• Skip to Content
  • Sitemap
  • Advance Search
Social Welfare

ভাৰতৰ ধ্ৰুপদী ভাষা

ভাৰতৰ ভাষিক ঐতিহ্যৰ সংৰক্ষণ

Posted On: 27 OCT 2025 10:02AM

মুখ্য তথ্য

ভাৰত চৰকাৰে ২০২৪ চনৰ ৩ অক্টোবৰত মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক “ধ্ৰুপদী ভাষা”ৰ মৰ্যাদা প্ৰদান কৰিছিল।

২০২৫ চনৰ অক্টোবৰ মাহলৈকে মুঠ ১১টা ভাৰতীয় ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে।

পূৰ্বতে ২০০৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ছটা ভাৰতীয় ভাষা- তামিল, সংস্কৃত, কান্নাড়া, তেলুগু, মালয়ালম আৰু ওড়িয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছিল।

 

পাতনি

ভাৰতৰ এক সমৃদ্ধ, বৈচিত্ৰ্যপূৰ্ণ ভাষিক ঐতিহ্য আছে। দেশজুৰি বহুতো ভাষা আৰু উপভাষা কোৱা হয়। ভাৰত চৰকাৰে বিভিন্ন নীতি, কাৰ্যসূচী আৰু পদক্ষেপৰ জৰিয়তে দেশৰ ভাষিক ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে কাম কৰে। প্ৰাচীন শিপা, সাহিত্য, দৰ্শন আৰু সংস্কৃতিৰ সমৃদ্ধ ঐতিহ্যমণ্ডিত ভাষাক স্বীকৃতি আৰু প্ৰচাৰ দিয়াৰ এক উপায় হ'ল “ধ্ৰুপদী ভাষা"ৰ মৰ্যাদা । ভাৰত চৰকাৰে কিছুমান নিৰ্দিষ্ট মাপকাঠী পূৰণ কৰা ভাষাক "ধ্ৰুপদী ভাষা"ৰ মৰ্যাদা প্ৰদান কৰে আৰু এই ভাষাসমূহৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে সমৰ্থন প্ৰদান কৰে। ৩ অক্টোবৰ, ২০২৪ তাৰিখে কেন্দ্ৰীয় কেবিনেটে মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক এই শ্ৰেণীত যোগ কৰাৰ বাবে অনুমোদন জনাইছিল, যাৰ ফলত বৰ্তমান দেশত ধ্ৰুপদী ভাষাৰ মুঠ সংখ্যা ১১ হৈছে।

A blue squares with white textAI-generated content may be incorrect.

 

ধ্ৰুপদী ভাষাৰ মৰ্যাদা গুৰুত্বপূৰ্ণ কিয়

কোনো ভাষাক ধ্ৰুপদী ভাষা বুলি স্বীকৃতি দিয়াটোৱে হৈছে ইয়াৰ ঐতিহাসিক গুৰুত্ব আৰু ভাৰতৰ সাংস্কৃতিক আৰু বৌদ্ধিক পৰিচয়ৰ ওপৰত ইয়াৰ গভীৰ প্ৰভাৱক সন্মান জনোৱা আৰু স্বীকৃতি দিয়া। ইয়াৰ লগতে ই হাজাৰ বছৰীয়া প্ৰাচীন জ্ঞান, দৰ্শন আৰু মূল্যবোধক সংৰক্ষণ আৰু প্ৰচাৰ কৰাত সহায় কৰে। এই মৰ্যাদাই কেৱল ভাষাৰ মৰ্যাদাই বৃদ্ধি নকৰে, বৰঞ্চ এই ভাষাসমূহক সুৰক্ষিত কৰা, প্ৰচাৰ কৰা আৰু অধিক অধ্যয়ন কৰাৰ প্ৰচেষ্টাকো সমৰ্থন কৰে। ইয়াৰ ফলত এই ভাষাসমূহ আজিৰ পৃথিৱীত প্ৰাসংগিক হৈ থকাটো নিশ্চিত হয়।

 

ভাষা এটাক কিদৰে "ধ্ৰুপদী" হয়

ভাৰত চৰকাৰে সংস্কৃতি মন্ত্ৰালয়ৰ জৰিয়তে আৰু ভাষিক আৰু ঐতিহাসিক বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰি এটা ভাষাক ধ্ৰুপদী ভাষা হিচাপে মনোনীত কৰাৰ বাবে মানদণ্ড নিৰ্ধাৰণ কৰিছে।

এটা ভাষা ধ্ৰুপদী ভাষা হিচাপে শ্ৰেণীভুক্ত কৰাৰ মাপকাঠীসমূহ তলত উল্লেখ কৰা হ'ল:

  • ইয়াৰ প্ৰাৰম্ভিক গ্ৰন্থ বা লিপিবদ্ধ ইতিহাসৰ ১,৫০০-২,০০০ বছৰ পৰ্যন্ত পুৰণি প্ৰাচীনতা ।
  • প্ৰাচীন সাহিত্য বা গ্ৰন্থৰ অৱস্থিতি যি কেইবাটাও প্ৰজন্মই ঐতিহ্য বুলি গণ্য কৰে।
  • জ্ঞান গ্ৰন্থ, বিশেষকৈ গদ্য গ্ৰন্থ, কবিতাৰ উপৰিও, পুৰণি লিপি আৰু প্ৰস্তলিপি থকাৰ প্ৰমাণ।
  • ধ্ৰুপদী ভাষা আৰু সাহিত্য, বৰ্তমানৰ ৰূপৰ পৰা পৃথক হ'ব পাৰে বা মূলৰ পৰা আহৰণ কৰা পিছত মৌলিক ৰূপৰ সৈতে বিচ্ছিন্ন হ’ব পাৰে।

 

ভাৰতৰ ভাষিক ঐতিহ্যৰ বিস্তাৰ: ২০২৪ চনত নতুন সংযোজন

২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ছয়টা ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল। এই ভাষাসমূহ হ’ল- তামিল, সংস্কৃত, তেলেগু, কানাড়া, মালয়ালম আৰু ওড়িয়া। ২০২৪ চনৰ ৩ অক্টোবৰত কেন্দ্ৰীয় মন্ত্ৰীসভাই মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক এই শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ বাবে অনুমোদন জনায়। ইয়াৰ ফলত স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী ভাষাৰ সংখ্যা এঘাৰটালৈ বৃদ্ধি পায়।

 

মাৰাঠী

মাৰাঠী ভাষা ভাৰতৰ মহাৰাষ্ট্ৰত প্ৰধানকৈ কথিত এটা ইণ্ডো-আৰ্য ভাষা। ইয়াৰ সাহিত্যিক ইতিহাস এক হাজাৰ বছৰতকৈও অধিক পুৰণি। প্ৰায় ১১০ নিযুত জনসংখ্যাৰ দ্বাৰা কথিত মাৰাঠী ভাষা বিশ্বৰ ১৫টা সৰ্বাধিক কথিত ভাষাৰ ভিতৰত অন্যতম।

এই ভাষাৰ উৎপত্তি প্ৰাচীন মহাৰাঠী, মাৰাঠী, মহাৰাষ্ট্ৰী প্ৰাকৃত আৰু অপভ্রংশ মাৰাঠী আদি ভাষাৰ পৰা ২৫০০ বছৰ আগতে হৈছিল। এই ভাষাৰ বহুতো পৰিৱৰ্তন হৈছে যদিও বিভিন্ন ঐতিহাসিক পৰ্যায়ৰ মাজেৰে ইয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ আছে।  

অঞ্চলটোত আধুনিক মাৰাঠী ভাষা সাতবাহন যুগৰ (খ্ৰীষ্টপূৰ্ব ২য় শতিকাৰ পৰা খ্ৰীষ্টাব্দ ২য় শতিকা) প্ৰাকৃত ভাষাৰ উপভাষা মহাৰাষ্ট্ৰী প্ৰাকৃতৰ পৰা এই ভাষাৰ উৎপত্তি হৈছিল।

 

মাৰাঠী সাহিত্যৰ অৱদান

প্ৰাচীনতম মাৰাঠী সাহিত্যিক গ্ৰন্থ গথাসপ্তশতী প্ৰায় ২০০০ বছৰ পুৰণি আৰু ই প্ৰাচীন মাৰাঠী কবিতাৰ উৎকৰ্ষতাক আলোকপাত কৰে। এয়া সাতবাহন ৰজা হলাৰ নামত প্ৰকাশিত প্ৰথম শতিকাত লিখিত কবিতাৰ সংকলন। প্ৰথম শতিকাত মাৰাঠী ভাষাৰ পৰিপক্কতাৰ পৰ্যায়ত উপনীত হোৱাৰ পিছত লিলাচৰিত্ৰ আৰু জ্ঞানেশ্বৰীৰ প্ৰকাশ ঘটে।

বহুতো শিলালিপি, তাম্ৰলিপি, পাণ্ডুলিপি আৰু পুৰণি ধৰ্মীয় গ্ৰন্থ (পথি) আদিয়ে মাৰাঠী ভাষাৰ সমৃদ্ধ ঐতিহাসিক শিপা সুন্দৰভাৱে প্ৰকাশ কৰিছে।

২৫০০ বছৰৰ আগতেই মাৰাঠী ভাষাৰ ব্যৱহাৰৰ উল্লেখ থকা নানেঘাটা শিলালিপি এক অসাধাৰণ শিল্পকৰ্ম।

তদুপৰি প্ৰাচীন ভাৰতীয় গ্ৰন্থ বিনয়পিটক, দীপবংশ, আৰু মহাবংশ আদিৰ লগতে কালিদাস, বৰৰুচি আদি প্ৰসিদ্ধ লেখকৰ গ্ৰন্থতো মাৰাঠী ভাষাৰ উল্লেখ আছে। মাৰাঠী ভাষাৰ সাহিত্যিক ঐতিহ্যৰ ভিতৰত সন্ত জ্ঞানেশ্বৰ, নামদেৱ, তুকাৰাম আদিৰ সাধুকথাৰ গ্ৰন্থ আছে।

 

পালি

প্ৰাচীন ভাৰতৰ ইতিহাস পুনৰুদ্ধাৰৰ বাবে পালি ভাষাৰ অধ্যয়ন অতি প্ৰয়োজনীয়। ইয়াৰ সাহিত্যত অতীতৰ ওপৰত পোহৰ পেলাব পৰা বহুতো মূল্যৱান সমল আছে। বহুতো পালি গ্ৰন্থ এতিয়াও দুৰ্লভ পাণ্ডুলিপিত লুকাই আছে। শ্ৰীলংকা, ম্যানমাৰ, থাইলেণ্ড আদি বৌদ্ধ দেশ আৰু চট্টগ্ৰাম আদি অঞ্চলৰ লগতে জাপান, কোৰিয়া, তিব্বত, চীন আৰু মংগোলিয়াতো পালি ভাষাৰ অধ্যয়ন অব্যাহত আছে। উল্লেখযোগ্য যে এই দেশসমূহত বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ সংখ্যা বেছি।

বৌদ্ধ পণ্ডিত বুদ্ধঘোষৰ ভাষ্যত পালিৰ প্ৰাচীনতম উল্লেখ পোৱা যায়।

 

পালি ভাষাৰ সাহিত্যিক অৱদান

পালি ভাষা বিভিন্ন উপভাষাৰ পৰা গঢ় লৈ উঠা এক সমৃদ্ধ ভাষা। প্ৰাচীন ভাৰতত বৌদ্ধ আৰু জৈন ধৰ্মীয় সম্প্ৰদায়ৰ লোকসকলে পালি ভাষাক পৱিত্ৰ ভাষা হিচাপে গ্ৰহণ কৰিছিল। প্ৰায় ৫০০ খ্ৰীষ্টপূৰ্বত ভগৱান বুদ্ধই পালি ভাষাত তেওঁৰ ধৰ্মোপদেশ দিছিল। বৌদ্ধ ধৰ্মীয় সাহিত্যৰ সমগ্ৰ সংকলন পালি ভাষাত লিখা হৈছে। ইয়াৰ ভিতৰত টিপিটাক নামৰ গ্ৰন্থখন উল্লেখযোগ্য। টিপিটাকৰ অৰ্থ হৈছে "তিনিগুণ পাচি"।

প্ৰথম খণ্ড বিনয় পিটকত বৌদ্ধ ভিক্ষুসকলৰ বাবে মঠৰ নিয়মসমূহ উল্লেখ কৰা হৈছে, য'ত নৈতিক আচৰণ আৰু সামাজিক জীৱনৰ বাবে এক কাঠামো প্ৰদান কৰা হৈছে।

দ্বিতীয় খণ্ড সুত্ত পিটকত বুদ্ধৰ ভাষণ আৰু কথোপকথনসমূহ সন্নিবিষ্ট কৰা হৈছে, য'ত তেওঁৰ জ্ঞান আৰু দাৰ্শনিক অন্তৰ্দৃষ্টিসমূহ সাৱটি লোৱা হৈছে।

শেষত, অভিধম্ম পিটকত নীতি, মনোবিজ্ঞান আৰু জ্ঞানৰ তত্ত্বৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ গভীৰ বিশ্লেষণ আগবঢ়োৱা হৈছে। তাৰোপৰি  যিয়ে মন আৰু বাস্তৱতাৰ এক গভীৰ বিশ্লেষণ আগবঢ়ায়।

পালি সাহিত্যত জাতক কথাসমূহ অন্তৰ্ভুক্ত আছে, যিবোৰ বুদ্ধৰ পূৰ্বৰ জীৱনৰ কাহিনী, যেনে বোধিসত্ত্ব বা ভৱিষ্যতৰ বুদ্ধ। এই কাহিনীসমূহে ভাৰতীয় সাধাৰণ ঐতিহ্যৰ সৈতে সংযোগ স্থাপন কৰে, যিয়ে উমৈহতীয়া নৈতিক মূল্যবোধ আৰু পৰম্পৰাক প্ৰতিফলিত কৰে। এইবোৰে ভাৰতীয় চিন্তা আৰু আধ্যাত্মিকতাক সংৰক্ষণ কৰাত পালিৰ ভূমিকাক আলোকপাত কৰে।

 

প্ৰাকৃত

মধ্য ইন্দো-আৰ্য ভাষাৰ এক পৰিসৰক প্ৰতিনিধিত্ব কৰা প্ৰাকৃত ভাষা ভাৰতৰ চহকী ভাষিক আৰু সাংস্কৃতিক ঐতিহ্য বুজিবলৈ অপৰিহাৰ্য। এই প্ৰাচীন ভাষা কেৱল বহুতো আধুনিক ভাৰতীয় ভাষাৰ ভেটি হিচাপে কাম কৰাই নহয়, ই উপমহাদেশখনৰ ঐতিহাসিক কাহিনীক গঢ় দিয়া বিভিন্ন পৰম্পৰা আৰু দৰ্শনসমূহকো সামৰি লয়। আদি শংকৰাচাৰ্যৰ মতে, "বাচঃ প্ৰাকৃত সংস্কৃতৌ শ্ৰুতিগ্ৰো"- প্ৰাকৃত আৰু সংস্কৃত ভাষাই হৈছে ভাৰতীয় জ্ঞানৰ প্ৰকৃত বাহন।

 

প্ৰাকৃত ভাষাৰ অৱদান

ভাষাবিদ আৰু পণ্ডিতসকলৰ মাজত প্ৰাকৃত ভাষা বহুলভাৱে স্বীকৃত। পাণিনি, চণ্ড, বৰৰুচি আৰু সামন্তভদ্ৰৰ দৰে আচাৰ্যসকলে ইয়াৰ ব্যাকৰণ গঢ় দিছিল। মহাত্মা বুদ্ধ আৰু মহাবীৰে প্ৰাকৃত ভাষাৰ সহায়ত ধৰ্মোপদেশ দিছিল, যাৰ ফলত তেওঁলোকে জনসাধাৰণৰ মাজলৈ যাবলৈ সক্ষম হৈছিল। আঞ্চলিক সাহিত্যত ইয়াৰ বিশেষ প্ৰভাৱ দেখা যায়। নাট্য, কাব্যিক আৰু দাৰ্শনিক ৰচনাসমূহে জ্যোতিষ, গণিত, ভূ-তত্ত্ব, ৰসায়ন বিজ্ঞান আৰু উদ্ভিদ বিজ্ঞানৰ দৰে ক্ষেত্ৰত অৰিহণা যোগাইছে। ভাৰতীয় ভাষাবিজ্ঞান আৰু উপভাষাসমূহৰ বাবে প্ৰাকৃত অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ এক চহকী ঐতিহ্য আছে। ৰাষ্ট্ৰভাষা হিন্দী পৰম্পৰা প্ৰাকৃত-অপভ্রংশৰ পৰা বিকশিত হৈছে। বৈদিক ভাষাতো যথেষ্ট প্ৰাকৃত উপাদান দেখা যায়, যিয়ে ভাৰতৰ ভাষাগত বিৱৰ্তন বুজিবলৈ ইয়াক অধ্যয়ন কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। প্ৰাকৃত শিলালিপি ভাৰতৰ অতীতৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰা গুৰুত্বপূৰ্ণ ঐতিহাসিক নথি হিচাপে কাম কৰে। মৌৰ্য্য যুগৰ পূৰ্বৰ শিলালিপিৰ লগতে ৰজা অশোক আৰু খাৰভেলৰ শিলালিপি প্ৰধানকৈ প্ৰাকৃত ভাষাত লিখা হৈছিল।

আচাৰ্য ভৰতমুনিয়ে শৈল্পিক অভিব্যক্তি আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰে সমৃদ্ধ তেওঁৰ মৌলিক গ্ৰন্থ 'নাট্যশাস্ত্ৰ'ত প্ৰাকৃতক সংখ্যাগৰিষ্ঠ ভাৰতীয় লোকৰ ভাষা হিচাপে স্বীকৃতি দিছিল। এই স্বীকৃতিয়ে সাধাৰণ মানুহৰ মাজত যোগাযোগৰ মাধ্যম হিচাপে প্ৰাকৃতৰ সহজলভ্যতা আৰু গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

হিন্দী, বাংলা আৰু মাৰাঠীৰ দৰে ভাষাসমূহে প্ৰাকৃতৰ পৰাই নিজৰ বিকাশৰ সন্ধান কৰে, যাৰ ফলত আধুনিক ভাষাসমূহৰ উৎপত্তি আৰু বিৱৰ্তনৰ বিষয়ে বিস্তৃত ধাৰণা লাভ কৰিবলৈ প্ৰাকৃত সাহিত্যৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

 

অসমীয়া

অসমৰ চৰকাৰী ভাষা অসমীয়াৰ মূল সংস্কৃত। ইয়াৰ বিকাশ খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰাই আৰম্ভ হৈছিল। ইয়াৰ প্ৰত্যক্ষ পূৰ্বপুৰুষ হ'ল মাগধী অপভ্রংশ, যি পূব প্ৰাকৃতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এটা উপভাষা। ভাষাবিদ জি.এ. গ্ৰিয়েৰছনে উল্লেখ কৰিছিল যে মাগধী আছিল অঞ্চলটোৰ প্ৰধান উপভাষা, আনহাতে পূবৰ, প্ৰাচ্য অপভ্রংশ, দক্ষিণ আৰু দক্ষিণ-পূবত বিয়পি পৰিছিল, যি অৱশেষত আধুনিক বাংলা ভাষালৈ বিকশিত হৈছিল। প্ৰাচ্য অপভ্রংশ পূব দিশে বিস্তৃত হোৱাৰ লগে লগে ই গংগাৰ উত্তৰ দিশ পাৰ হৈ অসম উপত্যকাত উপস্থিত হৈছিল, য'ত ই অসমীয়ালৈ ৰূপান্তৰিত হৈছিল। অসমীয়াৰ বিষয়ে প্ৰথম উল্লেখ পোৱা যায় কথা গুৰুচৰিতত। "অসমীয়া" শব্দটোৰ উৎপত্তি সম্পৰ্কে বিভিন্ন ব্যাখ্যা আছে; কিছুমান পণ্ডিতে ইয়াক ভৌগোলিক বৈশিষ্ট্যৰ সৈতে সংযোগ কৰে, আনহাতে আন কিছুমানে ইয়াক আহোম ৰাজবংশৰ সৈতে সংযোগ কৰে, যিয়ে এই অঞ্চলত প্ৰায় ছয় শতিকা শাসন কৰিছিল। উত্তৰ বংগকে ধৰি ব্ৰহ্মপুত্ৰ উপত্যকাক মহাভাৰতত প্ৰাগজ্যোতিষপুৰ আৰু চতুৰ্থ শতিকাৰ সামুদ্ৰগুপ্তৰ স্তম্ভ শিলালিপিত কামৰূপ বুলি কোৱা হৈছে। ইংৰাজীকৃত শব্দ "Assam" "অসম"ৰ পৰা উদ্ভৱ হৈছে, যি ব্ৰহ্মপুত্ৰ উপত্যকাক বুজায়, আৰু ইয়াৰ পৰা "অসমীয়া" হৈছে, যি অঞ্চলটোত কোৱা ভাষাক বুজায়। অষ্টম শতিকালৈ অসমীয়া ভাষা ইতিমধ্যে এক ভাষা হিচাপে বিকশিত হৈছিল। অসমীয়া ভাষাৰ উড়িয়া আৰু বাংলা ভাষাৰ সৈতে এক উমৈহতীয়া ভাষিক ঐতিহ্য আছে, যি সকলোবোৰ একে মাতৃ উপভাষা মাগধী অপভ্রংশৰ পৰা উদ্ভৱ হৈছে।

 

অসমীয়া ভাষাৰ সাহিত্যিক অৱদান

প্ৰাক-আধুনিক অসমীয়া লিপিৰ প্ৰথম উদাহৰণ পোৱা যায় চৰ্যাপদত। এই চৰ্যাপদসমূহ হৈছে প্ৰাচীন বৌদ্ধ তান্ত্ৰিক গ্ৰন্থ। এই গ্ৰন্থসমূহ বৌদ্ধ সিদ্ধাচাৰ্য্যসকলে ৰচনা কৰিছিল আৰু এই গ্ৰন্থসমূহৰ সময়কাল অষ্টম আৰু দ্বাদশ শতিকাৰ ভিতৰত।

চৰ্যাপদসমূহৰ অসমীয়া আৰু অন্যান্য মগধীয় ভাষাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে। ইয়াৰ দ্বাৰা ভাৰতীয় ভাষাসমূহৰ কেইবাটাও বিৱৰ্তনৰ স্তৰ প্ৰকাশ পাইছে।

চৰ্যাপদৰ শব্দভাণ্ডাৰত কিছুমান শব্দ আছে যিবোৰ স্পষ্টভাৱে অসমীয়া।

তদুপৰি ধ্বনিবিজ্ঞান আৰু ৰূপতত্ত্বৰ ক্ষেত্ৰত শব্দভাণ্ডাৰবোৰ সাধাৰণ অসমীয়া শব্দৰ সৈতে ঘনিষ্ঠভাৱে মিল আছে। ইয়াৰে বহুকেইটা শব্দ আধুনিক ভাষাতো ৰৈ গৈছে।

 

বাংলা

ভাৰতৰ অন্যতম প্ৰধান ভাষা বাংলা ভাষাৰ উপমহাদেশৰ সাংস্কৃতিক আৰু ভাষিক ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান আছে। বাংলা ভাষাৰ কবি, লেখক আৰু পণ্ডিতসকলৰ দ্বাৰা কেৱল বংগৰ সাংস্কৃতিক পৰিচয়েই নহয়, ভাৰতৰ জাতীয় চেতনাও গঢ় লৈ উঠিছে। বাংলা ভাষাৰ প্ৰথম সাহিত্যৰ সন্ধান দশম আৰু দ্বাদশ শতিকাৰ পৰা পোৱা যায়। সংস্কৃত মহাকাব্যৰ প্ৰথম অনুবাদৰ পৰা ১৯ আৰু ২০ শতিকাৰ বিপ্লৱী সাহিত্যলৈকে বাংলা সাহিত্যই সামাজিক, ৰাজনৈতিক আৰু বৌদ্ধিক আন্দোলনক সক্ৰিয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

বাংলা, অসমীয়া আৰু উৰিয়াৰ লগতে মাগধী, মৈথিলী আৰু ভোজপুৰী ভাষাসমূহৰ সৈতে দক্ষিণ-পূব অঞ্চলৰ ভাষিক গোট গঠন হয়। ইয়াৰ তাৎক্ষণিক উৎস মাগধী প্ৰাকৃত, যাক পূব প্ৰাকৃত বুলিও কোৱা হয়,  যি মাগধ (বা বিহাৰ)ৰ পৰা উদ্ভৱ হৈছিল।

গৌড়-বংগৰ ভাষা, অন্যান্য পূবৰ ভাষাৰ সৈতে, মগধ অপভ্রংশৰ জৰিয়তে বিকশিত হৈছিল।

বাংলা ভাষা ইণ্ডো-আৰ্য ভাষাৰ পৰা আহিছে, যি ইণ্ডো-ইউৰোপীয় পৰিয়ালৰ ইণ্ডো-ইৰানিয়ান শাখাৰ ইণ্ডিক উপ-শাখাৰ অন্তৰ্গত।

 

বাংলা ভাষাৰ সাহিত্যিক অৱদান

বৌদ্ধ সন্ন্যাসীসকলৰ দ্বাৰা ৰচিত চৰ্যাপদ নামেৰে জনাজাত ৪৭টা আধ্যাত্মিক স্তোত্ৰ প্ৰাচীন বাংলাৰ আটাইতকৈ পুৰণি বিদ্যমান নমুনা। চৰ্যাপদ স্তোত্ৰসমূহৰ ভাষিক আৰু সাহিত্যিক দুয়োটা মূল্য আছে। চৰ্যাপদ স্তোত্ৰৰ ৰচয়িতা সিদ্ধাচাৰ্য্যসকলৰ ভিতৰত লুইপা, ভূসুকুপা, কাহনাপা আৰু সাৱৰ্পা আদি উল্লেখযোগ্য।

প্ৰাচীনতম বাংলা সাহিত্যিক কৰ্মসমূহ ১০ম আৰু ১২শ শতিকাৰ পৰা আৰম্ভ হৈছিল, যি মহান সংস্কৃত মহাকাব্যসমূহৰ ব্যাপক অনুবাদৰ দ্বাৰা আৰম্ভ হৈছিল। ১৬তম শতিকাত চৈতন্যৰ নেতৃত্বত ধৰ্মীয় সংস্কাৰ আৰু ৰঘুনাথ আৰু ৰঘুনন্দনৰ দ্বাৰা প্ৰতিষ্ঠিত পৱিত্ৰ আইনৰ সৈতে এটা পৰিৱৰ্তনৰ সূচনা হৈছিল। পৰৱৰ্তী শতিকাসমূহত মৌলিক ৰচনাৰ উত্থান ঘটিছিল, য'ত মুকুন্দ ৰাম, যাক প্ৰায়ে "বংগৰ চাউচাৰ" বুলি কোৱা হয়, আৰু পাছলৈ ভাৰত চন্দ্ৰ আৰু ৰাম প্ৰসাদৰ দৰে উল্লেখযোগ্য সাহিত্যিকসকলৰ অৱদান আছিল। ১৯তম শতিকা বাংলা সাহিত্যৰ বাবে এক সোণালী যুগ আছিল, য'ত ৰাজা ৰামমোহন ৰায় আৰু ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ দৰে প্ৰভাৱশালী ব্যক্তিত্বসকলে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।

সংবাদ কাকত যেনে সংবাদ কৌমুদী, সোম প্ৰকাশ আৰু বন্দে মাতৰামে স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যিয়ে জনসাধাৰণক সক্ৰিয় কৰাত গুৰুত্ব দিছিল।

বংকিম চন্দ্ৰ চেটাৰ্জীয়ে বাংলা কথাসাহিত্যক অগ্ৰণী কৰিছিল, আনহাতে ৰবীন্দ্ৰনাথ ঠাকুৰ, মাইকেল মধুসূদন দত্ত, সুকান্ত ভট্টাচাৰ্য্য আৰু কাজী নজৰুল ইছলামৰ দৰে কবিসকলে স্বাধীনতাৰ বাবে যুঁজখনক ইন্ধন যোগোৱা সাহিত্যিক বিপ্লৱত যথেষ্ট অৰিহণা যোগাইছিল।

নেতাজী সুভাষ চন্দ্ৰ বসুৰ 'জয় হিন্দ' আৰু বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ 'বন্দে মাতৰম'ৰ দৰে শ্লোগানসমূহে সমগ্ৰ দেশতে প্ৰতিধ্বনিত হৈছিল, যিয়ে প্ৰজন্মক অনুপ্ৰাণিত কৰিছিল।

ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত আমাৰ ৰাষ্ট্ৰীয় সংগীত 'জন গণ মন' আৰু বংকিম চন্দ্ৰৰ আমাৰ ৰাষ্ট্ৰীয় গীত 'বন্দে মাতৰম' দুয়োটাই বাংলা কবিসকলৰ পৰা উদ্ভৱ হৈছে।

 

ধ্ৰুপদী ভাষাৰ প্ৰসাৰৰ বাবে লোৱা পদক্ষেপসমূহ

ভাৰতীয় ভাষাৰ প্ৰচাৰ ভাৰতীয় ভাষাৰ প্ৰচাৰ, শাস্ত্ৰীয় ভাষাসমূহৰ প্ৰচাৰ, শিক্ষা মন্ত্ৰালয়ৰ ভাষা ব্যুৰোৰ অন্তৰ্গত ভাৰতীয় ভাষাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠান (Central Institute of Indian Languages, CIIL)ৰ জৰিয়তে কৰা হয়। ইয়াৰ উপৰিও শাস্ত্ৰীয় ভাষাৰ অধ্যয়ন আৰু প্ৰচাৰৰ বাবে স্বতন্ত্ৰভাৱে বা CIILৰ অধীনত বিশেষ কেন্দ্ৰ স্থাপন কৰা হৈছে।

২০২০ চনত সংসদৰ এক আইনৰ জৰিয়তে সংস্কৃত ভাষাৰ অধ্যয়নৰ প্ৰচাৰৰ বাবে তিনিখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। এইকেইখন হৈছে নতুন দিল্লীৰ কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয় আৰু শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয় আৰু তিৰুপতিৰ ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়। ইয়াৰ উপৰিও আদৰ্শ সংস্কৃত মহাবিদ্যালয় আৰু শোধা সংস্থানসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হয়।

প্ৰাচীন তামিল গ্ৰন্থসমূহৰ অনুবাদৰ সুবিধা প্ৰদান কৰি, গৱেষণাক সমৰ্থন কৰি আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক ধ্ৰুপদী তামিলৰ পাঠ্যক্ৰম অধিগম্য কৰি ধ্ৰুপদী তামিল সাহিত্যক প্ৰচাৰ আৰু সংৰক্ষণ কৰাৰ বাবে কেন্দ্ৰীয় ধ্ৰুপদী তামিল প্ৰতিষ্ঠান (Central Institute of Classical Tamil) স্থাপন কৰা হৈছে।

ধ্ৰুপদী ভাষাৰ অধ্যয়ন আৰু সংৰক্ষণত গুৰুত্ব দিবলৈ মহীশূৰত কেন্দ্ৰীয় ভাৰতীয় ভাষা প্ৰতিষ্ঠান (CIIL)ৰ অধীনত ধ্ৰুপদী কানাড়া, তেলেগু, মালয়ালম আৰু ওড়িয়াৰ উৎকৰ্ষ কেন্দ্ৰসমূহো স্থাপন কৰা হৈছে।

 

ধ্ৰুপদী ভাষা কেন্দ্ৰসমূহৰ মুখ্য কাৰ্য্য আৰু উদ্দেশ্য

ভাৰতৰ ধ্ৰুপদী ভাষা আৰু সাহিত্যসমূহক প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণ কৰা।

গৱেষণা আৰু নথিপত্ৰ।

ৰাজ্যিক সংগ্ৰহালয় আৰু আৰ্কাইভৰ সহযোগত পাণ্ডুলিপি ডিজিটাইজ কৰা।

গ্ৰন্থ, গৱেষণা প্ৰতিবেদন আৰু পাণ্ডুলিপিৰ তালিকা প্ৰকাশ কৰা।

ধ্ৰুপদী গ্ৰন্থসমূহক ভাৰতীয় আৰু বিদেশী ভাষালৈ অনুবাদ কৰা।

দৃশ্য-শ্ৰাব্য: বিশিষ্ট পণ্ডিত আৰু ধ্ৰুপদী গ্ৰন্থৰ ওপৰত তথ্যচিত্ৰ প্ৰস্তুত কৰা।

ধ্ৰুপদী ভাষাসমূহক এপিগ্ৰাফী, পুৰাতত্ত্ব, নৃতত্ত্ব, মুদ্ৰাতত্ত্ব আৰু প্ৰাচীন ইতিহাসৰ সৈতে সংযোগ কৰা অধ্যয়নসমূহক প্ৰচাৰ কৰা।

ধ্ৰুপদী ঐতিহ্যক থলুৱা জ্ঞান প্ৰণালীৰ সৈতে সংযোগ কৰা জ্ঞানতাত্ত্বিক অধ্যয়ন পৰিচালনা কৰা।

 

প্ৰাচীন কালৰ পৰা ৬০০ খ্ৰীষ্টাব্দলৈকে তামিল ভাষাৰ ওপৰত চেন্নাইৰ কেন্দ্ৰীয় শাস্ত্ৰীয় তামিল প্ৰতিষ্ঠানে (Central Institute of Classical Tamil) বিস্তৃত গৱেষণা কৰি আছে। ইয়াৰ ভিতৰত আছে টোলকাপ্পিয়াম- আটাইতকৈ পুৰণি তামিল ব্যাকৰণৰ গ্ৰন্থ, নাট্ৰিনাই, পুৰাণানুৰু, কাৰ নাৰপাতু আদিৰ দৰে একচল্লিশখন প্ৰাচীন তামিল গ্ৰন্থ। কেন্দ্ৰটোৱে তামিলৰ প্ৰাচীনত্ব অধ্যয়ন কৰিবলৈ বহুবিষয়ভিত্তিক গৱেষকক জড়িত কৰিছে, দ্ৰাবিড়ীয় তুলনামূলক ব্যাকৰণৰ ওপৰত গৱেষণা আৰু তামিল উপভাষাৰ অধ্যয়ন কৰি আছে, বিশ্বমানৰ বিশ্ববিদ্যালয়ত তামিল আসন সৃষ্টি কৰিছে, প্ৰতিষ্ঠান আৰু গৱেষকসকলক গৱেষণা প্ৰকল্পৰ বাবে অনুদান প্ৰদান কৰিছে তথা অন্যান্য বহুতো কাম কৰি আছে।

 

কেন্দ্ৰটোৱে প্ৰাচীন তামিল গ্ৰন্থসমূহক ভাৰতীয় আৰু বিদেশী ভাষালৈ অনুবাদ কৰি আছে। এই প্ৰকল্পৰ অধীনত তিৰুক্কুৰল ২৮টা ভাৰতীয় আৰু ৩০টাতকৈও অধিক বিশ্বৰ ভাষাত আৰু ব্ৰেইল ভাষাত অনুবাদ কৰা হৈছে। কেন্দ্ৰটোৱে ব্ৰেইল ভাষাত শাস্ত্ৰীয় তামিল গ্ৰন্থ প্ৰকাশ কৰি আছে আৰু এখন শাস্ত্ৰীয় তামিল শব্দকোষ সংকলন কৰি আছে।

 

কেন্দ্ৰীয় ভাৰতীয় ভাষা প্ৰতিষ্ঠানৰ অধীনত ধ্ৰুপদী তেলেগু অধ্যয়নৰ বাবে উৎকৰ্ষ কেন্দ্ৰ Centre of Excellence for Studies in Classical Telugu (CESCT) স্থাপন কৰা হৈছে যি ভেংকটাচলম, এছ পি এছ আৰ নেল্লোৰ (অন্ধ্ৰ প্ৰদেশ)ৰ এটা চৌহদত অৱস্থিত। চি ই এছ চি টিয়ে প্ৰায় ১০,০০০ ধ্ৰুপদী মহাকাব্যৰ বিতং তথ্য থকা এটা ডাটাবেছ সংকলন কৰিছে। ইয়াত নাটক, অন্ধ্ৰ আৰু তেলেংগানাৰ মন্দিৰ, গাঁৱৰ ৰেকৰ্ড আদি অন্তৰ্ভুক্ত আছে। সকলো তেলেগু শিলালিপি সম্পাদনা কৰা হৈছে আৰু "তেলেগু শাসানালু" শীৰ্ষক এখন গ্ৰন্থত সংকলিত কৰা হৈছে। প্ৰথম তেলেগু ব্যাকৰণ, “অন্ধ্ৰ শব্দ চিন্তামণি” আৰু অগ্ৰণী ছন্দ, “কৱিজনাশ্ৰমম” ইংৰাজীলৈ অনুবাদ কৰা হৈছে।

কেন্দ্ৰীয় ভাৰতীয় ভাষা প্ৰতিষ্ঠানৰ অধীনত ধ্ৰুপদী কানাড়াৰ অধ্যয়নৰ বাবে উৎকৰ্ষ কেন্দ্ৰ Centre of Excellence for Studies in Classical Kannada (CESCK) স্থাপন কৰা হৈছে। এই উৎকৰ্ষ কেন্দ্ৰটো মহীশূৰ বিশ্ববিদ্যালয় চৌহদত অৱস্থিত য’ত এটা পুথিভঁৰাল, সাংস্কৃতিক পৰীক্ষাগাৰ আৰু নতুন সন্মিলনৰ সুবিধা আছে। চি ই এছ চি কে-য়ে ৰোডমেপ মিটিং আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে ধ্ৰুপদী কানাড়াৰ প্ৰচাৰৰ বাবে বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰিছে। কেন্দ্ৰটোৱে চাৰিটা মৌলিক ক্ষেত্ৰত কাম কৰে: গৱেষণা, শিক্ষাদান, নথিপত্ৰ আৰু প্ৰচাৰ। ই ৭ খন কিতাপ প্ৰকাশ কৰিছে আৰু আৰু ২২ খন প্ৰকাশৰ বাবে সাজু হৈ আছে। কবি-সাধু আন্নামাচাৰ্যৰ প্ৰথম সংগীত স্বৰলিপি “সংকীৰ্ত্তন লক্ষণম”, যি মূলতঃ সংস্কৃতত লিখা হৈছিল, সেয়া কানাড়া ভাষালৈ অনুবাদ কৰা হৈছিল।

কেন্দ্ৰীয় ভাৰতীয় ভাষা প্ৰতিষ্ঠানৰ অধীনত Centre of Excellence for Studies in Classical Odia (CESCO) স্থাপন কৰা হৈছে আৰু ই ভুৱনেশ্বৰৰ পূব আঞ্চলিক ভাষা কেন্দ্ৰত অৱস্থিত। এই কেন্দ্ৰটোৱে ধ্ৰুপদী ভাষা আৰু সাহিত্যৰ ঐতিহ্যক প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণ কৰাৰ লগতে গৱেষণা আৰু নথিপত্ৰ প্ৰস্তুত কৰাৰ কাম কৰে। ইয়াৰ অধীনত ওড়িয়াৰ দৰে ধ্ৰুপদী ভাষাৰ উৎসৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্ৰকল্প হাতত লোৱা হৈছে, যাৰ ভিতৰত আছে শিলালিপিৰ বিশ্লেষণ, মুৰেল পেইণ্টিঙৰ ভাষাতাত্ত্বিক অধ্যয়ন, পুৰাতাত্ত্বিক অৱশেষ, পুৰণি তালপাতৰ পাণ্ডুলিপি আৰু বিভিন্ন প্ৰাচীন গ্ৰন্থৰ পৰা উদ্ধৃতি সংকলন কৰা।

 

কেন্দ্ৰীয় ভাৰতীয় ভাষা প্ৰতিষ্ঠানৰ অধীনত থুনচাথ এজুথাচান মালয়ালম বিশ্ববিদ্যালয়, তিৰুৰ, মালাপুৰম, কেৰালাত ৰাজ্য চৰকাৰে ধ্ৰুপদী মালয়ালম অধ্যয়নৰ বাবে উৎকৰ্ষ কেন্দ্ৰ Centre of Excellence for Studies in Classical Malayalam (CESCM) স্থাপন কৰিছে।

 

সামৰণি

"বিৰাসত ভি, বিকাশ ভি"—ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এই অনুপ্ৰেৰণাদায়ক মন্ত্ৰটোৱে ভাৰতৰ চহকী ঐতিহ্যৰ সৈতে প্ৰগতিশীল উন্নয়নৰ ভাৰসাম্য ৰক্ষা কৰাৰ সাৰমৰ্মক ধৰি ৰাখে। দেশৰ ধ্ৰুপদী ভাষাসমূহ—সংস্কৃত, তামিল, তেলেগু, কানাড়া, মালয়ালম আৰু ওড়িয়া—এই দৃষ্টিভংগীৰ জীৱন্ত প্ৰতীক হিচাপে কাম কৰে, যিয়ে আমাৰ সভ্যতাৰ বৌদ্ধিক আৰু সাংস্কৃতিক সম্পদসমূহ নিদৰ্শন কৰে। তদুপৰি, মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ চৰকাৰৰ সিদ্ধান্তই ভাৰতৰ বৌদ্ধিক ঐতিহ্য গঢ় দিয়াত এই ভাষাসমূহে পালন কৰা অমূল্য ভূমিকাৰ এক গভীৰ স্বীকৃতিক প্ৰতিফলিত কৰে। চৰকাৰৰ প্ৰচেষ্টাই প্ৰতিষ্ঠান, গৱেষক আৰু যুৱক-যুৱতীসকলক আমাৰ প্ৰাচীন পৰম্পৰাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম কৰিছে। ভৱিষ্যৎ প্ৰজন্মৰ বাবে এই ভাষাসমূহক সুৰক্ষিত কৰি, প্ৰধানমন্ত্ৰী মোদীয়ে আত্মনিৰ্ভৰ ভাৰত আৰু সংস্কৃতিৰে শিপাই থকা ভাৰতৰ উদ্দেশ্যৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক আত্মনিৰ্ভৰশীলতা আৰু ৰাষ্ট্ৰীয় সংহতিৰ এক বহল দৃষ্টিভংগীক শক্তিশালী কৰিছে। তেওঁৰ নিষ্ঠাৰ জৰিয়তে, ভাৰতৰ ঐতিহাসিক কণ্ঠ আধুনিক, আত্মবিশ্বাসী ভাৰতত প্ৰতিধ্বনিত হৈ আছে।

 

সমল

PMO INDIA

https://www.pmindia.gov.in/en/news_updates/highlights-from-the-pms-address-on-the-79th-independence-day/

https://www.pmindia.gov.in/en/news_updates/cabinet-approves-conferring-status-of-classical-language-to-marathi-pali-prakrit-assamese-and-bengali-languages/

Ministry of Culture, Government of India

https://www.indiaculture.gov.in/

Ministry of Education, Government of India

https://ccrtindia.gov.in/resources/literary-arts/

https://www.slbsrsv.ac.in/faculties-and-departments/faculty-sahitya-and-sanskriti/department-prakrit

Press Information Bureau:

https://www.pib.gov.in/newsite/PrintRelease.aspx?relid=103014

https://www.pib.gov.in/FeaturesDeatils.aspx?NoteId=153317&ModuleId+=+2

https://www.pib.gov.in/FeaturesDeatils.aspx?NoteId=153318&ModuleId%20=%202

https://www.pib.gov.in/FeaturesDeatils.aspx?NoteId=153320&ModuleId=2

https://www.pib.gov.in/FeaturesDeatils.aspx?NoteId=153322&ModuleId%20=%202

https://www.pib.gov.in/FeaturesDeatils.aspx?NoteId=153315&ModuleId+=+2#_ftn1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2061660

***

 

BM/DPS

(Backgrounder ID: 155745) Visitor Counter : 10
Provide suggestions / comments
Link mygov.in
National Portal Of India
STQC Certificate