Rural Prosperity
সীমাহীন খাদ্য সুৰক্ষা
प्रविष्टि तिथि:
12 NOV 2026 11:45 AM
স্থানান্তৰযোগ্যতাৰ পৰা অন্তৰ্ভুক্তিলৈ: খাদ্যশস্য লাভৰ সুবিধাৰ ৰূপান্তৰ
এখন দেশ, এখন ৰেচন কাৰ্ড (অ এন অ আৰ চি) আঁচনিখন ২০১৯ চনত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ দ্বাৰা আৰম্ভ কৰা হৈছিল। ই ৰাজহুৱা বিতৰণ ব্যৱস্থা (পিডিএচ)-ৰ এটা গুৰুত্বপূৰ্ণ সংস্কাৰ, যাৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন এফ এচ এ)-ৰ অধীনত সামৰি লোৱা ৰেচন কাৰ্ড আৰু হিতাধিকাৰীসকলৰ বাবে সমগ্ৰ দেশতে ৰেচন কাৰ্ডৰ স্থানান্তৰযোগ্যতা নিশ্চিত কৰা হৈছে।
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন এফ এচ এ) ৰাজসাহায্যযুক্ত খাদ্যশস্য লাভৰ আইনী অধিকাৰ প্ৰদান কৰে, আনহাতে লক্ষ্যভিত্তিক ৰাজহুৱা বিতৰণ ব্যৱস্থাই (টিপিডিএচ) যোগ্য হিতাধিকাৰীসকলৰ মাজত এই খাদ্যশস্য বিতৰণ কৰে।
লক্ষ্যভিত্তিক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ (টিপিডিএচ)) সংস্কাৰৰ অংশ হিচাপে অ এন অ আৰ চিআঁচনিয়ে প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে হিতাধিকাৰীসকলক দেশৰ যিকোনো স্থানৰ পৰা তেওঁলোকৰ প্ৰাপ্য খাদ্যশস্য লাভ কৰাৰ সুবিধা প্ৰদান কৰিছে।
এই পদক্ষেপে প্ৰব্ৰজনকাৰী জনসাধাৰণৰ সামাজিক সুৰক্ষা অধিক শক্তিশালী কৰাৰ লগতে অধিক সংহত, অন্তৰ্ভুক্তিমূলক আৰু হিতাধিকাৰী-কেন্দ্ৰিক কল্যাণমূলক সেৱা প্ৰদান ব্যৱস্থাৰ লক্ষ্য বাস্তৱায়নৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
নতুন ৰেচন কাৰ্ডৰ প্ৰয়োজন নোহোৱাকৈ সমগ্ৰ দেশৰ যিকোনো সুলভ মূল্যৰ দোকানৰ পৰা খাদ্যশস্যৰ প্ৰাপ্য অংশ লাভ কৰাৰ সুবিধা প্ৰদান কৰে। ইয়াৰ জৰিয়তে বিভিন্ন ৰাজ্যৰ মাজত খাদ্যশস্য লাভৰ অধিকাৰ স্থানান্তৰযোগ্য হয়।
বাসস্থান সলনি কৰাৰ পিছতো প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালসমূহক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুবিধা লাভ কৰাত সহায় কৰে।
হিতাধিকাৰীসকলে দেশৰ যিকোনো স্থানত বাস কৰিলেও ৰাজসাহায্যযুক্ত খাদ্যশস্য লাভ কৰাটো নিশ্চিত কৰে।
সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ হিতাধিকাৰীসকলৰ বাবে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুবিধা অধিক শক্তিশালী আৰু সুলভ কৰি তোলে।
স্থানান্তৰযোগ্যতাৰ উল্লেখযোগ্য মাইলৰ খুঁটিসমূহ
অ এন অ আৰ চিয়ে খাদ্যশস্য লাভৰ সুবিধা সহজ, স্থানান্তৰযোগ্য আৰু সমগ্ৰ দেশতে সুলভ কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিছে।

অ এন অ আৰ চিআঁচনিখন দেশৰ ৩৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলতে ৰূপায়ণ কৰা হৈছে আৰু ইয়াৰ অধীনত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ ১০০% হিতাধিকাৰীক সামৰি লোৱা হৈছে।
অ এন অ আৰ চিআঁচনিৰ জৰিয়তে প্ৰতিমাহে প্ৰায় ৩.২৭ কোটি স্থানান্তৰযোগ্যতা-সম্পৰ্কীয় লেনদেন সম্পন্ন হয়।
আৰম্ভণিৰে পৰা এই আঁচনিৰ অধীনত আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰতে ২৩৩ কোটিৰো অধিক স্থানান্তৰযোগ্যতা-সম্পৰ্কীয় লেনদেন সম্পন্ন হৈছে আৰু ইয়াৰ জৰিয়তে ৬১৪ লাখ মেট্ৰিক টনতকৈও অধিক খাদ্যশস্য বিতৰণ কৰা হৈছে।
ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত স্বচ্ছতা আৰু সেৱাপ্ৰদান ব্যৱস্থা অধিক শক্তিশালীকৰণ
ৰেচন কাৰ্ডৰ স্থানান্তৰযোগ্যতাৰ লগতে চৰকাৰে ডিজিটেল প্ৰমাণীকৰণ, তথ্যভিত্তিক হিতাধিকাৰী নিৰ্বাচন আৰু প্ৰযুক্তি-সক্ষম বিতৰণ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। ইয়াৰ ফলত স্বচ্ছতা বৃদ্ধি পোৱাৰ লগতে অন্তিম পৰ্যায়ৰ হিতাধিকাৰীসকলৰ ওচৰলৈ সেৱা অধিক ফলপ্ৰসূভাৱে আৰু সঠিক সময়ত সেৱাপ্ৰদান নিশ্চিত হৈছে।
১০০% ডিজিটেলীকৰণ: ২০২৬ চনৰ অক্টোবৰ মাহলৈকে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৰেচন কাৰ্ড আৰু হিতাধিকাৰীসকলৰ তথ্যভাণ্ডাৰ ১০০% ডিজিটেলীকৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে প্ৰায় ৭৮.৬৫ কোটি হিতাধিকাৰীক সামৰি লোৱা হৈছে আৰু এই তথ্যসমূহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৰাজহুৱা স্বচ্ছতা পৰ্টেলত উপলব্ধ কৰা হৈছে। কেন্দ্ৰীয় ব্যৱস্থাত থকা মুঠ ২০.৫১ কোটি ৰেচন কাৰ্ডৰ ভিতৰত ৯৮.৮% অৰ্থাৎ ২০.২৭ কোটি ৰেচন কাৰ্ড আধাৰ নম্বৰৰ সৈতে সংযুক্ত কৰা হৈছে। আধাৰৰ সৈতে সংযুক্ত হোৱা মুঠ হিতাধিকাৰীৰ সংখ্যা হৈছে ৭৬.৯৭ কোটি। ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে ৭১.৫২ কোটি হিতাধিকাৰীৰ ই-কেৱাইচি সম্পূৰ্ণ কৰা হৈছে, যি মুঠ হিতাধিকাৰীৰ প্ৰায় ৯১%।
স্বচ্ছ অভিযোগ নিষ্পত্তি ব্যৱস্থা: সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে স্বচ্ছতা পৰ্টেল, অনলাইন অভিযোগ নিষ্পত্তি ব্যৱস্থা আৰু টোল-ফ্ৰী হেল্পলাইন সেৱা কাৰ্যকৰী হৈ আছে।
কম্পিউটাৰভিত্তিক যোগান শৃংখল: সমগ্ৰ দেশতে অনলাইনযোগে খাদ্যশস্য আবণ্টন ব্যৱস্থা ৰূপায়ণ কৰা হৈছে। আনহাতে, ৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত যোগান শৃংখলৰ ব্যৱস্থা কম্পিউটাৰভিত্তিক কৰা হৈছে।
ই- পি অ এচ ব্যৱস্থাৰে সক্ষম সুলভ মূল্যৰ দোকান: দেশৰ মুঠ ৫.৫১ লাখ সুলভ মূল্যৰ দোকানৰ ভিতৰত ৯৯.৮% অৰ্থাৎ ৫.৫০ লাখ দোকানত ই- পি অ এচ (ইলেক্ট্ৰনিক পইণ্ট অৱ ছেল) যন্ত্ৰৰ জৰিয়তে সেৱা প্ৰদান কৰা হৈছে।
সঠিক হিতাধিকাৰী চিনাক্তকৰণ আৰু ডুপ্লিকেট তথ্য আঁতৰোৱা: আধাৰ আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ তথ্যৰ উন্নত বিশ্লেষণৰ জৰিয়তে ৫.৯৫ কোটি সন্দেহজনক তথ্য চিনাক্ত কৰা হৈছিল। ইয়াৰ ফলত ‘ৰাইটফুল টাৰ্গেটিং V1’ৰ অধীনত ২.৫৮ কোটি ডুপ্লিকেট বা অযোগ্য তথ্য আঁতৰোৱা হয়। আনহাতে, ‘ৰাইটফুল টাৰ্গেটিং সংস্কৰণ ৩’ৰ জৰিয়তে ৬৩ লাখ সন্দেহজনক তথ্য চিনাক্ত কৰা হৈছিল আৰু ইয়াৰে ৬৮ লাখ তথ্য আঁতৰোৱা হৈছিল।
নিৰ্মল আৰু সক্ষম : ৰাজহুৱা বিতৰণ ব্যৱস্থাত ৰেচন পৰিবহণ আৰু পৰিচালনাৰ বাবে সাহায্য প্ৰদান আঁচনি (সাৰ্থক-পিডিএচ)-ৰ অধীনত এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপসমূহে তথ্যৰ আন্তঃগাঁথনি আৰু বিশ্লেষণ ব্যৱস্থা (নিৰ্মল), শক্তিশালী কৰাৰ লগতে ক্ৰয়ৰ পৰা বিতৰণলৈকে বাহনৰ অৱস্থান অনুসৰণ ব্যৱস্থা (সক্ষম) সহ বাস্তৱ-সময়ৰ তথ্যৰ সংহতি নিশ্চিত কৰে। সাৰ্থক-পিডিএচ আঁচনিয়ে ৰাজ্যৰ ভিতৰত খাদ্যশস্য পৰিবহণ, পৰিচালনা আৰু সুলভ মূল্যৰ দোকানৰ বিক্ৰেতাসকলৰ লাভাংশৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে। ইয়াৰ লগতে এক সংহত, নাগৰিক-কেন্দ্ৰিক আৰু পাৰস্পৰিকভাৱে সংযোগযোগ্য ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আন্তঃগাঁথনি গঢ়ি তোলাত সহায় কৰে।
এই আঁচনিৰ মূল লক্ষ্য হৈছে অন্তিম পৰ্যায়ৰ হিতাধিকাৰীসকলৰ ওচৰলৈ খাদ্যশস্যৰ যোগান নিশ্চিত কৰা, খাদ্যশস্যৰ অপচয় আৰু অনিয়ম হ্ৰাস কৰা তথা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত খাদ্য সুৰক্ষা অধিক শক্তিশালী কৰা। এই আঁচনিখন ৩১ মাৰ্চ, ২০৩১ তাৰিখলৈকে কাৰ্যকৰী হৈ থাকিব।
- ৰাজহুৱা বিতৰণ ব্যৱস্থাত প্ৰযুক্তিৰ জৰিয়তে আধুনিকীকৰণ আৰু সংস্কাৰৰ আঁচনি (স্মাৰ্ট- পিডিএচ): সাৰ্থক-পিডিএচ আঁচনিৰ অধীনত স্মাৰ্ট- পিডিএচ-এ ৰেচন কাৰ্ড, খাদ্যশস্য বিতৰণ, যোগান শৃংখল আৰু অভিযোগ নিষ্পত্তি ব্যৱস্থাক ডিজিটেল পদ্ধতিৰে সংহত কৰিছে। ইয়াৰ লগতে এক সংহত কেন্দ্ৰীয় ব্যৱস্থাৰ জৰিয়তে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰযুক্তিগত আন্তঃগাঁথনিৰ অভাৱ আৰু ব্যৱধানসমূহ দূৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
মেৰা ৰেচন এপ: আপোনাৰ হাতৰ মুঠিত খাদ্যশস্য লাভৰ সুবিধা
অ এন অ আৰ চিৰ অধীনত প্ৰযুক্তিচালিত লক্ষ্যভিত্তিক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ (টিপিডিএচ) সংস্কাৰৰ অংশ হিচাপে বিভাগটোৱে ‘মেৰা ৰেচন’ মোবাইল এপ্লিকেচন মুকলি কৰিছে। ১৩টা ভাষাত উপলব্ধ এই এপটোৰ জৰিয়তে হিতাধিকাৰীসকলে ৰেচন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আৰু বিভিন্ন সেৱা সহজে লাভ কৰিব পাৰে।
ইয়াৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হ’ল:
মাহেকীয়া খাদ্যশস্যৰ প্ৰাপ্য পৰিমাণৰ বিৱৰণ পৰীক্ষা কৰা।
পূৰ্বৰ লেনদেনসমূহৰ বিৱৰণ চাব পৰা সুবিধা।
আধাৰ সংযোগৰ স্থিতি পৰীক্ষা কৰাৰ সুবিধা।
ৰাষ্ট্ৰীয় পৰ্যায়ত ৰেচন কাৰ্ডৰ স্থানান্তৰযোগ্যতাৰ বাবে যোগ্যতা পৰীক্ষা কৰাৰ সুবিধা।
অ এন অ আৰ চি আঁচনিৰ বাবে স্বেচ্ছামূলকভাৱে পঞ্জীয়ন কৰাৰ সুবিধা।
জিপিএচ-ৰ সহায়ত ওচৰৰ সুলভ মূল্যৰ দোকানসমূহ (এফ পি এচ) বিচাৰি উলিওৱাৰ সুবিধা।
মানচিত্ৰৰ সহায়ত নিকটৱৰ্তী সুলভ মূল্যৰ দোকানলৈ যোৱাৰ পথ নিৰ্দেশনা লাভ কৰাৰ সুবিধা।
‘মেৰা ৰেচন’ এপটোৱে বিশেষকৈ প্ৰব্ৰজনকাৰী হিতাধিকাৰীসকলক ওচৰৰ সুলভ মূল্যৰ দোকান বিচাৰি উলিওৱাত আৰু নতুন স্থানত তেওঁলোকৰ প্ৰাপ্য খাদ্যশস্য লাভ কৰাত সহায় কৰে।
সামগ্ৰিক আৰু মৰ্যাদাপূৰ্ণ খাদ্য সুৰক্ষাৰ দিশে
অ এন অ আৰ চি আঁচনিয়ে খাদ্যশস্য লাভৰ সুবিধাক স্থানান্তৰযোগ্য, সমগ্ৰ দেশতে সুলভ আৰু প্ৰযুক্তি-সক্ষম কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছে। দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে এই আঁচনিৰ ৰূপায়ণ আৰু বৃহৎ সংখ্যক স্থানান্তৰযোগ্যতা-সম্পৰ্কীয় লেনদেনে খাদ্য সুৰক্ষা শক্তিশালী কৰাৰ ক্ষেত্ৰত ইয়াৰ ক্ৰমবৰ্ধমান ভূমিকাৰ প্ৰতিফলন ঘটাইছে। হিতাধিকাৰীৰ তথ্যভাণ্ডাৰৰ ডিজিটেলীকৰণ, ই-পি অ এচ ব্যৱস্থাৰে সজ্জিত সুলভ মূল্যৰ দোকান, ): সাৰ্থক-পিডিএচ কাঠামো আৰু ‘মেৰা ৰেচন’ এপৰ জৰিয়তে এই ব্যৱস্থাটো ক্ৰমান্বয়ে অধিক স্বচ্ছ, সংহত আৰু হিতাধিকাৰী-কেন্দ্ৰিক হৈ উঠিছে।
সামূহিকভাৱে এই সংস্কাৰসমূহে সেৱা প্ৰদানৰ অন্তিম পৰ্যায়ৰ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে হিতাধিকাৰীসকলে দেশৰ যিকোনো স্থানত বাস কৰিলেও বা কৰ্মৰত হৈ থাকিলেও তেওঁলোকৰ ওচৰলৈ খাদ্য সুৰক্ষাৰ সুবিধা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
তথ্যসূত্ৰ:
উপভোক্তা পৰিক্ৰমা আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
https://nfsa.gov.in/doc/FAQ_for_Mera_Ration_2.pdf
https://sansad.in/getFile/annex/271/AU2600_K4DMRC.pdf?source=pqars
https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2269182®=6&lang=1
https://sansad.in/getFile/lsapps/loksabhaquestions/annex/188/AU4010_m1EVEQ.pdf?source=lsapps
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2265788®=3&lang=1
https://dfpd.gov.in/distribution-of-food-grains/en?utm
https://dfpd.gov.in/distribution-of-food-grains/en
AU2771_yEm7WG.pdf
মাই স্কিম
https://www.myscheme.gov.in/schemes/onorc
পি আইবি বেকগ্ৰাউণ্ডাৰ্চ
https://www.pib.gov.in/FactsheetDetails.aspx?Id=150838®=3&lang=1
https://www.pib.gov.in/PressNoteDetails.aspx?id=158774&NoteId=158774&ModuleId=3®=48&lang=2
Click here to see PDF
*****
পি আইবি গৱেষণা
(तथ्य सामग्री आईडी: 151185)
आगंतुक पटल : 16
Provide suggestions / comments