পোষ্ট কৰা হৈছে:
29 NOV 2026 1:21PM by PIB Guwahati
শ্ৰী ৰাজনাথ সিঙে পুনেস্থিত প্ৰতিৰক্ষা উন্নত প্ৰযুক্তি প্ৰতিষ্ঠান (ডি আই এ টি)-ক আধুনিক যুগৰ ‘তক্ষশীলা’ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছে— যি অত্যাধুনিক গৱেষণা, উদ্ভাৱন আৰু গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ সমাধানৰ দ্বাৰা পৰিচালিত প্ৰতিৰক্ষা প্ৰযুক্তিৰ এক বিশ্বমানৰ উৎকৰ্ষ কেন্দ্ৰ হ’ব, লগতে ভৱিষ্যতমুখী প্ৰযুক্তিৰ ওপৰত কাম কৰিবলৈ ভাৰত আৰু বিদেশৰ প্ৰতিভাৱান গৱেষক তথা বিজ্ঞানীসকলক আকৰ্ষিত কৰিব। ২০২৬ চনৰ ২৯ নৱেম্বৰত মহাৰাষ্ট্ৰৰ পুনেত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগৰ (ডিডিআৰএণ্ডডি) অধীনস্থ এক আগশাৰীৰ প্ৰতিষ্ঠান ডিআইএটিৰ ১৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি তেওঁ এই কথা কয়।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্নিং, কোৱান্টাম কম্পিউটিং, স্বয়ংক্ৰিয় প্ৰণালী, উন্নত সামগ্ৰী, চাইবাৰ নিৰাপত্তা, মহাকাশভিত্তিক সক্ষমতা আৰু নিৰ্দেশিত-শক্তি প্ৰযুক্তিৰ দ্ৰুত অগ্ৰগতিয়ে যুদ্ধৰ প্ৰকৃতি সলনি কৰি দিছে, যাৰ ফলত নতুন সম্ভাৱনাৰ লগতে প্ৰত্যাহ্বানো আহি পৰিছে। তেওঁ কয় যে কেৱল নতুন প্ৰযুক্তি বিকশিত কৰাই নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে সংগতি ৰাখি সেইবোৰ দ্ৰুতভাৱে বুজি পোৱা, গ্ৰহণ কৰা আৰু ব্যৱহাৰ কৰাটোহে মূল প্ৰত্যাহ্বান। তেওঁ লগতে কয়, "ডি আই এ টি -এ এই প্ৰযুক্তিগত পৰিৱৰ্তনসমূহৰ কেৱল অংশগ্ৰহণকাৰী হৈ থকাৰ পৰিৱৰ্তে ভৱিষ্যতৰ যুদ্ধক্ষেত্ৰৰ বাবে প্ৰযুক্তি বিকাশৰ ক্ষেত্ৰত এজন আগৰণুৱা হিচাপে আত্মপ্ৰকাশ কৰিব লাগিব।"
শ্ৰী ৰাজনাথ সিঙে সামৰিক শক্তি আৰু বৈজ্ঞানিক তথা প্ৰযুক্তিগত সক্ষমতাক ৰাষ্ট্ৰীয় শক্তিৰ দুটা গুৰুত্বপূৰ্ণ আৰু পাৰস্পৰিক নিৰ্ভৰশীল স্তম্ভ হিচাপে বৰ্ণনা কৰে। তেওঁ দৃঢ়তাৰে কয় যে প্ৰতিৰক্ষা বাহিনীয়ে দেশৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা ৰক্ষা কৰাৰ বিপৰীতে বিজ্ঞান আৰু প্ৰযুক্তিয়ে অৰ্থনৈতিক বিকাশ, ঔদ্যোগিক উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাক আগুৱাই নি দেশখনক ভিতৰৰ পৰা শক্তিশালী কৰে। তেওঁ কয়, "যিখন দেশে প্ৰযুক্তিৰ ক্ষেত্ৰত নেতৃত্ব দিয়ে, সেইখন দেশে নিৰাপত্তাৰ ক্ষেত্ৰতো নেতৃত্ব দিয়ে; আৰু যিসকলে নিৰাপত্তাৰ ক্ষেত্ৰত উৎকৰ্ষ সাধন কৰে, তেওঁলোকে নিজৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু উন্নয়নক অধিক দৃঢ়ভাৱে সুৰক্ষিত কৰিবলৈ সক্ষম হয়।"
প্ৰতিৰক্ষা গৱেষণাৰ বহল তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে সামৰিক ক্ষেত্ৰৰ বাবে বিকশিত কৰা প্ৰযুক্তিসমূহৰ প্ৰায়ে স্বাস্থ্যসেৱা, কৃষি, যোগাযোগ আৰু পৰিবহণৰ দৰে অসামৰিক ক্ষেত্ৰতো ব্যৱহাৰযোগ্যতা থাকে। তেওঁ লগতে কয়, “আজি কোনো গৱেষণাগাৰত গ্ৰহণ কৰা সামান্য গৱেষণা উদ্যোগেও ভৱিষ্যতে এজন কৃষকৰ বাবে নতুন সঁজুলি, এজন চিকিৎসকৰ বাবে উদ্ভাৱনী সমাধান অথবা এজন সৈনিকৰ জীৱন ৰক্ষা কৰিব পৰা প্ৰযুক্তি প্ৰদান কৰিব পাৰে। আমাৰ গৱেষকসকলে নিশ্চিত কৰিব লাগিব যে তেওঁলোকৰ কামে আমাৰ প্ৰতিৰক্ষা সক্ষমতা আৰু প্ৰযুক্তিগত দক্ষতা—দুয়োটাকে শক্তিশালী কৰে।”
শ্ৰী ৰাজনাথ সিঙে কয় যে ডিআইএটিক নিৰাপত্তাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰা, প্ৰতিৰক্ষা বাহিনীৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা পূৰণ কৰা আৰু ভাৰতৰ বৈজ্ঞানিক সক্ষমতাৰ বাবে বিশ্বব্যাপী স্বীকৃতি লাভ কৰা গৱেষণাৰ বাবে পৰিচিত হ’ব লাগিব। তেওঁ প্ৰতিৰক্ষা গৱেষণা ব্যৱস্থাৰ বিভিন্ন অংশৰ মাজত অধিক সহযোগিতাৰ পোষকতা কৰে। তেওঁ উল্লেখ কৰে যে ডিআইএটিয়ে সামৰিক বাহিনীৰ সৈতে সম্পৰ্ক অধিক গভীৰ কৰিব লাগিব, আন্তঃবিষয়ক গৱেষণাক উৎসাহিত কৰিব লাগিব, বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে শৈক্ষিক সহযোগিতা শক্তিশালী কৰিব লাগিব আৰু উদ্যোগসমূহৰ সৈতে সহযোগিতাত নতুন গতি প্ৰদান কৰিব লাগিব।
তেওঁ কয়, “এই প্ৰতিষ্ঠানটোৱে উন্নত শিক্ষা, বৈজ্ঞানিক গৱেষণা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ মাজত এক শক্তিশালী সংযোগৰ সেতু হিচাপে ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে। প্ৰতিষ্ঠানটোক আগুৱাই নিয়াৰ দায়িত্ব কেৱল শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰশাসনৰ ওপৰতেই নহয়, ইয়াৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ ওপৰতো আছে। স্নাতক ডিগ্ৰী লাভ কৰা গৱেষকসকলে নিজৰ নিজৰ ক্ষেত্ৰত অৱদান আগবঢ়াই প্ৰতিষ্ঠানটোৰ বিকাশত সহায় কৰিব লাগিব।”
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰত ‘বিকশিত ভাৰত@২০৪৭’ৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত দেশৰ প্ৰতিৰক্ষা প্ৰযুক্তি ব্যৱস্থা শক্তিশালী কৰা আৰু বৈজ্ঞানিক সক্ষমতা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ডিআইএটিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। ডিআইএটিত মহিলাৰ উল্লেখযোগ্য অংশগ্ৰহণ দেখি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে উন্নত বিজ্ঞান, অভিযান্ত্ৰিক আৰু প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত মহিলাৰ ক্ৰমবৰ্ধমান উপস্থিতিয়ে ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা ব্যৱস্থাক অধিক শক্তিশালী কৰিব।
অনুষ্ঠানত মুঠ ৫১৮গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়। ডিআইএটিৰ ইতিহাসত এয়া সৰ্বাধিক ডিগ্ৰী প্ৰদানৰ সংখ্যা। ইয়াৰ ভিতৰত ২৭গৰাকী পিএইচডি গৱেষক, এগৰাকী এমএছ (গৱেষণাভিত্তিক) গৱেষক, ৪০১গৰাকী এম টেক স্নাতক আৰু ৮৯গৰাকী এমএছচি স্নাতক আছিল। এমএছচি স্নাতকসকলৰ ভিতৰত ৩০গৰাকীয়ে টেংক প্ৰযুক্তি, তিনিগৰাকীয়ে খাদ্য প্ৰযুক্তি, আঠগৰাকীয়ে তথ্য প্ৰযুক্তি আৰু বাকী ৪৮গৰাকীয়ে অন্যান্য এমএছচি পাঠ্যক্ৰমত বিশেষজ্ঞতা অৰ্জন কৰিছিল।
শ্ৰী ৰাজনাথ সিঙে ডিআইএটিত নতুন শৈক্ষিক ভৱনৰ নিৰ্মাণৰ বাবে আধাৰশিলাও স্থাপন কৰে। এই ভৱনটোৱে প্ৰতিষ্ঠানটোৰ ক্ৰমবৰ্ধমান শৈক্ষিক, গৱেষণা আৰু কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু অত্যাধুনিক প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা অধিক শক্তিশালী কৰিব। ভৱনটোত আধুনিক আৰু ভাৰ্চুৱেল শ্ৰেণীকক্ষ, অত্যাধুনিক গৱেষণাগাৰ, গৱেষণা সুবিধা, উদ্ভাৱন আৰু উদ্যোগ গঢ়ি তোলাৰ কেন্দ্ৰ (ইনকিউবেচন চেণ্টাৰ) আৰু ২০০গৰাকী শিক্ষাৰ্থীৰ আসন ক্ষমতাসম্পন্ন এখন আলোচনাগৃহ থাকিব।
প্ৰতিৰক্ষা সচিব তথা ডি ডি আৰ এণ্ড ডিৰ সচিব আৰু ডিআৰডিঅ’ৰ অধ্যক্ষ শ্ৰী ৰাজেশ কুমাৰ সিং; ডিআইএটিৰ উপাচাৰ্য ড° বিএইচভিএছ নাৰায়ণ মূৰ্তি; জ্যেষ্ঠ অসামৰিক আৰু সামৰিক বিষয়াসকল; আৰু শিক্ষা তথা উদ্যোগ ক্ষেত্ৰৰ প্ৰতিনিধিসকল অনুষ্ঠানত উপস্থিত আছিল।

********
SR/Savvy/Kamlesh/PB