Infrastructure
ছেইল ইণ্ডিয়াৰ জাহাজ নিৰ্মাণ পুনৰুজ্জীৱিতকৰণ
Posted On:
14 OCT 2025 4:15PM
মুখ্য তথ্য
•২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ৬৯,৭২৫ কোটি টকাৰ জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক সংস্কাৰ আঁচনি মুকলি কৰা হৈছিল।
•২৪,৭৩৬ কোটি টকা ব্যয়ৰ জাহাজ নিৰ্মাণ বিত্তীয় সাহায্য আঁচনিখনে ৰাষ্ট্ৰীয় জাহাজ নিৰ্মাণ মিছনৰ জৰিয়তে বিত্তীয় সহায়, শ্বিপ ব্ৰেকিং ক্ৰেডিট নোটচ প্ৰদান কৰে আৰু ঘৰুৱা উৎপাদনৰ পথ প্ৰশস্ত কৰে।
•২৫,০০০ কোটি টকা ব্যয়ৰ সৈতে সামুদ্ৰিক উন্নয়ন পুঁজি বিনিয়োগ আৰু সুতৰ উৎসাহৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
•জাহাজ নিৰ্মাণ উন্নয়ন আঁচনিখনে জাহাজ নিৰ্মাণ গোটৰ বাবে ১৯,৯৮৯ কোটি টকা ব্যয়ৰ সৈতে মূলধন সমৰ্থন, বিপদাশংকা সামৰি লোৱা আৰু ক্ষমতা বৃদ্ধি কৰে।
ঘৰুৱা জাহাজ নিৰ্মাণক উৎসাহিত কৰিবলৈ বৃহৎ জাহাজসমূহক আন্তঃগাঁথনিৰ মৰ্যাদা প্ৰদান কৰা হৈছে।
পাতনি
পৰম্পৰা আৰু প্ৰযুক্তিৰ দ্বাৰা চালিত, ভাৰতৰ জাহাজ নিৰ্মাণৰ দৃশ্যপট বিশ্বব্যাপী স্বীকৃতিৰ বাবে সাজু। ভাৰতৰ সামুদ্ৰিক খণ্ডই ঐতিহাসিকভাৱে উপমহাদেশক বিশ্ব বাণিজ্য পথৰ সৈতে সংযোগ কৰা এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ হিচাপে কাম কৰিছে, য'ত শতিকা জুৰি সাগৰীয় যাত্ৰা আৰু বাণিজ্যেই ইয়াৰ অৰ্থনৈতিক ভেটি গঠন কৰিছে। ভাৰতৰ জাহাজ নিৰ্মাণ পৰম্পৰা সিন্ধু উপত্যকা সভ্যতাৰ পৰাই আৰম্ভ হৈছে, লোথাল (বৰ্তমানৰ গুজৰাট)ৰ দৰে স্থানৰ পৰা পোৱা প্ৰত্নতাত্ত্বিক প্ৰমাণে বন্দৰ আৰু সামুদ্ৰিক বাণিজ্যৰ অস্তিত্বৰ ইংগিত দিয়ে। লোথালৰ বন্দৰক বিশ্বৰ আটাইতকৈ পুৰণি সামুদ্ৰিক বন্দৰসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।
জাহাজ নিৰ্মাণ, যাক প্ৰায়ে "গধুৰ অভিযান্ত্ৰিকৰ মাতৃ" বুলি কোৱা হয়, নিযুক্তি সৃষ্টি, বিনিয়োগ আকৰ্ষণ, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা তথা কৌশলগত স্বাধীনতা শক্তিশালী কৰি এক কেন্দ্ৰীয় ভূমিকা পালন কৰে। ভাৰতৰ জাহাজ নিৰ্মাণ খণ্ডই শক্তিশালী অৰ্থনৈতিক প্ৰভাৱ সৃষ্টি কৰে; প্ৰতিটো বিনিয়োগে চাকৰি ৬.৪০ গুণ বৃদ্ধি কৰে আৰু মূলধনৰ ১.৮ গুণ ঘূৰাই দিয়ে, যি বিকাশ আৰু উন্নয়নৰ বাবে ইয়াৰ শক্তি প্ৰদৰ্শন কৰে। এই উদ্যোগটোৱে দূৰৱৰ্তী, উপকূলীয় আৰু গ্ৰাম্য অঞ্চলত বৃহৎ পৰিমাণৰ নিযুক্তিৰ সুযোগ সৃষ্টিৰ বাবে গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি বহন কৰে। ইয়াৰ উন্নয়ন আৰু প্ৰচাৰক আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ মূল চালিকা শক্তি হিচাপে অগ্ৰাধিকাৰ দিয়া হৈছে।
জাহাজ নিৰ্মাণ খণ্ডৰ বিকাশ আৰু উন্নয়ন
স্বাধীনতাৰ পাছত জাহাজ নিৰ্মাণ মুখ্যতঃ ৰাজহুৱা খণ্ডৰ গোট যেনে মাজাগাঁও ডক শ্বিপবিল্ডাৰ্ছ লিমিটেড (মুম্বাই), গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেড (কলকাতা), আৰু হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেড (বিশাখাপত্তনম) ত কেন্দ্ৰীভূত আছিল। যোৱা দশকত, এই খণ্ডত ব্যক্তিগত জাহাজ নিৰ্মাতাসকলৰ প্ৰবেশৰে ক্ৰুজ পৰ্যটন, আভ্যন্তৰীণ জল পৰিবহণ, আৰু বন্দৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতিৰ সৈতে ভাৰতৰ শ্বিপিং আৰু সামুদ্ৰিক খণ্ডই উল্লেখযোগ্য পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে। কৌশলগত বিনিয়োগ, নীতিগত সংস্কাৰ আৰু সম্প্ৰসাৰিত জলপথসমূহে সামগ্ৰীৰ চলাচল, উপকূলীয় সংযোগ সামূহিকভাৱে বৃদ্ধি কৰিছে।

লগতে নিয়োগৰ সুযোগসমূহে খণ্ডটোক অৰ্থনৈতিক বিকাশ আৰু আঞ্চলিক একত্ৰীকৰণৰ মূল চালিকা শক্তি হিচাপে স্থান দিছে। ২০২৪ চনৰ নৱেম্বৰ মাহলৈকে ভাৰতত ১,৫৫২ খন ভাৰতীয় পতাকাবাহী জাহাজ আছে, যাৰ মুঠ পৰিমাণ ১৩.৬৫ মিলিয়ন টনেজ (জিটি)।
চৰকাৰৰ মূল নীতি আৰু উদ্যোগসমূহ
|
জাহাজ নিৰ্মাণ বিত্তীয় সাহায্য নীতি (এছ. বি. এফ. এ. পি.): সেউজ ইন্ধন বা হাইব্ৰিড পৰিচালনা প্ৰণালী ব্যৱহাৰ কৰা জাহাজসমূহৰ বাবে ২০-৩০% বিত্তীয় সহাৰ্য আগবঢ়োৱা হয়
|
প্ৰথম প্ৰত্যাখ্যানৰ অধিকাৰ (আৰ. অ এফ. আৰ): ভাৰতীয় শ্বিপয়াৰ্ডসমূহে জাহাজ অধিগ্ৰহণৰ বাবে চৰকাৰী টেণ্ডাৰত অগ্ৰাধিকাৰ লাভ কৰে। সংশোধিত পদানুক্রমে ভাৰতত-নিৰ্মিত, ভাৰতীয় পতাকাবাহী আৰু ভাৰতীয় মালিকানাধীন জাহাজৰ পক্ষ লয়
|
মেক ইন ইণ্ডিয়া অৰ্ডাৰ, ২০১৭ অনুসৰি ভাৰতত লিৰ্মিত জাহাজ ২০০ কোটি টকাৰ ভিতৰত ক্ৰয় কৰিব লাগিব।
|
গ্ৰীণ টাগ ট্ৰানজিশ্যন প্ৰগ্ৰেম (জিটিটিপি): কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবলৈ পৰিৱেশ-অনুকূল টাগবোট কাৰ্য্যকলাপৰ প্ৰচাৰ কৰে।
|
হৰিত নৌকা নিৰ্দেশনাঃ আভ্যন্তৰীণ জলপথৰ জাহাজসমূহত সেউজ প্ৰযুক্তি গ্ৰহণক উৎসাহিত কৰে।
|
ষ্টেণ্ডাৰ্ড টাগ ডিজাইনঃ অভিন্নতা নিশ্চিত কৰিবলৈ আৰু ঘৰুৱা উৎপাদন বৃদ্ধি কৰিবলৈ মুখ্য বন্দৰসমূহৰ দ্বাৰা ব্যৱহাৰৰ বাবে মুকলি কৰা পাঁচটা প্ৰকাৰ।
|
বুজাবুজিৰ চুক্তি আৰু সহযোগিতাঃ কৌশলগত অংশীদাৰিত্ব, আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু বিত্তীয় সহযোগিতাৰ জৰিয়তে ভাৰতে নিজৰ জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক সামৰ্থ্যৰ অগ্ৰগতি সাধন কৰি আছে। এই প্ৰচেষ্টাৰ লক্ষ্য হৈছে ঘৰুৱা উৎপাদন শক্তিশালী কৰা, বিদেশী জাহাজৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু সমগ্ৰ খণ্ডত বহনক্ষম বিকাশৰ প্ৰসাৰ কৰা।
- শ্বিপিং কৰ্পোৰেচন অৱ ইণ্ডিয়া আৰু তেল ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে বিদেশী জাহাজৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু ভাৰতত নিৰ্মিত জাহাজৰ চাহিদা বৃদ্ধি কৰাৰ বাবে এখন জাহাজ-মালিকানাধীন জেভি (যুটীয়া উদ্যোগ) গঠনৰ বাবে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।
- ২০৪৭ চনৰ ভিতৰত ভাৰতক বিশ্বৰ শীৰ্ষ পাঁচখন জাহাজ নিৰ্মাণকাৰী দেশৰ ভিতৰত স্থান দিয়াৰ লক্ষ্যৰে যৌথ বিনিয়োগৰ সৈতে জাহাজ নিৰ্মাণ গোট বিকশিত কৰিবলৈ মুখ্য বন্দৰ আৰু উপকূলীয় ৰাজ্যসমূহৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই হাবসমূহে বহনক্ষম সামুদ্ৰিক অভিযান্ত্ৰিকৰ বাবে জাহাজ নিৰ্মাণৰ স্থান, গৱেষণা আৰু উন্নয়ন, এমএছএমই, আৰু সেউজ উদ্ভাৱনক একত্ৰিত কৰিব।
- কোচিন শ্বিপয়াৰ্ড আৰু মাজাগাঁও বন্দৰে তামিলনাডুৰ সংস্থাসমূহৰ সৈতে বৃহৎ জাহাজ নিৰ্মাণ চৌহদ স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে, যাৰ ভিতৰত আছে এক নিযুত জিটি বাৰ্ষিক ক্ষমতাৰ সৈতে ১৫,০০০ কোটি টকাৰ সুবিধা আৰু বৃহৎ সংখ্যক নিয়োগ সৃষ্টি।
- সাগৰমালা ফাইনেন্স কৰ্পোৰেচনে সেউজ জাহাজ নিৰ্মাণ, দ্ৰুত উন্নয়ন, আৰু সামুদ্ৰিক পৰিবহন আৰু আনুসংগিক ব্যয়ৰ বাবে বৈচিত্ৰপূৰ্ণ পুঁজি মুকলি কৰিবলৈ মুখ্য বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে, এক শক্তিশালী বিনিয়োগ পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ ঘৰুৱা মূলধনৰ সৈতে বিশ্ব জলবায়ু বিত্তৰ মিশ্ৰণ কৰে।প
- কোচিন শ্বিপয়াৰ্ড আৰু এইচ. ডি. কোৰিয়া শ্বিপবিল্ডিঙে ভাৰতত বৃহৎ বাণিজ্যিক জাহাজ নিৰ্মাণৰ বাবে অংশীদাৰীত্ব কৰিছে, যাক চি এছ এল-ৰ নতুন ড্ৰাই ডক আৰু কোচিত ৩,৭০০ কোটি টকাৰ এক পৰিকল্পিত নিৰ্মাণ সুবিধাৰ দ্বাৰা সমৰ্থন কৰা হৈছে, যিয়ে হাজাৰ হাজাৰ চাকৰি সৃষ্টি কৰিব আৰু এম এছ এম ই-সংযুক্ত যোগান শৃংখলাক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
Shipbuilding Sector Revitalization
জাহাজ নিৰ্মাণ খণ্ডৰ পুনৰুজ্জীৱন
জাহাজ নিৰ্মাণ খণ্ডৰ বাবে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত শেহতীয়া চৰকাৰী ঘোষণাবোৰে ঘৰুৱা ক্ষমতা সম্প্ৰসাৰণ, দীৰ্ঘম্যাদী বিত্তীয় যোগানৰ প্ৰৱেশাধিকাৰ উন্নত কৰা আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক পৰিৱেশতন্ত্ৰ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে বৃহৎ পৰিমাণৰ নিযুক্তি সৃষ্টি কৰা, বিনিয়োগ আকৰ্ষণ কৰা, আৰু আধুনিক আন্তঃগাঁথনি তথা নীতিগত সংস্কাৰৰ জৰিয়তে ভাৰতৰ কৌশলগত আৰু অৰ্থনৈতিক স্থিতিস্থাপকতা শক্তিশালী কৰা।

- স্তম্ভ ১: জাহাজ নিৰ্মাণ বিত্তীয় সাহায্য আঁচনি-এই আঁচনিখন, যাক এক মৌলিক স্তম্ভ হিচাপেও দেখা যায়, ইয়াৰ লক্ষ্য হৈছে ভাৰতৰ থলুৱা জাহাজ নিৰ্মাণ ক্ষমতা আৰু সামুদ্ৰিক উদ্ভাৱনক একত্ৰিত কৰা। ২৪,৭৩৬কোটি টকা ব্যয়ৰ সৈতে, ই ঘৰুৱা জাহাজ নিৰ্মাণ ক্ষমতা আৰু সামুদ্ৰিক উদ্ভাৱনক অনুঘটক কৰাৰ বাবে এক মৌলিক স্তম্ভ হিচাপে কাম কৰে। ই ভাৰতৰ জাহাজ নিৰ্মাণ পৰিৱেশতন্ত্ৰ শক্তিশালী কৰিবলৈ লক্ষ্য কৰি লোৱা প্ৰেৰণা, কৌশলগত অভিযান আৰু জীৱন চক্ৰৰ সমৰ্থন একত্ৰিত কৰে।
উপাদান ১ : বিত্তীয় সাহায্য
|
উদ্দেশ্যঃ ভাৰতীয় শ্বিপয়াৰ্ডসমূহক ব্যয়ৰ অসুবিধা দূৰ কৰিবলৈ আৰু প্ৰতিযোগিতামূলকতা বৃদ্ধি কৰিবলৈ বিত্তীয় সহায় প্ৰদান কৰে।
|
উৎসাহমূলক গাঁথনিঃ
- ১০০ কোটি টকাতকৈ কম মূল্যৰ জাহাজৰ বাবে ১৫ শতাংশ সাহায্য
- ১০০ কোটি টকাতকৈ অধিক মূল্যৰ জাহাজৰ বাবে ২০ শতাংশ সাহায্য
- সেউজীয়া, হাইব্ৰিড বা বিশেষ জাহাজৰ বাবে ২৫ শতাংশ সাহায্য
|
ঘৰুৱা মূল্য সংযোজনঃ স্থানীয় উৎপাদনক উৎসাহিত কৰি ইনচেণ্টিভৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ন্যূনতম ৩০ শতাংশ ঘৰুৱা মূল্য সংযোজনৰ প্ৰয়োজন।
|
বিত্তীয় আবণ্টনঃ ২০,৫৫৪ কোটি টকাৰ মুঠ ব্যয় অনুমোদিত,২০৩৬ চনৰ মাৰ্চলৈকে বৈধ
|
উপাদান 2: শ্বিপ-ব্ৰেকিঙ ক্ৰেডিট নোট
|
উৎসাহমূলক মূল্যঃ জাহাজখনৰ বৰ্জিতাংশৰ মূল্য ৪০ শতাংশ মূল্যৰ ক্ৰেডিট নোট, যিটো ভাৰতীয় শ্বিপয়াৰ্ডত স্ক্রেপ কৰিলে প্ৰযোজ্য হয়
|
ব্যৱহাৰঃ ভাৰতীয় শ্বিপয়াৰ্ডত নতুন জাহাজ নিৰ্মাণৰ খৰচৰ বিপৰীতে ইয়াক মুক্ত কৰিব পাৰি
|
নমনীয়তাঃ নোটবোৰ স্তুপীকৃত কৰিব পৰা, স্থানান্তৰযোগ্য আৰু ৩ বছৰৰ বাবে বৈধ
|
বাজেট আবণ্টনঃ আঁচনিখনৰ বাবে ৪,০০১ কোটি টকাৰ মুঠ ব্যয়
|
অংশ ৩: ৰাষ্ট্ৰীয় জাহাজ নিৰ্মাণ অভিযান
|
অভিযানৰ নেতৃত্বঃ বিভিন্ন খণ্ডত ৰাষ্ট্ৰীয় জাহাজ নিৰ্মাণৰ পদক্ষেপসমূহৰ পৰিচালনা আৰু তত্বাৱধান কৰা
|
পুঁজি ব্যৱস্থাপনা : আবেদনসমূহৰ মূল্যায়ন কৰা, দাবীসমূহ পৰীক্ষা কৰা আৰু সময়মতে পুঁজি বিতৰণ নিশ্চিত কৰা
|
ক্ৰয় সমন্বয়ঃ সামগ্ৰিক চাহিদা একত্ৰিত কৰা আৰু গঠনমূলক, কেন্দ্ৰীয়কৃত ক্ৰয় প্ৰক্ৰিয়া সক্ষম কৰা
|
গোলকীয় অংশীদাৰিত্বঃ ঘৰুৱা সামৰ্থ্য শক্তিশালী কৰিবলৈ বিদেশী সহযোগিতা চিনাক্ত আৰু সহজ কৰি তোলা
|
আঁচনিৰ ম্যাদঃ আঁচনিৰ ম্যাদৰ বাহিৰত প্ৰতিশ্ৰুতিবদ্ধ দায়বদ্ধতাৰ সৈতে ১০ বছৰৰ ম্যাদ,
|
- স্তম্ভ ২ : সামুদ্ৰিক উন্নয়ন পুঁজি (২৫০০০ কোটি টকা)-সামুদ্ৰিক উন্নয়ন পুঁজিৰ লক্ষ্য হৈছে ভাৰতৰ এক্সিম বাণিজ্যৰ মেৰুদণ্ড শক্তিশালী কৰা, যি সামুদ্ৰিক পৰিবহণৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে-আয়তন অনুসৰি ৯৫ শতাংশ আৰু মূল্য অনুসৰি ৬৫ শতাংশ বাণিজ্য পৰিচালনা কৰে। ইয়াৰ কৌশলগত গুৰুত্ব থকা স্বত্বেও, এই খণ্ডটোৱে সুলভ বিত্তীয় সুবিধা লাভৰ ক্ষেত্ৰত নিৰন্তৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ভাৰতৰ সামুদ্ৰিক অৰ্থনীতিৰ সম্পূৰ্ণ সম্ভাৱনা মুকলি কৰিবলৈ এই বাধাসমূহৰ মোকাবিলা কৰাটো জৰুৰী।
উপাদান ১: সামুদ্ৰিক বিনিয়োগ পুঁজিঃ
|
পুঁজি সংগ্ৰহঃ ২০,০০০ কোটি টকাৰ প্ৰাৰম্ভিক আবণ্টন।
|
পুঁজি যোগান আৰু বিনিয়োগকাৰীঃ অতিৰিক্ত বিনিয়োগকাৰীৰ অৱদানৰ সৈতে ইকুইটি-আধাৰিত বিত্তীয় ব্যৱস্থাই সামুদ্ৰিক বিনিয়োগ পুঁজিৰ মূলধনৰ গাঁথনিত সহায়ক হ’ব।
|
কৌশলগত কেন্দ্ৰীয় ক্ষেত্ৰসমূহঃ
- ভাৰতীয় জাহাজ পৰিবহণ ক্ষমতাৰ সম্প্ৰসাৰণ।
- জাহাজ নিৰ্মাণ কাৰখানা, জাহাজ মেৰামতিৰ সুবিধা আৰু সহায়ক উদ্যোগৰ বিকাশ।
- বন্দৰ আৰু আনুষংগিক আন্তঃগাঁথনি শক্তিশালী কৰা।
- আভ্যন্তৰীণ আৰু উপকূলীয় জল পৰিবহণৰ প্ৰচাৰ কৰি ভ্ৰমণৰ সংখ্যা বৃদ্ধি কৰা।
|
বিত্তীয় গাঁথনিঃ ৰাজহুৱা পুঁজিৰ লগতে ব্যক্তিগত খণ্ডৰ বিনিয়োগ একত্ৰিত কৰাৰ বাবে এক মিশ্ৰিত বিত্তীয় আৰ্হি হিচাপে ডিজাইন কৰা হৈছে।
ৰেহাই হাৰত চৰকাৰৰ পৰা ৪৯ শতাংশ মূলধন।
বহুপাক্ষিক ঋণদাতা, বন্দৰ কৰ্তৃপক্ষৰ লগতে সাৰ্বভৌম পুঁজিৰ পৰা আহৰণ কৰা ৫১ শতাংশ বাণিজ্যিক মূলধন।
|
উপাদান ২ : সুতৰ প্ৰেৰণা পুঁজি
|
|
পুঁজিৰ ভাণ্ডাৰ: এই পদক্ষেপৰ বাবে ৫,০০০ কোটি টকা আবণ্টন কৰা হৈছে।
আঁচনিৰ ম্যাদঃ ১০ বছৰ, ২০৩৬ চনৰ মাৰ্চলৈকে বৈধ
|
উৎসাহমূলক গাঁথনিঃ
৩শতাংশ পৰ্যন্ত সুতৰ ইনচেণ্টিভ
বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহক আগবঢ়োৱা গৈছে
ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানালৈ আগবঢ়োৱা ঋণৰ ক্ষেত্ৰত প্ৰযোজ্য
|
ৰূপায়ণঃ নিৰ্ধাৰিত ৰূপায়ণকাৰী সংস্থাসমূহৰ জৰিয়তে সমন্বয় সাধন কৰা।
|

- স্তম্ভ ৩ : জাহাজ নিৰ্মাণ উন্নয়ন আঁচনি (১৯,৯৮৯ কোটি টকা)-উন্নত আন্তঃগাঁথনি, সুৰক্ষা ব্যৱস্থা আৰু বিপদাশংকা ব্যৱস্থাপনাৰ জৰিয়তে জাহাজ নিৰ্মাণ বৃদ্ধিৰ বাবে এক দীৰ্ঘম্যাদী সহায়ৰ পৰিকল্পনা কৰা হৈছে।
জাহাজ নিৰ্মাণ উন্নয়ন আঁচনি
|
জাহাজ নিৰ্মাণ গোটসমূহৰ বাবে মূলধনৰ সহায়ঃ
গ্ৰীণফিল্ড ক্লাষ্টাৰঃ ৯,৯৩০ কোটি টকা;
- ব্ৰাউনফিল্ড ক্ষমতা সম্প্ৰসাৰণঃ ৮,২৬১ কোটি টকা
|
জাহাজ নিৰ্মাণৰ বিপদাশংকাঃ ১,৪৪৩ কোটি টকা
|
সামৰ্থ্য বিকাশৰ পদক্ষেপঃ ৩০৫ কোটি টকা
|
মুঠ পুঁজিঃ ১৯,৯৮৯ কোটি টকা
|
সময়সীমাঃ ১০ বছৰ (২০৩৬ চনৰ মাৰ্চলৈকে)
|
স্তম্ভ ৪ : আইনী, নীতি আৰু প্ৰক্ৰিয়া সংস্কাৰ- আইনী, নীতি আৰু প্ৰক্ৰিয়া সংস্কাৰৰ অংশ হিচাপে, বৃহৎ জাহাজসমূহক সুলভ মূল্যৰ বিত্তীয় যোগান সহজ কৰি তুলিবলৈ আন্তঃগাঁথনিৰ মৰ্যাদা প্ৰদান কৰা হৈছে, আনহাতে চাহিদা একত্ৰীকৰণৰ জৰিয়তে ঘৰুৱা জাহাজ নিৰ্মাণক উৎসাহিত কৰাৰ বাবে সমন্বিত প্ৰচেষ্টা চলি আছে। সামুদ্ৰিক আইনৰ আধুনিকীকৰণ আৰু নিয়ামক পৰিকাঠামো শক্তিশালী কৰাৰ বাবে কেইবাটাও আইনী পৰিৱৰ্তনো প্ৰৱৰ্তন কৰা হৈছে।
আইনী, নীতি আৰু প্ৰক্ৰিয়া সংস্কাৰ
|
দীৰ্ঘম্যাদী, কম খৰচী বিত্ত যোগানৰ সুবিধাৰ বাবে২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত বৃহৎ জাহাজৰ বাবে আন্তঃগাঁথনিৰ মৰ্যাদা প্ৰদান কৰা হৈছিল।
|
তেল আৰু গেছ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ জৰিয়তে চাহিদা একত্ৰীকৰণৰ লক্ষ্য হৈছে অহা ১০ বছৰত ভাৰতত ১১০খনৰো অধিক জাহাজ নিৰ্মাণ কৰা।
|
- বিলচ অৱ লেডিং আইন, ২০২৫
- কেৰেজ অৱ গুডচ বাই চি এক্ট, ২০২৫
- উপকূলীয় জাহাজ পৰিবহণ আইন, ২০২৫
- মাৰ্চেণ্ট শ্বিপিঙ এক্ট, ২০২৫
- ভাৰতীয় বন্দৰ আইন,২০২৫
|
- সংস্কাৰৰ প্ৰভাৱ-এই সংস্কাৰৰ লক্ষ্য হৈছে ভাৰতৰ জাহাজ পৰিবহণ আৰু বন্দৰ আন্তঃগাঁথনি গোলকীয় মানলৈ উন্নীত কৰা, যথেষ্ট নিয়োগ, বিনিয়োগ আৰু জাহাজ নিৰ্মাণ তথা সামুদ্ৰিক ক্ষমতাৰ সম্প্ৰসাৰণ। এই খণ্ডটোৰ সামগ্ৰিক প্ৰতিযোগিতামূলক ক্ষমতাক শক্তিশালী কৰি জাহাজৰ সংখ্যা আৰু বন্দৰ উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিছে।

সামৰণি
ভাৰতৰ জাহাজ নিৰ্মাণ খণ্ডটো কেইবাটাও প্ৰগতিশীল পদক্ষেপ আৰু নীতি সংস্কাৰৰ দ্বাৰা সমৰ্থিত হৈ এক আশাব্যঞ্জক বিকাশৰ পৰ্যায়ত প্ৰৱেশ কৰিছে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে আন্তঃগাঁথনি আধুনিকীকৰণ, ঘৰুৱা উৎপাদন ক্ষমতা বৃদ্ধি কৰা আৰু বিশ্বব্যাপী বিনিয়োগ আকৰ্ষণ কৰা, যাৰ ফলত দীৰ্ঘম্যাদী উন্নয়নৰ বাবে এক শক্তিশালী ভেটি স্থাপন হ’ব। উদ্ভাৱন, বহনক্ষমতা আৰু দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই খণ্ডটো মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ত উল্লেখ কৰা কৌশলগত লক্ষ্যসমূহ পূৰণ কৰিবলৈ সক্ষম হ’ব। তদুপৰি, ইয়াৰ সম্প্ৰসাৰণে বিকাশিত ভাৰত ২০৪৭ ৰ বহল ৰাষ্ট্ৰীয় আকাংক্ষাৰ সৈতে একত্ৰিতভাৱে সংগতি ৰাখিছে, যি অৰ্থনৈতিক স্থিতিস্থাপকতা, নিযুক্তি সৃষ্টি আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলকতাত অৰিহণা যোগাব। উদ্যোগ আৰু চৰকাৰৰ মাজত অব্যাহত থকা সহযোগিতাৰ জৰিয়তে ভাৰতৰ জাহাজ নিৰ্মাণ উদ্যোগ দেশখনৰ সামুদ্ৰিক শক্তিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ আৰু সৰ্বাংগীন বিকাশৰ চালিকা শক্তি হ’বলৈ সাজু হৈছে।
সমল:
Press Information Bureau:
https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=2035583
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2168994
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2085228
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2110319
https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2172488
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2170575
***
BM/DPS/MK
(Backgrounder ID: 155621)
Visitor Counter : 6
Provide suggestions / comments
Read this release in:
English
,
Urdu
,
हिन्दी
,
Hindi_Ddn
,
Marathi
,
Nepali
,
Manipuri
,
Bengali
,
Odia
,
Kannada
,
Malayalam