Social Welfare
ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ (সংশোধনী) বিধেয়ক, ২০২৬
प्रविष्टि तिथि:
30 JUL 2026 16:32 PM
ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ (সংশোধনী) বিধেয়ক, ২০২৬-এ ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন, ১৯৭১-ৰ ধাৰা ৩ সংশোধন কৰে। এই সংশোধনৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত “বন্দে মাতৰম”-ক বৰ্তমান ৰাষ্ট্ৰীয় সংগীত “জন গণ মন”-লৈ প্ৰদান কৰা একেই আইনী সুৰক্ষা প্ৰদান কৰা হৈছে। এই সংশোধনে ৰাষ্ট্ৰীয় গীত “বন্দে মাতৰম” গোৱাত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা অথবা ইয়াৰ গীত পৰিবেশনত নিয়োজিত কোনো সমাৱেশত বিঘিনি সৃষ্টি কৰাক অপৰাধ হিচাপে গণ্য কৰে।
সংশোধনীটো কিয় প্ৰস্তাৱ কৰা হৈছিল ?
উদ্দেশ্য আৰু কাৰণসমূহৰ বিবৃতি অনুসৰি, ১৯৭১ চনৰ আইনে ৰাষ্ট্ৰীয় সংগীত “জন গণ মন”-ৰ সুৰক্ষা নিশ্চিত কৰি ইয়াৰ গীত ইচ্ছাকৃতভাৱে বন্ধ কৰা অথবা ইয়াক গাই থকা কোনো গোটত বিঘিনি সৃষ্টি কৰাটো অপৰাধ হিচাপে ঘোষণা কৰিছে।
ই ১৯৫০ চনৰ ২৪ জানুৱাৰীত অনুষ্ঠিত গণপৰিষদৰ বৈঠকৰ কথা সোঁৱৰাই দিয়ে। সেই বৈঠকত তদানীন্তন সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে ভাৰতৰ স্বাধীনতা সংগ্ৰামত “বন্দে মাতৰম”-ৰ ঐতিহাসিক ভূমিকাৰ ওপৰত আলোকপাত কৰিছিল। তেওঁ কৈছিল যে, ইয়াক “জন গণ মন”-ৰ সৈতে সমানে সন্মান জনোৱা উচিত আৰু সম মৰ্যাদা প্ৰদান কৰা উচিত।
কিন্তু, ৰাষ্ট্ৰীয় গীত “বন্দে মাতৰম”-লৈ একেধৰণৰ সুৰক্ষা সম্প্ৰসাৰণ কৰা কোনো নিৰ্দিষ্ট আইনী ব্যৱস্থা নাছিল। বিধেয়কখনে এই শূন্যস্থান পূৰণ কৰে। ই ১৯৭১ চনৰ আইন-ৰ ধাৰা ৩-ৰ অন্তৰ্গত “বন্দে মাতৰম”-ক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।
২০২৬ চনৰ বিধেয়কৰ মুখ্য ব্যৱস্থাসমূহ
ধাৰা ৩-ৰ সংশোধন: ধাৰা ২-এ বৰ্তমানৰ ধাৰা ৩-ৰ পৰিৱৰ্তে এনে এক ব্যৱস্থা স্থাপন কৰে, যিয়ে ৰাষ্ট্ৰীয় সংগীত (জন গণ মন) আৰু ৰাষ্ট্ৰীয় গীত (বন্দে মাতৰম)—উভয়কে সামৰি লয়।
আচৰণ যিবোৰ সামৰি লোৱা হৈছে: সংশোধিত ধাৰা ৩ সেইক্ষেত্ৰত প্ৰযোজ্য, য'ত কোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে—
(ক) ৰাষ্ট্ৰীয় সংগীত অথবা ৰাষ্ট্ৰীয় গীত গোৱাত বাধা প্ৰদান কৰে; অথবা
(খ) এনে গীত পৰিবেশনত নিয়োজিত কোনো সমাৱেশত বিঘিনি সৃষ্টি কৰে।
চমু শিৰোনাম: ধাৰা ১-ত উল্লেখ কৰা হৈছে যে, এই আইনখনক "ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ (সংশোধনী) আইন, ২০২৬" বুলি কোৱা যাব।
সংশোধনীটো এক নজৰত
|
বৈশিষ্ট্য/বিধান
|
ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন, ১৯৭১ (মূল আইন)
|
ৰাষ্ট্ৰীয় সন্মানক অপমান প্ৰতিৰোধ (সংশোধনী) বিধেয়ক, ২০২৬
|
|
ধাৰা ৩ৰ অধীনত সুৰক্ষাৰ পৰিসৰ
|
কেৱল ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত “জন গণ মন”-ক নিৰ্দিষ্ট আইনী সুৰক্ষা প্ৰদান কৰে।|
|
ধাৰা ৩-ৰ অধীনত সুৰক্ষাৰ পৰিসৰ| ধাৰা ৩-ৰ পৰিসৰ সম্প্ৰসাৰণ কৰি ৰাষ্ট্ৰীয় সংগীত আৰু ৰাষ্ট্ৰীয় গীত “বন্দে মাতৰম”—উভয়কে অন্তৰ্ভুক্ত কৰে।
|
|
নিষিদ্ধ আচৰণ
|
যিকোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত গোৱাত বাধা প্ৰদান কৰা, অথবা ইয়াক গাই থকা কোনো সমাৱেশত বিঘিনি সৃষ্টি কৰাক দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰে।|
|
শাস্তিৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই।
|
|
শাস্তি
|
তিনি বছৰলৈকে কাৰাদণ্ড, বা জৰিমনা বা দুয়োটাৰে কাৰাদণ্ড।
|
শাস্তিৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই।
|
|
পুনৰাবৃত্তিমূলক অপৰাধ
|
ধাৰা ৩ক (২০০৩ চনত সংযোজিত) অনুসৰি, ধাৰা ২ বা ৩-ৰ অধীনত দ্বিতীয়বাৰ বা তাৰ পিছত দোষী সাব্যস্ত হোৱা ব্যক্তিক ন্যূনতম এবছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা আছে।
|
বৰ্ধিত ন্যূনতম এবছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা অব্যাহত থাকিব। এতিয়া “বন্দে মাতৰম” গোৱাত ইচ্ছাকৃতভাৱে বিঘিনি সৃষ্টি কৰা পুনৰাবৃত্তি অপৰাধীসকলেও এই বাধ্যতামূলক ন্যূনতম এবছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ'ব। ন্মুখীন হ’ব লাগিব।
|
|
বন্দে মাতৰম: এক সুৰ যি এক আন্দোলনত পৰিণত হৈছিল
- “বন্দে মাতৰম”, যাৰ অৰ্থ হৈছে "মা, আপোনাক প্ৰণাম জনাইছোঁ", ইয়াৰ ৰচয়িতা আছিল বংকিমচন্দ্ৰ চট্টোপাধ্যায়।
- ই প্ৰথমবাৰৰ বাবে ৭ নৱেম্বৰ ১৮৭৫ তাৰিখে সাহিত্য আলোচনী "বংগদৰ্শন"-ত প্ৰকাশিত হৈছিল। পিছত, ১৮৮২ চনত প্ৰকাশিত উপন্যাস "আনন্দমঠ"-ত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল।
- ৰবীন্দ্ৰনাথ ঠাকুৰে ইয়াত সুৰ সংযোজন কৰিছিল আৰু ১৮৯৬ চনত কলিকতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত প্ৰথমবাৰৰ বাবে ইয়াক পৰিবেশন কৰিছিল।
- স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত এই গীতটো প্ৰতিবাদ আৰু প্ৰতিৰোধৰ এক শক্তিশালী প্ৰতীক হিচাপে পৰিগণিত হৈছিল। ৭ আগষ্ট ১৯০৫ তাৰিখে স্বদেশী আন্দোলনৰ সময়ত ইয়াক প্ৰথমবাৰৰ বাবে এক ৰাজনৈতিক শ্লোগান হিচাপে ব্যৱহাৰ কৰা হৈছিল।
- ২৪ জানুৱাৰী ১৯৫০ তাৰিখে গণপৰিষদৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে কৈছিল যে, “বন্দে মাতৰম”-ক “জন গণ মন”-ৰ সৈতে সমানে সন্মান জনোৱা উচিত আৰু সম মৰ্যাদা প্ৰদান কৰা উচিত।
|
ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন, ১৯৭১
২০২৬ চনৰ সংশোধনীখনৰ প্ৰেক্ষাপট বুজিবলৈ ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন, ১৯৭১-এ স্থাপন কৰা ভিত্তি বুজাটো অত্যাৱশ্যক। ২৩ ডিচেম্বৰ ১৯৭১ তাৰিখে প্ৰণয়ন হোৱা এই আইনখন সমগ্ৰ ভাৰতত প্ৰযোজ্য আৰু ই ভাৰতীয় জাতীয় পতাকা, ভাৰতৰ সংবিধান আৰু ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত “জন গণ মন”-ক বিধিগত সুৰক্ষা প্ৰদান কৰে।
বিদ্যমান আইনখনৰ মুখ্য ব্যৱস্থাসমূহ
ধাৰা ২ – ৰাষ্ট্ৰীয় পতাকা আৰু সংবিধান: এই ধাৰাটো ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা আৰু ভাৰতৰ সংবিধানৰ অপমানৰ সৈতে জড়িত। ইয়াত উল্লেখ কৰা হৈছে যে, যিকোনো ব্যক্তিয়ে কোনো ৰাজহুৱা স্থানত ৰাষ্ট্ৰীয় পতাকা বা সংবিধান জ্বলাই দিয়া, বিকৃত কৰা, কলংকিত কৰা, অপবিত্ৰ কৰা, বিকলাংগ কৰা, ধ্বংস কৰা, ভৰিৰে গচকি দিয়া, অথবা অন্য যিকোনো প্ৰকাৰে অসম্মান প্ৰদৰ্শন কৰিলে, তেওঁ তিনিবছৰলৈকে কাৰাদণ্ড, অথবা জৰিমনা, অথবা উভয় দণ্ডৰ সন্মুখীন হ'ব পাৰে।
বৈধ সমালোচনাৰ সুৰক্ষা: সংবিধান, ৰাষ্ট্ৰীয় পতাকা বা চৰকাৰৰ ব্যৱস্থাসমূহৰ সমালোচনা, যদি সেইসমূহ আইনসংগত সংশোধন বা পৰিৱৰ্তন নিশ্চিত কৰাৰ উদ্দেশ্যে কৰা হয়, তেন্তে ধাৰা ২-ৰ অধীনত তাক অপৰাধ বুলি গণ্য কৰা নহয়।
ধাৰা ৩ – ৰাষ্ট্ৰীয় সংগীত: এই ধাৰাটো বিশেষভাৱে ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতৰ সৈতে সম্পৰ্কিত। ইয়াত উল্লেখ কৰা হৈছে যে, যিকোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত গোৱাত বাধা প্ৰদান কৰিলে অথবা ইয়াক গাই থকা কোনো সমাৱেশত বিঘিনি সৃষ্টি কৰিলে, তেওঁ তিনিবছৰলৈকে কাৰাদণ্ড, অথবা জৰিমনা, অথবা উভয় দণ্ডৰ যোগ্য হ'ব।
ধাৰা ৩ ক – পুনৰাবৃত্তি অপৰাধ: ২০০৩ চনৰ সংশোধনৰ জৰিয়তে সংযোজিত এই ধাৰাই ধাৰা ২ বা ধাৰা ৩-ৰ অধীনত দ্বিতীয়বাৰ বা তাৰ পিছত দোষী সাব্যস্ত হোৱা অপৰাধীসকলৰ বাবে ন্যূনতম এবছৰৰ কাৰাদণ্ডৰ বৰ্ধিত শাস্তি বাধ্যতামূলক কৰিছে।
তথ্যসূত্ৰঃ
https://prsindia.org/files/bills_acts/bills_parliament/2026/Bill_Text_National_Honour_Bill_2026.pdf
https://www.indiacode.nic.in/bitstream/123456789/15401/1/insults_to_national_honour_act%2C_1971.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2186984®=48&lang=2
pdf চাবলৈ ইয়াত ক্লিক কৰক
***
পিআইবি গৱেষণা
(तथ्य सामग्री आईडी: 150806)
आगंतुक पटल : 14
Provide suggestions / comments