পোষ্ট কৰা হৈছে:
27 NOV 2026 1:58PM by PIB Guwahati
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে ২০২৬ ৰ ২৮ নৱেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ বাৰাণসীত অনুষ্ঠিত হ’বলগীয়া কাশী তামিল সংগমম (কে টি এছ)ৰ পঞ্চম সংস্কৰণ উদ্বোধন কৰিব। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে এই কাৰ্যসূচীৰ সামৰণী অধিৱেশনত অংশগ্ৰহণ কৰাৰ কথা । এই অনুষ্ঠানত তামিলনাডু আৰু কাশীৰ মাজৰ শতিকা পুৰণি সাংস্কৃতিক, ভাষিক আৰু সভ্যতাগত সম্পৰ্ক উদযাপন কৰিবলৈ ১,৪০০ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী চিন্তাধাৰাৰ জৰিয়তে অনুপ্ৰাণিত এই পদক্ষেপে দুয়োটা অঞ্চলৰ মাজৰ বন্ধন শক্তিশালী কৰাৰ লগতে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাবৰ সংবৰ্ধন কৰাৰ লক্ষ্য লৈছে। এই কাৰ্য্যসূচীৰ পঞ্চম সংস্কৰণে তামিল সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ ৰচনা ‘তিৰুক্কুৰাল’ৰ চিৰন্তন জ্ঞান আৰু নৈতিক শিক্ষা উজলাই তুলিব।
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগে আই আই টি মাদ্ৰাজ, বেনাৰস হিন্দু বিশ্ববিদ্যালয় (বি এইচ ইউ), কেন্দ্ৰীয় শাস্ত্ৰীয় তামিল প্ৰতিষ্ঠান (চি আই চি টি), উত্তৰ প্ৰদেশ চৰকাৰ আৰু কেইবাটাও কেন্দ্ৰীয় চৰকাৰৰ বিভাগ আৰু মন্ত্ৰণালয়ৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰিছে।
কাশী তামিল সংগমমৰ পঞ্চম সংস্কৰণৰ বিষয়বস্তু - “থিৰুক্কুৰাল পায়িলভম – থিৰুক্কুৰাল শিকোঁ আহক”
কাশী তামিল সংগমমৰ পঞ্চম সংস্কৰণৰ বিষয়বস্তু হৈছে “থিৰুক্কুৰাল পায়িলভম – থিৰুক্কুৰাল অভ্যাস কৰেঁ”, যাৰ অৰ্থ হৈছে “আহক আমি থিৰুক্কুৰাল শিকোঁ”। ইয়াৰ লক্ষ্য হৈছে বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ মাজত থিৰুক্কুৰালৰ চিৰন্তন জ্ঞানৰ প্ৰতি সজাগতা আৰু বোধ বৃদ্ধি কৰাৰ লগতে ভাৰতৰ চহকী সাহিত্যিক পৰম্পৰা তথা চিৰস্থায়ী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা বৃদ্ধি কৰা।
প্ৰখ্যাত তামিল কবি আৰু দাৰ্শনিক থিৰুভল্লুৱৰে ৰচনা কৰা তামিল সাহিত্যৰ অন্যতম চিৰস্থায়ী ৰচনা থিৰুক্কুৰালে প্ৰজন্মৰ পাছত প্ৰজন্মক পথ প্ৰদৰ্শন কৰি আহিছে। ইয়াৰ ১,৩৩০টা দোহাৰ জৰিয়তে নৈতিকতা, শাসন, মানৱ সম্পৰ্ক, কৰুণা, অনুশাসন তথা দায়িত্বশীল জীৱন যাপনৰ ওপৰত আলোকপাত কৰা হৈছে।সৎ আচৰণ, সামাজিক আৰু ৰাজনৈতিক জীৱন তথা মানৱ সম্পৰ্কৰ নীতিসমূহ সামৰি লোৱা এই গ্ৰন্থখন তিনিটা ভাগত বিভক্ত – আৰাম (সদগুণ), পোৰুল (সম্পদ) আৰু ইনবাম (প্ৰেম)।
প্ৰতিনিধিবৰ্গ আৰু ভ্ৰমণসূচী
তামিলনাডুৰ পৰা প্ৰায় ১,৪০০ গৰাকী অংশগ্ৰহণকাৰীয়ে প্ৰায় ২০০ জনীয়া সাতটা গোটত বিভক্ত হৈ আঠ দিনীয়া যাত্ৰা কৰিব। ইয়াৰ ভিতৰত চাৰি দিন যাত্ৰা আৰু চাৰি দিন ভ্ৰমণ তথা অন্যান্য সুসংগঠিত কাৰ্যসূচী সামৰি লোৱা হৈছে। ভ্ৰমণসূচীত সাংস্কৃতিক, শৈক্ষিক, বিষয়ভিত্তিক আৰু আধ্যাত্মিক কাৰ্যসূচীৰ সৈতে বাৰাণসী, প্ৰয়াগৰাজ আৰু অযোধ্যা অন্তৰ্ভুক্ত কৰা হৈছে।
সাতটা শ্ৰেণীৰ অংশগ্ৰহণকাৰীসকল:
•ছাত্ৰ-ছাত্ৰী
• শিক্ষক
• লেখক আৰু সংবাদ মাধ্যমৰ পেছাদাৰীসকল
• কৃষি আৰু আনুষংগিক খণ্ড
• পেছাদাৰীসকল আৰু শিল্পীসকল
• মহিলা
• আধ্যাত্মিক নেতাসকল
বাৰাণসীত থকাৰ সময়ত প্ৰতিনিধিসকলে কাশী বিশ্বনাথ মন্দিৰ, ৰামনগৰ দুৰ্গ আৰু ভাৰত মাতা মন্দিৰকে ধৰি বিশিষ্ট ধৰ্মীয়, ঐতিহাসিক আৰু সাংস্কৃতিক স্থানসমূহ পৰিদৰ্শন কৰিব। ভ্ৰমণসূচীত গংগা আৰতি, গংগা স্নান, শৈক্ষিক অধিবেশন আৰু সাংস্কৃতিক কাৰ্যসূচীও অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ পিছত প্ৰতিনিধিসকলে প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগম আৰু অযোধ্যাৰ শ্ৰী ৰাম মন্দিৰ পৰিদৰ্শন কৰিব।
এটা বিশেষ তামিল ঐতিহ্য শৃংখলে প্ৰতিনিধিসকলক মহাকবি সুব্ৰমণ্য ভাৰতীৰ পৈতৃক ঘৰ, কেদাৰ ঘাট আৰু লিটল তামিলনাডুৰ কাশী মঠমলৈ লৈ যোৱাৰ লগতে বি এইচ ইউৰ তামিল বিভাগত শৈক্ষিক মত বিনিময় অনুষ্ঠান আয়োজনৰো দিহা কৰিছে।
ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ কাৰ্যসূচী
বিভিন্ন শৈক্ষিক শাখা আৰু ভাষিক পটভূমিৰ ছাত্ৰ-ছাত্ৰীৰ মাজত তিৰুক্কুৰালৰ বিষয়ে সজাগতা গঢ়ি তোলাৰ উদ্দেশ্যে দেশজুৰি ১,০০০খন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ইয়াত সুসংগঠিত অধ্যয়ন, গৱেষণা আৰু চৌহদভিত্তিক কাৰ্যসূচী সামৰি লোৱা হৈছে।
•প্ৰতিখন অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানে আগ্ৰহী ছাত্ৰ-ছাত্ৰীক ‘তিৰুক্কুৰাল’ সন্দৰ্ভত মূল্যায়ন কৰি মেধাৰ ভিত্তিত একোগৰাকী শিক্ষাৰ্থীক মনোনীত কৰিব।
•নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলে ২২টা অনুসূচিত ভাষা আৰু ইংৰাজীত আগবঢ়োৱা অনলাইন শৈক্ষিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
•ইয়াৰ পিছত এমাহৰ গৱেষণা আৰু শৈক্ষিক অংশগ্ৰহণ কাৰ্যসূচীত চি আই চি টিৰ পৰা বহুভাষিক অধ্যয়ন সামগ্ৰী প্ৰদান কৰা হ’ব। প্ৰতিজন যোগ্য নিৰ্বাচিত শিক্ষাৰ্থীয়ে কাৰ্যসূচীৰ নিৰ্দেশনা আৰু নিৰ্ধাৰিত প্ৰয়োজনীয়তা পূৰণ কৰাৰ সাপেক্ষে ১০,০০০ টকাৰ বৃত্তি লাভ কৰিব।
•প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে একোগৰাকী শিক্ষকৰ নিৰ্দেশনাত ‘তিৰুক্কুৰাল’ সন্দৰ্ভত ৪ৰ পৰা ১০ পৃষ্ঠাৰ প্ৰবন্ধ বা গৱেষণা টোকা লিখিব তথা নিজৰ প্ৰতিষ্ঠানত ‘তিৰুক্কুৰাল’ৰ বিষয়ে এঘণ্টীয়া উপস্থাপন প্ৰকাশ কৰিব।
উত্তৰ প্ৰদেশৰ বিদ্যালয়ত তিৰুক্কুৰাল শিক্ষাদান
সংগমমৰ সময়ত তামিলনাডুৰ পৰা ৫০ গৰাকী শিক্ষক উত্তৰ প্ৰদেশলৈ আহি বিদ্যালয়ত তিৰুক্কুৰাল শিকাব। তামিলনাডুৰ তিৰুক্কুৰাল বিশেষজ্ঞসকলেও বাৰাণসীৰ বিদ্যালয়সমূহ পৰিদৰ্শন কৰিব। তেওঁলোকে অভিমুখীকৰণ মডিউল, পাৰস্পৰিক অধিবেশন আৰু কুইজৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক এই গ্ৰন্থৰ মূল মূল্যবোধসমূহৰ সৈতে পৰিচয় কৰাই দিব।
বিদ্যালয়ত পঠন অধিবেশন
ৰাষ্ট্ৰীয় পুস্তক ন্যাসে ৰাষ্ট্ৰীয় ই-পুস্তকালয়ৰ সহযোগত বাৰাণসীত বিদ্যালয়সমূহত পঠন অভ্যাস, গল্প কোৱা আৰু সৃজনশীল কাৰ্যকলাপৰ বিষয়ে মত বিনিময় কাৰ্য্যসূচী অনুষ্ঠিত কৰিব।
শৈক্ষিক অংশগ্ৰহণ, সাংস্কৃতিক প্ৰদৰ্শন আৰু আঞ্চলিক শিল্প প্ৰদৰ্শনী
কাশী হিন্দু বিশ্ববিদ্যালয়ে ভাৰতীয় ভাষা সমিতিৰ সহযোগিতাত ‘তিৰুক্কুৰাল’ সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলনৰ সহ-আয়োজন কৰিব। তিৰুক্কুৰাল সন্দৰ্ভত সাংস্কৃতিক কাৰ্যসূচী আৰু চুটি ছবিৰ প্ৰদৰ্শনৰো আয়োজন কৰা হ’ব। মূল স্থানত প্ৰতিনিধিসকলৰ বাবে তামিলনাডু আৰু উত্তৰ প্ৰদেশৰ হস্তশিল্প তথা হস্ততাঁতৰ বিপণী স্থাপন কৰা হ’ব।
ডিজিটেল আৰু ৰাজহুৱা প্ৰচাৰ কাৰ্যসূচী
কাশী তামিল সংগমম পঞ্চম সংস্কৰণে ভাৰতজুৰি ব্যাপক দৰ্শকৰ মাজত ‘তিৰুক্কুৰাল’ৰ শিক্ষাসমূহ সহজলভ্য কৰিবলৈ প্ৰযুক্তিও ব্যৱহাৰ কৰিব। চি আই চি টিৰ ‘তিৰুক্কুৰাল’ বহুভাষিক এপত ২২টা অনুসূচিত ভাষালৈ অনুবাদসহ সমগ্ৰ ১,৩৩০টা কুৰাল অন্তৰ্ভুক্ত কৰা হৈছে। এই সংস্কৰণৰ বাবে চি আই চি টিৰ কাৰ্যসূচীত নিৰ্বাচিত কুৰালসমূহ সন্দৰ্ভত চুটি এনিমেটেড ভিডিঅ’ আৰু ছবি তথা তিৰুক্কুৰাল অডিঅ’বুকো অন্তৰ্ভুক্ত হৈ আছে।
অধিক বিৱৰণ আৰু অংশগ্ৰহণৰ বাবে:
https://kashitamil.iitm.ac.in/
https://kashitamil.bhu.edu.in/
*****
RRTN/DD