওপৰত চৰকাৰৰ মনোনিৱেশক গভীৰ কৰি তোলা হয়। বাজেটত অৰেঞ্জ অৰ্থনীতিক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। এয়া হৈছে এনিমেচন, গেমিং, ডিজিটেল কন্টেন্ট আৰু ইমাৰ্চিভ মিডিয়াৰ দৰে এআই-চালিত ক্ষেত্ৰৰে সংযোজিত। ইয়াত মুম্বাইৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ক্ৰিয়েটিভ টেকন’লজিছলৈ (IICT) ১৫,০০০ বিদ্যালয় আৰু ৫০০ মহাবিদ্যালয়ত এআই-এলাইনড কন্টেন্ট ক্ৰিয়েটৰ লেব স্থাপনৰ বাবে সমৰ্থন আগবঢ়োৱা হয়। ইয়াৰ ফলশ্ৰুতিত যুৱক-যুৱতীসকলে ভৱিষ্যতৰ বাবে সাজু দক্ষতা আহৰণ আৰু এআই-কেন্দ্ৰিক ভূমিকাত প্ৰৱেশৰ পথ প্ৰশস্ত হৈছে। এই পদক্ষেপে প্ৰায় ২০ লাখ নতুন নিয়োগ সৃষ্টি কৰিব বুলি অনুমান কৰা হৈছে, যিয়ে সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰী, ক্ৰিয়েটৰ আৰু যুৱ পেছাদাৰীসকলৰ বাবে নিয়োগৰ সম্ভাৱনা প্ৰত্যক্ষভাৱে বৃদ্ধি কৰিব।

বাজেটত এআই আৰু উদীয়মান প্ৰযুক্তিসমূহক খণ্ডসমূহত নিয়োগ সৃষ্টি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত মূল উপাদান হিচাপে গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াত শিক্ষা, কাম আৰু উদ্যোগৰ চাহিদাক সেতুবন্ধন কৰাৰ লক্ষ্যৰে এআই আৰু আনুষংগিক টেকে নিয়োগ আৰু দক্ষতাৰ প্ৰয়োজনীয়তাক কেনেদৰে প্ৰভাৱিত কৰে তাৰ মূল্যায়ন কৰিবলৈ এখন শিক্ষাৰ পৰা নিয়োগ আৰু উদ্যোগৰ স্থায়ী কমিটিৰ প্ৰস্তাৱ আগবঢ়োৱা হয়।

এআই আন্তঃগাঁথনিত প্ৰৱেশক সাৰ্বজনীনকৰণ

ভাৰতৰ প্ৰতিভাৰ পুলৰ ভিতৰত সুযোগ সম্প্ৰসাৰণৰ বাবেও ডিজিটেল আন্তঃগাঁথনিৰ ন্যায্য প্ৰৱেশৰ প্ৰয়োজন। ইণ্ডিয়া এআই মিছনৰ অধীনত চৰকাৰে এআই-ৰ ক্ষমতা শক্তিশালী কৰাৰ বাবে আৰু বৰ্তমানৰ ৩৮,০০০ জিপিইউ-ৰ বাহিৰেও কম্পিউট ক্ষমতা সম্প্ৰসাৰণৰ বাবে ১০,৩০০ কোটিৰো অধিক টকাৰ আবন্টন জনোৱা হৈছে। লগতে অতিৰিক্ত ২০,০০০ হাই-এণ্ড জিপিইউ সংযোজন কৰিব লাগিব। প্ৰতি ঘন্টাত ৬৫ টকা ৰাজসাহায্যযুক্ত হাৰত প্ৰদান কৰা এই কম্পিউট প্ৰৱেশে ষ্টাৰ্টআপ, যুৱ উদ্ভাৱক আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ বাবে প্ৰৱেশৰ বাধা হ্ৰাস কৰিব। কম্পিউট, ডাটাছেট আৰু মডেল ইক’চিষ্টেমৰ প্ৰৱেশক গণতান্ত্ৰিক কৰি ভাৰতে নিশ্চিত কৰিছে যে এআই-ৰ সুযোগ কেৱল মহানগৰ কেন্দ্ৰতে সীমাবদ্ধ নহয়, বৰঞ্চ দেশজুৰি উচ্চাকাংক্ষী প্ৰতিভাৰ বাবেও সুলভ। ৫৮,০০০-ৰো অধিক জিপিইউ-লৈ পৰিকল্পিত সম্প্ৰসাৰণে অন্তৰ্ভুক্তি, দায়িত্বশীল উদ্ভাৱন আৰু এআই অৰ্থনীতিত ব্যাপক অংশগ্ৰহণৰ প্ৰতি ৰাষ্ট্ৰীয় অংগীকাৰক সুদৃঢ় কৰিছে।

দক্ষতা, উদ্ভাৱন আৰু প্ৰৱেশক সংপৃক্ত কৰি এআই যুৱক-যুৱতীসকলৰ দ্বাৰা পৰিচালিত অৰ্থনৈতিক বিকাশ আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক ক্ষমতাৰ বাবে এক শক্তিশালী ইঞ্জিন হৈ পৰিছে।

দক্ষ এআই-ৰেডী টেলেন্ট পুল গঢ়াৰ ৰাষ্ট্ৰীয় প্ৰচেষ্টা

ভাৰত চৰকাৰে বিদ্যালয় শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, উচ্চ শিক্ষা আৰু পেছাদাৰী দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত সমন্বিত হস্তক্ষেপৰ জৰিয়তে এক ব্যাপক এআই প্ৰতিভা পাইপলাইন গঢ়ি তুলিছে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে যুৱক-যুৱতীসকলক উদ্যোগৰ চাহিদাৰ সৈতে মিল থকা মৌলিক, মধ্যৱৰ্তী আৰু উন্নত এআই ক্ষমতাৰে সমৃদ্ধ কৰা।

বিদ্যালয়ত মৌলিক এআই সাক্ষৰতা

  • ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP), ২০২০: এনইপি, ২০২০-এ ডিজিটেল আৰু এআই সাক্ষৰতাক অত্যাৱশ্যকীয় দক্ষতা হিচাপে অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ইয়াত সকলো শৈক্ষিক স্তৰতে কম্পিউটেচনেল চিন্তাধাৰা আৰু এআই ধাৰণাসমূহক সন্নিৱিষ্ট কৰি পৰৱৰ্তী প্ৰজন্মক দ্ৰুত প্ৰযুক্তিগত বিৱৰ্তনৰ বাবে সাজু কৰাৰ পোষকতা কৰা হৈছে। এই সামগ্ৰিক পদ্ধতিয়ে তথ্য-চালিত সিদ্ধান্ত গ্ৰহণ আৰু নৈতিক এআই নীতিৰ সৈতে আগতীয়াকৈ পৰিচিত হোৱাটো নিশ্চিত কৰে, প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি উদ্ভাৱনৰ সংস্কৃতিক লালন-পালন কৰে আৰু ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক বিশ্ব এআই বাতাবৰণৰ ভৱিষ্যতৰ বাবে সাজু অৱদানকাৰী হিচাপে স্থান প্ৰদান কৰে।
  • কৃত্ৰিম বুদ্ধিমত্তা আৰু কম্পিউটিং চিন্তাধাৰা (AI আৰু CT): এআই আৰু চিটি পদক্ষেপে তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে "ৰাজহুৱা মংগলৰ বাবে এআই"ৰ দিশত আগবাঢ়ি গৈ শিক্ষণ, চিন্তা আৰু পাঠদান পদ্ধতিসমূহক শক্তিশালী কৰি শিক্ষাগত আৰ্হিসমূহক পুনৰ সংজ্ঞায়িত কৰে। এই মৌলিক পদক্ষেপে নৈতিক এআই অনুশীলনসমূহক পাঠ্যক্ৰমত একত্ৰিত কৰে। ইয়াৰ ফলত যুৱ শিক্ষাৰ্থীসকলে এলগৰিদম, সমস্যা সমাধান আৰু সমাজৰ এপ্লিকেচনসমূহৰ সম্পৰ্কে আগতীয়াকৈ অনুমান কৰিব পাৰে। ইয়াৰ জৰিয়তে এআই-প্ৰধান ভৱিষ্যতৰ বাবে জ্ঞানমূলক স্থিতিস্থাপকতা গঢ় লৈ উঠিব।
  • যুৱ (YUVAi-এআইৰ জৰিয়তে উন্নতিৰ বাবে যুৱ): ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স বিভাগৰ (NeGD) সৈতে শুভাৰম্ভ কৰা ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ (MeitY) যুৱয়ে অষ্টম-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক আঠটা বিষয়ভিত্তিক খণ্ডত ব্যৱহাৰিক এআই সমাধান ডিজাইন কৰিবলৈ সক্ষম কৰিছে।
  • সকলোৰে বাবে যুৱ এআই (YUVA AI for All): সকলোৰে বাবে যুৱ এআই-এ ১১ টা ভাষাত (অসমীয়া, বাংলা, গুজৰাটী, হিন্দী, কানাড়া, মালয়ালম, মাৰাঠী, ওড়িয়া, পাঞ্জাবী, তামিল, তেলেগু) বিনামূলীয়াকৈ ৰাষ্ট্ৰীয় এআই সাক্ষৰতা পাঠ্যক্ৰম আগবঢ়াইছে। এয়া দীক্ষা (DIKSHA), আইগট (iGOT) কৰ্মযোগী আৰু ফিউছাৰস্কিলছ প্ৰাইম-ৰ জৰিয়তে সুলভ। প্ৰাথমিক এআই দক্ষতাৰ বাবে ১ কোটি নাগৰিকক লক্ষ্য কৰি লোৱা হৈছে। এই গণ পৰিসৰৰ পদক্ষেপে জ্ঞানক গণতান্ত্ৰিক কৰি তুলিছে, নগৰ-গ্ৰামাঞ্চলৰ বিভাজনৰ সেতুবন্ধন কৰিছে আৰু এআই-ক এটা মূল জীৱন দক্ষতা কৰি তুলিছে। একেদৰে জনসাধাৰণৰ সংযোগ আৰু প্ৰযুক্তিৰ ব্যাপক অভিযোজনাৰ বাবে প্ৰস্তুতিৰ বৰ্ধন ঘটাইছে।

 

বৃত্তিমূলক আৰু উদ্যোগ-সংলগ্ন প্ৰশিক্ষণ

  • স্কিল ইণ্ডিয়া মিছন আৰু এছঅ’এআৰ পদক্ষেপঃ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ (MSDE) নেতৃত্বত স্কিল ইণ্ডিয়া মিছনে এআই-ক বৃত্তিমূলক প্ৰশিক্ষণৰ সৈতে একত্ৰিত কৰিছে। এছঅ’এআৰ (SOAR-স্কিলিং ফৰ এআই ৰেডিনেছ) পদক্ষেপে ২০২৫-ৰ ডিচেম্বৰৰ ভিতৰত মাইক্ৰ’ছফ্ট, এইচচিএল টেকন’লজিছ আৰু নাছকমৰ (NASSCOM) সৈতে অংশীদাৰিত্বৰ জৰিয়তে ১.৩৪ লাখ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীক অন্তৰ্ভুক্ত কৰে। ৰাষ্ট্ৰপতিৰ #SkilltheNation চেলেঞ্জৰ পৰিপূৰক হিচাপে ই মৌলিক আৰু প্ৰয়োগমূলক এআই পাঠ্যক্ৰম প্ৰশস্ত কৰে, কৰ্মশক্তিৰ পৰিৱৰ্তনক ত্বৰান্বিত কৰে আৰু উচ্চ-চাহিদাৰ প্ৰযুক্তি খণ্ডত নিয়োগযোগ্যতা বৃদ্ধি কৰে।
  • ফিউছাৰস্কিলছ প্ৰাইম পদক্ষেপ: ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় (MeitY) আৰু নাছকমৰ (NASSCOM) সহযোগত গ্ৰহণ কৰা এই পদক্ষেপে এআই, বিগ ডাটা, ক্লাউড কম্পিউটিং আৰু আন-আন উদীয়মান প্ৰযুক্তিৰ পেছাদাৰীসকলৰ দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই পদক্ষেপ ৰাষ্ট্ৰীয় বৃত্তিগত মানদণ্ড (NOS) আৰু ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা কাঠামোৰ (NSQF) সৈতে সংগতিপূৰ্ণ। ইয়াৰ ফলশ্ৰুতিত শিক্ষাৰ্থীসকলে নিয়োগকৰ্তাসকলৰ দ্বাৰা অতিশয় মূল্যৱান চাহিদাৰ দক্ষতা আহৰণ কৰিবলৈ সক্ষম হয়। ২৫.৩ লাখৰো অধিক পঞ্জীয়নভুক্ত শিক্ষাৰ্থী আৰু ৩,০০০+ পাঠ্যক্ৰম আৰু পথৰ সৈতে এই প্লেটফৰ্মে প্ৰত্যক্ষভাৱে কৰ্মশক্তিৰ ৰূপান্তৰত অৰিহণা যোগাইছে, সমগ্ৰ খণ্ডসমূহত নিয়োগযোগ্যতা আৰু উৎপাদনশীলতাৰ বৰ্ধন ঘটাইছে।
  • স্কিল ইণ্ডিয়া ডিজিটেল হাব (SIDH): এমএছডিই-ৰ স্কিল ইণ্ডিয়া ডিজিটেল হাব (SIDH)-এ একক ডিজিটেল প্লেটফৰ্মত দক্ষতা বিকাশক একত্ৰিত কৰিছে, ভিন্ন শিক্ষাৰ্থীৰ দক্ষতা অনুসৰি পৰিচয়মূলকৰ পৰা উন্নত স্তৰলৈকে এআই আৰু মেচিন লাৰ্নিং পাঠ্যক্ৰম প্ৰদান কৰিছে। গুণগত প্ৰশিক্ষণৰ প্ৰৱেশ সুশৃংখলিত কৰি ই আজীৱন শিক্ষণ, আঞ্চলিক অন্তৰ্ভুক্তি আৰু স্কেলেবল আপস্কিলিঙক সমৰ্থন কৰিছে, প্ৰতিজন উচ্চাকাংক্ষী পেছাদাৰীয়ে পটভূমি বা স্থান নিৰ্বিশেষে এআই-কেন্দ্ৰিক কেৰিয়াৰৰ দিশত অগ্ৰসৰ হোৱাটো নিশ্চিত কৰিছে।

 

উন্নত এআই প্ৰতিভা আৰু গৱেষণা বাতাবৰণ

  • ইণ্ডিয়াএআই ফিউছাৰস্কিলছঃ ইণ্ডিয়াএআই মিছনৰ অধীনত ইণ্ডিয়াএআই ফিউছাৰস্কিলছে বিশেষ দক্ষতা বৃদ্ধি পাঠ্যক্ৰমৰ সমান্তৰালভাৱে স্নাতক, স্নাতকোত্তৰ আৰু পিএইচডিৰ বাবে ফেল’শ্বিপৰ জৰিয়তে এক অভিজাত এআই বাতাবৰণ গঢ়ি তুলিছে। ২০২৫-ৰ ডিচেম্বৰলৈকে ৫০০ পিএইচডি স্কলাৰ, ,০০০ স্নাতকোত্তৰ আৰু ৮,০০০ স্নাতকক সহায় কৰে। এনে লক্ষ্য-নিৰ্ধাৰিত হস্তক্ষেপে গৱেষণা প্ৰতিভাক লালন-পালন কৰিছে, উদ্ভাৱনক প্ৰেৰণা যোগাইছে আৰু অত্যাধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বক সবল কৰিবলৈ উন্নত এআই বিশেষজ্ঞৰ বহনক্ষম যোগান নিশ্চিত কৰিছে।
  • ইণ্ডিয়াএআই ডাটা আৰু এআই লেবঃ ইণ্ডিয়াএআই ডাটা আৰু এআই লেবৰ অধীনত টায়াৰ-২/৩ চহৰত এনআইইএলআইটি-ৰ জৰিয়তে স্থাপন কৰা ২৭ টা সুবিধা আৰু ২৭ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত আইটিআই তথা পলিটেকনিকত ১৭৪ টা অতিৰিক্ত লেবত অনুমোদন, এআই পাঠ্যক্ৰমৰ কাম, ডাটা কিউৰেচন, এনটেচন, ক্লিনিং আৰু প্ৰয়োগমূলক ডাটা বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই হাবসমূহে উচ্চমানৰ সম্পদসমূহৰ বিকেন্দ্ৰীকৰণ কৰে, তৃণমূল পৰ্য্যায়ৰ গৱেষণাক লালন-পালন কৰে আৰু ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰশস্ত কৰে। ইয়াৰ ফলশ্ৰুতিত মেট্ৰ’ৰ বাহিৰতো এআই ক্ষমতাৰ ন্যায্য বিতৰণ নিশ্চিত হৈছে।

শ্ৰেণীকোঠাৰ পৰা উন্নত লেবলৈকে এই বহু-স্তৰীয় ব্যৱস্থাই ব্যাপক প্ৰৱেশ, আঞ্চলিক সমতা আৰু উদ্যোগ সংযোগৰ নিশ্চয়তা প্ৰদান কৰিছে। একদৰে ভাৰতৰ যুৱক-যুৱতীসকলক নৈতিক এআই উদ্ভাৱন আৰু এআই-চালিত অৰ্থনীতিত সক্ৰিয় অংশগ্ৰহণৰ বাবে সমৃদ্ধ কৰিছে।

ইণ্ডিয়া এআই ইম্পেক্ট ছামিট, ২০২৬-ত যুৱক-যুৱতীসকলক সবলীকৰণ

ইণ্ডিয়া এআই ইম্পেক্ট ছামিট, ২০২৬-এ যুৱক-যুৱতী আৰু সৰ্বাংগীন প্ৰতিভা বিকাশক ভাৰতৰ এআই ৰূপান্তৰ যাত্ৰাৰ মূলতে ৰাখিছে। বিশ্বব্যাপী চেলেঞ্জ, উদ্ভাৱন প্ৰদৰ্শন আৰু নীতিগত আলোচনাৰ জৰিয়তে এই সন্মিলনত যুৱ উদ্ভাৱক আৰু মহিলা উদ্যোগীসকলে ৰাজহুৱা মংগলৰ বাবে কেনেকৈ দায়িত্বশীল, স্কেলেবল এআই সমাধান গঢ়ি তুলিছে, সেয়া প্ৰদৰ্শন কৰা হয়।

যুৱ সমাজ ভাৰতৰ সাৰ্বভৌম এআই দৃষ্টিভংগীৰ মূলতে আছেঃ

ইণ্ডিয়া এআই ইম্পেক্ট ছামিট, ২০২৬-ত যুৱ সবলীকৰণ ভাৰতৰ সাৰ্বভৌম এআই সামৰ্থ্যক আগুৱাই নিয়াৰ বিস্তৃত দৃষ্টিভংগীত নিহিত হৈ আছে। “ভাৰতৰ সাৰ্বভৌম এআই আৰু ডাটাৰ প্ৰভাৱৰ বৰ্ধন” শীৰ্ষক অধিবেশনত ভাৰতৰ ভাষিক আৰু উন্নয়নমূলক প্ৰেক্ষাপটৰ অনুকূলে গভীৰ গৱেষণা প্ৰতিভা, স্থায়ী উদ্ভাৱন বাতাবৰণ আৰু থলুৱা এআই আৰ্হিৰ কৰ্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হয়। ইয়াত নেতাসকলে কয় যে যুৱ উদ্ভাৱকসকল স্বচ্ছ, ব্যাখ্যাযোগ্য আৰু ৰাষ্ট্ৰীয়ভাৱে সংহত এআই ব্যৱস্থা গঢ়ি তুলিবলৈ সাজু হ’ব লাগিব যিয়ে প্ৰকৃত প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰে। উন্নত এআই গৱেষণাক কৃষি, স্বাস্থ্যসেৱা, শিক্ষা আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ দৰে অগ্ৰাধিকাৰ খণ্ডৰ সৈতে সংযোগ কৰি সন্মিলনে ভাৰতৰ যুৱক-যুৱতীসকলক বিশ্বব্যাপী প্ৰতিযোগিতামূলক আৰু সামাজিকভাৱে প্ৰভাৱশালী এআই সমাধানৰ মূল চালিকাশক্তি হিচাপে প্ৰোথিত কৰিছে।

এলগৰিদমৰ পৰা ফলাফললৈঃ

এই সন্মিলনত পৰিমাপযোগ্য ৰাজহুৱা প্ৰভাৱ প্ৰদান কৰা এআই গঢ়ি তোলাৰ ওপৰত গভীৰ গুৰুত্ব আৰোপৰ জৰিয়তে যুৱক-যুৱতীসকলৰ সংযোগক গভীৰ কৰা হৈছে। “এলগৰিদমৰ পৰা ফলাফললৈ” শীৰ্ষক অধিবেশনত ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ (MeitY) সচিব শ্ৰী এছ. কৃষ্ণনে কয় যে ইণ্ডিয়া এআই মিছনক কম্পিউট, মডেল আৰু ডাটাক ডিপ্লয়েবল এপ্লিকেচনলৈ ৰূপান্তৰিত কৰি বাস্তৱ-জগতৰ প্ৰত্যাহ্বানসমূহেৰে মোকাবিলা কৰিবলৈ ডিজাইন কৰা হৈছে। ৬০০-ৰো অধিক ষ্টাৰ্টআপ আৰু কোম্পানীয়ে স্বাস্থ্যসেৱা, কৃষি, শিক্ষা আৰু উৎপাদনত এআই সমাধান প্ৰদৰ্শন কৰাৰ সমান্তৰালকৈ এই সন্মিলনত যুৱ উদ্ভাৱকসকলক স্কেলেবল ব্যৱহাৰৰ ক্ষেত্ৰ আৰু ৰাজহুৱা খণ্ডৰ সমস্যা সমাধানৰ প্ৰত্যক্ষ পৰিচয় প্ৰদান কৰা হয়। বিশ্বব্যাপী বিশেষজ্ঞসকলৰ সৈতে হোৱা আলোচনাত কঠোৰ মূল্যায়ন, দায়িত্বশীল স্কেলিং আৰু প্ৰমাণ-ভিত্তিক ৰূপায়ণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। ইয়াত যুৱক-যুৱতীসকলক কেৱল প্ৰযুক্তিবিদ হিচাপেই নহয়, বৰঞ্চ ফলাফল-চালিত আৰু নাগৰিক-কেন্দ্ৰিক এআই ব্যৱস্থাত অৰিহণা যোগাওতাও হিচাপে গণ্য কৰা হয়।

যুৱ গ্ল'বেল ইয়ুথ চেলেঞ্জঃ

 

ইণ্ডিয়াএআই মিছনৰ অধীনস্থ এটি ধ্বজাবাহী পদক্ষেপ যুৱ গ্ল’বেল ইয়ুথ চেলেঞ্জে ১৩–২১ বছৰ বয়সৰ যুৱ উদ্ভাৱকসকলক মানুহ, গ্ৰহ আৰু প্ৰগতিৰ সৈতে সংগতিপূৰ্ণ এআই সমাধান গঢ়ি তুলিবলৈ সক্ষম কৰি তুলিছে। ৩৮ খন দেশৰ পৰা ২,৫০০-ৰো অধিক আবেদনৰ সৈতে এই চেলেঞ্জে স্বাস্থ্যসেৱা, কৃষি, জলবায়ু স্থিতিস্থাপকতা, অভিগম্যতা, ডিজিটেল বিশ্বাস আৰু স্মাৰ্ট গতিশীলতাৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহক সম্বোধন কৰা ৭০ টা উচ্চ-সম্ভাৱনাপূৰ্ণ টীম প্ৰদৰ্শন কৰে। বিজয়ী দলসমূহে আৰ্থিক বঁটা আৰু গাঁথনিগত বাতাবৰণৰ সমৰ্থনৰ লগতে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে। ইয়াত আছিল মেন্টৰশ্বিপ, ইনকিউবেচন আৰু উদ্যোগৰ সংযোগ। কাৰিকৰী ব্যাপকতা, নিয়োগৰ প্ৰস্তুতি আৰু সামাজিক প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰা কঠোৰ মূল্যায়নৰ জৰিয়তে এই সন্মিলনে যুৱ-নেতৃত্বাধীন এআই উদ্ভাৱন প্ৰ’ট’টাইপৰ পৰা স্কেলেবল ৰাজহুৱা-মংগল সমাধানলৈ পৰিৱৰ্তিত হোৱা তথা ই দায়িত্বশীল আৰু সৰ্বাংগীন এআই-ৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বক সুদৃঢ় কৰিব পৰা কাৰ্য্যকে প্ৰদৰ্শিত কৰিছে।

 

এআই বাই হাৰ গ্লবেল ইম্পেক্ট চেলেঞ্জঃ

 

এআই বাই হাৰ গ্লবেল ইম্পেক্ট চেলেঞ্জে মহিলা আৰু যুৱ উদ্ভাৱকসকলক ভাৰতৰ দায়িত্বশীল এআই অভিযানৰ অগ্ৰদূত কৰি তোলে। পেনেল আলোচনা, ষ্টাৰ্টআপ শ্ব'কেছ আৰু ৰেপিড স্পটলাইট পিটচৰ জৰিয়তে এই কাৰ্য্যসূচীয়ে প্ৰদৰ্শন কৰে যে সহানুভূতি-চালিত উদ্ভাৱনে স্বাস্থ্যসেৱা, জলবায়ু স্থিতিস্থাপকতা, শিক্ষা, ফিনটেক, নিৰাপত্তা আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত স্কেলেবল সমাধান প্ৰশস্ত কৰিব পাৰে। বিদ্যালয়-পৰ্য্যায়ৰ সমস্যা সমাধানকাৰীৰ পৰা গভীৰ প্ৰযুক্তিৰ প্ৰতিষ্ঠাপকলৈকে অংশগ্ৰহণকাৰীসকলে কয় যে বিশ্বাস, খণ্ড-নিৰ্দিষ্ট ডিজাইন আৰু শক্তিশালী ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আধাৰিত এআই-এ পৰিমাপযোগ্য সমাজৰ ফলাফল প্ৰদান কৰিব পাৰে। ১৫০ টা মহিলা-নেতৃত্বাধীন এআই ষ্টাৰ্টআপৰ বাবে এক সমৰ্পিত সামৰ্থ্য-বিকাশ কাৰ্য্যসূচীৰ ঘোষণাই সন্মিলনৰ প্ৰৱেশৰ পৰা গতিলৈ যোৱাৰ অংগীকাৰক অধিক সুদৃঢ় কৰি তোলে। ইয়াৰ ফলশ্ৰুতিত যুৱ আৰু মহিলা উদ্ভাৱকসকলক ধাৰণাৰ পৰা পৰিসৰলৈ সমৰ্থন আগবঢ়োৱাটো নিশ্চিত হয়।

এআই-ৰ ব্যৱহাৰ সন্দৰ্ভত বিশ্বজোৰা আলোচনা – শ্ৰম বজাৰৰ স্থিতিস্থাপকতাৰ বাবে ডাটাঃ

ইণ্ডিয়া এআই ইম্পেক্ট ছামিট, ২০২৬-ৰ দ্বিতীয় দিনা “এআই-ৰ ব্যৱহাৰ সন্দৰ্ভত বিশ্বজোৰা আলোচনা – শ্ৰম বজাৰৰ স্থিতিস্থাপকতাৰ বাবে ডাটা” শীৰ্ষক অধিবেশনত কৃত্ৰিম বুদ্ধিমত্তাৰ অভিযোজনাক ত্বৰান্বিত কৰাৰ প্ৰেক্ষাপটত কৰ্ম আৰু নিয়োগ পৰিস্থিতিৰ পৰিৱৰ্তিত প্ৰকৃতি আৰু এই পৰিৱৰ্তন পৰিচালনাৰ বাবে প্ৰয়োজনীয় নীতি বাছনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। উদীয়মান আন্তঃৰাষ্ট্ৰীয় প্ৰমাণৰ ওপৰত ভিত্তি কৰি এই আলোচনাত বয়স গোট, খণ্ড আৰু ভূগোলৰ মাজত পৃথক প্ৰভাৱ লক্ষ্য কৰা হয়।

এআই ইম্পেক্ট ষ্টাৰ্টআপ বুকঃ

এআই ইম্পেক্ট ষ্টাৰ্টআপ বুকৰ উন্মোচন কাৰ্য্য সমগ্ৰ ভাৰততে বিকশিত ১০০-ৰো অধিক এআই সমাধানৰ একত্ৰিত সংকলন হিচাপে যুৱ উদ্যোগীসকলক সবলীকৰণৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হয়। ইয়াত স্বাস্থ্যসেৱা, কৃষি, শিক্ষা, ফাউণ্ডেচন মডেল আৰু এজ এআই-ৰ ক্ষেত্ৰত উদ্ভাৱনত আলোকপাত কৰা হয় তথা ভাৰতীয় ষ্টাৰ্টআপৰ ক্ৰমবৰ্ধমান পৰিপক্কতা আৰু বিশ্বব্যাপী স্থান প্ৰদৰ্শন কৰা হয়। মন্ত্ৰালয় আৰু ৰাজ্যসমূহৰ মাজত প্ৰভাৱশালী ব্যৱহাৰৰ ক্ষেত্ৰসমূহৰ মূল্যায়ন আৰু পৰিসৰৰ বাবে এটা গাঁথনিগত ব্যৱস্থা সৃষ্টি কৰি এই পদক্ষেপে যুৱ উদ্ভাৱকসকলক পাইলট প্ৰকল্পৰ পৰা জনসংখ্যা-মাপৰ নিয়োগলৈ পৰিৱৰ্তন কৰিবলৈ সক্ষম কৰিছে। অহা ১২–১৮ মাহৰ ভিতৰত ভাৰতক “ইউজ-কেছ মূলধন” হিচাপে গঢ়ি তোলাৰ লক্ষ্যত গুৰুত্ব আৰোপ কৰি এই সন্মিলনে যুৱ-নেতৃত্বাধীন এআই উদ্ভাৱনক পৰিমাপযোগ্য, বাস্তৱ-জগতৰ ফলাফললৈ ৰূপান্তৰিত কৰাৰ অংগীকাৰক শক্তিশালী কৰে।

সামূহিকভাৱে এই পদক্ষেপসমূহে যুৱ নেতৃত্ব আৰু লিংগ বৈচিত্ৰ্যৰ দ্বাৰা চালিত ভৱিষ্যতৰ বাবে সাজু, সৰ্বাংগীন এআই বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ অংগীকাৰকে পুনৰ দৃঢ় কৰে। নীতিগত নিয়োজিততা আৰু ব্যৱস্থাগত সমৰ্থনৰ সৈতে উদ্ভাৱন মঞ্চসমূহক একত্ৰিত কৰি এই সন্মিলনে যুৱ প্ৰতিভাৰ বাবে বহনক্ষম বৃদ্ধি আৰু বিশ্বব্যাপী এআই প্ৰভাৱক আগুৱাই নিয়াৰ বাবে পথসমূহক শক্তিশালী কৰিলে।

                                                                                                                            

এআই-ত ভাৰতৰ প্ৰতিভা-পুল নেতৃত্বৰ গ্ল’বেল ইনডিকেটৰ

ভাৰত ২০৪৭-ৰ ভিতৰত বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ পথত আগবাঢ়িছে। এতিয়া ৫০%-ৰো অধিক ষ্টাৰ্টআপ মহানগৰসমূহৰ বাহিৰৰ পৰা ওলাই আহিছে, যিয়ে উদ্ভাৱন কাৰ্য্য ভাৰতৰ মহানগৰতে সীমাবদ্ধ বুলি ধাৰণাটো দূৰ কৰিছে।

যুৱ-চালিত এআই নেতৃত্বক প্ৰতিফলিত কৰা বিশ্বব্যাপী সূচকসমূহঃ

  • এআই দক্ষতাৰ অধিক প্ৰৱেশঃ ষ্টেনফৰ্ড গ্ল’বেল এআই সূচকাংক প্ৰতিবেদন, ২০২৫ অনুসৰি, ভাৰতৰ এআই দক্ষতাৰ আপেক্ষিক প্ৰৱেশ তুলনামূলক বৃত্তিসমূহৰ মাজত বিশ্বৰ গড়তকৈ ২.৫ গুণ বেছি, যিয়ে প্ৰাৰম্ভিক আৰু বহল ভিত্তিৰ দক্ষতা পদক্ষেপৰ প্ৰভাৱকে প্ৰতিফলিত কৰিছে।
  • ব্যাপক উদ্যোগ গ্ৰহণঃ নাছকম এআই অভিযোজনা সূচকাংক অনুসৰি, ভাৰতৰ ৮৭% উদ্যোগে সক্ৰিয়ভাৱে এআই সমাধান ব্যৱহাৰ কৰি আছে, যাৰ ফলত এআই-সাজু যুৱক-যুৱতীসকলৰ বাবে স্থায়ী চাহিদা সৃষ্টি হৈছে আৰু বিদ্যালয়ৰ পৰা কৰ্মক্ষেত্ৰলৈ সংযোগ গভীৰ হৈছে।
  • জনগাঁথনিগত সুবিধাঃ ভাৰতত ডিজিটেলভাৱে খাপ খাই পৰা যুৱক-যুৱতীসকলৰ বিশ্বৰ অন্যতম বৃহৎ পুল আছে, যিয়ে এআই শিক্ষণ আৰু যুৱৰ দৰে উদ্ভাৱন কাৰ্য্যক্ৰমত বৃহৎ পৰিসৰৰ অংশগ্ৰহণ সম্ভৱ কৰি তুলিছে।

ইণ্ডিয়া এআই ইম্পেক্ট ছামিটত গিনিজ ৱৰ্ল্ড ৰেকৰ্ড

ইয়াত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ কাৰ্য্য উদ্ভাৱনৰ বাহিৰেও দায়িত্বশীল এআই অভিযোজনালৈকে বিস্তৃত আছিল। ইয়াত ভাৰতে ২৪ ঘন্টাত ২.৫ লাখৰো অধিক এআই দায়বদ্ধতা অংগীকাৰেৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল। ইন্টেল ইণ্ডিয়াৰ সহযোগত ইণ্ডিয়াএআই মিছনৰ অধীনত নেতৃত্ব প্ৰদান কৰা এই দেশজোৰা অভিযানে ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকসকলক নৈতিক, স্বচ্ছ আৰু দায়বদ্ধ এআই ব্যৱহাৰৰ প্ৰতি অংগীকাৰবদ্ধ হ’বলৈ সংগঠিত কৰিছিল। তথ্যৰ গোপনীয়তা, ভুল তথ্য আৰু জবাবদিহিতাৰ ওপৰত পাৰস্পৰিক পৰিস্থিতিৰ জৰিয়তে চিন্তা-চৰ্চাক উৎসাহিত কৰি এই পদক্ষেপে যুৱক-যুৱতীসকলক বিশ্বাসযোগ্য এআই-ৰ অগ্ৰদূত কৰি তুলিছিল। এনে উৎসাহপূৰ্ণ অংশগ্ৰহণে দায়িত্বশীল ডিজিটেল নাগৰিকত্বৰ ক্ৰমবৰ্ধমান সংস্কৃতিৰ ওপৰত আলোকপাত কৰে, যিয়ে ভাৰতৰ মানৱ-কেন্দ্ৰিক আৰু নৈতিকভাৱে সমৃদ্ধিশালী এআই বাতাবৰণৰ দৃষ্টিভংগীক সুদৃঢ় কৰে।

এই সূচকসমূহে একেলগে যুৱই বিশ্বব্যাপী প্ৰতিযোগিতামূলক আৰু ভৱিষ্যতমুখী ব্যাপক ৰাষ্ট্ৰীয় বাতাবৰণত কেনেকৈ কাম কৰে, তাকে সূচিত কৰে। আগতীয়াকৈ এআই-ৰ সংস্পৰ্শক শক্তিশালী বিশ্ব ৰেংকিং, উদ্যোগ গ্ৰহণ আৰু জনগাঁথনিগত স্কেলৰ সৈতে সংযোগ কৰি ভাৰতে নিজৰ যুৱক-যুৱতীসকলক বিশ্বব্যাপী এআই বাতাবৰণত সক্ৰিয় অংশগ্ৰহণকাৰী আৰু ভৱিষ্যতৰ নেতা হিচাপে সাজু কৰিছে, যিয়ে দায়িত্বশীল আৰু সৰ্বাংগীন কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে এক বিশ্বাসযোগ্য কেন্দ্ৰ হিচাপে দেশৰ ভূমিকাক শক্তিশালী কৰিছে।

সামৰণি

কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত ভাৰতৰ যুৱ প্ৰজন্মই এক সংজ্ঞায়িত শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। স্থায়ী নীতিগত সমৰ্থন, বৃহৎ পৰিসৰৰ দক্ষতা পদক্ষেপ আৰু গণতান্ত্ৰিক ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে দেশখনে নিজৰ জনগাঁথনিগত উপযোগিতাক বিশ্বব্যাপী প্ৰতিযোগিতামূলক প্ৰতিভাৰ বাতাবৰণলৈ ৰূপান্তৰিত কৰিছে। ইণ্ডিয়া এআই ইম্পেক্ট ছামিট, ২০২৬-এ যুৱ-নেতৃত্বাধীন উদ্ভাৱন, দায়িত্বশীল এআই অভিযোজনা আৰু উদ্যোগৰ সংযুক্তকৰণক একত্ৰিত কৰি অন্তৰ্ভুক্ত আৰু ফলাফলমুখী বিকাশৰ সূচনা কৰা কাৰ্য্যত আলোকপাত কৰিছে। ভাৰতে বিকশিত ভাৰতৰ দিশত আগবাঢ়ি যোৱাৰ লগে-লগে ইয়াৰ যুৱ প্ৰজন্ম এআই ক্ষমতাৰে দীৰ্ঘম্যাদী উৎপাদনশীলতা, স্থিতিস্থাপকতা আৰু বিশ্ব নেতৃত্বৰ বাবে সষ্টম হৈ থাকিব।

প্ৰসংগ

ইলেক্ট্ৰনিক্স আৰু আইটি মন্ত্ৰালয়

 

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2217689&reg=3&lang=1

পিআইবি-ৰ মুখ্য কাৰ্য্যালয়

পিডিএফ-ৰ বাবে ইয়াত ক্লিক কৰক

পিআইবি ৰিচাৰ্ছ

 

(Explainer ID: 157552) आगंतुक पटल : 68
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Gujarati , Malayalam , English , Urdu , हिन्दी , Bengali , Odia , Kannada