Economy
ভাৰত-ইএফটিএ বাণিজ্য চুক্তিঃ ১০০ বিলিয়ন ডলাৰৰ বিনিয়োগ আৰু ১০ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি
Posted On:
11 OCT 2025 12:15PM
মুখ্য তথ্য
ভাৰত আৰু ইএফটিএ-য়ে ২০২৪ চনৰ ১০ মাৰ্চত বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (টিইপিএ) স্বাক্ষৰ কৰিছিল। চুক্তিখন ২০২৫ চনৰ ১ অক্টোবৰত কাৰ্যকৰী হৈছিল। ই হৈছে চাৰিখন উন্নত ইউৰোপীয় দেশৰ সৈতে ভাৰতৰ প্ৰথমটো মুক্ত বাণিজ্য চুক্তি (এফটিএ)।
টিইপিএ ১৫ বছৰত ১০০ বিলিয়ন আমেৰিকান ডলাৰৰ বিনিয়োগ আৰু ১০ লাখ প্ৰত্যক্ষ চাকৰি সৃষ্টিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এনে বাধ্যকাৰী প্ৰতিশ্ৰুতি প্ৰকাশ কৰা এয়া ভাৰতৰ প্ৰথমটো এফটিএ।
ইএফটিএ-য়ে ৯২.২% শুল্ক ৰেখা (ভাৰতৰ ৰপ্তানিৰ ৯৯.৬%) সামৰি লয়, আনহাতে ভাৰতে ৮২.৭% (ইএফটিএ-ৰ ৰপ্তানিৰ ৯৫.৩%) সামৰি লয়, যি দুগ্ধজাত সামগ্ৰী, চয়াবিন, কয়লা আৰু কৃষিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডক সুৰক্ষিত কৰে।
এই চুক্তিয়ে বজাৰ প্ৰৱেশাধিকাৰ সম্প্ৰসাৰণ কৰিব, উৎপাদন আৰু উদ্ভাৱন বৃদ্ধি কৰিব, আৰু প্ৰযুক্তি আৰু বহনক্ষমতাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিব।
সেৱা ৰপ্তানিসমূহ যেনে ডিজিটেল ডেলিভাৰী, বাণিজ্যিক উপস্থিতি আৰু পেছাদাৰী গতিশীলতা, আৰু নাৰ্ছিং, হিচাপবিদ্যা আৰু স্থাপত্যৰ দৰে ক্ষেত্ৰত পাৰস্পৰিক স্বীকৃতি চুক্তি (এমআৰএ) ৰ পৰা লাভান্বিত হ 'ব।
ভাৰত-ইউৰোপ অৰ্থনৈতিক সম্পৰ্কত এক নিৰ্ণায়ক সন্ধিক্ষণ
ইএফটিএ হৈছে আইচলেণ্ড, লিচটেনষ্টেইন, নৰৱে আৰু ছুইজাৰলেণ্ডৰ আন্তঃচৰকাৰী সংস্থা। ১৯৬০ চনত ইয়াৰ তেতিয়াৰ ৭ খন সদস্য ৰাষ্ট্ৰৰ দ্বাৰা ইয়াৰ সদস্যসকলৰ মাজত মুক্ত বাণিজ্য আৰু অৰ্থনৈতিক একত্ৰীকৰণৰ প্ৰচাৰৰ বাবে ইয়াক স্থাপন কৰা হৈছিল। ইউৰোপৰ ৩টা (অন্য ২টা ইইউ আৰু ইউকে)ৰ ভিতৰত ইএফটিএ হৈছে এটা গুৰুত্বপূৰ্ণ অৰ্থনৈতিক গোট।
ভাৰত–ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা (ইএফটিএ) বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিখন (টিইপিএ) ১০ মাৰ্চ ২০২৪ তাৰিখে নতুন দিল্লীত স্বাক্ষৰ কৰা হৈছিল আৰু ১ অক্টোবৰ ২০২৫ তাৰিখে কাৰ্যকৰী হৈছিল। এয়া ভাৰতৰ বৈদেশিক বাণিজ্য নীতিৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত । চাৰিখন উন্নত ইউৰোপীয় ৰাষ্ট্ৰ যেনে চুইজাৰলেণ্ড, নৰৱে, আইচলেণ্ড আৰু লিচটেনষ্টেইনৰ সৈতে ভাৰতৰ এইখনেই প্ৰথমখন মুক্ত বাণিজ্য চুক্তি, আৰু ই আকাৰ আৰু উদ্দেশ্যৰ ক্ষেত্ৰত আটাইতকৈ উচ্চাকাংক্ষী চুক্তি সমূহৰ ভিতৰত অন্যতম। এয়া আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী আৰু ইএফটিএ-ৰ স্থিতিস্থাপকতা, বৈচিত্ৰ্যপূৰ্ণ অংশীদাৰিত্বৰ সন্ধানৰ মাজত এক কৌশলগত অভিসৰণক প্ৰতিনিধিত্ব কৰে।
এই চুক্তিত ১৪টা অধ্যায় আছে, য'ত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা, উৎপত্তিৰ নিয়ম, বাণিজ্যৰ সুবিধা, বাণিজ্যৰ প্ৰতিকাৰ, স্বাস্থ্যবিধি আৰু উদ্ভিদ স্বাস্থ্যবিধিৰ ব্যৱস্থা, বাণিজ্যৰ প্ৰতি কাৰিকৰী বাধা, বিনিয়োগৰ প্ৰসাৰ, সেৱা, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ, বাণিজ্য আৰু বহনক্ষম উন্নয়ন, আৰু অন্যান্য আইনী আৰু আনুভূমিক বিধানৰ দৰে মূল ক্ষেত্ৰসমূহৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
উল্লেখযোগ্য যে, এই চুক্তিয়ে অহা পোন্ধৰ বছৰত ভাৰতত ১০০ বিলিয়ন ডলাৰৰ বিনিয়োগ মুকলি কৰা আৰু ১০ লাখ প্ৰত্যক্ষ চাকৰি সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে, যি ইয়াক দেশৰ অৰ্থনৈতিক ইতিহাসৰ অন্যতম দূৰদৃষ্টিসম্পন্ন বাণিজ্য অংশীদাৰিত্ব হিচাপে চিহ্নিত কৰিব।

টিইপিএ কি?
টিইপিএ (বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি) হৈছে এক আধুনিক আৰু উচ্চাভিলাষী চুক্তি য'ত ভাৰতে স্বাক্ষৰ কৰা যিকোনো মুক্ত বাণিজ্য চুক্তিত(এফটিএ) প্ৰথমবাৰৰ বাবে বিনিয়োগ আৰু চাকৰি সৃষ্টিৰ ওপৰত বাধ্যতামূলক প্ৰতিশ্ৰুতি অন্তৰ্ভুক্ত কৰা হৈছে।
উদ্দেশ্যপূৰ্ণ বিনিয়োগ
অনুচ্ছেদ ৭ . ১ৰ অধীনত ইএফটিএ-ৰ চাৰিখন সদস্য দেশে প্ৰথম ১০ বছৰত ভাৰতত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ (এফডিআই) ৫০ বিলিয়ন ডলাৰলৈ আৰু তাৰ পিছৰ ৫ বছৰত অতিৰিক্ত ৫০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছে।
পৰ্টফোলিওৰ প্ৰবাহৰ বিপৰীতে, এইবোৰ হৈছে দীৰ্ঘম্যাদী, উৎপাদন, উদ্ভাৱন আৰু গৱেষণাৰ ক্ষমতা-নিৰ্মাণ বিনিয়োগ। সময়ৰ লগে লগে, এইবোৰে ১০ লাখ প্ৰত্যক্ষ চাকৰি সৃষ্টি কৰিব আৰু ভাৰতৰ দক্ষ কৰ্মশক্তি আৰু ইউৰোপৰ প্ৰযুক্তি পৰিৱেশ তন্ত্ৰৰ মাজত গভীৰ সংযোগ স্থাপন কৰিব।
২০২৫ চনৰ ফেব্ৰুৱাৰীৰ পৰা বিনিয়োগৰ সুবিধা সুবিন্যস্ত কৰিবলৈ, এক সমৰ্পিত ভাৰত-ইএফটিএ ডেস্ক মুকলি কৰা হৈছে, যি সম্ভাৱ্য বিনিয়োগকাৰীসকলৰ বাবে একক মঞ্চ হিচাপে কাম কৰিব। ই নৱীকৰণযোগ্য শক্তি, জীৱ বিজ্ঞান, অভিযান্ত্ৰিক, আৰু ডিজিটেল ৰূপান্তৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব, লগতে যুটীয়া উদ্যোগ আৰু এছ. এম. ই.-ৰ মাজত সহযোগিতা বৃদ্ধি কৰিব।
সন্তুলিত বজাৰ প্ৰৱেশাধিকাৰ
টিইপিএ-য়ে উচ্চাকাংক্ষা আৰু বিচক্ষণতাৰ মাজত ভাৰসাম্য বজাই ৰাখে। ই এফ টি এয়ে ৯২.২ শতাংশ সামগ্ৰী প্ৰৱেশৰ ওপৰত শুল্ক ৰেহাই প্ৰদান , যিয়ে ভাৰতৰ ৯৯.৬ শতাংশ ৰপ্তানি সামৰি লয়। ইয়াৰ দ্বাৰা সকলো অকৃষি সামগ্ৰী আৰু প্ৰক্ৰিয়াকৃত কৃষিজাত সামগ্ৰী সামৰি লোৱা হ’ব।
ভাৰতে সাৱধানীতাৰে ৮২.৭% শুল্ক ৰেখা প্ৰৱেশ বৃদ্ধি কৰিছে, যি ইএফটিএৰ ৰপ্তানিৰ ৯৫.৩% সামৰি লয়। ইএফটিএৰ পৰা আমদানিৰ ৮০%তকৈ অধিক সোণেৰ সামগ্ৰী, য’ত কাৰ্যকৰী শুল্কৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই।
দুগ্ধ, সৰিয়হ, কয়লা, ঔষধ, চিকিৎসা সঁজুলি, আৰু নিৰ্দিষ্ট কিছুমান খাদ্য সামগ্ৰীক এই তালিকাৰ পৰা বাদ দিয়াৰ হৈছে। মেক ইন ইণ্ডিয়া আৰু প্ৰডাকচন লিংকড ইনচেণ্টিভ (পিএলআই) আঁচনিৰ দৰে ফ্লেগশ্বিপ প্ৰগ্ৰেমৰ অধীনত নিৰ্মিত সামগ্ৰী তথা ঘৰুৱা উদ্যোগসমূহক সম্পূৰ্ণ বাণিজ্যিক প্ৰতিযোগিতাৰ সন্মুখীন হোৱাৰ আগতে শক্তিশালী হ’বলৈ সময় দিবৰ বাবে ৫–১০ বছৰৰ ভিতৰত পৰ্যায়ক্ৰমে শুল্ক হ্ৰাস কৰা হ’ব।

সেৱা আৰু দক্ষ প্ৰতিভাৰ বাবে এক দুৱাৰমুখ
সেৱা খণ্ডই ভাৰতৰ মুঠ মূল্য সংযোজিত (জিভিএ)ত ৫৫%তকৈ অধিক অৰিহণা যোগায়। টিইপিএ অনাগত দিনত জ্ঞান আৰু ডিজিটেল সেৱাৰ পৰৱৰ্তী প্ৰজন্মৰ বাণিজ্যৰ বাবে এক মঞ্চ প্ৰদান কৰিব।
ভাৰতে ১০৫টা উপখণ্ডত প্ৰতিশ্ৰুতি দিছে, আনহাতে ইএফটিকএৰ তৰফৰ পৰা ছুইজাৰলেণ্ডৰ ১২৮টা, নৰৱেৰ ১১৪টা, আইচলেণ্ডৰ পৰা ১১০টা আৰু লিচেনষ্টাইনৰ ১০৭টাক সামৰি লৈছে। ইয়াৰ ভিতৰত ভাৰতীয় মূল শক্তি যেনে তথ্য প্ৰয্যক্তি আৰু ব্যৱসায়িক সেৱা, শিক্ষা, সংবাদ মাধ্যম, সাংস্কৃতিক, আৰু পেছাদাৰী সেৱা অন্তৰ্ভুক্ত।
টিইপিএ-ৰ এটা সংজ্ঞায়িত উপাদান হৈছে নাৰ্চিং, চাৰ্টাৰ্ড একাউণ্টেন্সি, আৰু স্থাপত্যৰ দৰে বৃত্তিত পাৰস্পৰিক মান্যতা ৰেকগনিচন চুক্তি (এম আৰ এ) অন্তৰ্ভুক্ত কৰা, যিটো মসৃণ পেছাদাৰী গতিশীলতাৰ দিশত এক পদক্ষেপ।
টিইপিএ-য়ে তথ্য প্ৰযুক্তি আৰু ব্যৱসায়িক সেৱা, সাংস্কৃতিক আৰু বিনোদনমূলক সেৱা, শিক্ষা, আৰু দৃশ্য-শ্ৰাব্য সেৱাৰ দৰে মূল ক্ষেত্ৰসমূহতো ভাৰতৰ সেৱা ৰপ্তানি বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
ইএফটিএৰ সেৱাৰ প্ৰতিশ্ৰুতিসমূহে বজাৰত প্ৰৱেশ বৃদ্ধি কৰিব:
ধৰণ ১: সেৱাৰ ডিজিটেল ডেলিভাৰী
ধৰণ ৩: বাণিজ্যিক উপস্থিতি
ধৰণ ৪: দক্ষ পেছাদাৰীসকলৰ প্ৰৱেশ আৰু অস্থায়ীভাৱে থকাৰ বাবে অধিক নিশ্চয়তা
বৌদ্ধিক সম্পত্তিৰ অধিকাৰ, উদ্ভাৱন আৰু বিশ্বাস
টিইপিএ-ৰ বৌদ্ধিক সম্পত্তিৰ অধিকাৰ (আইপিআৰ) ব্যৱস্থাসমূহ টিআৰআইপিএছ-ৰ (বৌদ্ধিক সম্পত্তি অধিকাৰৰ বাণিজ্য-সম্পৰ্কীয় দিশসমূহ) প্ৰতি দায়বদ্ধ, যিয়ে জনস্বাস্থ্য আৰু জেনেৰিক ঔষধৰ ক্ষেত্ৰত ভাৰতৰ নমনীয়তা বজাই ৰাখি উচ্চ পৰ্যায়ৰ সুৰক্ষা নিশ্চিত কৰে।
বিশ্বৰ উদ্ভাৱন কেন্দ্ৰ ছুইজাৰলেণ্ডৰ বাবে আইপিআৰ অধ্যায়ে ভাৰতৰ নিয়ামক শক্তিৰ ওপৰত আস্থা প্ৰতিফলিত কৰে, আনহাতে পেটেণ্ট চিৰসেউজৰ বিৰুদ্ধে ভাৰতৰ সুৰক্ষাসমূহে ঔষধৰ সুলভ উপলব্ধতা সুৰক্ষিত কৰে। এই ভাৰসাম্যই টিইপিএক উদ্ভাৱন আৰু অন্তৰ্ভুক্তিৰ মাজত বিশ্বাস-চালিত সহযোগিতাৰ এক আৰ্হি হিচাপে গঢ়ি তুলিছে।
বহনক্ষম আৰু সৰ্বাংগীন উন্নয়ন
টিইপিএ-য়ে বহনক্ষম উন্নয়ন, সৰ্বাংগীন উন্নয়ন, সামাজিক প্ৰগতি, আৰু পৰিৱেশ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই বাণিজ্যিক পদ্ধতিত স্বচ্ছতা, দক্ষতা, সৰলীকৰণ, সমন্বয়, আৰু সামঞ্জস্যতাক লাভান্বিত কৰিব।
ক্ষেত্ৰভিত্তিক সুযোগ: ক’ত লাভ হ’ব
ভাৰত–ইএফটিএ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (টিইপিএ)য়ে বহুতো উদ্যোগৰ বাবে সুযোগ মুকলি কৰিছে। ইএফটিএত ৯২ শতাংশ পণ্য প্ৰৱেশ সামৰি লোৱাৰ লগে লগে যন্ত্ৰপাতি, জৈৱিক ৰাসায়নিক পদাৰ্থ, বস্ত্ৰশিল্প, আৰু প্ৰক্ৰিয়াজাত খাদ্যৰ দৰে খণ্ডত ভাৰতীয় ৰপ্তানিকাৰকসকলে ইএফটিএৰ বজাৰত প্ৰৱেশ বৃদ্ধি কৰিব পাৰিব। ইয়াৰ ফলত প্ৰতিযোগিতা বৃদ্ধি পাব, খৰচ হ্ৰাস পাব, আৰু সেই বজাৰসমূহত ভাৰতীয় সামগ্ৰীৰ প্ৰৱেশ ত্বৰান্বিত হ’ব বুলি আশা কৰা হৈছে।

কৃষি আৰু সংশ্লিষ্ট সামগ্ৰী
ইএফটিএ দেশসমূহলৈ ভাৰতৰ ৰপ্তানি ২০২৪-২৫ বিত্তীয় বৰ্ষত ৭২.৩৭ মিলিয়ন ডলাৰ হ’ব, য’ত গুৱাৰ গাম, প্ৰক্ৰিয়াজাত শাক-পাচলি, বাছমতী চাউল, দালি, ফল-মূল, আৰু আঙুৰৰ প্ৰধান ৰপ্তানি হ’ব।
টিইপিএ-য়ে এই শিতানসমূহত শুল্ক শুল্ক হ্ৰাস বা আঁতৰাই পেলাইছে, বিশেষকৈ চুইজাৰলেণ্ড আৰু নৰৱেত, যিবোৰে ইএফটিএৰ সৈতে ভাৰতৰ কৃষি বাণিজ্যৰ ৯৯%তকৈ অধিক অংশ গ্ৰহণ কৰে।
টিইপিএ-য়ে এই শ্ৰেণীসমূহত শুল্ক হ্ৰাস কৰিছে বা নোহোৱা কৰিছে, বিশেষকৈ ছুইজাৰলেণ্ড আৰু নৰৱেত, যিয়ে একেলগে ইএফটিএ-ৰ সৈতে ভাৰতৰ ৯৯ শতাংশতকৈ অধিক কৃষি-বাণিজ্য কৰে।

দেশ-বিশেষে লাভসমূহ
ইএফটিএ দেশসমূহ
|
সামগ্ৰী/এইচ এচ কোড
|
শুল্ক ৰেহাই/সুযোগসমূহ
|
ছুইজাৰলেণ্ড
|
খাদ্য প্ৰস্তুতকৰণ
|
২৭.৫ চিএইচএফ/১০০ কিলোগ্ৰাম পৰ্যন্ত শুল্ক হ্ৰাস; ভাৰতীয় ৰপ্তানিৰ সম্ভাৱনা
|
মিষ্টান্ন, বিস্কুট
|
শুল্ক হ্ৰাসে প্ৰক্ৰিয়াজাত খাদ্যত সুযোগ সৃষ্টি কৰে
|
সতেজ আঙুৰ
|
২৭২ চিএইচএফ/১০০ কিলোগ্ৰাম পৰ্যন্ত শূন্য শুল্ক
|
বাদাম আৰু বীজ, সতেজ শাক-পাচলি
|
মুক্ত বাণিজ্য চুক্তিৰ পিছত শূন্য শুল্ক, প্ৰতিযোগিতা বৃদ্ধি
|
নৰৱে
|
খাদ্য সামগ্ৰী, মছলা
|
শুল্ক শুল্কৰ সৈতে নিৰ্বাচিত সামগ্ৰীৰ ক্ষেত্ৰত শুল্কমুক্ত প্ৰৱেশ
|
চাউল
|
শুল্ক হ্ৰাস কৰিলে (খাদ্যৰ বাহিৰে আন উদ্দেশ্যৰ বাবে) নতুন বজাৰ মুকলি
|
প্ৰক্ৰিয়াজাত শাক-পাচলি আৰু ফল-মূল
|
নিৰ্বাচিত সামগ্ৰীৰ শুল্কমুক্ত প্ৰৱেশ
|
বিস্কুট, মাল্টৰ নিষ্কাশন, পানীয়
|
শুল্ক লাঘৱে ভাৰতীয় ব্ৰেণ্ডৰ বাবে প্ৰৱেশ বৃদ্ধি কৰিব।
|
আইচলেণ্ড
|
প্ৰক্ৰিয়াজাত খাদ্য-সামগ্ৰী
|
উচ্চ এমএফএন শুল্ক (৯৭ আইএছকে/কিলোগ্ৰামলৈকে) শূন্যলৈ হ্ৰাস কৰা হয়
|
চকলেট আৰু মিষ্টান্ন
|
শুল্ক বিলুপ্ত কৰা; প্ৰক্ৰিয়াজাত খাদ্য ৰপ্তানিৰ বাবে শক্তিশালী সম্ভাৱনা
|
সতেজ/ শীতল শাক-পাচলি
|
শুল্কৰ বিলুপ্তি
|
কফি আৰু চাহ
একেলগে, ইএফটিএ দেশসমূহে ১৭৫ নিযুত ডলাৰ মূল্যৰ কফি আমদানি কৰে, যি বিশ্ব বাণিজ্যৰ প্ৰায় ৩ শতাংশ। সকলো কফি শ্ৰেণীৰ ওপৰত শুল্ক আঁতৰোৱাটোৱে ভাৰতীয় উৎপাদকসকলক ছুইজাৰলেণ্ড আৰু নৰৱেৰ প্ৰিমিয়াম বজাৰত প্ৰৱেশাধিকাৰ দিব, যি ছায়াত উৎপাদন কৰা আৰু হাতেৰে বাছনি কৰা ভাৰতীয় কফিৰ বাবে এক আদৰ্শ স্থান।
চাহৰ ক্ষেত্ৰত, ইএফটিএ-ৰ বজাৰ সৰু কিন্তু উচ্চ মূল্যৰ বজাৰত (প্ৰতি বছৰে প্ৰায় ৩০ লাখ কেজি) ইতিমধ্যে লাভ দেখা দিবলৈ আৰম্ভ কৰিছে। ভাৰতৰ গড় ৰপ্তানি ২০২৪-২৫ত প্ৰতি কেজি ৫.৯৩ ডলাৰৰ তুলনাত প্ৰতি কেজি ৬.৭৭ ডলাৰলৈ বৃদ্ধি পাইছে।
সাগৰীয় খাদ্য সামগ্ৰী
টিইপিএ-ৰ অধীনত ভাৰতীয় সামুদ্ৰিক সামগ্ৰীয়ে ইএফটিএ দেশসমূহত শুল্ক ৰেহাইৰ দ্বাৰা লাভৱান হ’ব:
দেশভিত্তিক বজাৰৰ সুবিধা
|
নৰৱে
|
মাছ আৰু নিছলা মাছৰ খাদ্যৰ ওপৰত ১৩.১৬% পৰ্যন্ত শুল্ক হ্ৰাস, যাৰ ফলত ভাৰতীয় সামগ্ৰী অধিক প্ৰতিযোগিতামূলক হৈ পৰিব আৰু খাদ্য আৰু কেঁচামালৰ ৰপ্তানি বৃদ্ধি পাব।
|
আইচলেণ্ড
|
শীতলীকৃত, প্ৰস্তুত আৰু সংৰক্ষিত নিছলা মাছ, প্ৰন্স, স্কুইড আৰু কাটলফিছৰ ওপৰত ১০% পৰ্যন্ত শুল্ক হ্ৰাস কৰাৰ লগতে মাছৰ খাদ্যৰ ওপৰত ৫৫% পৰ্যন্ত হ্ৰাস কৰা হ’ব।
|
চুইজাৰলেণ্ড
|
মাছৰ চৰ্বি আৰু তেলৰ ওপৰত শূন্য শুল্ক (যকৃতৰ তেলৰ বাহিৰে)
|
ঔদ্যোগিক আৰু উৎপাদন লাভ
২০২৪–২৫ বিত্তীয় বৰ্ষত ইএফটিএলৈ অভিযান্ত্ৰিক সামগ্ৰীৰ ৰপ্তানি ৩১৫ মিলিয়ন ডলাৰ আছিল, যি যোৱা বছৰৰ পৰা ১৮% বৃদ্ধি পাইছে। এই চুক্তিৰ জৰিয়তে বৈদ্যুতিক যন্ত্ৰপাতি, তামৰ সামগ্ৰী, শক্তি-দক্ষতা ব্যৱস্থা, আৰু নিখুঁত অভিযান্ত্ৰিকীৰ বজাৰ সম্প্ৰসাৰিত কৰা হৈছে।
এই চুক্তিৰ দ্বাৰা বস্ত্ৰ, চামৰা আৰু জোতাৰ লগত জড়িত খণ্ডবোৰ ০.১৩ বিলিয়ন ডলাৰ মূল্যৰ লাভ পাব তথা শুল্ক স্থিৰতা আৰু মানদণ্ডৰ সৰলীকৰণৰ দ্বাৰা লাভৱান হ’ব। আনহাতে ক্ৰীড়া সামগ্ৰী আৰু খেলনাই শূন্য-শুল্কৰ দ্বাৰা প্ৰৱেশ আৰু অনুকূল মানদণ্ডৰ পাৰস্পৰিক স্বীকৃতিৰ পৰা লাভৱান হ’ব।
ৰত্ন আৰু গহনাৰ বাবে, টিইপিএ-ই সমগ্ৰ ইএফটিএত শুল্কমুক্ত প্ৰৱেশ সুনিশ্চিত কৰে যাতে হীৰা, সোণ, আৰু ৰঙীন ৰত্ন ৰপ্তানিকাৰকসকলৰ বাবে দীৰ্ঘম্যাদী যোগ্যতা নিশ্চিত কৰে।
ইলেক্ট্ৰনিক্স আৰু চফ্টৱেৰ
১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি আৰু উচ্চ আয়ৰ ইউৰোপীয় বজাৰসমূহত অগ্ৰাধিকাৰপ্ৰাপ্ত প্ৰৱেশৰ সৈতে, টিইপিএ-য়ে ভাৰতৰ ইলেক্ট্ৰনিক্স খণ্ডৰ বাবে এক কৌশলগত স্প্ৰিংবৰ্ড প্ৰদান কৰে — বিশেষকৈ বিশ্বজুৰি সম্প্ৰসাৰিত কৰিবলৈ বিচৰা এমএছএমই আৰু অ’ইএমসমূহৰ বাবে।
দেশ অনুসৰি বজাৰৰ সম্ভাৱনা
|
চুইজাৰলেণ্ড
|
মেডিকেল ইলেক্ট্ৰনিক্স (ডায়েগনষ্টিক ডিভাইচ, ৱেয়াৰেবল), স্মাৰ্ট চেন্সৰ আৰু এম্বেডেড চিষ্টেম, নিৰাপদ যোগাযোগ মডিউল (ফিনটেক আৰু বেংকিঙৰ বাবে)।
কৌশলগত প্ৰান্ত: মালিকানাধীন প্ৰযুক্তি সুৰক্ষিত কৰিবলৈ টিইপিএ-ৰ আই পি আৰ অধ্যায়ৰ লাভ উঠাওক।
|
নৰৱে
|
ইভি উপাদান আৰু বেটাৰী ব্যৱস্থাপনা ব্যৱস্থা, সাগৰীয় ইলেক্ট্ৰনিক্স (নেভিগেচন, ছ’নাৰ, আইঅ’টি বয়), স্মাৰ্ট গ্ৰীড আৰু শক্তি নিৰীক্ষণ ডিভাইচ।
কৌশলগত প্ৰান্ত: নৰৱেৰ জলবায়ু-প্ৰযুক্তিৰ লক্ষ্য আৰু ৰাজহুৱা ক্ৰয় ধাৰাবোৰৰ সৈতে একাকাৰ হওক।
|
আইচলেণ্ড
|
কমপেক্ট মেডিকেল ডিভাইচ আৰু ডায়েগনষ্টিক, স্মাৰ্ট হোম আৰু শক্তি-দক্ষ ইলেক্ট্ৰনিকছ, শিক্ষামূলক প্ৰযুক্তি হাৰ্ডৱেৰ (টেবলেট, চেন্সৰ)।
কৌশলগত প্ৰান্ত: বিশেষ বিতৰকক লক্ষ্য কৰি লোৱা আৰু জনস্বাস্থ্যৰ বাবে পদক্ষেপ
|
লিচেনষ্টাইন
|
ঔদ্যোগিক নিয়ন্ত্ৰণ ব্যৱস্থা, বেংকিঙৰ বাবে সুৰক্ষিত এম্বেডেড ইলেক্ট্ৰনিকছ, অ’ইএমৰ বাবে উচ্চ-নিখুঁত উপাদান।
কৌশলগত প্ৰান্ত: ইউৰোপীয় অ’ইএমৰ বাবে ভাৰতক নিৰ্ভৰযোগ্য ওএইএম-ৰ অংশীদাৰ হিচাপে স্থান দিয়া।
|
ৰাসায়নিক, প্লাষ্টিক আৰু সংশ্লিষ্ট সামগ্ৰী
ইএফটিএ-য়ে ভাৰতৰ ৰাসায়নিক ৰপ্তানিৰ ৯৫% ওপৰত শুল্ক হ্ৰাস কৰিছে বা শূন্য শুল্ক কৰিছে। ইয়াৰ ফলত পূৰ্বৰ ইএফটিএৰ ৫৪% শুল্ক কৰ্তন হৈছে।
বিশেষকৈ পোহনীয়া জন্তুৰ খাদ্য, ৰবৰ, চিৰামিক আৰু কাঁচৰ সামগ্ৰীৰ ৰপ্তানি ৪৯ মিলিয়ন ডলাৰৰ পৰা ৬৫–৭ কোটি ডলাৰলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
প্লাষ্টিক আৰু শ্বেলক ভিত্তিক সামগ্ৰীৰ বাবে টিইপিএ-য়ে উচ্চ মূল্যৰ ইউৰোপীয় বজাৰত প্ৰৱেশ সক্ষম কৰে, যাৰ ফলত আমেৰিকাৰ দৰে শুল্ক-গধুৰ গন্তব্যস্থানৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পায়।
পাৰস্পৰিক আস্থাত শিপাই থকা অংশীদাৰিত্ব
ভাৰতৰ বাবে টিইপিএ কেৱল এক বাণিজ্যিক চুক্তিয়েই নহয়, ই স্বচ্ছতা, নিয়মভিত্তিক বাণিজ্য, আৰু উদ্ভাৱনক মূল্য দিয়া অৰ্থনীতিৰ সৈতে কৌশলগত আস্থাৰ এক আহিলা।
ইয়াৰ উপৰিও ই বাণিজ্য উদাৰীকৰণৰ এক পৰিপক্ক দৃষ্টিভংগী প্ৰদৰ্শন কৰে, যিয়ে ভাৰতক বিশ্বৰ যোগান শৃংখলত নিৰ্ভৰযোগ্য অংশীদাৰ হিচাপে প্ৰক্ষেপ কৰাৰ লগতে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰে।
বিনিয়োগ, নিয়োগ, প্ৰযুক্তি আৰু বহনক্ষমতাৰ দুৱাৰ মুকলি কৰি টিইপিএ-য়ে আধুনিক অৰ্থনৈতিক অংশীদাৰিত্বৰ সাৰমৰ্ম, অভিলাষী, সুষম, আৰু আগন্তুক দৃষ্টিভংগীক ধৰি ৰাখিছে।
সামৰণি
ভাৰত–ইএফটিএ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (টিইপিএ) হৈছে এক ঐতিহাসিক মাইলৰ খুঁটি, যি চাৰিখন উন্নত ইউৰোপীয় ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ প্ৰথম এফটিএ। ইয়াৰ লগত ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগ আৰু অহা ১৫ বছৰত ১০ লাখ প্ৰত্যক্ষ চাকৰি সৃষ্টিৰ প্ৰতিশ্ৰুতি আছে। এই চুক্তিয়ে সামগ্ৰী আৰু সেৱাৰ বজাৰ প্ৰৱেশ বৃদ্ধি কৰে, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ শক্তিশালী কৰে, আৰু বহনক্ষম আৰু সৰ্বাংগীন উন্নয়নক প্ৰসাৰিত কৰে, আৰু একে সময়তে মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যসমূহ আগুৱাই লৈ যায়।
References
Ministry of Commerce and Industry
https://www.commerce.gov.in/international-trade/trade-agreements/india-efta-tepa/
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2013169
PIB
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=154945&ModuleId=3
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2173138
BM/DPS
(Backgrounder ID: 155534)
Visitor Counter : 4
Provide suggestions / comments