Social Welfare
ৰাষ্ট্ৰীয় একতা দিৱস: জাতীয় সংহতিৰ স্তম্ভ
Posted On:
30 OCT 2025 11:48AM
মুখ্য তথ্য
প্ৰতি বছৰে ৩১ অক্টোবৰত উদযাপন কৰা ৰাষ্ট্ৰীয় একতা দিৱসত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ো বৈচিত্ৰ্যতাৰ মাজত ঐক্যক প্ৰসাৰিত কৰি ভাৰতক একত্ৰিত কৰাৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেলৰ অনৱদ্য অৰিহণাক সন্মান জনোৱা হয়।
২০২৫ চনত চৰ্দাৰ পেটেলৰ ১৫০তম জন্ম জয়ন্তী পালন কৰা হ’ব।
প্ৰধানমন্ত্ৰী মোদীয়ে কেৱাড়িয়াৰ একতা নগৰত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপনত অংশগ্ৰহণ কৰিব।
ঐক্যৰ বাবে দৌৰ আৰু একতা মাৰ্চৰ দৰে বাৰ্ষিক কাৰ্যসূচীয়ে নাগৰিকসকলৰ, বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত দেশপ্ৰেম আৰু সামাজিক সম্প্ৰীতি গঢ়ি তোলাত সহায় কৰে।
পাতনি
ৰাষ্ট্ৰীয় একতা দিৱস ভাৰতত ৰাষ্ট্ৰীয় আৰু ৰাজনৈতিক সংহতি আৰু ঐক্যৰ প্ৰতিষ্ঠা কৰাত চৰ্দাৰ বল্লভভাই পেটেলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে তেওঁৰ জন্মজয়ন্তী উপলক্ষে প্ৰতি বছৰে ৩১ অক্টোবৰত পালন কৰা হয়। এই দিৱসে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব, শান্তি আৰু অখণ্ডতা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে তথা নাগৰিকসকলক বৈচিত্ৰ্যৰ মাজত ঐক্যৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা সোৱৰাই দিয়ে।

ভাৰত চৰকাৰে চৰ্দাৰ পেটেলৰ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানক সন্মান জনাই উদযাপন কৰাৰ বাবে ২০১৪ চনত প্ৰথমবাৰৰ বাবে এই দিৱসটো উদযাপন কৰা হৈছিল। ইয়াৰ পিছত, ৩১ অক্টোবৰ, ২০১৫ তাৰিখে অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা দিৱসৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিভিন্ন অঞ্চলৰ লোকসকলৰ মাজত এক উন্নত বুজাবুজি আৰু সম্পৰ্ক গঢ়ি তোলাৰ বাবে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' নামৰ এক পদক্ষেপৰ কথা ঘোষণা কৰে। তেতিয়াৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ মাজত এনে সম্পৰ্ক গঢ়ি তোলাৰ বাবে বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, বিদ্যালয়, মহাবিদ্যালয় আৰু যুৱ সংগঠনসমূহে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে এই দিৱস উদযাপন কৰি আহিছে।
এই বছৰৰ ৰাষ্ট্ৰীয় একতা দিৱসৰ উদযাপন বিশেষ। কিয়নো এইবাৰ চৰ্দাৰ পেটেলৰ ১৫০তম জন্মজয়ন্তী উদযাপন কৰা হৈছে।
মৌলিক ঐতিহ্য
ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল ১৯৪৭ চনত স্বাধীনতাৰ পিছত ৰাষ্ট্ৰীয় সংহতি প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ ভাৰতৰ প্ৰায় ৪০% ভূখণ্ড আৰু জনসংখ্যা সামৰি ৫৬০ ৰাজকীয় ৰাজ্যক একত্ৰিত কৰি ভাৰতীয় সংঘ নিৰ্মাণ কৰাৰ দায়িত্ব লৈছিল। ভাৰতীয় স্বাধীনতা আইনৰ অধীনত, ৰাজকীয় ৰাজ্যসমূহৰ শাসকসকলক ভাৰত বা পাকিস্তানত যোগদান কৰিব নে নাই সেই বিষয়ে সিদ্ধান্ত লোৱাৰ বিকল্প দিয়া হৈছিল। চৰ্দাৰ পেটেলে কূটনীতিমূলক আলোচনা, বুজনি আৰু প্ৰয়োজন অনুসৰি কঠোৰ প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰি ভাৰতক বিভক্ত হোৱাৰ পৰা ৰক্ষা কৰিছিল। তেওঁ নেতৃত্ব দিয়া ৰাজ্যিক বিভাগৰ জৰিয়তে, চৰ্দাৰ পেটেলে ১৯৪৭ চনৰ ১৫ আগষ্টৰ ভিতৰত বা তাৰ পিছতেই এই ৰাজ্যসমূহক সফলতাৰে একত্ৰিত কৰি আধুনিক ভাৰতৰ ভৌগোলিক অখণ্ডতা নিশ্চিত কৰিছিল। তেওঁৰ প্ৰচেষ্টাই সম্ভাৱ্য বিভাজন ৰোধ কৰিছিল আৰু এখন ঐক্যবদ্ধ গণতান্ত্ৰিক গণৰাজ্যৰ ভেটি স্থাপন কৰিছিল। এই "লোহ মানৱ"ৰ নিৰ্ণায়ক নেতৃত্বই দেশখনৰ অস্থিৰ বিভাজনৰ সময়ত আভ্যন্তৰীণ সুস্থিৰতা নিশ্চিত কৰিছিল। দেশৰ ঐক্য আৰু অখণ্ডতাক সুৰক্ষিত কৰি ৰখা ‘ষ্টীল ফ্ৰেম’ হিচাপে তেওঁ নিখিল ভাৰত সেৱাৰ সৃষ্টি কৰিছিল।


এক ভাৰত শ্ৰেষ্ঠ ভাৰত: চৰ্দাৰ পেটেলৰ ঐতিহ্যৰ সম্প্ৰসাৰণ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ অক্টোবৰ, ২০১৫ তাৰিখে চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪০তম জন্ম জয়ন্তী উপলক্ষে ঘোষণা কৰা "এক ভাৰত শ্ৰেষ্ঠ ভাৰত" (EBSB) উদ্যোগটোৱে চৰ্দাৰ পেটেলৰ এক ঐক্যবদ্ধ ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে। ই ভাৰতৰ বৈচিত্ৰ্যক আন্তঃক্ৰিয়া আৰু পাৰস্পৰিকতাৰ জৰিয়তে উদযাপন কৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত সাংস্কৃতিক আদান-প্ৰদান আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰে।
ইয়াৰ মূল উদ্দেশ্যসমূহ হ’ল:
নাগৰিকসকলৰ মাজত আৱেগিক বন্ধন শক্তিশালী কৰা।
গঠনমূলক আন্তঃৰাজ্যিক সম্পৰ্কৰ জৰিয়তে ৰাষ্ট্ৰীয় সংহতি গঢ়ি তোলা।
ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিৰ প্ৰদৰ্শন আৰু গৌৰৱবোধ কৰা।
দীৰ্ঘস্থায়ী অংশীদাৰিত্ব গঢ়ি তোলা, আৰু
অঞ্চলসমূহৰ মাজত পাৰস্পৰিক শিক্ষণ আৰু উত্তম পদ্ধতিসমূহৰ ভাগ-বতৰাক উৎসাহিত কৰা।
EBSB -এ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক একত্ৰিত কৰি ভাষিক, সাংস্কৃতিক আৰু শৈক্ষিক আদান-প্ৰদানৰ জৰিয়তে আৱেগিক বন্ধন শক্তিশালী কৰি "বৈচিত্ৰ্যৰ মাজত ঐক্য" ধাৰণাটোৰ প্ৰচাৰ কৰে। এই কাৰ্য্যকলাপসমূহে ৰাষ্ট্ৰীয় একতা দিৱসৰ বাৰ্তাক সদায়ৰ বাবে সম্প্ৰসাৰিত কৰে তথা ইয়াক ৰাষ্ট্ৰীয় সংহতিৰ বাবে এক বহনক্ষম আন্দোলনলৈ ৰূপান্তৰিত কৰে।
একতা দিৱসৰ দ্বাৰা অনুপ্ৰাণিত EBSB অনুষ্ঠান আৰু পদক্ষেপসমূহ:
ভাষা সংগম এপ – ২২টা চৰকাৰী ভাৰতীয় ভাষাত দৈনন্দিন ব্যৱহাৰৰ ১০০+ বাক্য শিকিবলৈ।
সাংস্কৃতিক প্ৰদৰ্শনী আৰু ব্যঞ্জন উৎসৱ।
ছাত্ৰ-ছাত্ৰী বিনিময় কাৰ্যসূচী - বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত "যুৱ সংগম" আৰু EBSB ক্লাবসমূহে যুৱক-যুৱতীসকলৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰি পাৰস্পৰিক যোগাযোগৰ সুবিধা প্ৰদান কৰে।
কাশী তামিল সংগমে কলা, ভাষা আৰু পৰম্পৰাৰ আদান-প্ৰদানৰ জৰিয়তে একতাক প্ৰসাৰিত কৰি কাশী আৰু তামিলনাডুৰ মাজৰ সাংস্কৃতিক আৰু আধ্যাত্মিক বন্ধন উদযাপন কৰে।
ডিজিটেল আৰু সম্প্ৰচাৰ অভিযান – মাই ভাৰত ডিজিটেল প'ৰ্টেল আৰু EBSB কুইজ প্ৰতিযোগিতাৰ দৰে পদক্ষেপসমূহে নাগৰিকসকলক একতা, দেশপ্ৰেম আৰু ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ জ্ঞানৰ প্ৰচাৰৰ বাবে অনলাইন মাধ্যমৰ যোগেৰে জড়িত কৰে।
EBSB প'ৰ্টেলটোৱে ৰাষ্ট্ৰীয় একতা দিৱসৰ আঁৰৰ দৃষ্টিভংগীক এক ডিজিটেল সম্প্ৰসাৰক হিচাপে কাম কৰে, যি ৰাষ্ট্ৰীয় সংহতি শক্তিশালী কৰা পদক্ষেপসমূহ নথিভুক্ত কৰা আৰু প্ৰচাৰ কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰে। ইয়াত আন্তঃৰাজ্যিক সাংস্কৃতিক আদান-প্ৰদান, যুৱক-যুৱতীৰ কাৰ্যকলাপ আৰু বিভিন্ন মন্ত্ৰালয়ে আয়োজন কৰা “এক ভাৰত শ্ৰেষ্ঠ ভাৰত” বেনাৰৰ অধীনত একতা দিৱসত কৰা পদক্ষেপৰ প্ৰতিবেদন দাখিল কৰা হয়। লাখ লাখ অংশগ্ৰহণকাৰী আৰু দৰ্শনাৰ্থীৰ সৈতে, প'ৰ্টেলটোৱে ইয়াৰ ডিজিটেল ভঁৰালৰ জৰিয়তে গোটেই বছৰটো একতাৰ ভাৱ জীয়াই ৰাখে, যেনে দেখো আপনা দেশ (পৰ্যটন) আৰু থলুৱা ক্ৰীড়া বৈশিষ্ট্য (ক্ৰীড়া)। তাৰোপৰি EBSB ৰ জৰিয়তে ভাৰতৰ বৈচিত্ৰ্য আৰু সামূহিক পৰিচয় প্ৰতিফলিত কৰা মাহেকীয়া কাৰ্যকলাপসমূহ আলোকপাত কৰা হয়।
২০২৫ চনৰ গুৰুত্ব: ১৫০তম জন্ম জয়ন্তী
এই অনুষ্ঠানটো এক বছৰজোৰা, দেশজুৰি পালন কৰা এক স্মৰণীয় অনুষ্ঠান হিচাপে পৰিকল্পনা কৰা হৈছে। এই মাইলৰ খুঁটিটোৱে সমসাময়িক ভাৰতত চৰ্দাৰ পেটেলৰ চিৰস্থায়ী প্ৰাসংগিকতাক আলোকপাত কৰে, বিশেষকৈ বিশ্বব্যাপী প্ৰত্যাহ্বানৰ মাজত একতা আৰু সামাজিক সংহতিৰ বজাই ৰখাৰ ক্ষেত্ৰত। ৰাষ্ট্ৰীয় একতা দিৱসৰ ভাৱধাৰা এক ভাৰত শ্ৰেষ্ঠ ভাৰত (EBSB)ৰ নীতিৰ সৈতেও গভীৰভাৱে জড়িত, যি সাংস্কৃতিক আদান-প্ৰদান, ভাষিক স্বীকৃতি, আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে নাগৰিকসকলৰ মাজত আবেগিক বান্ধোন শক্তিশালী কৰিব বিচাৰে। এই পদক্ষেপসমূহে একত্ৰিতভাৱে বৈচিত্ৰ্যতাৰ মাজত একতাৰ ধাৰণাটোক শক্তিশালী কৰে, যাৰ ফলত ৰাষ্ট্ৰীয় সংহতি এক অনুষ্ঠানৰ পৰা এক জন আন্দোলনলৈ ৰূপান্তৰিত হয়।
৩১ অক্টোবৰত পুৱা প্ৰায় ৮ বজাত প্ৰধানমন্ত্ৰীয়ে ষ্টেচু অৱ ইউনিটিত পুষ্পাঞ্জলি অৰ্পণ কৰিব, ইয়াৰ পিছতে চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হ’ব। চৰ্দাৰ পেটেলৰ ১৫০তম জন্ম জয়ন্তী উপলক্ষে নিৰ্ধাৰিত অনুষ্ঠান আৰু কাৰ্যসূচীসমূহ তলত উল্লেখ কৰা হ’ল:
|
খণ্ড
|
বিৱৰণ
|
|
মূল অনুষ্ঠানৰ তাৰিখ
|
৩১ অক্টোবৰ (বাৰ্ষিক) — ৰাষ্ট্ৰীয় ঐক্য দিৱস পালন কৰা হয়।
|
|
মূল পেৰেড/উদযাপনৰ স্থান (এই বছৰ)
|
- গুজৰাটৰ নৰ্মদা জিলাৰ একতা নগৰ (পূৰ্বতে ইউনিটি টাউন)।
-ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ দলৰ দ্বাৰা এয়াৰ শ্ব'।
|
|
পেৰেড – অংশগ্ৰহণকাৰী গোট
|
- ৯খন ৰাজ্যৰ পৰা ১৬টা মাৰ্চিং দল + ১টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী।
- ৪টা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF)
- এনচিচি কেডেট
- বিশেষ অংশ: যেনে, বিএছএফ দল, অসম আৰক্ষীৰ মটৰচাইকেল প্ৰদৰ্শন, বিএছএফ উটৰ দল আৰু বেণ্ড।
|
|
মহিলা বিষয়াৰ ভূমিকা/বিশেষ আলোকপাত
|
প্ৰধানমন্ত্ৰীক আগবঢ়োৱা গাৰ্ড অৱ অনাৰৰ নেতৃত্ব এগৰাকী মহিলা বিষয়াই দিব।
|
|
সাংস্কৃতিক কাৰ্যসূচী আৰু প্ৰতীকপট
|
- "বৈচিত্ৰ্যতাৰ মাজত একতা" শীৰ্ষক বিষয়বস্তুৰ অধীনত বিভিন্ন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰা প্ৰতীকপট ।
- প্ৰায় ৯০০ শিল্পীৰ সৈতে সংস্কৃতি মন্ত্ৰালয়ৰ এক বৃহৎ সাংস্কৃতিক কাৰ্যসূচী, য'ত ভাৰতীয় শাস্ত্ৰীয় আৰু লোককলা প্ৰদৰ্শন কৰা হ'ব।
|
|
বৰ্দ্ধিত উৎসৱ/ "ভাৰত পৰ্ব"
|
২০২৫ চনৰ ১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ একতা নগৰত ভাৰত পৰ্ব অনুষ্ঠিত হ'ব। এই পৰ্বত বিভিন্ন ৰাজ্যৰ সাংস্কৃতিক অনুষ্ঠান আৰু ব্যঞ্জন উৎসৱ অনুষ্ঠিত হ'ব। ১৫ নৱেম্বৰত ভগৱান বিৰছা মুণ্ডা জয়ন্তী উপলক্ষে বিশেষ কাৰ্যসূচীৰে এই উৎসৱৰ সামৰণি কৰা হ'ব। এই উৎসৱত আমাৰ জনজাতীয় সম্প্ৰদায়ৰ গৌৰৱময় সংস্কৃতি আৰু স্থিতিস্থাপকতাৰ ওপৰত আলোকপাত কৰা হ'ব।
|
|
অন্যান্য লজিষ্টিক হাইলাইট
|
- দিল্লীত (ৰাজঘাটৰ পৰা লালকিল্লালৈ) "একতাৰ বাবে দৌৰ" মাৰাথনত দিব্যাংগ ব্যক্তি, ছাত্ৰ-ছাত্ৰী, চিএপিএফ আদিয়ে অংশগ্ৰহণ কৰিব ।
- অনুষ্ঠান সপ্তাহত একতা নগৰত প্ৰায় ২৮০ কোটি টকাৰ আন্তঃগাঁথনিমূলক প্ৰকল্প উদ্বোধন/আধাৰশিলা স্থাপন কৰা হ'ব।
|
|
ভাৰতীয় জাতৰ কুকুৰৰ এক অনন্য মাৰ্চিং দল

২০২৫ চনত ৰাষ্ট্ৰীয় একতা দিৱসৰ পেৰেডত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ ভাৰতীয় জাতৰ কুকুৰ বিশেষকৈ ৰামপুৰ হাউণ্ড আৰু মুধোল হাউণ্ডৰ এক অনন্য মাৰ্চিং দলে অভিযানত নিজৰ ভূমিকা প্ৰদৰ্শন কৰিব। আত্মনিৰ্ভৰ ভাৰতৰ ভাৱধাৰাক প্ৰতিফলিত কৰা এই থলুৱা প্ৰজাতিসমূহে তেওঁলোকৰ ব্যতিক্ৰমী দক্ষতা প্ৰদৰ্শন কৰিব, যি সৰ্বভাৰতীয় আৰক্ষী কুকুৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা মুধোল হাউণ্ড "ৰিয়া"ই নেতৃত্ব দিব। গুজৰাটৰ একতা নগৰত পেৰেডত এই অংশগ্ৰহণে ৰাষ্ট্ৰীয় সুৰক্ষাত তেওঁলোকৰ অৱদানক আলোকপাত কৰে আৰু ভাৰতৰ থলুৱা ঐতিহ্য উদযাপন কৰি বৈচিত্ৰ্যৰ মাজত একতাৰ বিষয়বস্তুক গুৰুত্ব দিয়ে।
|
চৰ্দাৰ@১৫০ ঐক্য সমদল
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে 'এক ভাৰত, আত্মনিৰ্ভৰ ভাৰত'ৰ নীতিৰ সৈতে সংগতি ৰাখি যুৱক-যুৱতীসকলৰ মাজত একতা, দেশপ্ৰেম আৰু নাগৰিক দায়বদ্ধতা বৃদ্ধি কৰিবলৈ মাই ভাৰত প্লেটফৰ্মৰ জৰিয়তে দেশজুৰি একতা যাত্ৰাৰ আয়োজন কৰিছে। ২০২৫ চনৰ ৬ অক্টোবৰত কেন্দ্ৰীয় মন্ত্ৰী ড° মনসুখ মাণ্ডৱীয়াই মাই ভাৰত প'ৰ্টেলত এই যাত্ৰাৰ শুভাৰম্ভ কৰে। এই পদক্ষেপত ছ'চিয়েল মিডিয়া ৰীলছ প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা আৰু চৰ্দাৰ@১৫০ যুৱ নেতাৰ দৰে কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে আৰু ১৫০ জন বিজয়ীয়ে ৰাষ্ট্ৰীয় পদযাত্ৰাত অংশগ্ৰহণ কৰিব।


একতা পদযাত্ৰা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত ৩১ অক্টোবৰৰ পৰা ২৫ নৱেম্বৰ, ২০২৫ লৈ প্ৰতিখন সংসদীয় সমষ্টিৰ ভিতৰত থকা সকলো জিলাতে জিলা পৰ্যায়ৰ পদযাত্ৰা অনুষ্ঠিত হ'ব। এই পদযাত্ৰাৰ পূৰ্বে প্ৰবন্ধ আৰু তৰ্ক প্ৰতিযোগিতা, চৰ্দাৰ পেটেলৰ জীৱন আৰু অৱদানৰ ওপৰত আলোচনা চক্ৰ, বিদ্যালয় আৰু মহাবিদ্যালয়ত বাটৰ নাট আদিৰ দৰে সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হ'ব। পদযাত্ৰাৰ সমান্তৰালভাৱে জিলাজুৰি বিভিন্ন উন্নয়নমূলক কাম-কাজ হাতত লোৱা হ'ব - যেনে জলাশয় চাফ-চিকুণতা অভিযান, "চৰ্দাৰ উপৱন" আঁচনিৰ অধীনত গছপুলি ৰোপণ অভিযান, মহিলা কল্যাণ শিবিৰ, যোগ আৰু স্বাস্থ্য শিবিৰ, আৰু "ভোকেল ফৰ লোকেল" প্ৰচাৰ অভিযান। ২৬ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰ, ২০২৫ লৈ ৰাষ্ট্ৰীয় পদযাত্ৰা কৰমছাদ (গুজৰাটত চৰ্দাৰ পেটেলৰ জন্মস্থান)ৰ পৰা কেভাডিয়াত থকা ষ্টেচু অৱ ইউনিটিলৈ ১৫২ কিলোমিটাৰ পথ অতিক্ৰম কৰিব, য'ত এনএছএছ ছাত্ৰ-ছাত্ৰী, এনচিচি কেডেট, মাই ভাৰতৰ স্বেচ্ছাসেৱক আৰু যুৱ নেতাসকলৰ অংশগ্ৰহণেৰে পথৰ দাঁতিৰ গাঁওসমূহত সমূহীয়া উন্নয়নমূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ভাৰতৰ বিভিন্ন সংস্কৃতি আৰু চৰ্দাৰ পেটেলৰ জীৱনক প্ৰদৰ্শন কৰা এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হ'ব।
একতাৰ বাবে দৌৰ
ৰাষ্ট্ৰীয় একতা দিৱসৰ বাবে চৰকাৰ-নিৰ্দেশিত অভিযানসমূহত "একতাৰ বাবে দৌৰ"ক বিশেষ স্থান দিয়া হয়, যি হৈছে ৰাষ্ট্ৰীয় সংহতিৰ দিশত সামূহিক অগ্ৰগতিৰ প্ৰতীকস্বৰূপ এক দেশজোৰা মাৰাথন অনুষ্ঠান। ২০২৫ চনত মূল অনুষ্ঠানৰ পূৰ্বেই ৩১ অক্টোবৰত একতাৰ বাবে দৌৰ অনুষ্ঠিত হ’ব, য’ত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ নেতৃত্বত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ফ্লেগ অফ অনুষ্ঠানকে ধৰি চহৰসমূহত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণৰ আশা কৰা হৈছে। মাননীয় প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ তম জন্ম জয়ন্তী উপলক্ষে একতাৰ বাবে দৌৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সমগ্ৰ দেশৰ নাগৰিকসকলক আহ্বান জনাইছে।
সামৰণি
ৰাষ্ট্ৰীয় একতা দিৱস চৰ্দাৰ পেটেলৰ দূৰদৃষ্টিসম্পন্ন নেতৃত্বৰ এক চিৰন্তন সোঁৱৰণী, যিয়ে বিভিন্ন ৰাজকীয় ৰাজ্যসমূহৰ পৰা এক ঐক্যবদ্ধ ভাৰত গঢ়ি তোলাত সহায় কৰিছিল। এই ভেটিয়ে দেশৰ প্ৰগতি অব্যাহত ৰাখিছে। শ্ৰদ্ধা আৰু সমসাময়িক দায়বদ্ধতাক শপত, সমদল আৰু সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে একত্ৰিত কৰা এই উদযাপনে কেৱল অতীতৰ জয়সমূহক স্মৰণ কৰাই নহয়, বৰঞ্চ আধুনিক বিভাজনকাৰী শক্তিবোৰক সক্ৰিয়ভাৱে প্ৰতিহত কৰে, তথা "এক ভাৰত, শ্ৰেষ্ঠ ভাৰত"ৰ আদৰ্শক শক্তিশালী কৰে। ৰাষ্ট্ৰীয় একতা দিৱসে ৰাষ্ট্ৰীয় সংহতিৰ এক প্ৰতীকী দিন চিহ্নিত কৰাৰ লগতে, এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ জৰিয়তে ৰাষ্ট্ৰীয় ভাষা সমাৰোহ, সাংস্কৃতিক প্ৰদৰ্শনী আৰু যুৱ পৰিৱৰ্তন কাৰ্যসূচীৰ দৰে গঠনমূলক কাৰ্যকলাপৰ জৰিয়তে গোটেই বছৰটোত এই লক্ষ্যসমূহক আগুৱাই লৈ যায়। এই ধাৰাবাহিক পদক্ষেপসমূহে বাৰ্ষিক পালনৰ বাহিৰতো বৈচিত্ৰ্যতাৰ মাজত ঐক্যৰ মনোভাৱ অনুৰণিত হৈ থকাত সহায় কৰে।
সমল
Press Information Bureau:
Ministry of Youth Affairs & Sports
***
DPS
(Backgrounder ID: 155823)
Visitor Counter : 10
Provide suggestions / comments