Infrastructure
ভাৰতৰ ঘাইপথসমূহৰ নতুন সংজ্ঞা
উদ্ভাৱনৰ জৰিয়তে সংযোগ স্থাপন
Posted On:
11 NOV 2025 1:47PM
মুখ্য তথ্য
- ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ এতিয়া পৰিকল্পনাৰ পৰা আৰম্ভ কৰি টোল সংগ্ৰহলৈকে প্ৰতিটো পৰ্যায়তে ডিজিটেলাইজেচনৰ লগে লগে কেৱল মাত্ৰ অৱয়ৱিক সম্পত্তিৰ পৰা তথ্যভিত্তিক সম্পত্তিলৈ ৰূপান্তৰিত হৈছে।
- প্ৰায় ৯৮% প্ৰৱেশ আৰু ৮ কোটিৰো অধিক ব্যৱহাৰকাৰীৰে দেশৰ ইলেক্ট্ৰনিক টোল সংগ্ৰহ ব্যৱস্থাত ‘FASTag’-এ এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে।
- ১৫ লাখতকৈ অধিক ডাউনলোড কৰা ‘ৰাজমাৰ্গ যাত্ৰা’ এপটো ভাৰতৰ শীৰ্ষ ঘাইপথ ভ্ৰমণ এপত পৰিণত হৈছে, যাৰ ফলত যাতায়তৰ সামগ্ৰিক অভিজ্ঞতা আৰু অধিক বৃদ্ধি পাইছে।
নতুন যুগৰ ঘাইপথৰ পথ প্ৰশস্ত
ডিজিটেল বিপ্লৱৰ যুগত ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ এতিয়া কেৱল আলকতৰা বা পকী পথ নহয়; ই গতিশীলতা আৰু তথ্যৰ বুদ্ধিমান মেৰুদণ্ডলৈ বিকশিত হৈছে, যাৰ ফলত নিৰৱচ্ছিন্ন পৰিবহণ আৰু বাস্তৱ সময়ৰ তথ্যৰ প্ৰবাহ সক্ষম হৈছে। স্মাৰ্ট নেটৱৰ্কৰ এই ধাৰণাটোৱে আমি কৰা ভ্ৰমণৰ ধৰণ, সামগ্ৰী পৰিবহণ, টোল পৰিচালনা আৰু যাত্ৰাৰ সময়ত ইণ্টাৰনেটৰ ব্যৱহাৰৰ দৃষ্টিভংগীক নতুন ৰূপ দিছে। এসময়ত কেৱল চহৰ আৰু ৰাজ্যৰ মাজত অৱয়ৱিক সংযোগকাৰী হিচাপে দেখা পোৱা পথসমূহক এতিয়া কেৱল বাহনৰ বাবেই নহয়, বৰং তথ্য, যোগাযোগ আৰু বাস্তৱ সময়ৰ সিদ্ধান্ত গ্ৰহণৰ বাবেও সংযোগ আৰু নিয়ন্ত্ৰণৰ স্মাৰ্ট কৰিডৰ হিচাপে আৰ্হি প্ৰস্তুত কৰা হৈছে।

এই পৰিৱৰ্তনৰ পৰিসৰ ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ দৰেই বিশাল। ২০২৫ চনৰ মাৰ্চ মাহলৈকে ভাৰতৰ মুঠ পথ নেটৱৰ্ক ৬৩ লাখ কিলোমিটাৰ, যিটো বিশ্বৰ দ্বিতীয় বৃহত্তম। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ সংযোগৰ দৈৰ্ঘ্য ২০১৩-১৪ চনত ৯১,২৮৭ কিলোমিটাৰৰ পৰা আজি ১,৪৬,২০৪ কিলোমিটাৰলৈ বৃদ্ধি পাইছে, যি প্ৰায় ৬০% উল্লেখযোগ্য বিকাশ। কেৱল ২০১৪ চনৰ পৰা ২০২৫ চনৰ ভিতৰত দেশত ৫৪,৯১৭ কিলোমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ সংযোজন কৰা হৈছে, যি কেৱল নিৰ্মাণৰ দক্ষতাৰ প্ৰমাণেই নহয়, ইমান বৃহৎ সম্পত্তি ডিজিটেলভাৱে পৰিচালনা আৰু নিৰীক্ষণৰ জৰুৰী প্ৰয়োজনীয়তাকো উজ্জ্বল কৰি তুলিছে। দক্ষতা বৃদ্ধি আৰু কাৰ্যকলাপ সুশৃংখলিত কৰিবলৈ চৰকাৰে ঘাইপথ প্ৰকল্পৰ জীৱনচক্ৰৰ সকলো মুখ্য পৰ্যায়ত ৩৬০ ডিগ্ৰীৰ এক বিস্তৃত ডিজিটেল ৰূপান্তৰ গ্ৰহণ কৰিছে। পৰিকল্পনা, বিশদ প্ৰকল্প প্ৰতিবেদনৰ পৰা আৰম্ভ কৰি নিৰ্মাণ, ৰক্ষণাবেক্ষণ, টোল সংগ্ৰহ আৰু নেটৱৰ্ক আধুনিকীকৰণলৈ এই সকলোবোৰ মূল প্ৰক্ৰিয়াক ব্যৱস্থাটোৰ কাৰ্যক্ষমতা বৃদ্ধি আৰু ব্যৱসায় কৰাৰ সহজতা বৃদ্ধিৰ বাবে সুবিন্যস্ত কৰা হৈছে।
ডিজিটেল টোল সংগ্ৰহ আৰু পেমেণ্ট সংস্কাৰ
কাগজৰ টিকট আৰু নগদ ধনৰ বুথৰ পৰা আৰম্ভ কৰি চেন্সৰভিত্তিক নিৰৱচ্ছিন্ন ভ্ৰমণলৈকে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথত চলি আছে এক নীৰৱ বিপ্লৱ। অপেক্ষাৰ সময় হ্ৰাস কৰা, ইন্ধনৰ অপচয় হ্ৰাস কৰা আৰু ৰাজহৰ ক্ষতি বন্ধ কৰাৰ লক্ষ্যৰে দেশখনে ডিজিটেল-প্ৰথম সমাধানৰ জৰিয়তে ইয়াৰ টোল সংগ্ৰহ ব্যৱস্থাত নিৰন্তৰভাৱে পৰিৱৰ্তন কৰি আছে।
ৱান টেগ, সকলো পথ : FASTag আৰু NETC ক্ষমতাসম্পন্ন টোল পৰিশোধ
ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথত টোল সংগ্ৰহ ব্যৱস্থাক সুশৃংখলিত কৰিবলৈ ভাৰতৰ ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পৰেশ্যনে (NPCI) ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক টোল সংগ্ৰহ (NETC) কাৰ্যসূচী বিকশিত কৰিছে, যিটো ইলেক্ট্ৰনিক টোল পেমেণ্টৰ বাবে এক সংহত, আন্তঃব্যৱহাৰযোগ্য মঞ্চ। এই ব্যৱস্থাই নিষ্পত্তি আৰু বিবাদ নিষ্পত্তিৰ বাবে এক কেন্দ্ৰীভূত ক্লিয়াৰিং হাউছৰ জৰিয়তে মসৃণ লেনদেনৰ সুবিধা প্ৰদান কৰে।
NETCৰ মূলতে আছে FASTag, ৰেডিঅ’ ফ্ৰিকুৱেন্সি চিনাক্তকৰণ যন্ত্ৰ, যিটো বাহনৰ উইণ্ডস্ক্ৰীণত সংলগ্ন কৰা হয়। ইয়াৰ ফলত ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ সংযুক্ত একাউণ্টৰ পৰা টোল প্লাজাত নোৰোৱাকৈ স্বয়ংক্ৰিয়ভাৱে টোল পৰিশোধ কৰিব পাৰে। এই ব্যৱস্থা আৰু নিৰ্দিষ্ট মাপকাঠীৰে FASTag-এ নিশ্চিত কৰে যে যাত্ৰীসকলে দেশৰ যিকোনো টোল বুথত এটা টেগ ব্যৱহাৰ কৰিব পাৰে, টোল প্লাজা পৰিচালনাৰ দায়িত্বত থকা অপাৰেটৰ যিয়েই নহওক কিয়। প্ৰায় ৯৮% প্ৰৱেশ আৰু ৮ কোটিতকৈ অধিক ব্যৱহাৰকাৰীৰ সৈতে FASTag এ সমগ্ৰ দেশতে ইলেক্ট্ৰনিক টোল সংগ্ৰহ ব্যৱস্থাক সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিছে।
ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথত ভিৰমুক্ত যাত্ৰাৰ বাবে FASTag বাৰ্ষিক পাছ মুকলি কৰা হৈছে। অবাণিজ্যিক বাহনৰ বাবে ইয়াৰ আৰ্হি প্ৰস্তুত কৰা হৈছে আৰু ৩০০০ টকাৰ এককালীন মাচুলত ইয়াক ক্ৰয় কৰিব পাৰি, যি ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱেত থকা ১১৫০টা টোল প্লাজাৰ বাবে এবছৰৰ বাবে বৈধ বা ২০০ টা টোল প্লাজা অতিক্ৰম কৰিব পাৰে। ‘ৰাজমাৰ্গযাত্ৰা’ এপ বা NHAIৰ ৱেবছাইটৰ জৰিয়তে মাত্ৰ দুঘণ্টাত সক্ৰিয় কৰিব পৰা এই পাছখনে সঘনাই ৰিচাৰ্জ কৰাৰ প্ৰয়োজনীয়তা নাইকিয়া কৰে, যাৰ ফলত ঘাইপথ ব্যৱহাৰকাৰীসকলৰ বাবে এক নিৰৱচ্ছিন্ন আৰু কাৰ্যক্ষম ভ্ৰমণৰ অভিজ্ঞতা নিশ্চিত হয়।
২০২৫ চনৰ ১৫ আগষ্টত আৰম্ভ হোৱাৰ মাত্ৰ দুমাহৰ ভিতৰতে সমগ্ৰ দেশত প্ৰায় ৫.৬৭ কোটি লেনদেন নথিভুক্ত কৰা হৈছে আৰু পঁচিশ লাখ ব্যৱহাৰকাৰীৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে, যিয়ে সমস্যামুক্ত টোল পৰিশোধৰ প্ৰবল চাহিদাক প্ৰতিফলিত কৰিছে।

টোল প্লাজাত ডিজিটেল পেমেণ্টক উৎসাহিত কৰিবলৈ আৰু নগদ ধনৰ লেনদেন হ্ৰাস কৰিবলৈ চৰকাৰে ২০২৫ চনৰ ১৫ নৱেম্বৰৰ পৰা কাৰ্যকৰী কৰা ৰাষ্ট্ৰীয় ঘাইপথ মাচুল অধিনিয়ম, ২০০৮ সংশোধন কৰিছে। সংশোধিত নিয়ম অনুসৰি FASTags নথকা ব্যৱহাৰকাৰীৰ পৰা নগদ ধন পৰিশোধ কৰিলে সাধাৰণ টোল মাচুলৰ দুগুণ মূল্য লোৱা হ’ব, আনহাতে ইউপিআই পেমেণ্টৰ জৰিয়তে ধন পৰিশোধ কৰাসকলে টোলৰ পৰিমাণৰ ১.২৫ গুণ দিব লাগিব। ইয়াৰ মূল উদ্দেশ্য হৈছে টোল সংগ্ৰহ সুশৃংখলিত কৰা, যানজঁট হ্ৰাস কৰা আৰু ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াতৰ ক্ষেত্ৰত অধিক স্বচ্ছতা আৰু সুবিধা অনা।
২০২৫ চনৰ আগষ্ট মাহত ভাৰতে গুজৰাটৰ ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চোৰিয়াচী টোল প্লাজাত প্ৰথমটো মাল্টি লেন ফ্ৰী ফ্লো (MLFF) টোল সংগ্ৰহ ব্যৱস্থা আৰম্ভ কৰিছিল, ই এটা বাধামুক্ত, কেমেৰা আৰু RFID আধাৰিত ব্যৱস্থা, যিয়ে গতিশীল অৱস্থাত FASTags আৰু বাহনৰ পঞ্জীয়ন নম্বৰ পঢ়িব পাৰে। এই ব্যৱস্থাৰ জৰিয়তে যান-বাহন নৰখোৱাকৈ নিৰৱচ্ছিন্নভাৱে টোল সংগ্ৰহ কৰিব পৰা যায়, যাৰ ফলত যানজঁট হ্ৰাস পায়, ইন্ধন ৰাহি হয় আৰু প্ৰদূষণ হ্ৰাস পায়।
ৰাজমাৰ্গযাত্ৰাঃ ঘাইপথেৰে যাত্ৰাক অধিক স্মাৰ্ট আৰু মসৃণ কৰি তোলা

সমগ্ৰ ভাৰতত ঘাইপথেৰে যাত্ৰাক পুনৰ সংজ্ঞায়িত কৰাৰ বাবে চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীৰ সামগ্ৰিক অভিজ্ঞতা উন্নত কৰাৰ লক্ষ্যৰে নাগৰিককেন্দ্ৰিক মোবাইল এপ্লিকেচন ‘ৰাজমাৰ্গযাত্ৰা’ মুকলি কৰিছে। ব্যৱহাৰকাৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মিত এই এপটো বাস্তৱ সময়ৰ তথ্য আৰু ফলপ্ৰসূ অভিযোগ নিৰাময় প্ৰদানৰ বাবে ৱেবভিত্তিক ব্যৱস্থাৰ সৈতে সংযুক্ত কৰা হৈছে।
‘ৰাজমাৰ্গযাত্ৰা’ই ডিজিটেল ভ্ৰমণ সংগী হিচাপে কাম কৰে, ঘাইপথ সম্পৰ্কীয় বহু তথ্য যেনে টোল প্লাজা, পেট্ৰ’ল পাম্প, চিকিৎসালয়, ইভি চাৰ্জিং ষ্টেচন আৰু আনকি বতৰৰ লাইভ আপডেটকে ধৰি ওচৰৰ সুবিধাসমূহৰ সবিশেষো দিয়ে। এই ব্যাপক তথ্যই নাগৰিকসকলক জ্ঞাত ভ্ৰমণৰ সিদ্ধান্ত লোৱাত আৰু তেওঁলোকৰ যাত্ৰাৰ ফলপ্ৰসূ পৰিকল্পনা কৰাত সহায় কৰে।
মসৃণ ড্ৰাইভিং অভিজ্ঞতা নিশ্চিত কৰিবলৈ এপটোৱে সমস্যামুক্ত টোল পেমেণ্টৰ বাবে FASTag সেৱাৰ সৈতে সংযুক্ত কৰা হৈছে আৰু অধিক গ্ৰহণযোগ্যতা নিশ্চিত কৰিবলৈ একাধিক ভাষা সমৰ্থন কৰে। সুৰক্ষাক অগ্ৰাধিকাৰ দি ইয়াত স্পীড লিমিট এলাৰ্ট আৰু ভইচ এচিষ্টেণ্টৰ দৰে বৈশিষ্ট্যও আছে, যিয়ে দীঘলীয়া যাত্ৰাত দায়িত্বশীল গাড়ীচালনাৰ অভ্যাসক উৎসাহিত কৰে।
ইয়াৰ এটা অনন্য বৈশিষ্ট্য হৈছে ইয়াৰ ব্যৱহাৰকাৰী-অনুকূল অভিযোগ ব্যৱস্থা। যাত্ৰীসকলে ঘাইপথৰ সৈতে জড়িত যিকোনো সমস্যা, যেনে- গাঁত, ৰক্ষণাবেক্ষণৰ সমস্যা, অবৈধ গঠন বা সুৰক্ষাৰ বিপদাশংকাৰ প্ৰতিবেদন দিবলৈ আৰু তেওঁলোকৰ অভিযোগৰ অগ্ৰগতি অনুসৰণ কৰিবলৈ দ্ৰুতভাৱে জিঅ’-টেগ কৰা ফটো বা ভিডিঅ’ আপলোড কৰিব পাৰে। ইয়াৰ ফলত কেৱল দায়বদ্ধতা বৃদ্ধি কৰাই নহয়, পথৰ আন্তঃগাঁথনি ব্যৱস্থাপনাৰ ক্ষেত্ৰতো স্বচ্ছতা বৃদ্ধি পায়।
|
ভাৰতীয় যাত্ৰীসকলক ‘ৰাজমাৰ্গযাত্ৰা’ এপটোৱে দ্ৰুতগতিত আকৰ্ষিত কৰিছে, গুগল প্লে ষ্ট’ৰৰ সামগ্ৰিক ৰেংকিঙত ২৩ নম্বৰ আৰু ভ্ৰমণ শাখাত ই ২য় স্থানলৈ উন্নীত হৈছে। ১৫ লাখতকৈ অধিক ডাউনলোড আৰু ৪.৫ ষ্টাৰৰ আকৰ্ষণীয় ব্যৱহাৰকাৰী ৰেটিংৰ সৈতে এই এপটোৱে সমগ্ৰ দেশৰ ঘাইপথ ভ্ৰমণকাৰীসকলৰ বাবে এক জনপ্ৰিয় ডিজিটেল সঁজুলি হিচাপে আত্মপ্ৰকাশ কৰিছে। এক উল্লেখযোগ্য সাফল্যত FASTag বাৰ্ষিক পাছ বৈশিষ্ট্য মুকলি হোৱাৰ মাত্ৰ চাৰি দিনৰ ভিতৰতে ৰাজমাৰ্গযাত্ৰা দেশৰ ভিতৰতে শীৰ্ষ প্ৰদৰ্শনকাৰী চৰকাৰী এপ হিচাপে পৰিগণিত হয়, ইয়াৰ গ্ৰহণযোগ্যতা আৰু প্ৰভাৱৰ ক্ষেত্ৰত এক বৃহৎ অগ্ৰগতি লাভ কৰে।
|
NHAI ৱানঃ ঘাইপথৰ ডিজিটেল মেৰুদণ্ড
কাৰ্য্যকৰী দক্ষতা বৃদ্ধি আৰু আন্তঃগাঁথনিগত প্ৰকল্পৰ সময়মতে ৰূপায়ণ সুনিশ্চিত কৰিবলৈ ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (NHAI) ‘NHAI ৱান’ মোবাইল এপ্লিকেচন মুকলি কৰিছে। এয়া হৈছে এক বিস্তৃত মঞ্চ, যি আভ্যন্তৰীণ প্ৰক্ৰিয়াসমূহক সুশৃংখলিত কৰে আৰু সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কত তৃণমূল পৰ্যায়ৰ সমন্বয় বৃদ্ধি কৰে। NHAI ৱানে NHAIৰ প্ৰকল্প পৰিচালনাৰ পাঁচটা মূল ক্ষেত্ৰক একত্ৰিত কৰে: তৃণমূল পৰ্যায়ৰ কৰ্মচাৰীৰ উপস্থিতি, ঘাইপথ ৰক্ষণাবেক্ষণ, পথ সুৰক্ষা অডিট, শৌচাগাৰ ৰক্ষণাবেক্ষণ আৰু পৰিদৰ্শনৰ অনুৰোধ (RFI)ৰ জৰিয়তে দৈনিক নিৰ্মাণ অডিট। এই সকলোবোৰ কাৰ্যকলাপক একক ডিজিটেল আন্তঃপৃষ্ঠত একত্ৰিত কৰি এপটোৱে তৃণমূল পৰ্যায়ৰ দল আৰু তত্বাৱধায়ক কৰ্মচাৰীসকলক অধিক ফলপ্ৰসূ আৰু সময়মতে কামসমূহ পৰিচালনা কৰিবলৈ সক্ষমতা প্ৰদান কৰে।
আঞ্চলিক বিষয়া (ROs) আৰু প্ৰকল্প পৰিচালক (PDs)ৰ পৰা আৰম্ভ কৰি টোল প্লাজাৰ ঠিকাদাৰ, অভিযন্তা, সুৰক্ষা অডিটৰ আৰু শৌচাগাৰ তত্বাৱধায়কলৈকে এই এপটোৱে আটাইতকৈ প্ৰান্তীয় ব্যৱহাৰকাৰীসকলক আৰম্ভণিৰে পৰাই প্ৰকল্প সম্পৰ্কীয় কাৰ্য্যকলাপসমূহৰ প্ৰতিবেদন, আপডেট আৰু অনুসৰণ কৰাত সহায় কৰে। জিঅ’-টেগিং আৰু টাইম-ষ্টেম্পিঙৰ দৰে বৈশিষ্ট্যৰ সৈতে, NHAI ৱানে দায়বদ্ধতা বৃদ্ধি কৰে আৰু ছাইটত কামৰ অগ্ৰগতি আৰু অনুসৰণৰ সঠিক নথিপত্ৰ নিশ্চিত কৰে। আভ্যন্তৰীণ দক্ষতা উন্নত কৰাৰ উপৰি এই এপটোৱে আন্তঃগাঁথনিৰ সমস্যাসমূহৰ প্ৰতি দ্ৰুত সঁহাৰি আৰু ঘাইপথ উন্নয়ন পৰিকল্পনাৰ মসৃণ ৰূপায়ণ সক্ষম কৰি প্ৰকল্প ৰূপায়ণ আৰু জনসেৱা প্ৰদানৰ মাজৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ভাৰতৰ ঘাইপথসমূহৰ মানচিত্ৰঃ GIS আৰু পি এম গতি শক্তিৰ ভূমিকা
ডিজিটেল মানচিত্ৰ আৰু স্থানীয় বুদ্ধিমত্তাই ঘাইপথ নিৰ্মাণৰ পৰিকল্পনা আৰু পদ্ধতিক নতুন ৰূপ দিছে। এই ৰূপান্তৰৰ আঁৰত আছে ভৌগোলিক তথ্য প্ৰণালী (GIS) আৰু ভাৰত চৰকাৰৰ ধ্বজাবাহী পদক্ষেপ পি এম গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন (NMP)ৰ এক শক্তিশালী সমন্বয়। NMP পৰ্টেলে ভাৰতত আন্তঃগাঁথনি উন্নয়নৰ বাবে ডিজিটেল কমাণ্ড চেণ্টাৰত পৰিণত হৈছে, বিশেষকৈ ঘাইপথ, সংহত, বহুমুখী সংযোগৰ বাবে এক ব্যাপক ডিজিটেল এটলাছ হিচাপে কাম কৰি। ইয়াৰ মূলতে আছে এক শক্তিশালী জিআইএছ-আধাৰিত মঞ্চ, যিয়ে অৰ্থনৈতিক ক্লাষ্টাৰ, লজিষ্টিক হাব, সামাজিক আন্তঃগাঁথনি, পৰিৱেশগত বৈশিষ্ট্যসমূহকে ধৰি ৫৫০টাতকৈও অধিক স্তৰৰ লাইভ ডাটা ধৰি ৰাখে। এই স্পষ্টতাৰে নূন্যতম ব্যাঘাত, সৰ্বাধিক কাৰ্যক্ষমতা আৰু দ্ৰুত ক্লিয়াৰেন্সৰ সৈতে পথৰ সংৰক্ষণৰ পৰিকল্পনা কৰিব পাৰি।

এটা ডাঙৰ মাইলৰ খুঁটি হিচাপে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জিআইএছ আধাৰিত NMP পৰ্টেলত সমগ্ৰ ৰাষ্ট্ৰীয় পথ নেটৱৰ্ক (প্ৰায় ১.৪৬ লাখ কিলোমিটাৰ)ৰ তথ্য আপলোড আৰু বৈধতা প্ৰদান কৰিছে। ইয়াৰ দ্বাৰা ভাৰতত ঘাইপথৰ পৰিকল্পনা আৰু ৰূপায়ণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে- এক খণ্ডিত, কাগজভিত্তিক প্ৰক্ৰিয়াৰ পৰা আঁতৰি আহি দেশজোৰা দৃশ্যমানতাৰ সৈতে ভূ-চোৰাংচোৱা ভিত্তিক পৰিকল্পনাৰ দিশত আগবাঢ়িছে।
প্ৰযুক্তিচালিত বুদ্ধিমান পৰিবহণ ব্যৱস্থা
আমি যেতিয়া প্ৰযুক্তি চালিত কৰিডৰৰ কথা কওঁ, তেতিয়া ৰাস্তা বা পদপথৰ কথা কেৱল আধাহে। আধা অংশ অনুভৱ, বিশ্লেষণ, কাম আৰু প্ৰতিক্ৰিয়া কৰা ব্যৱস্থাবোৰত নিহিত হৈ আছে, যিবোৰক সামূহিকভাৱে বুদ্ধিমত্তাসম্পন্ন পৰিবহণ ব্যৱস্থা (ITS) বুলি জনা যায়। ভাৰতত আইটিএছক প্ৰথম অৱস্থাত উন্নত যাতায়াত ব্যৱস্থাপনা ব্যৱস্থা (ATMS)ৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে আৰু ক্ৰমান্বয়ে বৃহত্তৰ যান-বাহনৰ পৰা সকলো (V2X)লৈ যোগাযোগ ব্যৱস্থাৰ সৈতে একত্ৰিত কৰা হৈছে। এই ব্যৱস্থাসমূহৰ আৰ্হি পথ দুৰ্ঘটনা বহু পৰিমাণে হ্ৰাস কৰিবলৈ, যান-বাহন উলংঘন হ্ৰাস কৰিবলৈ আৰু জৰুৰীকালীন অৱস্থাত দ্ৰুত সঁহাৰি দিবলৈ প্ৰস্তুত কৰা হৈছে।
দিল্লী-মীৰাট এক্সপ্ৰেছৱে, ট্ৰেন্স-হাৰিয়ানা এক্সপ্ৰেছৱে আৰু ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱেৰ দৰে প্ৰধান এক্সপ্ৰেছৱেত ATMS স্থাপন কৰা হৈছে, যাৰ ফলত আগতীয়াকৈ অঘটন ধৰা পেলোৱা আৰু দ্ৰুত সঁহাৰিৰ সময় সম্ভৱ হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল, ATMS এতিয়া নতুন দ্ৰুতবেগী ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পত এটা স্বাভাৱিক উপাদান আৰু ইয়াক বৰ্তমানৰ গুৰুত্বপূৰ্ণ কৰিড’ৰসমূহত এক স্বতন্ত্ৰ ব্যৱস্থা হিচাপেও খাপ খুৱাই লোৱা হৈছে, যিটোৱে ভাৰতৰ পথসমূহ চোৰাংচোৱাৰ দিশলৈ ধাৱমান হোৱাৰ স্পষ্ট ইংগিত দিয়ে। বেংগালুৰু-মহীশূৰ এক্সপ্ৰেছৱেৰ দৰে কৰিডৰত দুৰ্ঘটনাৰ তথ্য বিশ্লেষণে দেখুৱাইছে যে ২০২৪ চনৰ জুলাই মাহত এডভান্সড ট্ৰেফিক মেনেজমেণ্ট কাৰ্যকৰী হোৱাৰ পিছত মৃত্যুৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে, যি প্ৰমাণ কৰিছে যে স্মাৰ্ট ৰূপায়ণে জীৱন ৰক্ষা কৰিছে।

চৰকাৰে স্মাৰ্ট প্ৰযুক্তিৰ জৰিয়তে ঘাইপথৰ স্বচ্ছতা আৰু সুৰক্ষা বৃদ্ধি কৰিছে। ইয়াৰ বাবে তেওঁলোকে QR ক’ডৰ সৈতে প্ৰকল্প তথ্য চাইনব’ৰ্ডৰ প্ৰৱৰ্তন কৰিছে, য’ত বাস্তৱ সময়ৰ প্ৰকল্পৰ সবিশেষ, জৰুৰীকালীন হেল্পলাইন আৰু ওচৰৰ সুবিধাসমূহ যেনে- চিকিৎসালয়, পেট্ৰ’ল পাম্প আৰু ই-চাৰ্জিং ষ্টেচনৰ বিষয়ে তথ্য থাকিব। আনহাতে থ্ৰী ডি লেজাৰ ছিষ্টেম আৰু ৩৬০° কেমেৰা আদিৰে সজ্জিত নেটৱৰ্ক জৰীপ বাহন (NSVs) দেশৰ ২৩খন ৰাজ্যত ২০,৯৩৩ কিলোমিটাৰ দূৰত্বত নিয়োগ কৰা হ’ব। ইয়াৰ দ্বাৰা পথৰ দোষসমূহ স্বয়ংক্ৰিয়ভাৱে ধৰা পেলাব পৰা যাব, যাৰ ফলত ভ্ৰমণৰ অভিজ্ঞতা অধিক মসৃণ, সুৰক্ষিত আৰু অধিক তথ্যসমৃদ্ধ হ’ব।
ভৱিষ্যতৰ সেউজ পথঃ বহনক্ষম আন্তঃগাঁথনিৰ প্ৰতি দায়বদ্ধতা
বহনক্ষম আন্তঃগাঁথনিৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা সেউজ ঘাইপথ (বাগিচা, গছপুলি ৰোপণ, সৌন্দৰ্যবৰ্ধন আৰু ৰক্ষণাবেক্ষণ) নীতি, ২০১৫ৰ অধীনত আৰম্ভ কৰা সেউজ ঘাইপথ অভিযানত প্ৰতিফলিত হৈছে।ইয়াৰ উদ্দেশ্যসমূহৰ ভিতৰত আছে প্ৰদূষণ আৰু কোলাহল হ্ৰাস কৰা, মাটিৰ খহনীয়া প্ৰতিৰোধ কৰা আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ (NHAI)ই ২০২৩-২৪ চনত ৫৬ লাখৰো অধিক গছপুলি ৰোপণ কৰাৰ পিছত ২০২৪-২৫ চনত আৰু ৬৭.৪৭ লাখ গছপুলি ৰোপণ কৰে। সামূহিকভাৱে এই প্ৰচেষ্টাসমূহে অভিযান আৰম্ভ হোৱাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰোপণ কৰা মুঠ গছৰ সংখ্যা ৪.৬৯ কোটিৰো অধিকলৈ লৈ গৈছে যদিও এই সেউজ ৰূপান্তৰ কেৱল গছপুলি ৰোপণতে সীমাবদ্ধ নহয়।
NHAIই ঘাইপথৰ কাষত থকা জলাশয়বোৰ পুনৰুজ্জীৱিত কৰাত গুৰুত্ব আৰোপ কৰিছে। ভৱিষ্যতৰ বাবে পানী সংৰক্ষণৰ লক্ষ্যৰে ২০২২ চনৰ এপ্ৰিল মাহত আৰম্ভ কৰা মিছন অমৃত সৰোবৰৰ অধীনত সমগ্ৰ ভাৰতত ৪৬৭টা জলাশয়ৰ সৃষ্টি কৰিছে। এই পদক্ষেপে স্থানীয় পৰিৱেশতন্ত্ৰ পুনৰুদ্ধাৰ কৰাত সহায় কৰিছে আৰু ঘাইপথ নিৰ্মাণৰ বাবে প্ৰায় ২.৮ কোটি ঘনমিটাৰ মাটি দিছে, যাৰ ফলত আনুমানিক ১৬,৬৯০ কোটি টকাৰ খৰচ ৰাহি হৈছে। ২০২৩-২৪ চনত NHAIএ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ৬৩১ লাখ মেট্ৰিক টনতকৈ অধিক পুনঃব্যৱহৃত সামগ্ৰী যেনে- ফ্লাই এছ, প্লাষ্টিক আৱৰ্জনা আৰু পুনৰ ব্যৱহৃত এছফাল্ট ব্যৱহাৰ কৰি পৰিৱেশ অনুকূল আৰু বহনক্ষম নিৰ্মাণক উৎসাহিত কৰিছিল।
পৰম্পৰাগত ঘাইপথৰ উপৰিও
ভাৰতৰ ঘাইপথসমূহ পৰিবহণৰ ইঞ্জিনৰ পৰা পৰিৱৰ্তনৰ ইঞ্জিনলৈ বিকশিত হৈছে। চহৰসমূহক সংযোগ কৰাৰ অভিযান হিচাপে আৰম্ভ হোৱাটো এতিয়া স্মাৰ্ট, স্থিতিস্থাপক আৰু ডিজিটেলভাৱে শক্তিশালী আন্তঃগাঁথনিৰ জালৰ জৰিয়তে প্ৰণালী, মানুহ, তথ্য আৰু সিদ্ধান্তসমূহ সংযোগ কৰাৰ এক অভিলাষী প্ৰচেষ্টাত পৰিণত হৈছে। GIS-চালিত পৰিকল্পনা, বুদ্ধিমান যাতায়াত ব্যৱস্থাপনা, ডিজিটেল টোল সংগ্ৰহ আৰু নাগৰিককেন্দ্ৰিক এপৰ সংমিশ্ৰণে ঘাইপথৰ নেটৱৰ্কক বাস্তৱ সময়ত অনুভৱ, সঁহাৰি জনোৱা আৰু শিকিব পৰা গাঁথনিলৈ ৰূপান্তৰ কৰিছে। প্ৰতিটো এক্সপ্ৰেছৱেই এতিয়া সংযোগ পথ আৰু ৰাষ্ট্ৰীয় চোৰাংচোৱাৰ কেন্দ্ৰ হিচাপে দ্বৈত ভূমিকা পালন কৰি ভাৰতত চলাচল কেৱল দ্ৰুত কৰাই নহয়, বৰঞ্চ অধিক নিৰাপদ, পৰিষ্কাৰ আৰু অধিক স্বচ্ছ হোৱাটো নিশ্চিত কৰিছে। প্ৰতিকিলোমিটাৰে কেৱল যান-বাহন চলাচলৰ উৰ্ধত বিশ্বাস, প্ৰযুক্তি আৰু পৰিৱৰ্তনক কঢ়িয়াই লৈ ফুৰে।
সমল
Ministry of Road Transport & Highways
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2174761
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2174411
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2159700
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2157694
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2156992
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2139029
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2115576
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2100383
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1945405
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2122700
https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2091508
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2111288
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2110972
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2081193
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2162163
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2122632
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2178596
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2144860
Press Information Bureau
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=154624&ModuleId=3
National Payments Corporation of India
https://www.npci.org.in/product/netc/about-netc
***
DPS/KD
(Explainer ID: 156005)
आगंतुक पटल : 39
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam