ৰেল মন্ত্ৰালয়
azadi ka amrit mahotsav

ঋষিকেশ-কর্ণপ্রয়াগ ৰেল প্রকল্পৰ ৬.৫৯ কিলোমিটাৰ দীঘল সুৰংগ-১৪ৰ জৰিয়তে সাফল্য অৰ্জন


এই পদক্ষেপে প্ৰতিফলিত কৰিলে উত্তৰাখণ্ডত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ৰেল প্রকল্পৰ নিৰ্মাণত উল্লেখযোগ্য অগ্ৰগতি

পোষ্ট কৰা হৈছে: 27 NOV 2026 5:12PM by PIB Guwahati

ভাৰতীয় ৰে’লৱেই আজি উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত ঋষিকেশ-কৰ্ণপ্ৰয়াগ ৰে’ল প্ৰকল্পৰ ৬.৫৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ-১৪ৰ মূল সুৰংগ সংযোগ কৰাৰ কাম সফলতাৰে সম্পন্ন কৰিছে। এই সংযোগে প’ৰ্টেল-১ (সুমেৰপুৰ)ৰ পৰা ৪.৭ কিলোমিটাৰ আৰু প’ৰ্টেল-২ (মাৰোৰা)ৰ পৰা ১.৭৯ কিলোমিটাৰ অন্তৰ্ভুক্ত কৰি সুৰংগটোৰ দুটা খনন কৰা অংশৰ মাজত যোগাযোগ সম্ভৱ কৰিছে ।

https://www.instagram.com/reel/DgPfP2Py2co/?evlk=bjFvYXRoMndsMXVy

প’ৰ্টেল-১ (টি ৱান ফ’ৰ পি ৱান)ত, বসতিপূৰ্ণ অঞ্চলৰ তলত থকা ঢিলা মাটিৰ মাজেৰে ১১০ মিটাৰ দৈৰ্ঘ্যৰ ট্ৰিপল-ট্ৰেক সুৰংগ খনন কৰা হয়। ইয়াৰ ওপৰত ২০-৩০ মিটাৰ মাটি আৰু শিল আছিল। নিৰাপদ খনন নিশ্চিত কৰিবলৈ প্ৰাক-খনন আৰু মাল্টি-ড্ৰিফ্টিঙকে ধৰি বিশেষ কৌশল ব্যৱহাৰ কৰা হয়।

প’ৰ্টেল-২ (টি ৱান ফ’ৰ পি টু)ত, ৩০-৩৫ মিটাৰ দ গভীৰ মাইক্ৰ’পাইল, ১৫-২০ মিটাৰ দীঘল ৰক ব’ল্ট আৰু কনছ’লিডেচন গ্ৰাউটিঙৰ জৰিয়তে ঢাল সুৰক্ষিত কৰা হয়। এই ব্যৱস্থাসমূহে মাৰোৰাত ভূমি বহি যোৱাৰ সমস্যা আৰু মাটি তথা ঘৰ অধিগ্ৰহণ সম্পৰ্কীয় বিষয়সমূহ সমাধানৰ পাছত ২০২৪ চনৰ মাৰ্চ মাহত মূল সুৰংগ খনন আৰম্ভ কৰে।

প’ৰ্টেল-২ত প্ৰায় ১০০ মিটাৰ যান্ত্ৰিক খনন কৰা হয়। সমীপৰ বসতিসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দুয়োটা প’ৰ্টেলৰ ওচৰত কেৱল দিনৰ ভাগত নিয়ন্ত্ৰিত পদ্ধতিৰে বিস্ফোৰণ কৰা হয়।

প’ৰ্টেল-১ৰ পৰা ৪.৭ কিলোমিটাৰ খনন অভিযানৰ সময়ছোৱাত সুৰংগৰ ভিতৰত বিশুদ্ধ বায়ুৰ যোগান আৰু উষ্ণতা নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ বায়ু চলাচল ব্যৱস্থাও  কৰা হয়।

এই সংযোগ ঋষিকেশ–কৰ্ণপ্ৰয়াগ ৰেল প্ৰকল্পৰ নিৰ্মাণত  গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত  হৈছে।  উত্তৰাখণ্ডত ৰেল সংযোগ উন্নত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা  এয়া গুৰুত্বপূৰ্ণ ৰে’ল আন্তঃগাঁথনি পদক্ষেপ। এই প্ৰকল্পই পাহাৰীয়া অঞ্চলসমূহলৈ উন্নত সংযোগ প্ৰদান কৰাৰ লগতে তীৰ্থযাত্ৰী আৰু পৰ্যটকসকলৰ যাত্ৰা সুচল কৰি ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ গন্তব্যস্থানসমূহলৈ যাতায়াত উন্নত কৰাৰ জৰিয়তে আঞ্চলিক উন্নয়নত সহায় কৰিব বুলি আশা কৰা হৈছে।

*****


Dharmendra Tewari / Dr Nayan Solanki / Vanshita Jaiswal /Vikas Jha/DD


(ৰিলিজ আই ডি : 2342882) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Gujarati , Tamil , Kannada