Social Welfare
NCW মহিলা হেল্পলাইন – ১৪৪৯০: মহিলাসকলৰ সহায়ৰ বাবে এক সমৰ্পিত মঞ্চ
प्रविष्टि तिथि:
03 JUL 2026 11:47 AM
মহিলাসকলৰ ওচৰলৈ সহায় আগবঢ়োৱা
এখন অন্তৰ্ভুক্তিমূলক আৰু সমতাভিত্তিক সমাজ গঢ়ি তোলাৰ বাবে মহিলাসকলৰ সুৰক্ষা, মৰ্যাদা আৰু কল্যাণ নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়। সহজলভ্য আৰু সঁহাৰিজনক জনসেৱা ব্যৱস্থাই বিভিন্ন সমস্যা সমাধান আৰু অভিযোগ নিষ্পত্তিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাষ্ট্ৰীয় মহিলা আয়োগ (NCW) হৈছে মহিলাসকলৰ অধিকাৰ, স্বাৰ্থ সুৰক্ষা আৰু প্ৰসাৰৰ বাবে গঠিত শীৰ্ষ বিধিগত সংস্থা। ই মহিলাসকলৰ উদ্বেগসমূহ উত্থাপন কৰাৰ লগতে তেওঁলোকৰ কল্যাণ আৰু সশক্তিকৰণৰ পোষকতা কৰাৰ এক মঞ্চ হিচাপে কাম কৰে। ৰাষ্ট্ৰীয় মহিলা আয়োগ (NCW)-ৰ পদক্ষেপসমূহৰ বিষয়বস্তুৰ ভিতৰত যৌতুক, সম নিয়োগৰ সুযোগ আৰু শ্ৰম শোষণ আদি অন্তৰ্ভুক্ত।

প্ৰতি বছৰে ৰাষ্ট্ৰীয় মহিলা আয়োগ (NCW)-এ গাৰ্হস্থ্য হিংসা আৰু অন্যান্য ধৰণৰ নিৰ্যাতনৰ সৈতে জড়িত হাজাৰ হাজাৰ অভিযোগ লাভ কৰে। এনে অভিজ্ঞতাই মানসিক সুস্থতাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে আৰু প্ৰায়ে পেছাদাৰী মনস্তাত্ত্বিক সহায়ৰ প্ৰয়োজন হয়। সংকটাপন্ন মহিলাসকলক সহায় কৰিবলৈ ৰাষ্ট্ৰীয় মহিলা আয়োগ (NCW)-এ ২৪×৭ মহিলা হেল্পলাইন – ১৪৪৯০ (14490) পৰিচালনা কৰে, যিয়ে হিংসাৰ দ্বাৰা প্ৰভাৱিত মহিলাসকলৰ বাবে এক ডিজিটেল অভিযোগ পঞ্জীয়ন ব্যৱস্থা প্ৰদান কৰে। এই ট'ল-ফ্ৰী(Toll Free) নম্বৰটো ৰাষ্ট্ৰীয় মহিলা আয়োগ (NCW)-ৰ বৰ্তমানৰ হেল্পলাইন – ৭৮২৭১৭০১৭০ (7827170170)-ৰ সৈতে সংযুক্ত সহজে মনত ৰাখিব পৰা এটা চুটি কোড। ১৮ বছৰৰ ঊৰ্ধ্বৰ যিকোনো মহিলা বা ছোৱালীয়ে এই হেল্পলাইনত যোগাযোগ কৰিব পাৰে। ইয়াৰ জৰিয়তে মহিলাসকলে অভিযোগ পঞ্জীয়ন কৰাৰ লগতে তাৎক্ষণিক সহায় লাভ কৰিব পাৰে। ইয়াত শীৰ্ষস্থানীয় মানসিক স্বাস্থ্য আৰু পৰামৰ্শদান প্ৰতিষ্ঠানসমূহৰ প্ৰশিক্ষিত মনস্তাত্ত্বিক পৰামৰ্শদাতাসকলে সেৱা আগবঢ়ায়। ইয়াৰ ফলত সহায়ৰ প্ৰয়োজন হোৱা লোকসকলৰ বাবে পেছাদাৰী আৰু সহানুভূতিশীল হস্তক্ষেপ নিশ্চিত হয়।

ডিজিটেল সুবিধাৰ জৰিয়তে দূৰত্ব হ্ৰাস কৰা
ৰাষ্ট্ৰীয় মহিলা আয়োগ (NCW)ৰ মহিলা হেল্পলাইনে ডিজিটেল ইণ্ডিয়াৰ নীতিসমূহক প্ৰতিফলিত কৰে, যাৰ জৰিয়তে প্ৰযুক্তিৰ ব্যৱহাৰে জনসেৱা আৰু অভিযোগ নিষ্পত্তি ব্যৱস্থালৈ সহজ প্ৰৱেশাধিকাৰ নিশ্চিত কৰা হয়।
- এই হেল্পলাইনে দিন-ৰাতি ২৪ ঘণ্টাই ডিজিটেল অভিযোগ পঞ্জীয়ন ব্যৱস্থা প্ৰদান কৰে, যাতে যিকোনো সময়তে সহায় বিচৰা যায়।
- এই হেল্পলাইনে অভিযোগ পঞ্জীয়ন, মনস্তাত্ত্বিক পৰামৰ্শ, ৰেফাৰেল সহায় আৰু চৰকাৰী আঁচনি সম্পৰ্কীয় তথ্য লাভৰ বাবে এক ডিজিটেল প্ৰৱেশদ্বাৰ প্ৰদান কৰে। ইয়াৰ ফলত সহায়মূলক সেৱাসমূহ অধিক সহজলভ্য আৰু নাগৰিক-কেন্দ্ৰিক হয়।
- ৰাষ্ট্ৰীয় মহিলা আয়োগ (NCW)-ৰ বৰ্তমানৰ হেল্পলাইনৰ সৈতে সংযুক্ত এক সৰ্বভাৰতীয় নম্বৰ প্ৰদান কৰাৰ জৰিয়তে এই পদক্ষেপে বিশেষকৈ জৰুৰীকালীন পৰিস্থিতিত সহায় লাভ অধিক দ্ৰুত কৰি তোলে।
অভিযোগ বিশ্লেষণৰ জৰিয়তে সংস্কাৰক সমৰ্থন
ৰাষ্ট্ৰীয় মহিলা আয়োগ (NCW)-এ লাভ কৰা অভিযোগসমূহে মহিলাসকলৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ধৰণ আৰু প্ৰৱণতাৰ বিষয়ে মূল্যৱান তথ্য প্ৰদান কৰে।
- এই বিশ্লেষণে মহিলাসকলৰ বিৰুদ্ধে হিংসাৰ ঘটনা মোকাবিলা কৰা প্ৰতিষ্ঠানসমূহৰ কাৰ্যপদ্ধতিত থকা ব্যৱধানসমূহ চিনাক্ত কৰাত সহায় কৰে।
- এই তথ্যসমূহে এনে ঘটনাসমূহৰ প্ৰতি সঁহাৰি উন্নত কৰাৰ বাবে সংশোধনমূলক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ প্ৰস্তুত কৰাত সহায় কৰে।
- অভিযোগসমূহ আৰক্ষী কৰ্মচাৰী, ন্যায়িক বিষয়া, অভিযোজক, ফৰেনছিক বিজ্ঞানী, প্ৰতিৰক্ষা আইনজীৱী আৰু অন্যান্য প্ৰশাসনিক বিষয়ববীয়াসকলৰ সংবেদনশীলতা বৃদ্ধিমূলক কাৰ্যসূচীত কেছ ষ্টাডি হিচাপেও ব্যৱহাৰ কৰা হয়।
অভিযোগ প্ৰক্ৰিয়াকৰণ আৰু নিষ্পত্তি ব্যৱস্থা
ৰাষ্ট্ৰীয় মহিলা আয়োগ (NCW)-এ অভিযোগসমূহ পৰ্যালোচনা আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণৰ সুবিধাৰ বাবে এক সুসংগঠিত প্ৰক্ৰিয়া অনুসৰণ কৰে। অভিযোগসমূহৰ ওপৰত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ পূৰ্বে আয়োগৰ দায়িত্বক্ষেত্ৰ অনুসৰি সেয়া পৰীক্ষা কৰা হয়।
- অভিযোগসমূহ আয়োগৰ অধিক্ষেত্ৰৰ ভিতৰত পৰে নে নপৰে, সেইটো নিৰ্ধাৰণ কৰিবলৈ পৰীক্ষা কৰা হয়।
- ৰাষ্ট্ৰীয় মহিলা আয়োগ (NCW)-ৰ দায়িত্বক্ষেত্ৰৰ অন্তৰ্গত অভিযোগসমূহ পঞ্জীয়ন কৰি এক বিশেষ গোচৰ নম্বৰ (Case Number) প্ৰদান কৰা হয়।
- আয়োগৰ দায়িত্বক্ষেত্ৰৰ বাহিৰত থকা অভিযোগসমূহ অভিযোগকাৰীক অৱগত কৰি বন্ধ কৰা হয়।
- ঘটনাৰ প্ৰকৃতি অনুসৰি পঞ্জীয়নভুক্ত অভিযোগসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত উত্থাপন কৰা হয়। অভিযোগকাৰীৰ অভিযোগসমূহ নিষ্পত্তিৰ বাবে সাধাৰণতে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰা হয়:
- আৰক্ষীৰ তদন্ত ত্বৰান্বিত/পৰ্যবেক্ষণ কৰা
- আইনগত বিধানসমূহৰ সঠিক ৰূপায়ণ পৰ্যবেক্ষণ কৰা
- মধ্যস্থতা/পৰামৰ্শদানৰ জৰিয়তে সমস্যাসমূহ সমাধান কৰা
- গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় মহিলা আয়োগ (NCW)-এ এক অনুসন্ধান সমিতি গঠন কৰে, যিয়ে ঘটনাটোৰ বিভিন্ন দিশ অধিকভাৱে পৰীক্ষা কৰে।
অধিক সঁহাৰিজনক ব্যৱস্থাৰ দিশে
ৰাষ্ট্ৰীয় মহিলা আয়োগ (NCW)ৰ মহিলা হেল্পলাইনে মহিলাসকলৰ কল্যাণৰ ক্ষেত্ৰত বিকশিত দৃষ্টিভংগীক প্ৰতিফলিত কৰে। ই উদীয়মান প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ সঁহাৰিজনক প্ৰতিষ্ঠান আৰু সৰলীকৃত জনসেৱাক একেলগে সংযুক্ত কৰে। এক সমৰ্পিত যোগাযোগ মাধ্যম সৃষ্টি কৰি এই পদক্ষেপে মহিলাসকল আৰু প্ৰতিষ্ঠিত আনুষ্ঠানিক ব্যৱস্থাৰ মাজৰ সংযোগ অধিক শক্তিশালী কৰে। ই লগতে অধিক সজাগতা বৃদ্ধি কৰে আৰু প্ৰতিষ্ঠানগত প্ৰক্ৰিয়াসমূহৰ ওপৰত আস্থা গঢ়ি তোলে। ইয়াৰ পৰিসৰ ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হোৱাৰ লগে লগে, এই হেল্পলাইনে সমগ্ৰ দেশৰ মহিলাসকলৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
তথ্যসূত্ৰসমূহ
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
https://ncwwomenhelpline.ncw.gov.in/
https://www.ncw.gov.in/ncw-cells/ncw-women-helpline/
https://uatncwwomen.digitalindiacorporation.in/ncw-cells/c-ni-cell/
https://www.ncw.gov.in/ncw-cells/c-ni-cell/
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2239605®=48&lang=2
https://www.pib.gov.in/newsite/erelcontent.aspx?relid=279529®=3&lang=2
ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
https://www.digitalindia.gov.in/initiative/ncw-womens-helpline/
প্ৰেছ ইনফৰ্মেচন ব্যুৰো
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=156174&ModuleId=3®=3&lang=1
এন চি ডব্লিউ মহিলা হেল্পলাইন – ১৪৪৯০: মহিলা সমৰ্থনৰ বাবে এটা নিৰ্দিষ্ট মঞ্চ
*****
পিআইবি গৱেষণা
(तथ्य सामग्री आईडी: 150680)
आगंतुक पटल : 18
Provide suggestions / comments