• Sitemap
  • Advance Search
Social Welfare

IFFI : ফ্ৰেমত লিখা এটি যাত্ৰা

Posted On: 15 NOV 2025 3:47PM

  

মূখ্য তথ্য

অহা ২০ৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ’ব IFFI ২০২৫। ১৯৫২ চনৰ পৰা দক্ষিণ এছিয়াৰ একমাত্ৰ FIAPF স্বীকৃতিপ্ৰাপ্ত প্ৰতিযোগিতামূলক চলচ্চিত্ৰ মহোৎসৱ হিচাপে ই নিজৰ পৰম্পৰা অব্যাহত ৰাখিছে।

জাপান (ফ'কাছ দেশ), স্পেইন (পাৰ্টনাৰ দেশ) আৰু অষ্ট্ৰেলিয়া (স্পটলাইট দেশ)য়ে এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ নেতৃত্ব দিছে।

এই উৎসৱৰ মূল আকৰ্ষণসমূহৰ ভিতৰত আছে: ক্লাছিক ছবি, শতবাৰ্ষিকী শ্ৰদ্ধাঞ্জলি, নিৰ্বাচিত আন্তঃৰাষ্ট্ৰীয় অংশ, প্ৰথমবাৰৰ বাবে IFFIESTA, এখন সম্প্ৰসাৰিত WAVES চলচ্চিত্ৰ বজাৰ আৰু প্ৰথম CinemAI হেকাথন।

IFFI ২০২৫ত ৮১খন দেশৰ ২৪০খন ছবিয়ে মহোৎসৱৰ ব্যাপক গোলকীয় অংশগ্ৰহণক উজ্জ্বল কৰি তুলিব।

 

পাতনি

১৯৫২ চনৰ পৰা ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ (IFFI) দক্ষিণ এছিয়াৰ একমাত্ৰ মহোৎসৱ হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে যাক আন্তৰ্জাতিক চলচ্চিত্ৰ প্ৰযোজক সংস্থাৰ ফেডাৰেচন (FIAPF)ৰ দ্বাৰা ‘প্ৰতিযোগিতামূলক বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ’ শাখাত স্বীকৃতি দিয়া হৈছে। ইয়াৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ মানচিত্ৰত মহোৎসৱৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে। বিশ্বৰ শ্ৰেষ্ঠ ছবিসমূহ ভাৰতীয় দৰ্শকৰ মাজলৈ অনাৰ প্ৰয়াস হিচাপে আৰম্ভ হোৱা কথাটো, যোৱা দশকবোৰত সমগ্ৰ মহাদেশখনৰ চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰপ্ৰেমী আৰু সৃষ্টিশীল পেছাদাৰীসকলৰ বাবে এক সজীৱ মিলনস্থলীত পৰিণত হৈছে।

এইবাৰ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ মাজমজিয়াত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত আন এক গতিশীল অধ্যায় কঢ়িয়াই আনিব।

ইয়াৰ মূলতে, IFFI -এ এই বিশ্বাসক প্ৰতিফলিত কৰে যি মহান চলচ্চিত্ৰ সংস্কৃতিৰ মিলনতহে বিকশিত হয়। প্ৰতিটো সংস্কৰণে চলচ্চিত্ৰৰ এক বিচিত্ৰ নিৰ্বাচনক একত্ৰিত কৰে – যিবোৰ সংস্কৃতিৰে চহকী আৰু বিশিষ্ট উদ্যোগ বিশেষজ্ঞসকলৰ দ্বাৰা চিন্তা-চৰ্চা কৰি নিৰ্বাচিত কৰা হয় – যাৰ ফলত এই উৎসৱ কলাত্মক উৎকৰ্ষৰ বাবে এক বিশ্বাসযোগ্য মঞ্চ হৈ থাকে। ইয়াৰ আন্তৰ্জাতিক চিনেমা শাখাটোৱে বিশেষকৈ এনে কৰ্মসমূহ প্ৰদৰ্শন কৰে যিয়ে পৰম্পৰাক প্ৰত্যাহ্বান জনায় আৰু কাহিনীকথনৰ শব্দভাণ্ডাৰ সম্প্ৰসাৰিত কৰে, যাৰ দ্বাৰা IFFI -ৰ বছৰটোৰ আটাইতকৈ আকৰ্ষণীয় বিশ্বব্যাপী কণ্ঠসমূহ উপস্থাপন কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দৃঢ় হয়।

২০০৪ চনত স্থায়ী আয়োজনস্থলী হৈ উঠা গোৱাত এই মহোৎসৱ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC), তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, ভাৰত চৰকাৰ আৰু গোৱা মনোৰঞ্জন সমিতি (ESG)ৰ যৌথ পদক্ষেপ হিচাপে আয়োজন কৰা হয়। চিত্ৰময় উপকূলীয় গোৱাৰ পটভূমিত স্থাপন কৰা IFFIক সঁচাকৈয়ে অনন্য কৰি তোলা কথাটো হ’ল ইয়াৰ সৰ্বাংগীন সাংস্কৃতিক মনোভাৱ। এই উৎসৱত ভাৰতৰ বৃহত্তৰ মূলমন্ত্ৰ- 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' অৰ্থাৎ বৈচিত্ৰময় সৃষ্টিকৰ্তা, দৰ্শক আৰু কলাত্মক পৰম্পৰাক একত্ৰিত কৰা হৈছে। মহিলা নেতৃত্বাধীন সৃষ্টিশীল দলৰ অংশগ্ৰহণ বৃদ্ধিয়েই হওক, যুৱ পেছাদাৰীসকলৰ ক্ৰমবৰ্ধমান উপস্থিতিয়েই হওক, বা থলুৱা আৰু স্থানীয় আখ্যানৰ প্ৰতিনিধিত্বই হওক- IFFIয়ে দেশৰ গভীৰতা আৰু বৈচিত্ৰ্যক প্ৰতিফলিত কৰা কণ্ঠক স্থান দিয়ে। এই অন্তৰ্ভুক্তিয়ে কেৱল সৃষ্টিশীল পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাই নহয়, সংস্কৃতি আৰু সুযোগ সকলোৰে বাবে সুলভ কৰি তোলাৰ বাবে ভাৰতৰ দায়বদ্ধতাক প্ৰতিধ্বনিত কৰে।

IFFI ২০২৫: উদ্ভাৱন, অন্তৰ্ভুক্তি আৰু এক গোলকীয় চলচ্চিত্ৰীয় মনোৰঞ্জন

চলিত বৰ্ষৰ ২০ৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত ভাৰতৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত IFFIৰ ক্ৰমবৰ্ধমান গোলকীয় উপস্থিতি প্ৰতিফলিত কৰা এক ব্যাপক কাৰ্যসূচী প্ৰদৰ্শন কৰা হ’ব। এই সংস্কৰণে ফ’কাচ কান্ট্ৰী হিচাপে জাপানৰ সৈতে মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব গভীৰ কৰি তুলিব, য’ত ছখন সমসাময়িক জাপানী ছবিৰ শিতান আৰু ফৰ্মেটসমূহৰ বিস্তৃত প্ৰদৰ্শন কৰা হ’ব। স্পেইনে অংশীদাৰ দেশ হিচাপে আৰু অষ্ট্ৰেলিয়াই স্পটলাইট দেশ হিচাপে যোগদান কৰিছে। প্ৰত্যেকেই বিশেষভাৱে কিউৰেট কৰা পেকেজ, প্ৰতিষ্ঠানিক সহযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান লৈ আহিছে যিয়ে বিশ্বজোৰা কথোপকথনক সমৃদ্ধ কৰিব।

কাৰ্যসূচীৰ পৰিসৰ, প্ৰিমিয়াৰ আৰু নিৰ্বাচন

IFFI ২০২৫ত ১৩খন ৱৰ্ল্ড প্ৰিমিয়াৰ, পাঁচখন আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াৰ আৰু ৪৪খন এছিয়ান প্ৰিমিয়াৰকে ধৰি ৮১খন দেশৰ ২৪০খনতকৈও অধিক ছবিৰ এক আকৰ্ষণীয় প্ৰদৰ্শন উপস্থাপন কৰা হৈছে। ১২৭খন দেশৰ পৰা ২৩১৪খন আৱেদন কৰা অভিলেখসংখ্যক ছবিয়ে মহোৎসৱৰ ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় প্ৰসাৰতাক প্ৰতিফলিত কৰিছে।

২০২৫ চনৰ বাৰ্লিনত ‘ছিলভাৰ বিয়েৰ গ্ৰেণ্ড জুৰী’ বঁটা লাভ কৰা ব্ৰাজিলৰ প্ৰশংসিত পৰিচালক গেব্ৰিয়েল মাস্কাৰোৰ ‘দ্য ব্লু ট্ৰেইল’ ছবিখনে এই সংস্কৰণৰ বাবে সাহসী কাহিনী আৰু চিনেমাৰ উচ্চাকাংক্ষাই সংজ্ঞায়িত কৰা সুৰ নিৰ্ধাৰণ কৰিবলব্ল।

গালা প্ৰিমিয়াৰ শিতানত ১৩টা ৱৰ্ল্ড প্ৰিমিয়াৰ, দুটা এছিয়া প্ৰিমিয়াৰ, এটা ভাৰত প্ৰিমিয়াৰ, আৰু দুটা বিশেষ শ্ব’কেচ প্ৰদৰ্শনকে ধৰি মুঠ ১৮টা শিৰোনামত প্ৰদৰ্শিত হ’ব। ৰেড কাৰ্পেটলৈ আমন্ত্ৰণ জনোৱা হ’ব শিল্পী আৰু চলচ্চিত্ৰ নিৰ্মাতাৰ এক বিশিষ্ট পেনেল।

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আৰু বঁটাল

তিনিখন বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পাঁচখন মহাদেশৰ ৩২খন ছবি প্ৰদৰ্শিত হ’ব, যাৰ ফলত প্ৰথমবাৰৰ বাবে ভাৰতীয় দৰ্শকৰ মাজলৈ বছৰটোৰ কিছুমান সবাতোকৈ প্ৰশংসিত খিতাপ কঢ়িয়াই আনিব। IFFI য়ে কান, বাৰ্লিন, ভেনিচ, লোকাৰ্ণো, TIFF, বুছান আৰু IFFRৰ দৰে উৎসৱৰ বঁটা বিজয়ী ছবিসমূহো প্ৰদৰ্শন কৰিব, যিয়ে ভাৰতৰ উৎকৃষ্ট সমসাময়িক চিনেমাৰ প্ৰৱেশদ্বাৰ হিচাপে নিজৰ ভূমিকাক আৰু অধিক শক্তিশালী কৰি তুলিব।

নিৰ্বাচিত শ্ৰেণীসমূহ

এইবাৰৰ অনুষ্ঠানত আছে ৯টা নিৰ্বাচিত শাখা- ডকু-মণ্টেজ, ফ্ৰম দ্য ফেষ্টিভেলছ, ৰাইজিং ষ্টাৰছ, মিছন লাইফ, এক্সপেৰিমেণ্টেল ফিল্মছ, ৰিষ্ট’ৰড ক্লাছিকছ, মাকাব্ৰে ড্ৰিমছ, ইউনিচেফ আৰু চিনেমা অৱ দ্য ৱৰ্ল্ড। মুঠতে IFFIয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা,  পৰিচালকৰ অভিষেক ঘটা শ্ৰেষ্ঠ ফিচাৰ ফিল্ম আৰু ICFT-ইউনেস্কো গান্ধী পদককে ধৰি ১৫টা প্ৰতিযোগিতামূলক আৰু নিৰ্বাচিত শাখা উপস্থাপন কৰিব।

শতবাৰ্ষিকী শ্ৰদ্ধাঞ্জলি

ভাৰতীয় চিনেমাৰ মহান ঐতিহ্য উদযাপন কৰি IFFI-২০২৫য়ে গুৰু দত্ত, ৰাজ খোছলা, ঋত্বিক ঘটক, পি ভানুমতী, ভূপেন হাজৰিকা আৰু সলিল চৌধুৰীৰ শতবাৰ্ষিকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। মুছাফিৰ আৰু সুবৰ্ণৰেখাৰ দৰে বিশেষ চিনেমাই দৰ্শকক চিনেমাৰ ঐতিহ্যৰ সৈতে এক বিৰল আত্মীয়তা প্ৰদান কৰিব।

ৰজনীকান্তৰ সোণালী জয়ন্তী

চিনেমা জগতত ৫০ বছৰ সম্পূৰ্ণ কৰাৰ বাবে কিংবদন্তি অভিনেতা ৰজনীকান্তক সন্মান জনোৱা হ’ব IFFI ২০২৫ত। এই মাইলৰ খুঁটিয়ে ভাৰতীয় চলচ্চিত্ৰ সংস্কৃতিত তেওঁৰ স্থায়ী প্ৰভাৱক উদযাপন কৰিব। সামৰণী অনুষ্ঠানত তেওঁক সম্বৰ্ধনা জনোৱা হ’ব, য’ত তেওঁৰ ঐতিহাসিক কৰ্মৰাজি, অপৰিসীম জনপ্ৰিয়তা আৰু দশক দশক ধৰি ভাৰতীয় কাহিনী কথনক গঢ় দিয়াত তেওঁৰ অৱদানক স্বীকৃতি দিয়া হ’ব।

ইণ্ডিয়ান পেনোৰামা আৰু নতুন দিগন্ত

ইণ্ডিয়ান পেনোৰামা ২০২৫ত ২৫খন ফিচাৰ ফিল্ম, ২০খন নন-ফিচাৰ ফিল্ম আৰু ৫খন পৰিচালনাৰ অভিষেক ঘটা ফিচাৰ ফিল্ম প্ৰদৰ্শিত হ’ব। উদ্বোধনী ফিচাৰ ফিল্ম ‘আমৰণ’ (তামিল) আৰু উদ্বোধনী নন-ফিচাৰ ফিল্ম ‘কাকোৰী’।

 

এক বিশেষ নৱ দিগন্ত  শিতানত পাঁচখনলৈকে নিৰ্বাচিত ছবি প্ৰদৰ্শন কৰা হ’ব, যিবোৰ তেওঁলোকৰ নতুন চিনেমাৰ প্ৰতি দেখুওৱা দৃষ্টিভংগীৰ বাবে নিৰ্বাচিত কৰা হৈছে।

মহিলা, অভিষেক কণ্ঠ আৰু উদীয়মান প্ৰতিভা

এই বছৰো IFFIৰ মূলতে আছে অন্তৰ্ভুক্তি। ইয়াৰ অংশ হিচাপে মহিলা পৰিচালকৰ ৫০খনতকৈও অধিক ছবি আৰু অভিষেক ঘটা ৫০খনতকৈও অধিক ছবি প্ৰদৰ্শিত হব। শ্ৰেষ্ঠ নৱাগত ভাৰতীয় পৰিচালক বঁটাত নগদ ৫ লাখ টকাৰ পুৰস্কাৰ, আনহাতে শ্ৰেষ্ঠ ৱেবছিৰিজ বঁটাত ১০ লাখ টকাৰ নগদ পুৰস্কাৰেৰে ষ্ট্ৰীমিং কন্টেন্টৰ উৎকৃষ্টতাক সন্মান জনোৱা হ’ব।

ভৱিষ্যতৰ সৃষ্টিশীল মন

CMOT কাৰ্যসূচীৰ পৰিসৰ বৃদ্ধি কৰা হৈছে। এইবাৰ ১৩টা চলচ্চিত্ৰ নিৰ্মাণ শাখাৰ পৰা ৭৯৯ খন প্ৰৱেশ পত্ৰ লাভ কৰাৰ লগতে ১২৪ গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰা হয়। শ্বৰ্ট ছটিভিৰ সহযোগত আয়োজন কৰা ৪৮ ঘণ্টীয়া চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিযোগিতা এতিয়াও এই অনুষ্ঠানৰ মূল আকৰ্ষণ হৈয়ে আছে।

মাষ্টাৰক্লাছ, পেনেল আৰু নোলেজ ছিৰিজ

মহোৎসৱৰ দৰ্শকে বিধু বিনোদ চোপ্ৰা, অনুপম খেৰ, ক্রিষ্টোফাৰ চাৰ্লছ কৰ্বল্ড অ’বিই, ববি দেওল, আমিৰ খান, সুহাসিনী মণিৰত্নম, পিট ড্ৰেপাৰ, শ্ৰীকাৰ প্ৰসাদ আদিকে ধৰি  ২১টা মাষ্টাৰক্লাছ আৰু পেনেল আলোচনাৰ বাবে আগ্ৰহেৰে বাট চাই থাকিব। আলোচ্য বিষয়বোৰৰ ভিতৰত আছে কাহিনী কথন, অভিনয়, সম্পাদনা, চিনেমাট’গ্ৰাফী, VFX, এআই আৰু চলচ্চিত্ৰ নিৰ্মাণৰ ভৱিষ্যত।

এই বছৰৰ মূল আকৰ্ষণ

WAVES ফিল্ম বজাৰঃ ভাৰতৰ সৃষ্টিশীল বিপণন খণ্ডই এতিয়া সমগ্ৰ বিশ্বজুৰি বিস্তৃত হৈছে

ভাৰতৰ প্ৰিমিয়াৰ চলচ্চিত্ৰ বজাৰ পূৰ্বতে কেৱল 'ফিল্ম বজাৰ' নামেৰে জনাজাত আৰু এতিয়া 'WAVES ফিল্ম বজাৰ'  নামেৰে পুনৰ নামকৰণ কৰা হৈছে। ২০০৭ চনৰ পৰা ই এছিয়াৰ অন্যতম প্ৰভাৱশালী সহ-প্ৰযোজনা আৰু কন্টেন্ট-ডিস্কভাৰী প্লেটফৰ্মত পৰিণত হৈছে। এইখন প্ৰতি বছৰে IFFIৰ লগতে অনুষ্ঠিত হয় আৰু ভাৰতীয় কাহিনী কথক, বিশ্ব প্ৰযোজক, উৎসৱৰ কিউৰেটৰ, প্ৰযুক্তিৰ অংশীদাৰ আৰু বিনিয়োগকাৰীসকলে একত্ৰিত হৈ ভৱিষ্যতৰ চলচ্চিত্ৰক গঢ় দিয়াৰ এক আড্ডাস্থলীত পৰিণত হৈছে।

এই বছৰ কি হব

১৯ সংখ্যক সংস্কৰণ ২০২৫ চনৰ ২০ তাৰিখৰ পৰা ২৪ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব, যি এক সম্প্ৰসাৰিত আৰু অধিক গতিশীল বিপণন পৰিৱেশ আনিছে। এইবাৰৰ বজাৰখনে তলত উল্লেখ কৰা ক্ষেত্ৰসমূহৰ জৰিয়তে নিজৰ গোলকীয় স্থান শক্তিশালী কৰিছে :

আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সাহায্য আৰু উৎসৱ প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত প্ৰকল্পকে ধৰি বৈশিষ্ট্যপূৰ্ণ আৰু তথ্যচিত্ৰৰ বাবে এক শক্তিশালী সহ-প্ৰযোজনা বজাৰ।

এটা চিত্ৰনাট্যকাৰ গৱেষণাগাৰ, ৱৰ্ক-ইন-প্ৰগ্ৰেছ গৱেষণাগাৰ  আৰু এটা দ্ৰুতগতিত বৃদ্ধি পোৱা দৰ্শনকোঠা, যিয়ে প্ৰযোজক আৰু বিক্ৰেতা প্ৰতিনিধিসকলক ভাষা আৰু ধাৰাসমূহৰ মাজেৰে নতুন কণ্ঠ আৱিষ্কাৰ কৰাত সহায় কৰিব।

পুনৰুজ্জীৱিত ‘জ্ঞান ছিৰিজৰ আয়োজন কৰা হৈছে, য’ত পিটচিং অধিবেশন, দেশ আৰু ৰাজ্যিক প্ৰদৰ্শনী, আৰু উৎপাদন, পৰিবেশন আৰু উদীয়মান কাহিনী কথনৰ সঁজুলিৰ ব্যৱহাৰিক কৰ্মশালা অনুষ্ঠিত হ’ব।

এই উৎসৱত বিশেষ পেভিলিয়ন, প্ৰতিনিধি দল আৰু ষ্টলৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণ বৃদ্ধি নিশ্চিত কৰা হ’ব, য’ত ভাৰতৰ দহখনতকৈও অধিক ৰাজ্য আৰু কেইবাখনো অংশীদাৰ দেশৰ প্ৰেৰণাদায়ক প্ৰকল্প প্ৰদৰ্শন কৰা হ’ব।

প্ৰযুক্তি, সহযোগিতা আৰু নতুন প্ৰতিভাৰ ওপৰত ক্ৰমাৎ গুৰুত্ব দিয়াৰ লগে লগে WAVES ফিল্ম বজাৰ IFFIত সৃষ্টিশীল বিনিময়ৰ এক মূল কেন্দ্ৰত পৰিণত হৈছে- য’ত প্ৰকল্প আৱিষ্কাৰ হয়, অংশীদাৰিত্ব গঠন হয় আৰু পৰৱৰ্তী প্ৰজন্মৰ চিনেমাই নিজৰ প্ৰথম পৃষ্ঠপোষক বিচাৰি পায়।

IFFIESTA

‘IFFIESTA’ৰ উদ্বোধনী সংস্কৰণে IFFIৰ ৫৬ সংখ্যক সংস্কৰণত এক সজীৱ সাংস্কৃতিক স্তৰ সংযোগ কৰিছে। IFFIESTA-২০২৫ত ২১ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ গোৱাত চাৰিটা সন্ধিয়া সজীৱ সংগীত, প্ৰকাশভংগীমূলক লাইভ প্ৰদৰ্শন আৰু সাংস্কৃতিক কাহিনী কথনৰ আয়োজন কৰা হৈছে। ধ্বনি আৰু পৰিবেশন কলাৰ উদযাপন হিচাপে ডিজাইন কৰা এই উৎসৱত দৰ্শকে সমসাময়িক ভাৰতীয় সংগীতৰ পৰা আৰম্ভ কৰি শাস্ত্ৰীয় কলা আৰু লাইভ থিয়েটাৰৰ মুহূৰ্তলৈকে সকলো অভিজ্ঞতা লাভ কৰাৰ সুযোগ লাভ কৰিব। যুৱ প্ৰতিভা, প্ৰবীণ শিল্পী আৰু বৈচিত্ৰময় শাখাসমূহ একত্ৰিত হোৱাৰ লগে লগে ইয়াৰ লক্ষ্য হৈছে এনে এক পৰিৱেশ সৃষ্টি কৰা য’ত সকলোৱে ভাগ-বতৰা কৰা সাংস্কৃতিক অভিজ্ঞতা উপভোগ কৰিব পাৰে আৰু অংশগ্ৰহণ কৰিব পাৰে।

 

কাৰ্যসূচী

তাৰিখ

কাৰ্যসূচী

সবিশেষ

২১ নৱেম্বৰ ২০২৫

ওশো জৈন লাইভ কনচাৰ্ট

নিশাৰ প্ৰদৰ্শন মুকলি

২২ নৱেম্বৰ ২০২৫

উৎসৱৰ শ্বোকেছ

বেটল অৱ বেণ্ডছ (ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয়), সুৰন কা একলব্য, ৱাহ ওস্তাদ

২৩ নৱেম্বৰ ২০২৫

উৎসৱৰ শ্বোকেছ

বেটল অৱ বেণ্ডছ (ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয়), সুৰন কা একলব্য, ৱাহ ওস্তাদ, দেৱাঞ্চল কি প্ৰেমকথা

২৪ নৱেম্বৰ ২০২৫

উৎসৱৰ শ্বোকেছ

বেটল অৱ বেণ্ডছ (ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয়), সুৰন কা একলব্য, ৱাহ ওস্তাদ

 

CinemAI হেকাথন

নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন (NFDC) আৰু LTIMindtreeৰ সহযোগত WAVES ফিল্ম বজাৰৰ উদ্যোগত আয়োজিত CinemAI হেকাথন হৈছে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৫৬ সংখ্যক সংস্কৰণৰ অংশ হিচাপে অনুষ্ঠিত হোৱা প্ৰথমটো AI চলচ্চিত্ৰ হেকাথন। ই কাহিনী কথন শিল্প, প্ৰযুক্তি আৰু নৈতিক উদ্ভাৱনক একত্ৰিত কৰে।

 

এই বছৰ কি হ’ব

এই হেকাথন বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১৮ বছৰ আৰু তাৰ ওপৰৰ ব্যক্তি বা দল (সৰ্বাধিক পাঁচজন সদস্য)ৰ বাবে মুকলি। ২০২৫ চনৰ ১ নৱেম্বৰৰ পৰা আৱেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু আবেদনৰ অন্তিম তাৰিখ আছিল ১০ নৱেম্বৰ। ১৬ নৱেম্বৰৰ ভিতৰত চূড়ান্ত কৰা দলসমূহ ঘোষণা কৰা হ’ব।

চৰ্টলিষ্ট কৰা দহটা দলে IFFIৰ সময়ত ৪৮ ঘণ্টীয়া সৃষ্টিশীল কাৰ্যসূচীত অংশগ্ৰহণ কৰিব (ইয়াৰ বিষয়বস্তু ২০ নৱেম্বৰত প্ৰকাশ কৰা হ’ব)। প্ৰতিটো দলে সম্পূৰ্ণ এআই সঁজুলি ব্যৱহাৰ কৰি ১-২ মিনিটৰ এখন চুটি ছবিৰ ধাৰণা, প্ৰযোজনা আৰু সম্পাদনা কৰিব লাগিব।

  • স্বীকৃতি আৰু বঁটাসমূহৰ ভিতৰত আছে:

শিতান

পুৰস্কাৰৰ পৰিমাণ

শ্ৰেষ্ঠ এ আই ছবি

৪,০০,০০০ টকা

এআইৰ অধিকাংশ উদ্ভাৱনীমূলক ব্যৱহাৰ

২,০০,০০০ টকা

শ্ৰেষ্ঠ কাহিনী কথন

১,০০,০০০ টকা

শ্ৰেষ্ঠ দৃশ্য

১,০০,০০০ টকা

শ্ৰেষ্ঠ শব্দ/সংগীত ডিজাইন

১,০০,০০০ টকা

 

  • বিজয়ী ছবিসমূহৰ প্ৰিমিয়াৰ হ’ব IFFI গোৱাত আৰু NFDC আৰু LTIMindtreeৰ প্লেটফৰ্মত এয়া প্ৰদৰ্শিত হ’ব।

IFFI ৰ যাত্ৰা: স্মৃতি আৰু বিৱৰ্তন

 

দেশৰ স্বাধীনতা সংগ্ৰামৰ মূল্যবোধৰ মূৰ্ত ৰূপ- ন্যায়, স্বাধীনতা, সমতা, ভ্ৰাতৃত্ববোধ, অহিংসা, বৈচিত্ৰ্য আৰু সংহতিৰ মাজত ঐক্যৰ ধাৰণাৰে ভাৰতৰ স্বাধীনতাৰ পাছত ১৯৫২ চনত IFFI প্ৰতিষ্ঠা কৰা হয়। ভাৰত চৰকাৰৰ চলচ্চিত্ৰ বিভাগে আয়োজন কৰা এই মহোৎসৱত ‘বসুধৈৱ কুটুম্বকম’ৰ বৈদিক দৰ্শন সন্নিৱিষ্ট কৰা হৈছে। এই উক্তিটোৱে ভাৰতীয় অহিংসা আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ ধাৰণাটোক মূৰ্ত কৰি তুলিছে।

১৯৫২ চনৰ ২৪ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ মুম্বাইত অনুষ্ঠিত হোৱা উদ্বোধনী সংস্কৰণত প্ৰায় ৪০ খন ফিচাৰ ফিল্ম আৰু ১০০ খন নন-ফিচাৰ ফিল্ম প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰ পিছত ই মাদ্ৰাজ, দিল্লী আৰু কলিকতাত অনুষ্ঠিত হোৱাৰ পাছত দক্ষিণ এছিয়াৰ প্ৰিমিয়াৰ ইভেণ্ট হিচাপে বিশ্বৰ চলচ্চিত্ৰ মহোৎসৱৰ আৱৰ্তত ভাৰতৰ প্ৰৱেশ ঘটায়।

১৯৫২ চনত আৰম্ভ হোৱাৰ পৰাই IFFI ভাৰতৰ ভিতৰতে এনেধৰণৰ সৰ্ববৃহৎ অনুষ্ঠান হিচাপে পৰিচিত হৈছে। পৰৱৰ্তী সংস্কৰণসমূহ নতুন দিল্লীত অনুষ্ঠিত হৈছিল। ১৯৬৫ চনৰ জানুৱাৰী মাহৰ তৃতীয় সংস্কৰণৰ পৰা IFFI প্ৰতিযোগিতামূলক উৎসৱত পৰিণত হয়। ১৯৭৫ চনত ফিল্ম ফেষ্টিভেল নামৰ এক অপ্ৰতিযোগিতামূলক মহোৎসৱ আৰম্ভ কৰা হয়, যিটো মহোৎসৱ প্ৰতি দুবছৰৰ মূৰে মূৰে বিভিন্ন চলচ্চিত্ৰ নিৰ্মাণ চহৰত অনুষ্ঠিত হয়। পিছলৈ এই চলচ্চিত্ৰ মহোৎসৱসমূহ IFFIৰ সৈতে একত্ৰিত কৰা হয়। ২০০৪ চনত এই মহোৎসৱে গোৱাত নিজৰ স্থায়ী ঠিকনা লাভ কৰিলে আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে তাতেই প্ৰতিযোগিতামূলক অনুষ্ঠান হিচাপে অনুষ্ঠিত হৈ আহিছে।

IFFIৰ কৌশলগত প্ৰভাৱ: চিনেমা, সংস্কৃতি আৰু বাণিজ্য পৰিচালনা

IFFI এছিয়াৰ আটাইতকৈ পুৰণি আৰু ভাৰতৰ প্ৰিমিয়াৰ চিনেমেটিক প্লেটফৰ্ম। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু গোৱা চৰকাৰৰ পৃষ্ঠপোষকতাত ই ভাৰতীয় চিনেমাত সুষম শক্তিৰ কূটনীতি, উদ্যোগৰ বৃদ্ধি আৰু প্ৰযুক্তিগত উদ্ভাৱনক আগুৱাই লৈ যায়। সেয়েহে IFFIৰ বহুতো উল্লেখযোগ্য দিশ আছে:

সাংস্কৃতিক তাৎপৰ্য্যঃ ভাৰতীয় আৰু বিশ্ব চিনেমাৰ মাজত সাঁকো নিৰ্মাণ

ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ কেৱল প্ৰদৰ্শনীৰ মঞ্চতকৈ অধিক ব্যাপক; ই হৈছে চৰকাৰী সমৰ্থিত মঞ্চ যিয়ে ইচ্ছাকৃতভাৱে ভাৰতীয় চিনেমাক বিশ্বজোৰা আলোচনাৰ কেন্দ্ৰবিন্দুত ৰাখে। IFFIয়ে ভাৰতীয় চিনেমাক বিশ্বৰ সৈতে সংযোগ স্থাপন আৰু বিশ্ব চিনেমাক ভাৰতলৈ অনাৰ এক নিৰ্দিষ্ট দৃষ্টিভংগীৰে বিভিন্ন ধাৰা, সংস্কৃতি আৰু ভাষাৰ ছবি আৱিষ্কাৰ, সমৰ্থন আৰু প্ৰচাৰৰ বাবে কাম কৰে। ‘বসুধৈৱ কুটুম্বকম’ মূলমন্ত্ৰক ভেঁটি হিচাপে লৈ এই মহোৎসৱে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ মাজত পাৰস্পৰিক আদান-প্ৰদানৰ সুবিধা দিছে।

সমগ্ৰ বিশ্বতে ভাৰতৰ কূটনৈতিক আৰু বাণিজ্যিক সম্পর্কক আগুৱাই নিয়াৰ বাবে চলচ্চিত্ৰ সফল আহিলা হিচাপে পৰিগণিত হৈছে৷ ছবিয়ে ভাৰতৰ ‘সুষম শক্তি’ প্ৰতিফলিত কৰি নতুন সুযোগৰ সৃষ্টি কৰে। ভাৰতে বছৰি ২০টাতকৈও অধিক ভাষাত ২০০০ৰো অধিক ছবি নিৰ্মাণ কৰে- যি বিশ্বৰ ভিতৰতে সৰ্বাধিক।

চলচ্চিত্ৰ বজাৰ আৰু সহ-প্ৰযোজনাৰ সুযোগ

২০০৭ চনৰ পৰা IFFIৰ সৈতে আয়োজিত WAVES চলচ্চিত্ৰ বজাৰে সহ-প্ৰযোজনা বজাৰ, ৱৰ্ক-ইন-প্ৰগ্ৰেছ গৱেষণাগাৰ, দৰ্শনকোঠা আৰু নেটৱৰ্কিং ইভেণ্ট চলায়, যিয়ে উৎসৱত লাভ কৰা মনোযোগক বিত্তীয়, বিতৰণ আৰু উৎসৱৰ কৌশললৈ ৰূপান্তৰ কৰে। চলচ্চিত্ৰ বজাৰৰ কিউৰেটেড কাৰ্যসূচীয়ে ভাৰতীয় প্ৰকল্পসমূহক সহ-প্ৰযোজনা, বিক্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় উৎসৱত স্থান দিয়াত প্ৰত্যক্ষভাৱে সহায় কৰি চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজকৰ বাবে প্ৰকৃত কেৰিয়াৰ আৰু আয়ৰ পথৰ সৃষ্টি কৰিছে। ভাৰতৰ প্ৰিমিয়াৰ চলচ্চিত্ৰ বজাৰ WAVES চলচ্চিত্ৰ বজাৰৰ ১৯ সংখ্যক সংস্কৰণত সহ-প্ৰযোজনা আৰু বিতৰণৰ সুযোগৰ বাবে ৩০০ৰো অধিক চলচ্চিত্ৰ প্ৰকল্প প্ৰদৰ্শন কৰা হ’ব, বিজয়ী ছবিসমূহক ২০ হাজাৰ ডলাৰৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

AVGC-XR উদ্যোগৰ উন্নয়ন

IFFIৰ এটা নিবেদিত প্ৰযুক্তি পেভিলিয়নে উৎসৱৰ প্ৰযুক্তিগত সৃষ্টিশীলতাৰ বিষয়বস্তুৰ সৈতে সংগতি ৰাখি VFX, এনিমেচন আৰু CGIৰ উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ WAVES পদক্ষেপৰ অধীনত WaveX প্লেটফৰ্মে সংবাদ মাধ্যম, মনোৰঞ্জন, AVGC (এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং, কমিক্স) আৰু XR (এক্সটেণ্ডেড ৰিয়েলিটি)ৰ ক্ষেত্ৰত নতুন উদ্যোগসমূহক সহায় কৰিবলৈ ইনকিউবেচন কেন্দ্ৰ স্থাপন কৰিছে।

AVGC-XRৰ বাবে ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ ইণ্ডিয়ান ইনষ্টিটিউট অব ক্ৰিয়েটিভ টেকন’লজিছ (IICT)ৰ লক্ষ্য হৈছে NVIDIA, গুগল, এড’ব, মেটা, আৰু মাইক্ৰ’ছফ্টৰ দৰে গোলকীয় উদ্যোগৰ খেলুৱৈসকলৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স, ফিল্ম আৰু সম্প্ৰসাৰিত বাস্তৱতাৰ উদ্ভাৱন, গৱেষণা আৰু বিকাশক আগুৱাই নিয়া।

গোৱাৰ পৰ্যটন আৰু অৰ্থনৈতিক প্ৰভাৱ

গোৱাৰ স্থায়ী আয়োজক হিচাপে IFFIয়ে পৰ্যটনক উন্নীত কৰে, বিশ্বৰ দৰ্শকক আকৰ্ষণ কৰে আৰু স্থানীয় অৰ্থনীতিক উজ্জীৱিত কৰে। গোৱাৰ এণ্টাৰটেইনমেণ্ট ছ’চাইটিয়ে ‘একক উইণ্ড’  চিষ্টেম’ৰ জৰিয়তে গোৱাত ছবিৰ শ্বুটিঙৰ সকলো পদ্ধতি আৰু অনুমতিৰ সুবিধা প্ৰদান কৰে। প্ৰতি বছৰে গোৱাত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰ পৰ্যটনক যথেষ্ট প্ৰচাৰ কৰা হয়। গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই উল্লেখ কৰে যে IFFI আৰু গোৱাৰ ঘনিষ্ঠ সম্পৰ্ক আছে, আৰু এই উৎসৱ কেলেণ্ডাৰত এক ডাঙৰ অনুষ্ঠানত পৰিণত হৈছে। প্ৰতি বছৰে আন্তঃগাঁথনি উন্নত কৰি ইয়াক বিশ্বমানৰ অভিজ্ঞতা হিচাপে গঢ়ি তোলা হৈছে।

 

সামৰণি

IFFIৰ ৫৬ সংখ্যক সংস্কৰণ অনুষ্ঠিত হ’বলৈ সাজু হোৱাৰ সময়তে এই উৎসৱটো পৰম্পৰা আৰু উদ্ভাৱনৰ এক গুৰুত্বপূৰ্ণ মিলনস্থলীত পৰিণত হৈছে। চলচ্চিত্ৰ কিংবদন্তিসকলৰ অৱদানসমূহ স্মৰণ কৰা আৰু উদযাপন কৰাৰ পৰা আৰম্ভ কৰি নতুন কণ্ঠক সমৰ্থন কৰালৈ, পুনৰুদ্ধাৰ কৰা ক্লাছিকসমূহ প্ৰদৰ্শন কৰালৈ, এআই-চালিত সৃষ্টিশীলতাৰ সম্ভাৱনাক আঁকোৱালি লোৱালৈ IFFIয়ে কাহিনী কথনৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ মিলন মঞ্চ হিচাপে নিজৰ ভূমিকাক দৃঢ়তাৰে অব্যাহত ৰাখিছে। ইয়াৰ সম্প্ৰসাৰিত কাৰ্যসূচী, অংশীদাৰিত্ব আৰু প্ৰথমবাৰৰ বাবে IFFIESTA ৰ জৰিয়তে এক নতুন সাংস্কৃতিক মাত্ৰা সংযোজনৰ দ্বাৰা  এই বছৰৰ উৎসৱে দৰ্শকক কেৱল দৰ্শনৰ অভিজ্ঞতাতকৈ বহু বেছি অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে–  ই এক সজীৱ, বিকশিত সাংস্কৃতিক যাত্ৰাত অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিছে।

শিল্পী, দৰ্শক, সৃষ্টিকৰ্তা আৰু সমাজক একত্ৰিত কৰি IFFI সীমান্ত, ভাষা আৰু কল্পনাৰ সিপাৰে মানুহক সংযোগ কৰাৰ চিনেমাৰ চিৰস্থায়ী শক্তিৰ প্ৰমাণ হৈ আছে। গোৱাই আন এক স্মৰণীয় সংস্কৰণ আয়োজন কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে আশাবাদ, সৃষ্টিশীলতা আৰু এতিয়াও ক’বলগীয়া কাহিনীবোৰৰ প্ৰতি অটল বিশ্বাসেৰে এই উৎসৱ অগ্ৰসৰ হৈছে।

***

DPS/KD 

(Explainer ID: 156080) आगंतुक पटल : 73
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Gujarati , Urdu , Nepali , हिन्दी , Punjabi , Telugu , Kannada