• Skip to Content
  • Sitemap
  • Advance Search
Economy

বাণিজ্যিক ক্ষেত্ৰত ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰিলে ভাৰতে , মূল খণ্ডসমূহত ৰপ্তানিৰ অৰ্থে মুকলি হ'ল ৩০ ট্ৰিলিয়ন ডলাৰৰ মাৰ্কিন বজাৰ

Posted On: 09 FEB 2026 12:00PM

মূল বিষয়সমূহ

  • ভাৰতে ৩০ ট্ৰিলিয়ন ডলাৰৰ আমেৰিকাৰ বজাৰত এক মূল অংশীদাৰ হিচাপে প্ৰৱেশ কৰিছে
  • বস্ত্ৰ আৰু পোছাকৰ ক্ষেত্ৰত  শুল্ক ৫০%ৰ পৰা ১৮%লৈ হ্ৰাস, ৰেচমৰ ক্ষেত্ৰত     ১১৩ বিলিয়ন ডলাৰৰ আমেৰিকাৰ বজাৰত ০% আমদানি শুল্ক
  • মেচিনেৰীৰ ক্ষেত্ৰত  শুল্ক হ্ৰাস পালে ১৮% লৈ , যাৰ ফলত ৪৭৭ বিলিয়ন ডলাৰৰ আমেৰিকাৰ বজাৰত সুযোগৰ দুৱাৰ  মুকলি হৈছে
  • ১.৩৬ বিলিয়ন ডলাৰৰ ভাৰতৰ কৃষি ৰপ্তানিয়ে  আমেৰিকাৰ দ্বাৰা কোনো অতিৰিক্ত শুল্কৰ সন্মুখীন নহ’ব
  • কেতবোৰ  সামগ্ৰী যেনে মছলা, চাহ, কফি, ফল-মূল, বাদাম, আৰু সংশাধিত খাদ্যক শূন্য-শুল্কৰ শ্ৰেণীত ৰখা হৈছে
  • দুগ্ধজাত সামগ্ৰী, মাংস, হাঁহ-কুকুৰা, আৰু শস্যৰ দৰে  অতি সংবেদনশীল খণ্ডসমূহ সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব।

ভাৰতৰ কি লাভ হ’ল?

  1. আমেৰিকাই কৰা বিশ্বজোৰা  আমদানিৰ মুঠ ৯০০ বিলিয়ন ডলাৰৰ বিপৰীতে ভাৰতে ১৮% অতি যুক্তিসংগত, প্ৰতিযোগিতামূলক শুল্ক লাভ কৰিলে।
  2. আমেৰিকাই কৰা  বিশ্বজোৰা আমদানিৰ ১৫০ বিলিয়ন ডলাৰৰ ওপৰত শূন্য শুল্কৰ ব্যৱস্থা।
  3. আমেৰিকাৰ পৰা বিশ্বব্যাপী আমদানিৰ ৭২০ বিলিয়ন ডলাৰৰ ওপৰত কোনো অতিৰিক্ত শুল্ক নাই।
  4. আমেৰিকাৰ পৰা বিশ্বব্যাপী আমদানিৰ ৩৫০ বিলিয়ন ডলাৰৰ ৰেহাই অব্যাহত ৰখা হৈছে।
  5. ২৩২ বিধ  শুল্কৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হৈছে ।

পাতনি

ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক বাণিজ্য চুক্তিখন ভাৰতৰ বাবে  বিশ্ব বাণিজ্যিক সংযোগৰ এক ডাঙৰ মাইলৰ খুঁটি হিচাবে পৰিগণিত হৈছে, যিয়ে ৩০ ট্ৰিলিয়ন ডলাৰৰ ওপৰৰ আমেৰিকাৰ বজাৰত ভাৰতীয় সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত  অগ্ৰাধিকাৰ লাভ কৰাটো নিশ্চিত কৰিছে। এই চুক্তিয়ে শুল্কক ব্যাপকভাৱে যুক্তিসংগত কৰিছে, ভাৰতক আমেৰিকাৰ বজাৰত প্ৰধান সামগ্ৰীৰ শ্ৰেণীসমূহত শূন্য শুল্ক প্ৰৱেশৰ সুবিধা প্ৰদান কৰিছে আৰু অধিক ডিজিটেল তথা প্ৰযুক্তিগত  সহযোগিতাৰ পথ প্ৰশস্ত কৰিছে। ভাৰতৰ কৃষক, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ তথা ঘৰুৱা উদ্যোগৰ স্বাৰ্থ মনত ৰাখি ইয়াক সযতনে প্ৰস্তুত কৰা হৈছে।

২০২৪ চনত ভাৰতৰ মুঠ ৰপ্তানি আমেৰিকালৈ ৮৬.৩৫ বিলিয়ন মাৰ্কিন ডলাৰ হ’ব বুলি প্ৰকল্প কৰা হৈছে, এই চুক্তিয়ে বস্ত্ৰ, চামৰা, ৰত্ন আৰু গহনা, কৃষি, যন্ত্ৰপাতি, ঘৰুৱা আচবাব, ঔষধ আৰু প্ৰযুক্তি-চালিত উদ্যোগকে ধৰি মূল খণ্ডসমূহত প্ৰতিযোগিতামূলক প্ৰৱেশ যথেষ্ট বৃদ্ধি কৰে।

২০২৪ চনত আমেৰিকালৈ ভাৰতৰ ৮৬.৩৫ বিলিয়ন মাৰ্কিন ডলাৰৰ সামগ্ৰী ৰপ্তানিৰ পিছত  এতিয়া আমদানি শুল্কৰ এই বৃহৎ পৰিৱৰ্তনে ভাৰতক লাভাৱান্বিত কৰিছে।

পাৰস্পৰিক শুল্কৰ ক্ষেত্ৰত ডাঙৰ সকাহ

পূৰ্বতে বহু ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% পৰ্যন্ত পাৰস্পৰিক শুল্ক প্ৰযোজ্য আছিল। এই শুল্কসমূহ এতিয়া যথেষ্ট হ্ৰাস কৰা হৈছে। মুঠ ৰপ্তানিৰ ভিতৰত ৪০.৯৬ বিলিয়ন মাৰ্কিন ডলাৰত পাৰস্পৰিক শুল্ক আৰোপ কৰা হৈছে।

এই ৰপ্তানিৰ ভিতৰত চুক্তিখনৰ অধীনত ৩০.৯৪ বিলিয়ন ডলাৰৰ আমদানি শুল্ক ৫০%ৰ পৰা ১৮%লৈ হ্ৰাস কৰা হৈছে, আনহাতে আমদানিৰ প্ৰায় ১০.০৩ বিলিয়ন ডলাৰৰ ওপৰত শুল্ক ৫০%ৰ পৰা শূন্যলৈ হ্ৰাস কৰা হৈছে। অৰ্থাৎ আমেৰিকাৰ বজাৰত প্ৰৱেশ কৰা ভাৰতীয় সামগ্ৰীৰ এটা উল্লেখযোগ্য অংশ এতিয়া হয় অতি কম শুল্ক বা সম্পূৰ্ণ শুল্কমুক্তভাবে  প্ৰৱেশৰ সুবিধা লাভ কৰিব।  যাৰ ফলত মূল্যৰ প্ৰতিযোগিতামূলক ক্ষমতা যথেষ্ট উন্নত হ’ব।

ৰেহাইৰ শ্ৰেণী – কোনো অতিৰিক্ত শুল্ক  নাই

অতিৰিক্ত গাঁথনিগত ৰেহাইৰ জৰিয়তে ১.০৪ বিলিয়ন মাৰ্কিন ডলাৰৰ আমদানিৰ ক্ষেত্ৰত  শূন্য শুল্কৰ ব্যৱস্থা  কৰা হৈছে। ইয়াৰ অধীনত আমেৰিকাই ১.০৩৫ বিলিয়ন মাৰ্কিন ডলাৰৰ কৃষিজাত সামগ্ৰীৰ ওপৰত শূন্য পাৰস্পৰিক শুল্কৰ আশ্বাস দিছে। ইয়াৰ দ্বাৰা ভাৰতীয় কৃষি ৰপ্তানিকাৰকসকলক স্থিৰতা আৰু ভৱিষ্যদ্বাণীযোগ্যতাৰ আশ্বাস  প্ৰদান কৰা হৈছে  আৰু মূল কৃষিজাত সামগ্ৰীৰ বজাৰত নিৰৱচ্ছিন্ন প্ৰৱেশ নিশ্চিত কৰা হৈছে।

ধাৰা ২৩২ (এণ্ড-ইউজ বেচিছৰ আধাৰত ) প্ৰতিশ্ৰুতি

অতিৰিক্ত গাঁথনিগত ৰেহাইয়ে ধাৰা ২৩২ (এণ্ড-ইউজ বেচিছ)ৰ অধীনত ২৮.৩০ বিলিয়ন মাৰ্কিন ডলাৰৰ আমদানিৰ ওপৰত শূন্য শুল্ক নিশ্চিত কৰা হৈছে। এই সামগ্ৰীসমূহৰ ওপৰত অতিৰিক্ত শুল্ক, য’ত অতিৰিক্ত শুল্ক ৫০% পৰ্যন্ত হ’ব বুলি ভবা হৈছিল, সেয়া  শূন্যলৈ হ্ৰাস কৰা হৈছে।

এই চুক্তিয়ে ভাৰতৰ ক্ষেত্ৰত  স্পষ্ট শুল্ক পাৰ্থক্যৰ সৃষ্টি কৰে। ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰা হৈছে যদিও আমেৰিকাৰ বজাৰত কেইবাখনো প্ৰতিযোগী ৰপ্তানিকাৰক দেশে এতিয়াও উচ্চ শুল্কৰ সন্মুখীন হৈছে, যাৰ ভিতৰত  আছে চীন (৩৫%), ভিয়েটনাম (২০%), বাংলাদেশ (২০%), মালয়েছিয়া (১৯%), ইণ্ডোনেছিয়া (১৯%), ফিলিপাইনছ (১৯%), কম্বোডিয়া (১৯%), আৰু থাইলেণ্ড (১৯%)।

এই শুল্কৰ পাৰ্থক্যই ভাৰতৰ মূল্য প্ৰতিযোগিতামূলক ক্ষমতা যথেষ্ট বৃদ্ধি কৰিছে, আমেৰিকাৰ বজাৰত ভাৰতৰ স্থান যথেষ্ট শক্তিশালী কৰিছে  আৰু শ্ৰম-নিবিড় উদ্যোগ, উৎপাদন খণ্ড তথা উচ্চ মূল্যৰ সামগ্ৰীত ৰপ্তানিৰ সুযোগ সম্প্ৰসাৰিত  কৰিছে।

খণ্ডগত সুবিধাসমূহ:

বস্ত্ৰ আৰু পোছাক

বস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত  শুল্ক ৫০%ৰ পৰা ১৮%লৈ হ্ৰাস কৰা হৈছে, আনহাতে ৰেচমৰ ওপৰত ০% শুল্ক আৰোপ কৰা হ’ব, যাৰ ফলত ১১৩ বিলিয়ন মাৰ্কিন ডলাৰৰ বজাৰত অধিক সুযোগ মুকলি হ’ব।

হ্ৰাস কৰা শুল্কৰ গাঁথনিৰ পৰা লাভাৱান্বিত হোৱা মূল ৰপ্তানি শ্ৰেণীসমূহৰ ভিতৰত ৰেডিমেড কাপোৰ, কাৰ্পেট, মানৱসৃষ্ট বস্ত্ৰ, কপাহী কাপোৰ, কৃত্ৰিম ষ্টেপল ফাইবাৰ, বেডস্প্ৰেড, ব্লিচ কৰা কাপোৰ, পৰ্দা, সূতা, শিশুৰ কাপোৰ, বিচনা চাদৰ, কম্বল, গ্লভছ, আৰু আনুষংগিক সামগ্ৰী আদি অন্তৰ্ভুক্ত হৈ আছে ।

এই চুক্তিয়ে বস্ত্ৰ খণ্ডক যথেষ্ট সহায়  কৰিব, বৃহৎ পৰিসৰৰ উৎপাদনৰ লাভ অৰ্জন কৰিব পৰা যাব  আৰু ক্ষুদ্ৰ ব্যৱসায় তথা উৎপাদন ক্লাষ্টাৰক শক্তিশালী কৰিব পৰা যাব বুলি আশা কৰা হৈছে। বজাৰৰ উন্নত প্ৰৱেশে চাকৰিৰ সৃষ্টি কৰিব আৰু বিশ্ব বস্ত্ৰ মূল্য শৃংখলত প্ৰতিযোগিতামূলক আৰু নিৰ্ভৰযোগ্য যোগানকাৰী হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

চামৰা আৰু জোতা

এই চুক্তিয়ে ভাৰতৰ চামৰা আৰু জোতা খণ্ডলৈ যথেষ্ট সুবিধা কঢ়িয়াই আনিছে, যাৰ ফলত দেশখন আমেৰিকাৰ বজাৰত পছন্দৰ যোগানকাৰী হিচাপে পৰিগণিত হৈছে। ভাৰতৰ পৰা ৰপ্তানিৰ ওপৰত শুল্ক ৫০%ৰ পৰা ১৮%লৈ হ্ৰাস কৰি ৪২ বিলিয়ন মাৰ্কিন ডলাৰৰ আমেৰিকাৰ বজাৰত উন্নত প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হৈছে। চুক্তিৰ দ্বাৰা লাভৱান হোৱাৰ আশা কৰা মূল ৰপ্তানি শ্ৰেণীসমূহৰ ভিতৰত আছে সম্পূৰ্ণ চামৰা, চামৰাৰ জোতা আৰু জোতাৰ উপাদান। শুল্কৰ গাঁথনি হ্ৰাস পোৱাৰ ফলত ভাৰতৰ চামৰা উদ্যোগে মূল্য সংযোজনৰ ক্ষেত্ৰত নিজৰ উপস্থিতি বৃদ্ধিৰ ক্ষমতা বৃদ্ধি কৰিব। চামৰা আৰু জোতা উদ্যোগৰ শ্ৰম-নিবিড় প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি বজাৰৰ উন্নত প্ৰৱেশে বিশেষকৈ এম এছ এম ই আৰু উৎপাদন ক্লাষ্টাৰত উৎপাদন বৃদ্ধি আৰু চাকৰি সৃষ্টিৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।

ৰত্ন আৰু গহনা

ৰত্ন আৰু গহনা ৰপ্তানিৰ ওপৰত শুল্ক শুল্ক ৫০%ৰ পৰা ১৮%লৈ হ্ৰাস কৰা হৈছে, যিয়ে  ৬১ বিলিয়ন মাৰ্কিন ডলাৰৰ আমেৰিকাৰ বজাৰত অগ্ৰাধিকাৰভিত্তিক  প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হৈছে।

ইয়াৰ উপৰি  হীৰা, প্লেটিনাম, আৰু মুদ্ৰাকে ধৰি মূল সামগ্ৰীৰ শ্ৰেণীসমূহৰ বাবে ০% শুল্কৰে বজাৰত  প্ৰৱেশ লাভ কৰাৰ সুবিধা পাইছে। যিয়ে ২৯ বিলিয়ন মাৰ্কিন ডলাৰৰ আমেৰিকাৰ বজাৰখনক সামৰি লৈছে। লাভৱান হোৱাৰ আশা কৰা মূল ৰপ্তানি শ্ৰেণীসমূহৰ ভিতৰত আছে কটা  আৰু পলিচ কৰা হীৰা, লেবত উৎপাদিত কৃত্ৰিম হীৰা, ৰঙীণ ৰত্ন, কৃত্ৰিম শিল আৰু সোণ, ৰূপ, প্লেটিনাম তথা অন্যান্য বহুমূলীয়া ধাতুৰে নিৰ্মিত সামগ্ৰী।

গৃহ সজ্জা

ঘৰুৱা সামগ্ৰীৰ ৰপ্তানিৰ ওপৰত শুল্ক শুল্ক ৫০%ৰ পৰা ১৮%লৈ হ্ৰাস কৰা হৈছে, যাৰ ফলত ৫২ বিলিয়ন মাৰ্কিন ডলাৰৰ আমেৰিকাৰ বজাৰত সুযোগ মুকলি হৈছে। নিম্ন শুল্ক ৰ বাবে লাভাৱান্বিত  হ’ব পৰা সামগ্ৰীসমূহৰ ভিতৰত আছে  কাঠ আৰু আচবাবৰ সামগ্ৰী, আঠুৱা, কুশ্বন, কুইল্ট, কম্বল, অইলেক্ট্ৰিক লেম্প, আৰু আনুষংগিক সজ্জাগত সামগ্ৰী আদি।

ইয়াৰ উপৰি ১৩ বিলিয়ন মাৰ্কিন ডলাৰৰ বজাৰ থকা সামগ্ৰীসমূহৰ বাবে ০% শুল্কৰ দিহা কৰা হৈছে, য’ত আসন, চেণ্ডেলিয়াৰ,  লেম্পৰ অংশ আদি  অন্তৰ্ভুক্ত কৰা হৈছে।

খেলনা

ভাৰতৰ পৰা খেলনা ৰপ্তানিৰ ওপৰত শুল্ক ৫০%ৰ পৰা ১৮%লৈ হ্ৰাস কৰি ১৮ বিলিয়ন মাৰ্কিন ডলাৰৰ আমেৰিকাৰ বজাৰত অধিক প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হৈছে। বজাৰৰ উন্নত প্ৰৱেশ আৰু অধিক লাভজনক শুল্ক ব্যৱস্থাৰ সৈতে ভাৰতে আমেৰিকাৰ খেলনা বজাৰত নিৰ্ভৰযোগ্য যোগানকাৰী হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈ উঠিছে । এই চুক্তিয়ে ঘৰুৱা প্ৰস্তুতকাৰী বিশেষকৈ এম এছ এম ইৰ বাবে উৎপাদন বৃদ্ধি, বিশ্ব যোগান শৃংখলত যোগদান আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজৰ উপস্থিতি সম্প্ৰসাৰণৰ নতুন সুযোগ মুকলি কৰিছে।

যন্ত্ৰপাতি আৰু উপাদান (বিমানৰ অংশৰ বাহিৰে)

এই চুক্তিয়ে বিশ্বৰ অন্যতম বৃহৎ ঔদ্যোগিক বজাৰত প্ৰৱেশৰ উন্নতি সাধন কৰি ভাৰতৰ যন্ত্ৰপাতি আৰু কম্পোনেণ্ট খণ্ডক যথেষ্ট উন্নীত কৰিছে। যন্ত্ৰপাতি ৰপ্তানিৰ ওপৰত শুল্ক ৫০%ৰ পৰা ১৮%লৈ হ্ৰাস কৰা হৈছে, যাৰ ফলত ৪৭৭ বিলিয়ন মাৰ্কিন ডলাৰৰ আমেৰিকাৰ যন্ত্ৰপাতিৰ বজাৰত অধিক সুযোগ মুকলি হৈছে।

এই খণ্ডত ভাৰতৰ বৰ্তমানৰ ৰপ্তানি ২.৩৫ বিলিয়ন মাৰ্কিন ডলাৰ, আৰু নিম্ন শুল্ক গাঁথনিয়ে কেইবাটাও শ্ৰেণীৰ যন্ত্ৰপাতি আৰু উপাদানৰ মাজত ভাৰতীয় নিৰ্মাতাসকলৰ প্ৰতিযোগিতামূলক ক্ষমতা আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। উন্নত প্ৰৱেশে ভাৰতৰ বৃহত্তৰ উৎপাদন উচ্চাকাংক্ষাক সমৰ্থন কৰে আৰু মূল্য সংযোজিত ঔদ্যোগিক ৰপ্তানি বৃদ্ধিৰ প্ৰচেষ্টাক শক্তিশালী কৰিব।

আমেৰিকাৰ সৈতে কৃষি বাণিজ্যত ভাৰতৰ বাণিজ্যিক উদ্বৃত্ত ১.৩ বিলিয়ন মাৰ্কিন ডলাৰ, ২০২৪ চনত ৰপ্তানি ৩.৪ বিলিয়ন মাৰ্কিন ডলাৰ আৰু আমদানি ২.১ বিলিয়ন মাৰ্কিন ডলাৰ আছিল।

কৃষি ৰপ্তানিৰ বাবে শূন্য শুল্ক প্ৰৱেশ:

১.৩৬ বিলিয়ন মাৰ্কিন ডলাৰৰ ভাৰতীয় ৰপ্তানিৰ ওপৰত আমেৰিকাই কোনো অতিৰিক্ত শুল্ক আৰোপ নকৰে। যিবোৰ সামগ্ৰী লাভৱান হ’ব সেইবোৰৰ ভিতৰত মছলা; চাহ আৰু কফি আৰু ইয়াৰ নিষ্কাশন; কপ্ৰা আৰু নাৰিকল তেল; বনস্পতি  মম; বাদাম যেনে বেটেল বাদাম, ব্ৰাজিল বাদাম, কাজু, আৰু চেষ্টনাট; এভোকেডো, কল, পেঁপা, আম, কিৱি , অমিতা, আনাৰস, আৰু ভেঁকুৰকে ধৰি ফল-মূল আৰু শাক-পাচলি; যৱ আৰু কেনাৰীৰ দৰে শস্য; বেকাৰীৰ সামগ্ৰী; ক'ক' আৰু ক'ক'ৰ সামগ্ৰী; তিল আৰু পপিৰ গুটি আৰু প্ৰক্ৰিয়াকৃত সামগ্ৰী যেনে ফলৰ পাল্প, ৰস, আৰু জাম।

ইয়াৰ অধীনত ভাৰতীয় কৃষক আৰু ৰপ্তানিকাৰকসকলক স্থিতিশীলতা আৰু ভৱিষ্যদ্বাণীযোগ্যতা প্ৰদান কৰি ১.০৩৫ বিলিয়ন মাৰ্কিন ডলাৰৰ কৃষিজাত সামগ্ৰীৰ ওপৰত অনিশ্চয়তা এৰাই চলিবলৈ শূন্য পাৰস্পৰিক শুল্কৰ আশ্বাস দিয়া হৈছে।

শক্তিশালী সুৰক্ষাৰ সৈতে মানাংকিত বজাৰ মুকলি:

কৃষি বজাৰ প্ৰৱেশ সামগ্ৰীৰ সংবেদনশীলতাক লক্ষ্য কৰি পূৰ্বৰ বাণিজ্য চুক্তিসমূহত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি বাণিজ্য চুক্তিখন ৰচনা কৰা হৈছে। এই প্ৰস্তাৱটো তাৎক্ষণিক শুল্ক নিৰ্মূল, পৰ্যায়ক্ৰমে নিষ্কাশন (১০ বছৰলৈকে), শুল্ক হ্ৰাস, অগ্ৰাধিকাৰৰ সুবিধা আৰু শুল্ক হাৰৰ কোটাত ভাগ কৰা হৈছে।

অতি সংবেদনশীল কৃষি খণ্ডৰ বাবে শুল্ক ৰেহাইৰ ব্যৱস্থা গুৰুত্বসহকাৰে আৰু নিৰাপত্তাৰ সৈতে প্ৰণয়ন কৰা হৈছে। ইয়াৰ ভিতৰত মাংস, হাঁহ-কুকুৰা, আৰু দুগ্ধজাত সামগ্ৰী; জি এম খাদ্য সামগ্ৰী; সৰিয়হ ; কুঁহিয়াৰ; শস্যজাতীয় খাদ্য; আৰু আন  শস্য যেনে জলকীয়া, বাজৰা, ৰাগি আৰু কোডো; কল, ষ্ট্ৰবেৰী, চেৰী, আৰু টোঙাজাতীয়  ফলকে ধৰি আন ফল; দাইল  যেনে সেউজীয়া মটৰ , বুট , আৰু মুগ ; তৈলবীজ; কিছুমান পশু খাদ্য সামগ্ৰী; বাদাম; মৌ; মাল্ট আৰু ইয়াৰ নিষ্কাশন; ইয়াৰ ভিতৰত অ-সুৰাশ্ৰেণীৰ সামগ্ৰী; আটা ; ষ্টাৰচ; আৱশ্যকীয় তেল; ইন্ধনৰ বাবে ইথানল; আৰু ধঁপাত আদি আছে।

কিছুমান স্পৰ্শকাতৰ কৃষিজাত সামগ্ৰীৰ বাবে শুল্ক সুৰক্ষাৰ নিৰ্দিষ্ট মাত্ৰা বজাই ৰাখিবলৈ শুল্ক হ্ৰাসৰ শ্ৰেণী নিৰ্ধাৰণ  কৰা হৈছে। উদাহৰণস্বৰূপে উদ্ভিদৰ অংশ, জলপাই, পাইৰেথ্ৰাম আৰু তেলৰ কেক আদি। ভাৰতৰ অন্যান্য মুক্ত বাণিজ্য চুক্তিসমূহত গ্ৰহণ কৰা পদ্ধতিৰ সৈতে সংগতি ৰাখি সুৰাযুক্ত সামগ্ৰীসমূহৰ ওপৰত নূন্যতম আমদানি মূল্যভিত্তিক প্ৰস্তুতিৰ সৈতে শুল্ক হ্ৰাস কৰা হৈছে। কিছুমান অতি স্পৰ্শকাতৰ সামগ্ৰীৰ  শুল্কৰ হাৰ কোটাৰ অধীনত উদাৰীকৰণ কৰা হৈছে, য’ত কম শুল্কত সীমিত পৰিমাণৰ আমদানি কৰিবলৈ অনুমতি দিয়া হৈছে। এই শ্ৰেণীৰ সামগ্ৰীসমূহৰ ভিতৰত খোলাযুক্ত আলমণ্ড, আখৰোট, পিষ্টাচিয়া, দাইল আদি আছে ।

ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগে ব্যৱহাৰ কৰি থকা  তথা বিভিন্ন দেশৰ পৰা আমদানি কৰা কিছুমান মধ্যৱৰ্তী সামগ্ৰীৰ বাবে দহ বছৰৰ পৰ্যায়ক্ৰমে শুল্ক বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত এলবুমিন; কিছুমান তেল যেনে নাৰিকল তেল, এড়ী তেল  আৰু কপাহৰ বীজৰ তেল; আটা; চৰ্বি; ষ্টেৰিন; পৰিৱৰ্তিত ষ্টাৰচ; ইয়াৰ ভিতৰত পেপটন আৰু ইয়াৰ ডেৰাইভেটিভ; উদ্ভিদ আৰু উদ্ভিদৰ অংশ আদি  আছে। এই দীঘলীয়া সময়সীমাই ঘৰুৱা অংশীদাৰসকলক সামঞ্জস্য স্থাপন কৰিবলৈ পৰ্যাপ্ত সময়  প্ৰদান কৰিব ।ইতিমধ্যে অন্যান্য মুক্ত বাণিজ্য চুক্তিৰ অধীনত উদাৰীকৰণ কৰা কিছুমান অসংবেদনশীল সামগ্ৰীৰ বাবেহে তাৎক্ষণিক শুল্ক নিৰ্মূলৰ প্ৰস্তাৱ দিয়া হৈছে ।

এই চুক্তিয়ে ৩৮ বিলিয়ন মাৰ্কিন ডলাৰৰ ঔদ্যোগিক ৰপ্তানিৰ বাবে শূন্য অতিৰিক্ত শুল্কৰ সুবিধা নিশ্চিত কৰিছে।

২৩২ নং অনুচ্ছেদৰ বিধান অনুসৰি বিমানৰ অংশ, যন্ত্ৰপাতি আৰু যন্ত্ৰাংশ , জেনেৰিক ঔষধ তথা ঔষধৰ উপাদান, বাহনৰ মৌলিক অংশক অতিৰিক্ত শুল্কৰ পৰা ৰেহাই দিয়া হ’ব।

তদুপৰি, শূন্য শুল্ক প্ৰৱেশে মূল ঔদ্যোগিক সামগ্ৰীৰ শ্ৰেণীসমূহক সামৰি লৈছে,  যিবোৰৰ ভিতৰত  আছে ৰত্ন আৰু হীৰা, প্লেটিনাম আৰু মুদ্ৰা, ঘড়ী, আৱশ্যকীয় তেল, নিৰ্বাচিত ঘৰুৱা সজ্জাৰ সামগ্ৰী যেনে চেণ্ডেলিয়াৰ, লোহা আৰু এলুমিনিয়াম অক্সাইডকে ধৰি অজৈৱিক ৰাসায়নিক পদাৰ্থ আৰু বহুমূলীয়া ধাতুৰ অজৈৱিক যৌগ, এই সম্পৰ্কীয় সঁজুলি , খনিজ আৰু প্ৰাকৃতিক সম্পদ, কাগজ, প্লাষ্টিক আৰু কাঠৰ সামগ্ৰী,  প্ৰাকৃতিক ৰবৰ আদি ।

শক্তিশালী সুৰক্ষা ব্যৱস্থাৰে অকৃষি সম্পৰ্কীয় বজাৰ মুকলি চুক্তিখনৰ প্ৰসংগত  উদ্যোগ, সংঘ, সংশ্লিষ্ট মন্ত্ৰালয়ৰ লগতে মূল অংশীদাৰসকলৰ সৈতে ব্যাপক আলোচনা  কৰা হৈছে । যাতে বজাৰ প্ৰৱেশৰ কাঠামো চূড়ান্ত কৰাৰ পূৰ্বে পণ্যৰ সংবেদনশীলতা তথা  খণ্ড-নিৰ্দিষ্ট প্ৰয়োজনীয়তাক  চিনাক্ত কৰিব পৰা যায়।

ঔদ্যোগিক সামগ্ৰীৰ বাবে বজাৰ প্ৰৱেশৰ ব্যৱস্থাসমূহ পণ্যসমূহৰ সংবেদনশীলতাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয়, য'ত তাৎক্ষণিক শুল্ক আঁতৰোৱা হৈছে , পৰ্যায়ক্ৰমে হ্ৰাস কৰা (দহ বছৰলৈকে), আৰু কোটা ভিত্তিক প্ৰৱেশকে ধৰি নানা সুবিধা ৰখা হৈছে।

কোটা আৰু শুল্ক হ্ৰাস ব্যৱস্থাৰ সংমিশ্ৰণৰ জৰিয়তে অটোম’বাইলৰ দৰে স্পৰ্শকাতৰ খণ্ডসমূহ উদাৰীকৰণ কৰা হৈছে। চিকিৎসা সঁজুলিসমূহৰ ক্ষেত্ৰত  পৰ্যায়ক্ৰমে অনুমোদন প্ৰক্ৰিয়াৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে। কোটা ভিত্তিক শুল্ক হ্ৰাসৰ জৰিয়তে বহুমূলীয়া ধাতু আৰু অন্যান্য স্পৰ্শকাতৰ ঔদ্যোগিক সামগ্ৰী পৰিচালনা কৰা হৈছে। এই নিৰ্দিষ্ট সুৰক্ষা ব্যৱস্থাসমূহে নিশ্চিত কৰিছে  যে উদাৰীকৰণে উৎপাদন ক্ষমতা বা নিয়োগৰ সৈতে আপোচ নকৰাকৈ প্ৰতিযোগিতামূলক ক্ষমতা শক্তিশালী কৰিব।

 

বাণিজ্যৰ সুবিধা আৰু গুণগত পৰিৱেশতন্ত্ৰৰ শক্তিশালীকৰণ

শুল্ক সংস্কাৰৰ উপৰি  এই চুক্তিয়ে বাণিজ্যৰ সুবিধা প্ৰদান কৰাৰ লগতে শুল্কবিহীন ব্যৱস্থাৰ বিষয়তো  গুৰুত্ব আৰোপ কৰিছে । এই বিধানসমূহে ভাৰতৰ নিয়ন্ত্ৰণ তথা কৰ্তৃত্ব বজাই ৰখাৰ লগতে বাণিজ্যৰ ক্ষেত্ৰত কাৰিকৰী বাধাসমূহো দূৰ কৰি  সুষম তথা  বৰ্ধিত বজাৰ প্ৰৱেশ নিশ্চিত কৰিছে। ভাৰত আৰু আমেৰিকাই উচ্চ প্ৰযুক্তিৰ সামগ্ৰী, চিকিৎসা সঁজুলি, আৰু তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ সামগ্ৰীকে ধৰি অগ্ৰাধিকাৰ খণ্ডসমূহত গুণগত মান, স্বীকৃতিৰ ব্যৱস্থা  আৰু সহজে অনুসৰণ কৰিব পৰাকৈ  কাম কৰিব।

অনুকূল পৰিস্থিতি  মূল্যায়নৰ স্বীকৃতিয়ে দুবাৰ পৰীক্ষাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিব, যাৰ ফলত ৰপ্তানিকাৰকৰ সময় তথা খৰচ ৰাহি হ’ব। বিশ্বব্যাপী মানৰ সৈতে সংগতি ৰাখি  ৰপ্তানিৰ প্ৰস্তুতি উন্নত কৰিব  আৰু ভাৰতীয় নিৰ্মাতাসকলক বিশেষকৈ উন্নত যন্ত্ৰপাতি, চিকিৎসা সঁজুলি আৰু ইলেক্ট্ৰনিকছৰ গুণগত মান উন্নীত কৰাত সহায় কৰে। ইয়াৰ উপৰি  ইউৰোপীয় সংঘ, যুক্তৰাজ্য, জাপানৰ দৰে উন্নত বজাৰকে ধৰি বিশ্ব মূল্য শৃংখলত গভীৰ সংহতি নিশ্চিত কৰিব পৰা যাব । এই চুক্তিয়ে ভাৰতীয় ডাটা চেণ্টাৰ আৰু ডিজিটেল ইণ্ডিয়াৰ পদক্ষেপক  সম্প্ৰসাৰিত কৰাৰ  বাবে প্ৰয়োজনীয় উন্নত অৰ্ধপৰিবাহী চিপ, চাৰ্ভাৰৰ উপাদান আৰু জটিল প্ৰযুক্তিৰ ইনপুটসমূহৰ প্ৰৱেশৰ সুবিধা প্ৰদান কৰি ভাৰতৰ ডিজিটেল মেৰুদণ্ডকো শক্তিশালী কৰিব । উচ্চ কাৰ্যক্ষম কম্পিউটিং আন্তঃগাঁথনিৰ নিৰ্ভৰযোগ্য প্ৰৱেশে ভাৰতৰ ডিজিটেল পৰিৱেশতন্ত্ৰই  যাতে বিশ্বৰ চাহিদাৰ সৈতে সংগতি ৰাখি বিকশিত হৈ থাকিব পাৰে  সেয়া নিশ্চিত কৰিব । সৰলীকৃত অনুজ্ঞাপত্ৰ প্ৰক্ৰিয়াই আমদানিৰ বাবে প্ৰয়োজনীয়  অনুজ্ঞাপত্ৰ ব্যৱস্থাত স্বচ্ছতা তথা ভৱিষ্যদ্বাণীযোগ্যতা বৃদ্ধি কৰিব , কাৰ্য্যকৰী সমস্যা হ্ৰাস কৰিব  আৰু যোগান শৃংখলৰ কাৰ্যক্ষমতা উন্নত  কৰিব । ই প্ৰযুক্তি প্ৰতিষ্ঠানসমূহক কম তথ্য বজাই ৰখা আৰু পণ্যৰ বিকাশ তথা  নিয়োগ চক্ৰ ত্বৰান্বিত কৰাত সহায় কৰিব ।

পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তিৰ উন্নত প্ৰৱেশে ভাৰতীয় ডাটা চেণ্টাৰসমূহক প্ৰচেছিং শক্তি, বিলম্ব হ্ৰাস  আৰু সেৱা প্ৰদানৰ মানৰ ক্ষেত্ৰত বিশ্বজোৰা  প্ৰতিযোগিতাত ভাগ লোৱাৰ সুবিধা প্ৰদান কৰিব।  তদুপৰি এই কাঠামোই  ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰয়োজনীয় ব্যৱস্থাসমূহ বজাই ৰাখিব , যাতে কৌশলগত স্বাৰ্থৰ সৈতে আপোচ নকৰাকৈ উদ্ভাৱন তথা  প্ৰযুক্তিগত উন্নতি একেলগে আগবাঢ়ি যোৱাটো নিশ্চিত কৰিব পাৰি।

স্বাস্থ্য আৰু চিকিৎসা সম্পৰ্কীয় আন্তঃগাঁথনি

চিকিৎসা সঁজুলি খণ্ডত ভাৰত আৰু আমেৰিকাই শক্তিশালী সহযোগিতাৰ ছবি  প্ৰতিফলিত কৰিছে। উচ্চমানৰ নিদান আৰু অস্ত্ৰোপচাৰ সঁজুলিৰ উন্নত প্ৰৱেশে উন্নত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি সম্প্ৰসাৰিত কৰাত  সহায় কৰিব। জীৱন ৰক্ষাকাৰী প্ৰযুক্তিৰ সহজ প্ৰৱেশে বিশেষ স্বাস্থ্যসেৱা সেৱাৰ ব্যয় হ্ৰাস কৰিব আৰু ইয়াক অধিক লোকৰ বাবে সুলভ কৰি তুলিব।  ৰোগীৰ ফলাফল উন্নত হ’ব আৰু ভাৰতৰ চিকিৎসা পৰিৱেশতন্ত্ৰ শক্তিশালী হ’ব।

ভাৰত-আমেৰিকাৰ ডিজিটেল ট্ৰেড পাৰ্টনাৰশ্বিপ

ডিজিটেল বাণিজ্যই এতিয়া  বিশ্ব বাণিজ্যৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা খণ্ড হিচাপে আত্মপ্ৰকাশ কৰিছে। বিশ্ব বাণিজ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বজুৰি ডিজিটেলভাৱে প্ৰদান কৰা সেৱাৰ ৰপ্তানি ২০২৩ চনত ৪.৩৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০২৪ চনত ৪.৭৮ ট্ৰিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাব বুলি প্ৰকল্প কৰা হৈছে, যিয়ে বাৰ্ষিক ৯.৮ শতাংশ বৃদ্ধিৰ কথাই প্ৰতিফলিত কৰে।

অগ্ৰণী ডিজিটেল ৰপ্তানিকাৰক হিচাপে ভাৰতে নিজৰ স্থান সুদৃঢ় কৰিছে। ২০২৪ চনত ভাৰতৰ ডিজিটেলভাৱে প্ৰদান কৰা সেৱাৰ ৰপ্তানি ০.২৮ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ আছিল, যিটো বছৰি ১০.৩ শতাংশ হাৰত বৃদ্ধি পাইছে। বিশ্বব্যাপী ডিজিটেল ডেলিভাৰী সেৱা ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত ৫ম আৰু আমদানিৰ ক্ষেত্ৰত ১১ নম্বৰ স্থানত থকাৰ বিপৰীতে আমেৰিকাই ৰপ্তানি তথা  আমদানি দুয়োটা দিশতে প্ৰথম স্থান লাভ কৰিছে।

পৰিপূৰক শক্তি আৰু অংশীদাৰিত্বৰ সুযোগ:

ডিজিটেল বাণিজ্যত ভাৰত আৰু আমেৰিকাৰ পৰিপূৰক শক্তিৰ অংশীদাৰ। ডিজিটেলভাৱে প্ৰদান কৰা সেৱাৰ বিশ্বৰ সৰ্ববৃহৎ আমদানিকাৰক আমেৰিকা, আনহাতে ভাৰত বিশ্বৰ অন্যতম শীৰ্ষ ৰপ্তানিকাৰক। ভাৰতৰ আই টি সেৱা, ব্যৱসায়িক প্ৰক্ৰিয়া ব্যৱস্থাপনা, আৰু ডিজিটেল সমাধানৰ ক্ষেত্ৰত বিশেষ  সামৰ্থ্য আছে।

দুয়োখন দেশৰ মাজত এটা গাঁথনিগত ডিজিটেল বাণিজ্যৰ কাঠামোই  নিয়ন্ত্ৰণমূলক অনিশ্চয়তা হ্ৰাস কৰিব, অনুসৰণৰ সমস্যাসমূহ লাঘৱ কৰিব  আৰু সীমা অতিক্ৰম কৰি সেৱা প্ৰদানৰ সুবিধা প্ৰদান কৰিব । ইয়াৰ ফলত ডিজিটেলভাৱে প্ৰদান কৰা সেৱাসমূহৰ বৃদ্ধি ত্বৰান্বিত হ’ব পাৰে আৰু ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ বজাৰত প্ৰৱেশো সম্প্ৰসাৰিত হ’ব পাৰে।

ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, উদ্ভাৱন আৰু কৌশলগত প্ৰযুক্তি সহযোগিতাক সক্ষম কৰি তোলা:

সুসংহত ডিজিটেল বাণিজ্য নিয়মে লেনদেনৰ খৰচ হ্ৰাস কৰিব আৰু ব্যৱসায়ী তথা  গ্ৰাহক বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ডিজিটেল সেৱাৰ সুবিধা উন্নত কৰিব। ইয়াৰ ফলত সীমা অতিক্ৰম কৰি ডিজিটেল বাণিজ্যত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ অংশগ্ৰহণ বৃদ্ধিৰ সুযোগৰ পথ  মুকলি হৈ পৰিব।

দুয়োখন দেশৰ মাজত পাৰস্পৰিকভাৱে সহমতত উপনীত হোৱা ডিজিটেল বাণিজ্যৰ কাঠামোৰ ফলত ভাৰতৰ ডিজিটেল পৰিৱেশ তন্ত্ৰত আমেৰিকাৰ বিনিয়োগ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। ইয়াৰ দ্বাৰা ভাৰতৰ সেৱা ৰপ্তানি শক্তিশালী হ’ব আৰু ডিজিটেল ষ্টাৰ্টআপ, ক্লাউড কম্পিউটিং, কৃত্ৰিম বুদ্ধিমত্তা, ফিনটেক আৰু স্বাস্থ্য-টেক খণ্ডৰ বৃদ্ধি ত্বৰান্বিত হ’ব। এই অংশীদাৰিত্বই দুটা প্ৰধান ডিজিটেল অৰ্থনীতিৰ মাজত কৌশলগত প্ৰযুক্তিগত সহযোগিতাও বৃদ্ধি কৰিব , উপযুক্ত নিয়ন্ত্ৰণ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বজাই ৰাখি উদ্ভাৱনক সমৰ্থন কৰি যাব।

গ্ৰাহকৰ কল্যাণ: ঘৰুৱা যোগানত ব্যাঘাত নজন্মোৱাকৈ আমদানি

চুক্তিখনে দেশৰ  কৃষক বা উৎপাদকসকলৰ ওপৰত হেঁচা নপৰাকৈ চাহিদাৰ ব্যৱধান পূৰণ কৰা নিৰ্বাচিত গ্ৰাহকমুখী আমদানিৰ নিয়ন্ত্ৰিত প্ৰৱেশ সক্ষম কৰি তুলি  গ্ৰাহকৰ কল্যাণো নিশ্চিত কৰিব।   সীমিত আৰু গাঁথনিগত প্ৰৱেশে নিশ্চিত কৰিছে যাতে  আমদানিয়ে ঘৰুৱা উৎপাদনৰ ঠাই লোৱাতকৈ পৰিপূৰক হয়, যাৰ ফলত গ্ৰাহকৰ বাবে মূল্যৰ স্থিৰতা আৰু অধিক পণ্যৰ বৈচিত্ৰ্যতা বজাই ৰাখিব পাৰি।

গ্ৰাহকমুখী সামগ্ৰীৰ মূল শ্ৰেণীসমূহৰ ভিতৰত বাদাম; সতেজ আৰু প্ৰক্ৰিয়াকৃত ফল যেনে জামু; বিশেষ আৰু উচ্চমানৰ তেল; ঈষ্ট, মাৰ্জাৰিন আৰু এবেলনকে ধৰি প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী; ৱাইন আৰু প্ৰিমিয়াম পানীয়; নিৰ্বাচিত পশুধনৰ সামগ্ৰী; আৰু ফ্ৰ’জেন খাদ্য যেনে কড আৰু আলাস্কা পলক আদি আছে।

ভাৰতীয় উৎপাদন আৰু মূল্য শৃংখল শক্তিশালী কৰা মধ্যৱৰ্তী সামগ্ৰী

এই চুক্তিয়ে ভাৰতৰ ৰপ্তানিক আগুৱাই নিয়া জটিল মধ্যৱৰ্তী ইনপুটসমূহৰ প্ৰৱেশৰ সুবিধা নিশ্চিত  কৰিব । প্ৰতিযোগিতামূলক চৰ্তত কেঁচামাল আৰু বিশেষ উপাদানসমূহৰ বজাৰত প্ৰৱেশ সক্ষম কৰি এই কাঠামোৱে মূল্য সংযোজিত উৎপাদনক শক্তিশালী কৰিব  আৰু বিশ্বৰ যোগান শৃংখলত ভাৰতৰ স্থান সুদৃঢ় কৰিব।

মূল মধ্যৱৰ্তী পদাৰ্থসমূহৰ ভিতৰত ৰুক্ষ হীৰা আৰু বহুমূলীয়া শিল; কৃষি প্ৰক্ৰিয়াকৰণৰ বাবে ঔষধজাত সামগ্ৰী আৰু বিশেষ ৰাসায়নিক পদাৰ্থ; সক্ৰিয় ঔষধৰ উপাদান নিৰ্বাচন কৰা; অৰ্ধপৰিবাহী ৱেফাৰ আৰু উৎপাদন ইনপুট; ইলেক্ট্ৰনিক্সৰ উপাদান যেনে আইচি ছাবষ্ট্ৰেট, চেন্সৰ আৰু মাইক্ৰ' কণ্ট্ৰ'লাৰ; কাৰ্বন ফাইবাৰ আৰু বিশেষ সামগ্ৰী; ঔদ্যোগিক এনজাইম; ঔদ্যোগিক যন্ত্ৰপাতিৰ অংশ আৰু নিখুঁত যন্ত্ৰ; মহাকাশৰ উপাদানসমূহ; লিথিয়াম যৌগ আৰু কেথ'ড সামগ্ৰীকে ধৰি বেটাৰীৰ সামগ্ৰী; সাৰ ইনপুট যেনে ফছফেট ৰক আৰু পটাছ আদি খৰচ-বহনক্ষম  হৈ পৰিব।

উচ্চ প্ৰযুক্তি আৰু উন্নত প্ৰযুক্তিৰ আমদানি

এই চুক্তিয়ে উচ্চ প্ৰযুক্তি আৰু কৌশলগত সামগ্ৰীৰ সুবিধা প্ৰদান কৰি ভাৰতৰ প্ৰযুক্তিগত অগ্ৰগতিত সহায় কৰিব, যিয়ে ঘৰুৱা সামৰ্থ্যৰ বিকাশক ত্বৰান্বিত কৰিব।  উন্নত প্ৰযুক্তিৰ সুবিধা লাভে ভাৰতৰ ডিজিটেল আৰু ঔদ্যোগিক ৰূপান্তৰক  ত্বৰান্বিত কৰিব, লগতে ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যকো শক্তিশালী  কৰি তুলিব।

উচ্চ প্ৰযুক্তিৰ মূল শ্ৰেণীসমূহৰ ভিতৰত আছে উন্নত চিকিৎসা সঁজুলি যেনে ডায়েগনষ্টিক ইমেজিং সঁজুলি আৰু অস্ত্ৰোপচাৰ ৰবটিক্স; ইয়াৰ ভিতৰত এআই চিপ আৰু উচ্চ-কাৰ্যক্ষম প্ৰচেছৰ; অৰ্ধপৰিবাহী নিৰ্মাণ সঁজুলি; ক্লাউড কম্পিউটিং আন্তঃগাঁথনি সম্পৰ্কীয়  হাৰ্ডৱেৰ; টেলিকম আৰু আইচিটি নেটৱৰ্কৰ সঁজুলি; চাইবাৰ সুৰক্ষা হাৰ্ডৱেৰ; অসংবেদনশীল মহাকাশ ইলেক্ট্ৰনিক্স; স্মাৰ্ট গ্ৰীড আৰু মিটাৰকে ধৰি স্বচ্ছ শক্তি প্ৰযুক্তি; উন্নত কৃষি প্ৰযুক্তি; জৈৱ প্ৰযুক্তি গৱেষণা সঁজুলি; কোৱাণ্টাম কম্পিউটিং উপাদান; উন্নত পৰীক্ষাগাৰ আৰু পৰীক্ষণ সঁজুলি; উপগ্ৰহ আৰু মহাকাশ প্ৰযুক্তিৰ উপাদান; আৰু ডাটা চেণ্টাৰৰ আন্তঃগাঁথনিৰ সঁজুলি আদি।

ভাৰত আৰু আমেৰিকাৰ মাজত এই বাণিজ্যিক চুক্তিখন দুখন প্ৰধান বিশ্ব অৰ্থনীতিৰ মাজত অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰিব পাৰি। এই বাণিজ্যিক চুক্তিয়ে ৩০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ বজাৰত প্ৰৱেশৰ সুবিধা মুকলি কৰি, ৰপ্তানিৰ এক বৃহৎ অংশৰ শুল্ক যুক্তিসংগত কৰি, বৃহৎ সংখ্যক সামগ্ৰীৰ ওপৰত শূন্য শুল্ক  নিশ্চিত কৰি, ডিজিটেল আৰু কৌশলগত প্ৰযুক্তিৰ সহযোগিতাক শক্তিশালী কৰি  বিশ্বত ভাৰতৰ  বাণিজ্যিক অৱস্থান যথেষ্ট উন্নত কৰিব। 

এই বাণিজ্যিক  চুক্তিখন ভাৰতে সংবেদনশীলভাৱে ৰচনা কৰিছে, ইয়াৰ প্ৰয়োজনীয়তাৰ কথা  মনত ৰাখি, কৃষক, এম এছ এম ই, আৰু ঘৰুৱা উদ্যোগৰ সুৰক্ষা নিশ্চিত কৰিছে। এই বাণিজ্য চুক্তিৰ কাঠামোই  বৃদ্ধি আৰু নিৰাপত্তা, প্ৰতিযোগিতামূলক ক্ষমতা তথা  নমনীয়তা, সম্প্ৰসাৰণ আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ মাজত ভাৰসাম্য ৰক্ষা কৰিছে।  চুক্তিখনে বহনক্ষম ৰপ্তানি নেতৃত্বাধীন বৃদ্ধি, শক্তিশালী বিশ্ব সংহতি  আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক স্থিতিস্থাপকতাৰ ক্ষেত্ৰত ভাৰতৰ বাবে এক বিশেষ স্থান নিৰ্ধাৰণ কৰিছে।

 

***


पीके/केसी/डीटी/DM

(Explainer ID: 157349) आगंतुक पटल : 7
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Nepali , Bengali , Gujarati , Telugu , Kannada , Malayalam
Link mygov.in
National Portal Of India
STQC Certificate