• Skip to Content
  • Sitemap
  • Advance Search
Social Welfare

জনজাতীয় গৌৰৱ দিৱস

ভাৰতৰ জনজাতীয় স্বাধীনতা সংগ্ৰামীসকললৈ শ্ৰদ্ধা আৰু সন্মান নিবেদন

Posted On: 14 NOV 2025 12:01PM

মুখ্য তথ্য

  • জনজাতীয় স্বাধীনতা সংগ্ৰামী বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে ১৫ নৱেম্বৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হয়।
  • ইংৰাজ শাসনৰ বিৰুদ্ধে বিভিন্ন জনজাতীয় আন্দোলন আৰু বিদ্ৰোহৰ স্মৃতিত আৰু তেওঁলোকৰ সংস্কৃতি আৰু ইতিহাসৰ প্ৰচাৰৰ বাবে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ১১টা সংগ্ৰহালয় স্থাপন কৰিছে।
  • জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে আদি সংস্কৃত আৰু আদি বাণীৰ দৰে অন্যান্য ডিজিটেল পদক্ষেপৰ জৰিয়তে জনজাতীয় শিল্প, ভাষা, পৰম্পৰাক প্ৰচাৰ কৰি আহিছে

 

পাতনি

১৮৭৪ চনত জন্মগ্ৰহণ কৰা জনজাতীয় স্বাধীনতা সংগ্ৰামী তথা ঔপনিৱেশিকতা বিৰোধী বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে ভাৰতে প্ৰতি বছৰে ১৫ নৱেম্বৰত জনজাতীয় গৌৰৱ দিৱস পালন কৰে। ২০২৪-২৫ বৰ্ষত এই জন্মজয়ন্তীৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে বৰ্ষটোক জনজাতীয় গৌৰৱ বৰ্ষ নামেৰে উদযাপন কৰা হৈছে। দেশজুৰি বছৰজোৰা উদযাপনৰ অংশ হিচাপে ভাৰতৰ ঔপনিৱেশিকতা বিৰোধী সংগ্ৰামত বীৰছা মুণ্ডা আৰু অন্যান্য ভাৰতীয় জনজাতীয় নেতাসকলৰ ত্যাগ আৰু সংগ্ৰামক সন্মান জনোৱাৰ লগতে দেশৰ জনজাতীয় সংস্কৃতি আৰু ঐতিহ্যৰ চহকী বৈচিত্ৰ্যক উদযাপন কৰাৰ উদ্দেশ্যে ১-১৫ নৱেম্বৰৰ পষেকটো বিশেষ ধৰণেৰে উদযাপন কৰা হৈছে।

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে জনজাতীয় ইতিহাস আৰু সংস্কৃতিৰ প্ৰসাৰৰ বাবে বহুতো কাৰ্যসূচী চলায়। জনজাতীয় গৌৰৱ বৰ্ষ উদযাপনৰ অংশ হিচাপে সমগ্ৰ দেশতে বিভিন্ন কৰ্মশালা, অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ভিতৰত অন্যতম প্ৰধান পদক্ষেপ হৈছে আমাৰ ঐতিহাসিক জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানৰ স্মৃতিত ১১টা সংগ্ৰহালয় স্থাপন কৰা।

জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় পদক্ষেপ

ভাৰতৰ জনজাতীয় নেতাসকলে নিৰ্যাতনকাৰী শোষক ব্ৰিটিছ শাসন ব্যৱস্থা আৰু সামন্তীয় ব্যৱস্থাক প্ৰতিহত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই বিদ্ৰোহ আৰু আন্দোলনসমূহৰ বহুকেইটাক মূলসুঁতিৰ ভাৰতীয় ইতিহাসত পৰ্যাপ্তভাৱে আলোকপাত কৰা হোৱা নাই যদিও, বৰ্তমানৰ ভাৰতবৰ্ষখনক গঢ় দিয়াত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। এই ইতিহাস সংৰক্ষণ, নথিভুক্তকৰণ আৰু মানুহৰ মাজত প্ৰচাৰ-প্ৰসাৰ কৰিবলৈ চৰকাৰে এনে কিছু সংগ্ৰহালয় স্থাপন কৰিছে যিয়ে জনজাতীয় নেতাসকল সংগ্ৰাম আৰু অৱদানৰ বিষয়ে উত্তৰ প্ৰজন্মক অৱগত কৰিব।

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ছাপৰ্ট টু ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটছ (Support to Tribal Research Institutes) আঁচনিৰ অধীনত ৰাজ্য চৰকাৰসমূহক এই জনজাতীয় সংগ্ৰহালয়সমূহ স্থাপনৰ বাবে পুঁজি আগবঢ়ায়।

সংগ্ৰহালয়সমূহৰ সবিশেষ তলত দিয়া হৈছে:

 

ৰাজ্য

 

স্থান

 

প্ৰকল্প ব্যয় (কোটিত)

 

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা আৱণ্টিত ধন (কোটিত)

ঝাৰখণ্ড

ৰাঁচী

৩৪.২২

২৫.০০

গুজৰাট

ৰাজপিপলা

২৫৭.৯৪

৫০.০০

অন্ধ্ৰ প্ৰদেশ

লাম্বাছিংগী

৪৫.০০

২৫.০০

ছত্তীশগড়

ৰায়পুৰ

৫৩.১৩

৪২.৪৭

কেৰালা

ৱায়নাড়

১৬.৬৬

১৫.০০

মধ্য প্ৰদেশ

ছিণ্ডৱাৰা

৪০.৬৯

২৫.৬৯

জবলপুৰ

১৪.৩৯

১৪.৩৯

তেলেংগানা

হায়দৰাবাদ

৩৪.০০

২৫.০০

মণিপুৰ

তামাংগলং

৫১.৩৮

১৫.০০

মিজোৰাম

কেলছি

২৫.৫৯

২৫.৫৯

গোৱা

পণ্ডা

২৭.৫৫

১৫.০০

 

ইতিমধ্যে ছট্টিশগড়, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশত চাৰিটা সংগ্ৰহালয় উদ্বোধন কৰা হৈছে।

শ্বহীদ বীৰ নাৰায়ণ সিং স্মৃতিসৌধ আৰু জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়

শেহতীয়াকৈ ১ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ছট্টিশগড়ৰ ৰায়পুৰত শ্বহীদ বীৰ নাৰায়ণ সিং মেম’ৰিয়েল এণ্ড ট্ৰাইবেল ফ্ৰিডম ফাইটাৰছ মিউজিয়ামত ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে ছট্টিশগড়ৰ জনজাতীয় সম্প্ৰদায়ৰ সংগ্ৰামৰ বিভিন্ন দিশ চিত্ৰণ কৰা হৈছে।

৫৩.১৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই সংগ্ৰহালয়টোৰ বাবে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ৪২.৪৭ কোটি টকা আৰু ৰাজ্য চৰকাৰে ১০.৬৬ ​​কোটি টকা আগবঢ়াইছে। ইয়াত ১৬ টা গেলেৰীত ৬৫০ টা ভাস্কৰ্য্য প্ৰদৰ্শিত হৈছে। সংগ্ৰহালয়টোত বহুতো ডিজিটেল বৈশিষ্ট্যৰাজি যেনে স্ক্ৰীণ, অডিঅ’-ভিজুৱেল ডিছপ্লে’, প্ৰজেকচন মেপ, এআই ফটো বুথ, কাৰ্ভ পৰ্দা, আৰু RFID ডিজিটেল স্ক্ৰীণ আদিও আছে।

উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বীৰ নাৰায়ণ সিঙৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে আদি শৌৰ্য্য নামেৰে এখন ই-বুকলেট মুকলি কৰাৰ লগতে শ্বহীদ গৰাকীৰ পৰিয়ালৰ লোককো সাক্ষাৎ কৰে।

A group of men standing on a stageAI-generated content may be incorrect.

চিত্ৰ ১- ছট্টিশগড়ৰ শ্বহীদ বীৰ নাৰায়ণ সিং স্মৃতিসৌধ তথা জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় বিগত ১ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে

এই সংগ্ৰহালয়ত ভাৰতৰ জনজাতীয় ঐতিহ্যৰ অখ্যাত নায়কসকলক সন্মান জনোৱা হৈছে আৰু লগতে আছে:

  • বীৰ নাৰায়ণ সিঙৰ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজৰ বীৰগাঁথা আৰু তেওঁ কেনেকৈ শ্বহীদ হৈছিল তাৰ কাহিনী
  • হালবা ক্ৰান্তি, সৰগুজা ক্ৰান্তি, ভোপালপট্টনাম ক্ৰান্তি, পৰলকোট ক্ৰান্তি, তাৰাপুৰ ক্ৰান্তি, মেৰিয়া ক্ৰান্তি, কোই ক্ৰান্তি, লিংগাগিৰি ক্ৰান্তি, মুৰিয়া ক্ৰান্তি, গুণ্ডাধুৰ আৰু লাল কালিন্দ্ৰ সিঙৰ নেতৃত্বত বিখ্যাত ভুমকল ক্ৰান্তি আদি প্ৰধান জনজাতীয় বিদ্ৰোহৰ অখ্যাত গাঁথা
  • জনজাতীয় গাঁৱৰ গাঁথনি, বিশ্বাস আৰু সংস্কৃতি প্ৰদৰ্শন
  • মহিলা নেতৃত্বাধীন প্ৰতিবাদৰ পথ প্ৰদৰ্শক ৰাণী চো-ৰিছ ক্ৰান্তি (১৮৭৮) ৰ জীৱনৰ ওপৰত আলোকপাত।
  • ইয়াত ঝাণ্ডা সত্যগ্ৰহ আৰু জংঘল সত্যগ্ৰহৰ ওপৰত আলোকপাত কৰা হৈছে, য’ত দেখুওৱা হৈছে যে কেনেকৈ জনজাতীয় সম্প্ৰদায়সমূহে মহাত্মা গান্ধীৰ অহিংস স্বাধীনতা আন্দোলনত যোগদান কৰিছিল।

A person with a mustache and a turbanAI-generated content may be incorrect.

বিনঝোৱাৰ জনগোষ্ঠীৰ নাৰায়ণ সিং ছট্টিশগড়ৰ ৰায়পুৰ জিলাৰ সোণাখানৰ জমিদাৰ আছিল। ১৮৫৬ চনত যেতিয়া ইংৰাজে খাদ্য শস্য জমা কৰি থকাৰ বাবে ওড়িশাত দুৰ্ভিক্ষৰ সমূখীন হ’বলগীয়া হয়, তেতিয়া তেওঁ ভোকাতুৰ মানুহক খুৱাবলৈ ব্ৰিটিছ শস্যৰ ভঁৰাল ভাঙি খুলি দিয়ে। ইংৰাজে তেওঁক গ্ৰেপ্তাৰ কৰি ৰায়পুৰ জেলত ভৰাই দিয়ে, কিন্তু তেওঁ কৌশল আৰু সাহসেৰে পলায়ন কৰি নিজৰ সৈন্যবাহিনী গঢ়ি তুলিলে।

১৮৫৬ চনৰ ২৯ নৱেম্বৰত নাৰায়ণ সিঙৰ সেনাই ব্ৰিটিছ বাহিনীক পৰাস্ত কৰে। কিন্তু অতি সোনকালেই ইংৰাজে বিশাল সেনাবাহিনী লৈ উভতি আহে আৰু নাৰায়ণ সিংক বন্দী কৰে১৮৫৭ চনৰ ১০ ডিচেম্বৰত তেওঁক এটা চৌহদত নিৰ্মমভাৱে মৃত্যুদণ্ড দিয়া হয়।

 

ভগৱান বীৰছা মুণ্ডা জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়

 

২০২১ চনৰ ১৫ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ ৰাঁচীস্থিত ভগৱান বীৰছা মুণ্ডা জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় উদ্বোধন কৰে।

ঝাৰখণ্ডৰ উলিহাতু গাঁৱত জন্মগ্ৰহণ কৰা বীৰছা মুণ্ডাই জনজাতীয় স্বশাসন আৰু খুণ্টকট্টি (সম্প্ৰদায়ৰ ভূমিৰ অধিকাৰ) পুনৰুদ্ধাৰৰ বাবে এক তীব্ৰ আন্দোলন উলগুলান বা “গ্ৰেট টামুল্ট” (১৮৯৯–১৯০০)ৰ নেতৃত্ব দিছিল। আধ্যাত্মিক সংস্কাৰক আৰু স্বাধীনতা সংগ্ৰামী হিচাপে তেওঁ ব্ৰিটিছ ভূমি আইন আৰু সামন্তীয় শোষণৰ বিৰুদ্ধে মুণ্ডা জনজাতিসকলক একত্ৰিত কৰিছিল। ধৰ্তী আবা (“পৃথিৱীৰ পিতৃ”) নামেৰে পৰিচিত বীৰছা মুণ্ডাই ঔপনিৱেশিক প্ৰভাৱৰ পৰা মুক্ত নৈতিক, স্ব-শাসিত সমাজৰ কল্পনা কৰিছিল। ২৫ বছৰ বয়সত ৰাঁচী কাৰাগাৰত বন্দী হৈ থাকোতেই শ্বহীদ হয়।

বাদল ভোই ৰাজ্যিক জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়

১৫ নৱেম্বৰ, ২০২৪ তাৰিখে মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰাত উদ্বোধন কৰা হয় বাদল ভোই ৰাজ্যিক জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়

১৮৪৫ চনত ছিণ্ডৱাৰা জিলাত জন্মগ্ৰহণ কৰিছিল বাদল ভোইয়েতেওঁৰ নেতৃত্বতে ১৯২৩ চনত কালেক্টৰৰ বাংলোত হাজাৰ হাজাৰ জনজাতীয় লোকে এক বিক্ষোভ প্ৰদৰ্শন কৰে। এই প্ৰতিবাদত লাঠীচালনা কৰাৰ লগতে ভোইক গ্ৰেপ্তাৰ কৰা হয়। কেইবছৰমান পিছত ১৯৩০ চনৰ আগষ্ট মাহত বন আইন ভংগ কৰাৰ অপৰাধত তেওঁক পুনৰ ৰামকোনাত ব্ৰিটিছ কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰে। শেষৰ সময়ছোৱাত তেওঁ কাৰাগাৰতে কটায় আৰু ১৯৪০ চনত ইংৰাজে বিষাক্ত দ্ৰব্য খুৱাইছিল বুলি জনা যায়

ৰাজা শংকৰ শ্বাহ আৰু কোঁৱৰ ৰঘুনাথ শ্বাহ জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়

১৫ নৱেম্বৰ, ২০২৪ তাৰিখে মধ্যপ্ৰদেশৰ জবালপুৰত ৰাজা শংকৰ শ্বাহ আৰু কোঁৱৰ ৰঘুনাথ শ্বাহ জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় উদ্বোধন।

গোণ্ড ৰাজ্যৰ ৰজা নিজাম শ্বাহৰ বংশধৰ ৰাজা শংকৰ শ্বাহ আৰু কোঁৱৰ ৰঘুনাথ শ্বাহে ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সক্ৰিয় বিৰোধিতা কৰিছিল। যদিও তেওঁলোকে অহিংসাত বিশ্বাস কৰিছিল, তথাপিও তেওঁলোকে নিজৰ কবিতাক মানুহক অনুপ্ৰাণিত কৰাৰ আৰু ব্ৰিটিছ নিয়ন্ত্ৰণৰ প্ৰতিহত কৰাৰ এক শক্তিশালী আহিলা হিচাপে ব্যৱহাৰ কৰিছিল। ১৮৫৮ চনৰ ১৮ ছেপ্টেম্বৰত পিতৃ-পুত্ৰ দুয়োকে বন্দী কৰি ইংৰাজে ফাঁচী দিয়ে।

জনজাতীয় গৌৰৱ বৰ্ষ উদযাপন

জনজাতীয় পৰিচয়, থলুৱা জ্ঞান ব্যৱস্থা প্ৰদৰ্শন, জনজাতীয় সবলীকৰণৰ বাবে গ্ৰহণ কৰা চৰকাৰী পদক্ষেপৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে জনজাতীয় গৌৰৱ বৰ্ষৰ এই বিশেষ পষেকটো দেশজুৰি উদযাপন কৰা হৈছে।

এই পষেকটোত সমগ্ৰ দেশতে সাংস্কৃতিক, শৈক্ষিক, আৰু সমুদায়মুখী কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। ইয়াৰ ভিতৰত আছে:

 

 

ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল

 

আয়োজক বিভাগ বা প্ৰতিষ্ঠান

 

মূল কাৰ্য্যকলাপ বা অনুষ্ঠান

জম্মু আৰু কাশ্মীৰ

PM JANMAN, ধৰ্তী আবাৰ পদক্ষেপ, আইনী সবলীকৰণ, আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ শিক্ষাবিজ্ঞানৰ ওপৰত সামৰ্থ্য বিকাশ কৰ্মশালা অনুষ্ঠিত কৰা হয়। আশ্ৰম বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও আৰ্থিক আৰু ডিজিটেল সাক্ষৰতা অধিবেশন অনুষ্ঠিত কৰা হয়।

মেঘালয়

কলা আৰু সংস্কৃতি বিভাগ আৰু জনজাতীয় গৱেষণা প্ৰতিষ্ঠান

শিলচৰৰ ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰালত কলা-সংস্কৃতি বিভাগ আৰু জনজাতি গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়এই অনুষ্ঠানত জনজাতীয় প্ৰতীকত মাল্যাৰ্পন কৰাৰ লগতে আৰু একাধিক মনোমোহা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়

ৰাজস্থান

৩১ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় (EMRS)

প্ৰথমবাৰৰ বাবে আয়োজন কৰা জনজাতীয় গৌৰৱ বৰ্ষ উদযাপনত EMRS বিদ্যালয়সমূহে অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে জনজাতীয় স্বাধীনতা সংগ্ৰামী আৰু সাংস্কৃতিক ঐতিহ্যৰ সৈতে সংগতি ৰাখি আয়োজন কৰা চিত্ৰাংকন, ৰচনা, আৰু বক্তৃতা প্ৰতিযোগিতাৰ জৰিয়তে নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰে।

অন্ধ্ৰপ্ৰদেশ

অন্ধ্ৰপ্ৰদেশ জনজাতি গৱেষণা প্ৰতিষ্ঠান (AP TRI)

বীৰছা মুণ্ডাৰ ১৫০তম জন্মজয়ন্তী উপলক্ষে AP TRI ৰ উদ্যোগত এক বৃহৎ সাংস্কৃতিক উৎসৱৰ আয়োজনএই অনুষ্ঠানত ৰাজ্যজুৰি জনজাতীয় সম্প্ৰদায়ৰ কলা, নৃত্য, আৰু ঐক্য প্ৰদৰ্শন কৰা হয়।

ছিকিম

উদযাপনৰ আৰম্ভণিতে জনজাতীয় ভাষা শিক্ষকসকলৰ বাবে প্ৰশিক্ষণ তথা কৰ্মশালা অনুষ্ঠিত হয়, য’ত থলুৱা ভাষা সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। দ্বিতীয় দিনটোত জনজাতীয় যুৱক-যুৱতীসকলে আন্তঃদ্বাৰ খেল যেনে দবা, টেবুল টেনিছ, আৰু আৰু বাহ্যিক খেল যেনে বাস্কেটবল, আৰু দৌৰত উলহ-মালহেৰে অংশগ্ৰহণ কৰে।

মণিপুৰ

জিলা প্ৰশাসন, আৰক্ষী, আৰু তামেংলং স্বায়ত্তশাসিত জিলা পৰিষদ

কৰ্তৃপক্ষই যৌথভাৱে জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাণী গাইডিনলিউ জনজাতি বজাৰ আৰু হাইপৌ জাডোনাং উদ্যানত সমূহীয়া স্বচ্ছতা অভিযান চলায়।

ওড়িশা

অনুসূচিত জনজাতি আৰু অনুসূচিত জাতি উন্নয়ন বিভাগ

বিভাগটোৱে বীৰছা মুণ্ডাৰ জীৱন আৰু কৃতিত্ব প্ৰদৰ্শন কৰি এক বিশেষ বীৰছা মুণ্ডা পেভিলিয়ন স্থাপন কৰাৰ লগতে ওড়িশাৰ চহকী জনজাতীয় পৰম্পৰা উপস্থাপন কৰা এটা ফটো গেলেৰীও স্থাপন কৰে। জনজাতীয় শিল্প প্ৰদৰ্শনৰ পোনপটীয়া সম্প্ৰচাৰ, ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন বাৰেৰহণীয়া কাৰ্যকলাপ, জনজাতীয় ঐতিহ্যৰ ওপৰত প্ৰদৰ্শনী আদি অনুষ্ঠিত হয়। দ্বিতীয় দিনটোত ওড়িছা ৰাজ্যিক জনজাতি সংগ্ৰহালয়ত এখন সুন্দৰ ফটো প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়, য’ত ৮০খন ফটোৰে ওড়িশাৰ জনজাতীয় সম্প্ৰদায়ৰ বৰ্ণময় জীৱন, শিল্প আৰু সংস্কৃতিক প্ৰৌজ্জ্বল কৰি তোলা হয়।

গুজৰাট

জনজাতি উন্নয়ন বিভাগ আৰু জনজাতীয় গৱেষণা প্ৰতিষ্ঠান, গুজৰাট

বিভাগ আৰু প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত একতা নগৰ (নৰ্মাদা জিলা)ত বীৰছা মুণ্ডাৰ জীৱন, সংগ্ৰাম, অৱদানৰ ওপৰত ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰা হয়। বিভাগৰ ৰাজ্যিক মন্ত্ৰী পি চি বাৰাণ্ডাই মুকলি কৰা এই আলোচনা চক্ৰত ৬০০ৰো অধিক অধ্যাপক, শিক্ষাবিদ, আৰু জনজাতীয় নেতাই অংশগ্ৰহণ কৰে। ইয়াত শৈক্ষিক আৰু সাংস্কৃতিক দুয়োটা দিশৰেই সামঞ্জস্য প্ৰদৰ্শন কৰা হৈছিল।

 

জনজাতীয় ইতিহাস আৰু সংস্কৃতিক প্ৰসাৰিত কৰা অন্যান্য পদক্ষেপবোৰ

ভাৰত চৰকাৰেও অনুসূচিত জনজাতিসমূহৰ চহকী সংস্কৃতি আৰু ঐতিহ্যক বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ জৰিয়তে সমৰ্থন আৰু প্ৰচাৰ কৰে। এই প্ৰচেষ্টাসমূহে তেওঁলোকৰ অনন্য পৰিচয় সংৰক্ষণত সহায় কৰে আৰু তেওঁলোকক স্বীকৃতি আৰু মূলসুঁতিৰ ভাৰতীয় ইতিহাস আৰু সজাগতাত অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰে।

তাৰ ভিতৰত সন্নিৱিষ্ট আছে -

 

 

পদক্ষেপ / প্ৰকল্প

 

বৰ্ণনা / উদ্দেশ্য

 

মূল বৈশিষ্ট্যসমূহ বা ফলাফলবোৰ

আদি সংস্কৃতি প্ৰকল্প

জনজাতীয় শিল্পৰ বাবে এক ডিজিটেল শিক্ষণ মঞ্চ।

ইয়াত বিভিন্ন জনজাতীয় শিল্পৰ ওপৰত প্ৰায় ১০০টা বাৰ্তালাপধৰ্মী (Interactive) পাঠ্যক্ৰম আগবঢ়োৱা হৈছে আৰু ইয়াত ভাৰতৰ জনজাতীয় সংস্কৃতি আৰু ঐতিহ্যৰ ওপৰত প্ৰায় ৫,০০০ সযতনে নিৰ্বাচিত নথিপত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে।

আদি বাণী

জনজাতীয় ভাষা সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে এআই চালিত অনুবাদ আহিলা।

ইয়াত হিন্দী, ইংৰাজী, আৰু মুণ্ডাৰী, ভিলি, গোণ্ডি, ছান্থালি, গাৰো, আৰু কুই আদি জনজাতীয় ভাষাৰ মাজত তাত্ক্ষণিক বা ৰীয়েল-টাইম লিপি অনুাবাদ আৰু কথাৰ অনুবাদ সুবিধা প্ৰদান কৰা হয়। ইয়াৰ দ্বাৰা লোককথা, মৌখিক পৰম্পৰা, আৰু সাংস্কৃতিক জ্ঞান ডিজিটেলাইজ আৰু সংৰক্ষণত সহায়ক হয়।

জনজাতীয় ডিজিটেল নথিপত্ৰ ভঁৰাল

জনজাতীয় সম্পৰ্কীয় গৱেষণা আৰু সম্পদৰ ডিজিটেল আৰ্কাইভ।

https://repository.tribal.gov.in/ যোগে আহৰণযোগ্য; ভাৰতৰ জনজাতীয় সমুদায়ৰ সৈতে জড়িত নথিপত্ৰৰ সন্ধানযোগ্য ভঁৰাল হিচাপে কাম কৰে।

বৰ্ণমালা আৰু মৌখিক সাহিত্যৰ পদক্ষেপ

জনজাতীয় ভাষিক আৰু মৌখিক ঐতিহ্য সংৰক্ষণ।

ইয়াৰ ভিতৰত জনজাতীয় ভাষাত স্থানীয় ছন্দ আৰু গল্প প্ৰকাশ কৰা, আৰু সংৰক্ষণৰ বাবে মৌখিক জনজাতীয় সাহিত্য, লোককথা, লোককথা সংগ্ৰহ আৰু লিপিবদ্ধ কৰা আদি অন্তৰ্ভুক্ত।

থলুৱা জ্ঞানৰ গৱেষণা আৰু নথিপত্ৰ

জনজাতীয় জ্ঞান ব্যৱস্থা আৰু সাংস্কৃতিক প্ৰকাশৰ প্ৰসাৰ আৰু সুৰক্ষা।

ইয়াত পৰম্পৰাগত নিৰাময় পদ্ধতি, ঔষধি উদ্ভিদ, জনজাতীয় ভাষা, খেতিৰ পদ্ধতি, নৃত্য, চিত্ৰকলাৰ ওপৰত গৱেষণা অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও ই সাহিত্য উৎসৱ, অনুবাদৰ কাম, জনজাতীয় লেখকৰ প্ৰকাশন আদিকো সমৰ্থন কৰে।

আদি মহোত্সৱ

ভাৰত চৰকাৰৰ উদ্যোগত জনজাতীয় সংস্কৃতিৰ এক জাতীয় উৎসৱ।

ই জনজাতীয় শিল্পকলা, খাদ্য, বাণিজ্য, সংস্কৃতি, আৰু শিল্পক উদগনি যোগায়, আৰু জনজাতীয় প্ৰতিভা আৰু উদ্যোগীকৰণ প্ৰদৰ্শনৰ বাবে এক ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰে।

জনজাতীয় শিল্প মেলা আৰু সাংস্কৃতিক অনুষ্ঠান

চৰকাৰী উদ্যোগত জনজাতীয় কলা প্ৰচাৰ কৰা সাংস্কৃতিক অনুষ্ঠান।

ইয়াৰ ভিতৰত শিল্প মেলা, নৃত্য উৎসৱ, শিল্প প্ৰতিযোগিতা, জনজাতীয় চিত্ৰকলাৰ প্ৰদৰ্শনী তথা কৰ্মশালাৰ আয়োজন কৰা হয়। বিভিন্ন ৰাজ্যত জনজাতীয় মেলা আৰু উৎসৱ পাতিবলৈও আৰ্থিক সাহায্য দিয়া হয়।

 

সামৰণি

জনজাতীয় গৌৰৱ দিৱসে সমাজৰ বহুলাংশে প্ৰান্তীয় শ্ৰেণী অৰ্থাত্ অনুসূচীত জনজাতিৰ লোকসকলৰ অৱদান, ইতিহাস, সংস্কৃতি, পৰম্পৰাৰ ওপৰত আলোকপাত কৰে। এই দিৱস আৰু জনজাতীয় গৌৰৱ বৰ্ষৰ জৰিয়তে বীৰছা মুণ্ডাৰ উত্তৰাধিকাৰক সন্মান জনাই, আৰু অন্যান্য পদক্ষেপৰ লগতে জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ গৌৰৱগাঁথাৰ এঘাৰটা সংগ্ৰহালয় স্থাপন কৰি ভাৰত চৰকাৰে জনজাতীয় লোকসকলৰ সংগ্ৰাম আৰু কৃতিত্বক উত্তৰকালৰ বাবে সজীৱ কৰি ৰখাৰ লক্ষ্য হাতত লৈছে। এই প্ৰচেষ্টাসমূহে একেলগে এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ দৃষ্টিভংগীক সমৰ্থন কৰে, যিটো এক একতাৰে বন্ধা জাতি, যিয়ে নিজৰ সকলো সমুদায়ৰ শক্তি আৰু আত্মাক সন্মান কৰে, শ্ৰদ্ধা কৰে

 

সমল

Press Information Bureau:

Others:

***

DPS/RD

 

(Explainer ID: 156454) आगंतुक पटल : 25
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Gujarati , Kannada
Link mygov.in
National Portal Of India
STQC Certificate