57th International Film Festival of India 2026
20 – 28 Nov 2026

৫৭ সংখ্যক আই এফ এফ আই-ত পৰ্তুগীজ ছবি ‘কম উইথ মি’-য়ে বন্ধুত্ব আৰু চলচ্চিত্ৰৰ উমৈহতীয়া অভিজ্ঞতাৰ সন্ধান কৰে

নাট্য দৰ্শনৰ যুগমীয়া আবেদন, সাৰ্বজনীন বিষয়বস্তু আৰু আৰ্ট-হাউছ আৰু মূলসুঁতিৰ চিনেমাৰ মাজৰ বিৱৰ্তনশীল সম্পৰ্কৰ বিষয়ে চলচ্চিত্ৰ নিৰ্মাতাসকলে আলোচনা কৰে

পোষ্ট কৰা হৈছে: 27 NOV 2026 6:41PMby PIB Guwahatiৰিলিজ আই ডি : 2342910Views: 5

 

পৰ্তুগীজ চলচ্চিত্ৰ কাম উইথ মি(Come with Me) (Anda daí)-ৰ ৱৰ্ল্ড প্ৰিমিয়াৰ-ৰ পিছত গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ সমান্তৰালকৈ প্ৰেছ ইনফৰমেচন ব্যুৰো (PIB)-য়ে আজি অনুষ্ঠিত কৰা এখন সংবাদমেলত পৰিচালক জোয়াও লামেইৰা, অভিনেতা এণ্টনিঅ’ ছিমো আৰু প্ৰযোজক ডেনিয়েল পেৰেইৰাই বক্তব্য প্ৰদান কৰে। ‘চিটী অব দ্য ৱৰ্ল্ড’ শাখাত প্ৰদৰ্শিত ছবিখনৰ নিৰ্মাতাসকলে চলচ্চিত্ৰখনৰ বন্ধুত্বৰ বিষয়বস্তু, ইয়াৰ আৰ্ট-হাউছ সংবেদনশীলতা আৰু ষ্ট্ৰীমিং প্লেটফৰ্মসমূহৰ পয়োভৰৰ মাজতো ছবিগৃহত ছবি চোৱাৰ অভিজ্ঞতাৰ অব্যাহত প্ৰাসংগিকতাৰ বিষয়ে আলোচনা কৰে।

একেলগ হৈ ছবি চোৱাৰ গুৰুত্বত আলোকপাত কৰি অভিনেতা এণ্টনিঅ’ ছিমোৱে পৰ্তুগালত ছবিগৃহৰ দৰ্শকৰ সংখ্যা হ্ৰাস পোৱা আৰু ঘৰতে চলচ্চিত্ৰ চোৱাৰ ক্ৰমবৰ্ধমান প্ৰৱণতাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে ছবিগৃহলৈ যোৱাটো মানুহক লগ পোৱা আৰু এক সামূহিক সাংস্কৃতিক অভিজ্ঞতা সহভাগ কৰাৰ লগতো জড়িত। “মানুহ একেলগে থাকিব লাগিব, কথা পাতিব লাগিব আৰু ইজনে সিজনক দেখিব লাগিব,” তেওঁ কয়, আৰু লগতে, “চিনেমা জিন্দাবাদ” বুলি শিল্প-উদ্যোগটোৰ দূৰ্ঘায়ুও কামনা কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-27at6.27.00PM(1)_20261127184323_bc8594.jpeg

প্ৰযোজক ডেনিয়েল পেৰেইৰাই ছবিগৃহত প্ৰদৰ্শনৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰে, আৰু উল্লেখ কৰে যে তেওঁৰ প্ৰযোজনা আৰু বিতৰণ কোম্পানীটোৱে ছবিগৃহত মুক্তি দিয়াৰ ক্ষেত্ৰত প্ৰাথমিকতা প্ৰদানৰ ধাৰা অব্যাহত ৰাখিছে। ষ্ট্ৰীমিং প্লেটফৰ্মসমূহৰ প্ৰভাৱক স্বীকাৰ কৰিও তেওঁ সেইবোৰক ছবিগৃহৰ অভিজ্ঞতাৰ বিকল্প হিচাপে নহয়, বৰং পৰিপূৰক হিচাপেহে গণ্য কৰাৰ কতা দোহাৰে।

চলচ্চিত্ৰখনৰ বিষয়ে কওঁতে পৰিচালক জোয়াও লামেইৰাই কয় যে ইয়াৰ কাহিনীটো লিছবন আৰু ইয়াৰ সাংস্কৃতিক পৰিৱেশত প্ৰোথিত যদিও পুৰুষৰ বন্ধুত্বৰ মূল বিষয়বস্তুটো ভৌগোলিক আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰি দৰ্শকৰ মনত অনুৰণন ঘটাব পৰাকৈ প্ৰস্তুত কৰা হৈছে। “মই আশা কৰোঁ কাহিনীটো আৰু চৰিত্ৰসমূহ সকলোৱে বুজি পাব পৰাকৈ যথেষ্ট সৰ্বজনীন,” তেওঁ কয়, আৰু লগতে যোগ দিয়ে যে পৰিৱেশ আৰু চৰিত্ৰসমূহৰ বিশেষত্বই নিজেই দৰ্শকক কাহিনীটোৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰিব পাৰে।

লামেইৰাই এইটোও স্পষ্ট কৰে যে তেওঁ আৰ্ট-হাউছ বা মূলসুঁতিৰ চলচ্চিত্ৰৰ দৰে কোনো বিশেষ শ্ৰেণীবিভাজনক মনত ৰাখি চলচ্চিত্ৰখনৰ কাম আৰম্ভ কৰা নাছিল। দৰ্শকে ইয়াক আদৰি ল'ব বুলি আশা ৰাখি তেওঁ যিখন চলচ্চিত্ৰ নিৰ্মাণ কৰিব বিচাৰিছিল, সেইখন নিৰ্মাণ কৰাই আছিল তেওঁৰ উদ্দেশ্য। পেৰেইৰাই লক্ষ্য কৰে যে আৰ্ট-হাউছ আৰু মূলসুঁতিৰ চলচ্চিত্ৰৰ মাজৰ পাৰ্থক্যটো সময়ৰ লগে লগে বিকশিত হৈছে, আৰু উল্লেখ কৰে যে সুকীয়া পৰিচালনামূলক দৃষ্টিভংগী আৰু আকৰ্ষণীয় কাহিনী থকা চলচ্চিত্ৰসমূহ পুনৰ বিস্তৃত পৰিসৰৰ দৰ্শকৰ বাবে অধিক সুলভ হৈ পৰিছে।

অভিনয়ৰ প্ৰতি নিজৰ দৃষ্টিভংগীৰ বিষয়ে আলোকপাত কৰি ছিমোৱে ব্যক্তিগত অভিজ্ঞতা, পৰ্যবেক্ষণ আৰু কল্পনাই কেনেকৈ অভিনয়ক গঢ় দিয়ে, সেই বিষয়ে কয়। নিজৰ বিস্তৃত নাট্য পটভূমিৰ আধাৰত তেওঁ কয় যে চৰিত্ৰটো প্ৰথম অৱস্থাত তেওঁৰ নিজৰ জীৱনৰ ওচৰ চাপি অহা যেন অনুভৱ হৈছিল, যাৰ ফলত তেওঁ চৰিত্ৰটোত নিজৰ ব্যক্তিগত অভিজ্ঞতাসমূহ কেনেদৰে কঢ়িয়াই আনিব পাৰে তাক লৈ সচেতন হৈ উঠিছিল। অৱশেষত তেওঁ এই চিন্তাসমূহৰ ঊৰ্ধ্বলৈ গৈ চৰিত্ৰটোৰ পৰিস্থিতি আৰু কাৰ্যকলাপত মনোনিৱেশ কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-27at6.27.00PM_20261127184641_75ce46.jpeg

চলচ্চিত্ৰ নিৰ্মাতাকেইগৰাকীয়ে আই এফ এফ আই-ত চলচ্চিত্ৰখনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ উপস্থাপন কৰিবলৈ পোৱাৰ বাবেও তেওঁলোকৰ শলাগ জ্ঞাপন কৰে। পৰ্তুগাল আৰু গোৱাৰ মাজৰ ঐতিহাসিক আৰু স্থাপত্যগত সম্পৰ্কসমূহক স্বীকাৰ কৰি তেওঁলোকে কয় যে অঞ্চলটোৰ কিছু দিশ চিনাকি যেন লাগিলেও সামগ্ৰিক অভিজ্ঞতাটো সাংস্কৃতিকভাৱে সুকীয়া হৈয়েই আছিল। তেওঁলোকে গোৱা অন্বেষণ কৰাৰ আৰু ভাৰতীয় দৰ্শকৰ সৈতে তেওঁলোকৰ কৰ্মৰাজি সহভাগ কৰাৰ সুযোগক আদৰণি জনায়।

সংবাদমেলখন শ্ৰীমতী বিশালী পি. য়ে পৰিচালনা কৰে।

 

Watch the full press conference here:

Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

* * *

PIB IFFI Team | Rajith/ Supriya/ Andrew/ Darshana | IFFI 57 – 119/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2342910
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026