ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী শ্ৰী জিতন ৰাম মাঁঝিয়ে ৰায়পুৰত এনএছএছএইচ কাৰ্যালয় উদ্বোধন কৰাৰ লগতে ৰাষ্ট্ৰীয় এছচি-এছটি হাব কনক্লেভত সভাপতিত্ব কৰিব

এছচি-এছটি উদ্যোগীসকলৰ বাবে নতুন দুৱাৰ মুকলিঃ ৰায়পুৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় এছচি-এছটি হাব কনক্লেভ

পোষ্ট কৰা হৈছে: 27 NOV 2026 5:41PM by PIB Guwahati

নতুন দিল্লী, ২৭ নৱেম্বৰ: ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে (এমএছএমই) ২০২৬ চনৰ ২৮ নৱেম্বৰত ছত্তীশগড়ৰ ৰায়পুৰস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰেক্ষাগৃহত ‘ৰাষ্ট্ৰীয় এছচি-এছটি হাব সন্মিলন’ৰ আয়োজন কৰিছে। এই সন্মিলনৰ মূল উদ্দেশ্য হৈছে উদ্যোগশীলতাক উৎসাহিত কৰা, ৰাষ্ট্ৰীয় এছচি-এছটি হাব আঁচনি আৰু এমএছএমই মন্ত্ৰালয়ৰ অন্যান্য পদক্ষেপসমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু ৰাজ্যখনৰ বৰ্তমানৰ লগতে উদ্যোগ স্থাপনৰ পৰিকল্পনা কৰা উদ্যোগীসকলক প্ৰয়োজনীয় সহায় আৰু উৎসাহ প্ৰদান কৰা।  এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ (চিপিএছই), বেংক, বিত্তীয় প্ৰতিষ্ঠান, চৰকাৰী ই-মাৰ্কেটপ্লেচ (জিইএম) আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকল একত্ৰিত হ’ব। এমএছএমই খণ্ডৰ বিকাশৰ বাবে কাম কৰি থকা এই অংশীদাৰসকলে উদ্যোগীসকলক প্ৰয়োজনীয় দিহা-পৰামৰ্শ আৰু সহায় আগবঢ়াব। লগতে এছচি/এছটি উদ্যোগী, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ, উদ্যোগ সংস্থা আৰু ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ সৈতে মত বিনিময়ৰ এখন মঞ্চও প্ৰদান কৰিব। ইয়াৰ জৰিয়তে ৰাজহুৱা ক্ৰয় প্ৰক্ৰিয়াত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মালিকানাধীন ক্ষুদ্ৰ আৰু লঘু উদ্যোগসমূহৰ (এমএছই) অংশগ্ৰহণ বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে।

এই সন্মিলনত কেন্দ্ৰীয় এমএছএমই মন্ত্ৰী শ্ৰী জিতন ৰাম মাঁঝিয়ে সভাপতিত্ব কৰিব। অনুষ্ঠানত ছত্তীশগড় চৰকাৰৰ অনুসূচিত জাতি উন্নয়ন, দক্ষতা বিকাশ, কাৰিকৰী শিক্ষা আৰু নিয়োগ মন্ত্ৰী শ্ৰী গুৰু খুশৱন্ত চাহেব আৰু বাণিজ্য তথা উদ্যোগ মন্ত্ৰী শ্ৰী লাখন লাল দেৱাংগনো উপস্থিত থাকিব। ইয়াৰ উপৰি বিধায়ক শ্ৰী পুৰন্দৰ মিশ্ৰ আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলেও সন্মিলনত অংশগ্ৰহণ কৰিব।

কেন্দ্ৰীয় চৰকাৰৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বাবে ৰাজহুৱা ক্ৰয় নীতি অনুসৰি কেন্দ্ৰীয় মন্ত্ৰালয়, বিভাগ আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে তেওঁলোকৰ বাৰ্ষিক ক্ৰয়ৰ কমেও ২৫ শতাংশ ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ পৰা কৰিব লাগিব। ইয়াৰ ভিতৰত ৪ শতাংশ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মালিকানাধীন উদ্যোগৰ পৰা আৰু ৩ শতাংশ মহিলাৰ মালিকানাধীন উদ্যোগৰ পৰা ক্ৰয় কৰাটো বাধ্যতামূলক।

অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ উদ্যোগীসকলৰ সামৰ্থ্য বৃদ্ধি, ৰাজহুৱা ক্ৰয় প্ৰক্ৰিয়াত তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰা আৰু তেওঁলোকৰ মালিকানাধীন ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ পৰা ৪ শতাংশ ৰাজহুৱা ক্ৰয়ৰ নিৰ্ধাৰিত লক্ষ্য পূৰণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ অক্টোবৰত ‘ৰাষ্ট্ৰীয় এছচি-এছটি হাব (এনএছএছএইচ) আঁচনি’ মুকলি কৰিছিল। এই আঁচনিৰ অধীনত এছচি/এছটি উদ্যোগীসকলৰ মাজত উদ্যোগশীলতা বৃদ্ধিৰ বাবে দক্ষতা বিকাশ, বজাৰৰ সৈতে সংযোগ স্থাপন, বিত্তীয় সাহায্যৰ সুবিধা, নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ আদিৰ ক্ষেত্ৰত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। শেহতীয়া প্ৰযুক্তিৰ সুবিধা সহজলভ্য কৰাৰ উদ্দেশ্যে বিশেষ ঋণ-সংযুক্ত মূলধনী ৰাজসাহায্য আঁচনিৰ অধীনত উৎপাদন আৰু সেৱা খণ্ডৰ এছচি/এছটি মালিকানাধীন ক্ষুদ্ৰ আৰু লঘু উদ্যোগসমূহক প্ৰাতিষ্ঠানিক বিত্তীয় সাহায্যৰ জৰিয়তে যন্ত্ৰপাতি আৰু সঁজুলি ক্ৰয়ৰ ক্ষেত্ৰত ২৫ শতাংশ ৰাজসাহায্য প্ৰদান কৰা হয়। এই ৰাজসাহায্যৰ সৰ্বোচ্চ পৰিমাণ ২৫ লাখ টকা। ২০১৬ চনৰ অক্টোবৰত আঁচনিখন আৰম্ভ হোৱাৰ পাছৰে পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষত এছচি/এছটি মালিকানাধীন ক্ষুদ্ৰ আৰু লঘু উদ্যোগসমূহৰ পৰা হোৱা ৰাজহুৱা ক্ৰয় ৩৬ গুণ বৃদ্ধি পাইছে। ছত্তীশগড়ত এনএছএছএইচ আঁচনিৰ প্ৰসাৰ অধিক বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰায়পুৰৰ কাছনাত এটা এনএছএছএইচ কাৰ্যালয় উদ্বোধন কৰা হ’ব। এই কাৰ্যালয়টোৱে ৰাজ্যখনৰ এছচি/এছটি মালিকানাধীন ক্ষুদ্ৰ আৰু লঘু উদ্যোগসমূহক আঁচনিৰ সুবিধা লাভ কৰা, ৰাজহুৱা ক্ৰয়ত অংশগ্ৰহণ বৃদ্ধি কৰা আৰু অন্যান্য প্ৰয়োজনীয় বিষয়ত দিহা-পৰামৰ্শ তথা সহায় আগবঢ়োৱাৰ বাবে এটা বিশেষ সহায় কেন্দ্ৰ হিচাপে কাম কৰিব। 

এছচি/এছটি মালিকানাধীন ক্ষুদ্ৰ আৰু লঘু উদ্যোগসমূহক জিইএম (GeM)আৰু উদ্যম পৰ্টেলত পঞ্জীয়নৰ সুবিধা প্ৰদানৰ বাবে সন্মিলনস্থলীত বিশেষ বিপণীৰ ব্যৱস্থা কৰা হ’ব। এই বিপণীসমূহৰ জৰিয়তে উদ্যোগীসকলে জিইএম (GeM)আৰু উদ্যম পৰ্টেলত পঞ্জীয়ন কৰিব পাৰিব।

নিয়োগ সৃষ্টি আৰু জীৱিকাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত এমএছএমই খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই খণ্ডত ১০.১৯ কোটিতকৈও অধিক উদ্যোগ আছে আৰু ৩১ কোটিতকৈ অধিক লোকে ইয়াৰ জৰিয়তে কৰ্মসংস্থাপন লাভ কৰিছে। দেশৰ মুঠ ঘৰুৱা উৎপাদনলৈ (জিডিপি) প্ৰায় ৩০ শতাংশ আৰু ভাৰতৰ সামগ্ৰিক ৰপ্তানিলৈ ৪৫ শতাংশতকৈ অধিক অৱদান আগবঢ়াই এই খণ্ডই ৰাষ্ট্ৰীয় অৰ্থনীতিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ছত্তীশগড়কে ধৰি দেশৰ এমএছএমই খণ্ডক শক্তিশালী আৰু সবলীকৰণৰ বাবে চৰকাৰে কেইবাখনো আঁচনি আৰু কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী, পিএম বিশ্বকৰ্মা, ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বাবে ঋণ নিশ্চয়তা আঁচনি, ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ থূপ উন্নয়ন কাৰ্যসূচী, উদ্যোগশীলতা আৰু দক্ষতা বিকাশ কাৰ্যসূচী, ক্ৰয় আৰু বিপণন সহায় আঁচনি, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আঁচনি, টুল ৰুম, প্ৰযুক্তি কেন্দ্ৰ ব্যৱস্থা কাৰ্যসূচী, এমএছএমই বহনক্ষম প্ৰমাণীকৰণ আঁচনি আৰু উদ্যম পঞ্জীয়ন পৰ্টেলত এমএছএমইৰ পঞ্জীয়ন আদি উল্লেখযোগ্য।

ছত্তীশগড় এখন খনিজ সম্পদেৰে সমৃদ্ধ ৰাজ্য আৰু এটা গুৰুত্বপূৰ্ণ ঔদ্যোগিক কেন্দ্ৰ। ইয়াৰ উপৰি ৰাজ্যখনৰ কৃষি আৰু বনজ সম্পদে খাদ্য সংসাধন, বনজ সম্পদভিত্তিক উদ্যোগ আৰু এমএছএমই খণ্ডৰ বিকাশৰ বাবে যথেষ্ট সম্ভাৱনা কঢ়িয়াই আনিছে। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদক্ষেপৰ সুবিধা গ্ৰহণ কৰি ছত্তীশগড়ৰ জনসাধাৰণে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে উন্নত জীৱিকা গঢ়ি তুলিব পাৰে।বিকশিত ভাৰত ২০৪৭’ৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ সৈতে সংগতি ৰাখি এই সন্মিলনে উদ্যোগ স্থাপনৰ পৰিকল্পনা কৰা আৰু ইতিমধ্যে উদ্যোগ চলাই থকা উদ্যোগীসকলক কেন্দ্ৰীয় এমএছএমই মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি আৰু পদক্ষেপৰ বিষয়ে জানিবলৈ আৰু মত বিনিময় কৰিবলৈ এখন মঞ্চ প্ৰদান কৰিব। ৰায়পুৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ বহু সংখ্যক উদ্যোগীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

***

PC/KG/MS


(ৰিলিজ আই ডি : 2342915) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil