বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশ্বজোৰা অনিশ্চয়তাৰ মাজতো ভাৰতৰ বিকাশৰ ধাৰা শক্তিশালী, স্থিতিস্থাপক আৰু বিশ্বাসযোগ্য হৈ আছেঃ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল

দীৰ্ঘম্যাদী বিনিয়োগ বৃদ্ধি আৰু অধিক বিস্তৃত ঋণ ব্যৱস্থা গঢ়ি তোলাৰ আহ্বান শ্ৰী গোৱেলৰ

ভাৰতৰ বিকাশৰ আকাংক্ষাক সমৰ্থনৰ বাবে উদ্ভাৱনীমূলক বিত্তীয় সঁজুলিৰ বিষয়ত গুৰুত্ব শ্ৰী গোৱেলৰ

১২ বছৰীয়া অৰ্থনৈতিক সংস্কাৰ, স্থিতিস্থাপকতা আৰু সম্প্ৰসাৰিত বজাৰৰ সুযোগৰ বিষয়ত উল্লেখ শ্ৰী গোৱেলৰ

ভাৰতক গোলকীয় উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ ৰপ্তানি বৃদ্ধি, উৎপাদন খণ্ডত বিনিয়োগ আৰু মূল্য সংযোজনৰ বিষয়ত গুৰুত্ব আৰোপ শ্ৰী গোৱেলৰ

পোষ্ট কৰা হৈছে: 27 NOV 2026 12:09PM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে আজি কয় যে গোলকীয় অনিশ্চয়তা সত্ত্বেও ভাৰতৰ বিকাশৰ ধাৰা শক্তিশালী, স্থিতিস্থাপক, বিশ্বাসযোগ্য হৈ আছে, যাৰ ফলত বিশ্বৰ ভাৰতৰ ওপৰত থকা আস্থা দেশখনে অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। ভাৰত ঋণ পুঁজি বজাৰ শীৰ্ষ সন্মিলন ২০২৬ (India Debt Capital Market Summit 2026) সম্বোধন কৰি তেওঁ ভাৰতৰ অৰ্থনৈতিক প্ৰদৰ্শন, নিৰন্তৰ সংস্কাৰ, সম্প্ৰসাৰিত বাণিজ্যিক সুযোগ আৰু দেশৰ উন্নয়নৰ লক্ষ্যত উপনীত হোৱাত ঋণ বজাৰৰ বৰ্ধিত গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ভাৰতে ৭.৮ শতাংশ অৰ্থনৈতিক বিকাশৰ হাৰ অৰ্জন কৰিছে আৰু দ্বিতীয় ত্ৰৈমাসিকতো দেশখনে এই বিকাশৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হ’ব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। মুঠ স্থায়ী মূলধন গঠন (Gross Fixed Capital Formation) প্ৰায় ১২ শতাংশ বৃদ্ধি পাইছে। আনহাতে চলিত বৰ্ষৰ প্ৰথম সাতটা মাহতে দেশৰ ৰপ্তানিৰ পৰিমাণ ৫৭০ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছে। তেওঁ কয় যে ভাৰতে ১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ ৰপ্তানিৰ লক্ষ্যত উপনীত হোৱাৰ দিশত সঠিক পথেৰে আগবাঢ়িছে। চলিত বৰ্ষৰ মে’ত এই লক্ষ্য নিৰ্ধাৰণ কৰাৰ সময়ত ইয়াক অভিলাষী আৰু প্ৰায় অসম্ভৱ লক্ষ্য হিচাপে বিবেচনা কৰা হৈছিল। ইয়াৰ উপৰি প্ৰায় ১৯ শতাংশ ঋণ বৃদ্ধিৰ হাৰেও বিশেষকৈ ঋণ বজাৰৰ ক্ষেত্ৰত ইতিবাচক ইংগিত প্ৰদান কৰিছে।

শ্ৰী গোৱেলে কয় যে চলি থকা দুখন যুদ্ধ, খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ আঘাত, শুল্ক সম্পৰ্কীয় অনিশ্চয়তা, বিশ্ব বাণিজ্যৰ সুযোগক লৈ সৃষ্টি হোৱা অনিশ্চয়তা, সামুদ্ৰিক পথত ব্যাঘাত আৰু বিমান যাতায়াতক প্ৰভাৱিত কৰা বিচ্ছিন্ন আক্ৰমণৰ মাজতো ভাৰতে নিজৰ স্থিতিস্থাপকতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। এনে প্ৰত্যাহ্বানৰ পিছতো ভাৰতৰ বিকাশৰ ধাৰাৰ প্ৰতি বিশ্বৰ আস্থা অটুট আছে আৰু দেশখনে সেই আস্থাৰ মৰ্যাদা ৰক্ষা কৰি আহিছে।

তেওঁ কয় যে ভাৰতে নিৰন্তৰ সংস্কাৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ লগতে নতুন নীতি প্ৰৱৰ্তন, ব্যৱসায় কৰাৰ সুচলতা বৃদ্ধি আৰু ব্যৱসায়িক প্ৰতিষ্ঠান তথা অংশীদাৰসকলৰ সৈতে মত বিনিময়ৰ বাবে মুক্ত দুৱাৰ নীতি বজাই ৰাখিছে। চৰকাৰে আগন্তুক ২০ৰ পৰা ২৫ বছৰৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছে আৰু ‘বিকশিত ভাৰত ২০৪৭’ৰ দৃষ্টিভংগীক ব্যৱস্থাটোৰ সৈতে দৃঢ়ভাৱে সংযুক্ত কৰাৰ লগতে ৩০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি হিচাপে ভাৰতক গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। দেশত জন্মগ্ৰহণ কৰা প্ৰতিগৰাকী শিশুৱে যাতে উন্নত জীৱন ধাৰণৰ মান, গুণগত শিক্ষা, স্বাস্থ্যসেৱা আৰু অধিক সুযোগ-সুবিধা লাভ কৰিব পাৰে, সেয়া নিশ্চিত কৰাই এই লক্ষ্যৰ মূল উদ্দেশ্য।

মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে মুক্ত বাণিজ্য চুক্তি(FTA) চূড়ান্ত কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ লগতে জি এছ টি ব্যৱস্থাক অধিক সৰল কৰি কৰৰ হাৰ হ্ৰাস কৰাৰ বাবে সংস্কাৰ সাধন কৰিছে, যাৰ ফলত ব্যৱহাৰ বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে জি এছ টি সংগ্ৰহৰ পৰিমাণ নিৰন্তৰ বৃদ্ধি পাই আহিছে আৰু অক্টোবৰত সৰ্বকালৰ সৰ্বাধিক সংগ্ৰহৰ অভিলেখ গঢ়িছে। একেদৰে অক্টোবৰত ৰপ্তানিৰ ক্ষেত্ৰতো অভিলেখ গঢ়ি মাত্ৰ এটা মাহতে ইয়াৰ পৰিমাণ ৯০ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছে।

তেওঁ কয় যে কেইবাখনো গুৰুত্বপূৰ্ণ মুক্ত বাণিজ্য চুক্তি(FTA) এতিয়াও কাৰ্যকৰী হোৱা নাই। ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিখন চলিত বৰ্ষৰ শেষৰ ফালে স্বাক্ষৰিত হোৱাৰ লগতে অহা বছৰৰ মাৰ্চ বা এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি ভাৰত-আমেৰিকা বাণিজ্য চুক্তিও চূড়ান্ত পৰ্যায়ৰ দিশে আগবাঢ়িছে আৰু চুক্তিখন চূড়ান্ত কৰাৰ প্ৰক্ৰিয়া তথা ৰূপৰেখাই ক্ৰমাৎ স্পষ্ট ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিছে বুলি তেওঁ উল্লেখ কৰে।

ঋণ মূলধনী বজাৰৰ সমগ্ৰ ব্যৱস্থাটোক এখন উমৈহতীয়া মঞ্চত একত্ৰিত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে আয়োজকসকলক অভিনন্দন জনায়। তেওঁ কয় যে সন্মিলনৰ বিষয়বস্তু ‘কেটেলিষ্টছ, এপেক্স এণ্ড ক্ৰেডিট’ ভাৰতৰ বিকাশৰ ধাৰাৰ সৈতে সংগতি থকা সময়োপযোগী আৰু গুৰুত্বপূৰ্ণ বিষয়। তেওঁ লগতে কয় যে বণ্ড আৰু ঋণ বজাৰে বিশ্বাসৰ গুৰুত্ব প্ৰতিফলিত কৰে। কিয়নো এই বজাৰসমূহ ঋণগ্ৰহণকাৰীসকলৰ বিশ্বাসযোগ্যতাৰ ওপৰত নিৰ্ভৰশীল।

শ্ৰী গোৱেলে কয় যে বিশ্বৰ বিভিন্ন দেশৰ সৈতে ভাৰতৰ বিশ্বাসভিত্তিক অংশীদাৰিত্বই অগ্ৰাধিকাৰমূলক, দ্বিপাক্ষিক আৰু মুক্ত বাণিজ্য চুক্তিৰ ক্ষেত্ৰত দেশখনৰ সম্পৰ্কৰ মূল আধাৰ হিচাপে কাম কৰি আহিছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী, ৪ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতিৰ পৰা ৩০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতিৰ দিশে আগবাঢ়ি যোৱাৰ পথত সৃষ্টি হোৱা সুযোগ আৰু বিশ্বৰ অংশীদাৰ দেশসমূহক ভাৰতে আগবঢ়োৱা বিশ্বাসযোগ্য অংশীদাৰিত্বৰ ওপৰত দেশৰ বিকাশৰ ধাৰা প্ৰতিষ্ঠিত হৈ আছে।

মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে এতিয়া বিশ্বৰ বিভিন্ন দেশৰ অগ্ৰাধিকাৰমূলক অংশীদাৰ, আকৰ্ষণীয় বিনিয়োগৰ গন্তব্যস্থল আৰু আগন্তুক ২ৰ পৰা ৩ দশকৰ বাবে  বিশ্বাসযোগ্য সহযোগী হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ দেশৰ সম্প্ৰসাৰিত উৎপাদন আৰু ৰপ্তানি সক্ষমতা, মুক্ত বাণিজ্য চুক্তিৰ(FTA) জৰিয়তে বিশ্ব অৰ্থনীতিৰ সৈতে ভাৰতৰ ক্ৰমবৰ্ধমান সংহতি আৰু আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়নৰ বিষয়তো আলোকপাত কৰে।

তেওঁ কয় যে আগন্তুক ৩০ বছৰত ভাৰতত নিৰ্মাণ হ’বলগীয়া অট্টালিকাৰ সংখ্যা দেশখনত বৰ্তমান থকা আৱাসিক আৰু বাণিজ্যিক অট্টালিকাসমূহৰ মুঠ সংখ্যাতকৈও অধিক হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা আন্তঃগাঁথনি উন্নয়নৰ ব্যাপক পৰিসৰ আৰু বিভিন্ন খণ্ডত সৃষ্টি হ’বলগীয়া নতুন সুযোগসমূহৰ প্ৰতিফলন ঘটিছে।

শ্ৰী গোৱেলে কয় যে খাৰুৱা তেলৰ দামবৃদ্ধিয়ে অৰ্থনীতিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলালেও ভাৰতৰ দীৰ্ঘম্যাদী বিকাশৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ দেশখনৰ পৰিৱৰ্তিত অৰ্থনৈতিক ভেটিৰ পৰিপ্ৰেক্ষিতত মূল্যায়ন কৰা উচিত। তেওঁ উল্লেখ কৰে যে ২০ বছৰ পূৰ্বৰ তুলনাত বৰ্তমান ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ, প্ৰবাসী ভাৰতীয়সকলৰ পৰা লাভ কৰা ধনৰ প্ৰৱাহ আৰু প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে।

তেওঁ কয় যে ভাৰতে ৭০০ বিলিয়ন মাৰ্কিন ডলাৰৰো অধিক মূল্যৰ সামগ্ৰী আৰু সেৱা ৰপ্তানি কৰি আহিছে আৰু চলিত বৰ্ষত দেশৰ মুঠ ৰপ্তানিৰ পৰিমাণ ১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰত উপনীত হোৱাৰ সম্ভাৱনা আছে। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ৪ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ, যাৰ ফলত দেশখনে বিশ্বৰ শীৰ্ষ ৫ বা ৬খন অৰ্থনীতিৰ ভিতৰত স্থান লাভ কৰিছে। ক্ৰয় ক্ষমতাৰ সমতাৰ ভিত্তিত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ প্ৰায় ১৮ৰ পৰা ১৯ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ। ইয়াৰ দ্বাৰা সামগ্ৰী আৰু সেৱাৰ চাহিদা গ্ৰহণ কৰাৰ লগতে প্ৰতিযোগিতামূলক মূল্যত উৎপাদন কৰাৰ ক্ষেত্ৰত ভাৰতৰ সক্ষমতা প্ৰতিফলিত হয়।

মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ বৰ্তমানৰ অৰ্থনৈতিক পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি খাৰুৱা তেলৰ মূল্যত কেইটামান মাৰ্কিন ডলাৰৰ উঠা-নমাই দেশখনৰ দীৰ্ঘম্যাদী ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব নোৱাৰে। তেওঁ উল্লেখ কৰে যে বিশ্বৰ ভিতৰত ভাৰতৰ ৰাষ্ট্ৰীয় ঋণৰ পৰিমাণ এতিয়াও তুলনামূলকভাৱে নিম্ন পৰ্যায়ত আছে আৰু মুঠ ঋণৰ ভিতৰত বৈদেশিক ঋণৰ অংশ যথেষ্ট কম। এই দিশসমূহে ভাৰতৰ বিকাশৰ ধাৰাৰ বহনক্ষমতা প্ৰতিফলিত কৰে। তেওঁ লগতে গুৰুত্ব আৰোপ কৰি কয় যে ক’ভিড-১৯ মহামাৰীৰ সময়তো ভাৰতে বিশ্বৰ প্ৰতি থকা নিজৰ দায়বদ্ধতা পালনত কেতিয়াও ব্যৰ্থ হোৱা নাই।

শ্ৰী গোৱেলে কয় যে ভাৰতত সুতৰ হাৰ মধ্যম পৰ্যায়ত অব্যাহত আছে আৰু দেশৰ অৰ্থনৈতিক সম্ভাৱনাক লৈ তেওঁ আস্থা প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে বিদেশী বিনিয়োগকাৰীসকলে পুঁজি প্ৰত্যাহাৰ কৰাৰ সময়ছোৱাকে ধৰি বজাৰৰ অস্থিৰতাৰ বিভিন্ন পৰ্যায়ত ঘৰুৱা প্ৰাতিষ্ঠানিক বিনিয়োগকাৰী আৰু খুচুৰা বিনিয়োগকাৰীসকলে বজাৰক সমৰ্থন আগবঢ়াই আহিছে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতৰ বিকাশৰ ধাৰা সুৰক্ষিত, শক্তিশালী, স্থিতিস্থাপক আৰু বিশ্বাসযোগ্য হৈ আছে।

মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতৰ অৰ্থনৈতিক ৰূপান্তৰ কোনো আকস্মিক ঘটনা বা ভাগ্যৰ ফল নহয়, বৰঞ্চ বিগত ১২ বছৰে বিভিন্ন খণ্ডত ধাৰাবাহিকভাৱে ৰূপায়ণ কৰা সংস্কাৰ আৰু পৰিৱৰ্তনশীল পদক্ষেপৰ ফল। তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰে নাগৰিকসকলৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণত গুৰুত্ব আৰোপ কৰি আহিছে। ইয়াৰ ভিতৰত খাদ্য, বস্ত্ৰ, বাসস্থান, স্বাস্থ্যসেৱা, শিক্ষা, উন্নত পথ, গুণগত বিদ্যুৎ যোগান আৰু ডিজিটেল সংযোগৰ দৰে মৌলিক সুবিধাসমূহ অন্তৰ্ভুক্ত।

তেওঁ লগতে প্ৰতিখন গাঁৱৰ প্ৰতিটো পৰিয়াললৈ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে জল জীৱন মিছনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও আলোকপাত কৰে। তেওঁ কয় যে ১২ বছৰত ৫০ কোটি লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই অনাটো এটা উল্লেখযোগ্য সাফল্য। আয় বৃদ্ধি পোৱাৰ লগে লগে আৰু অধিক লোক নতুন মধ্যবিত্ত, মধ্যবিত্ত তথা উচ্চ মধ্যবিত্ত শ্ৰেণীলৈ উন্নীত হোৱাৰ ফলত বজাৰত বৃহৎ পৰিসৰৰ নতুন সুযোগৰ সৃষ্টি হ’ব।

শ্ৰী গোৱেলে কয় যে আন্তঃগাঁথনিৰ উন্নয়ন, ব্যৱহাৰ আৰু অৰ্থনৈতিক বিকাশ বৃদ্ধি তথা মুক্ত বাণিজ্য চুক্তিৰ জৰিয়তে নতুন বজাৰৰ সুযোগ মুকলি হোৱাৰ ফলত ভাৰতৰ উৎপাদক, কৃষিজাত সামগ্ৰীৰ ৰপ্তানিকাৰক, সামুদ্ৰিক খাদ্য সামগ্ৰীৰ ৰপ্তানিকাৰক আৰু সেৱা প্ৰদানকাৰীসকলৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব। তেওঁ আস্থা প্ৰকাশ কৰে যে নিৰন্তৰ সংস্কাৰ সাধন আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে অব্যাহত প্ৰচেষ্টাৰ জৰিয়তে ভাৰতে বিকাশৰ ধাৰা অব্যাহত ৰাখিব।

মন্ত্ৰীগৰাকীয়ে ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপক বিশ্বজুৰি প্ৰতিযোগিতামূলক উৎপাদনৰ ভিত্তি হিচাপে গঢ়ি তুলিবলৈ ভাৰতৰ ৰপ্তানিক পৰৱৰ্তী পৰ্যায়লৈ উন্নীত কৰা আৰু উৎপাদন খণ্ডত বিনিয়োগ বৃদ্ধিৰ আহ্বান জনায়। তেওঁ ভাৰতত অধিক মূল্য সংযোজন আৰু গুণগত মান নিশ্চিত কৰাৰ লগতে প্ৰতিভাশালী মানৱ সম্পদৰ এটা বৃহৎ ভাণ্ডাৰ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে, যাতে কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্নিং আৰু কোৱাণ্টাম কম্পিউটিঙৰ দৰে উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতে অগ্ৰণী ভূমিকা পালন কৰিব পাৰে।

তেওঁ কয় যে ভাৰতে বিশ্বৰ বিভিন্ন দেশৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলিছে আৰু মুক্ত বাণিজ্য চুক্তিৰ জৰিয়তে অগ্ৰাধিকাৰমূলক বজাৰত প্ৰৱেশৰ পৰিসৰ সম্প্ৰসাৰিত হোৱাৰ বিষয়টোও উল্লেখ কৰে। ২০১৪ চনলৈকে ভাৰতৰ মুক্ত বাণিজ্য চুক্তিসমূহে সামৰি লোৱা দেশসমূহৰ মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ আছিল প্ৰায় ১০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ, আনহাতে বিশ্বৰ মুঠ ঘৰুৱা উৎপাদন আছিল প্ৰায় ১১৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ। তেওঁ কয় যে বিগত চাৰে চাৰি বছৰৰ পৰা পাঁচ বছৰৰ ভিতৰত চূড়ান্ত কৰা ৩৮খন উন্নত দেশক সামৰি লোৱা ৯খন মুক্ত বাণিজ্য চুক্তিয়ে ৬০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ মুঠ ঘৰুৱা উৎপাদনৰ অৰ্থনীতিসমূহক সামৰি লৈছে। পূৰ্বৰ চুক্তিসমূহৰ সৈতে এই নতুন চুক্তিসমূহ সংযোজিত হোৱাৰ ফলত বৰ্তমান ভাৰতৰ ৭০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ গোলকীয় মুঠ ঘৰুৱা উৎপাদনৰ অংশীদাৰ অৰ্থনীতিসমূহত অগ্ৰাধিকাৰমূলক বজাৰৰ প্ৰৱেশাধিকাৰ আছে।

মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে অতিৰিক্ত ৮খন বা ৯খন মুক্ত বাণিজ্য চুক্তিৰ বাবে আলোচনা অব্যাহত ৰাখিছে আৰু ইয়াৰ জৰিয়তে আৰু ১৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ বজাৰ প্ৰৱেশাধিকাৰ লাভ কৰাৰ আশা কৰিছে। ইয়াৰ ফলত বিশ্বৰ ১১৫ৰ পৰা ১২০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ মুঠ ঘৰুৱা উৎপাদনৰ ভিতৰত ভাৰতৰ অগ্ৰাধিকাৰমূলক বজাৰ প্ৰৱেশাধিকাৰৰ পৰিসৰ ৮৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাব। তেওঁ কয় যে বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিবলৈ আগ্ৰহী। ইয়াৰ দ্বাৰা বিশ্বৰ বিশ্বাসযোগ্য অংশীদাৰ হিচাপে ভাৰতৰ ক্ৰমবৰ্ধমান স্থিতি আৰু ভাৰতীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বাবে উপলব্ধ সুযোগসমূহৰ প্ৰতিফলন ঘটিছে।

 

সন্মিলনৰ বিষয়বস্তুৰ প্ৰসংগ উল্লেখ কৰি শ্ৰী গোৱেলে কয় যে চৰকাৰ আৰু ব্যক্তিগত খণ্ডই সামূহিকভাৱে বিকাশৰ নতুন সুযোগ সৃষ্টিৰ অনুঘটক হিচাপে কাম কৰাৰ লগতে উভয় খণ্ডৰ অধিক মূলধনী ব্যয়ৰ বাবে নতুন পথ মুকলি কৰিছে। ঋণ বৃদ্ধিৰ ঊৰ্ধ্বমুখী ধাৰাই ভাৰতৰ বিকাশৰ ধাৰাৰ আকৰ্ষণীয়তা আৰু বিনিয়োগৰ নতুন সম্ভাৱনাসমূহৰ প্ৰতিফলন ঘটাইছে।

তেওঁ কয় যে ছেমিকণ্ডাক্টৰ চিপ নিৰ্মাণৰ সুবিধা, বিদ্যুৎ পৰিবহণৰ গ্ৰিড, তথ্য কেন্দ্ৰ আৰু মুম্বাইৰ বাহিৰৰ বধৱনত নিৰ্মাণ হ’বলগীয়া পৰৱৰ্তী বন্দৰৰ সম্প্ৰসাৰণে সামূহিকভাৱে অৰ্থনীতিত ঋণৰ চাহিদা যথেষ্ট বৃদ্ধি কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ বিকাশৰ বাবে বিত্ত যোগানৰ ক্ষেত্ৰত ঋণ বজাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ লগতে আহ্বান জনায় যে আগন্তুক দুইৰ পৰা তিনি দশকত সৃষ্টি হ’বলগীয়া সুযোগসমূহৰ পৰিসৰ, বৈচিত্ৰ্য আৰু সময়সীমাৰ সৈতে সংগতি ৰাখি দেশৰ বিত্তীয় ব্যৱস্থাটোক গঢ়ি তুলিব লাগিব। অৰ্থনীতিৰ ঋণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে অধিক দ্ৰুত আৰু দক্ষ বিত্তীয় যোগানৰ ব্যৱস্থাৰ লগতে আকৰ্ষণীয় আৰু উদ্ভাৱনীমূলক বিত্তীয় সঁজুলিৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভতো তেওঁ গুৰুত্ব আৰোপ কৰে।

তেওঁ কয় যে আগন্তুক বছৰবোৰত ব্যক্তিগত মূলধন ক্ৰমান্বয়ে পুঁজিৰ অধিক গুৰুত্বপূৰ্ণ উৎস হিচাপে পৰিগণিত হ’ব। গোলকীয় বণ্ড সূচকসমূহত ভাৰতৰ অন্তৰ্ভুক্তিয়েও ঋণ বজাৰৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

মন্ত্ৰীগৰাকীয়ে ঋণ মূলধনী বজাৰৰ সমগ্ৰ ব্যৱস্থাটোৰ বাবে পাঁচটা গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰে:

প্ৰথমতে, তেওঁ বৃহৎ কৰ্প’ৰেট প্ৰতিষ্ঠান, ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু আন্তঃগাঁথনি উন্নয়নকাৰী সংস্থাসমূহকে ধৰি বণ্ড ইছ্যুকাৰীসকলক দীৰ্ঘম্যাদী সময়ৰ প্ৰয়োজন হোৱা প্ৰকল্পসমূহকে ধৰি মূলধনী ব্যয়ৰ বাবে পুঁজি সংগ্ৰহৰ ক্ষেত্ৰত বণ্ড বজাৰক প্ৰথম পছন্দ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে তেওঁলোকৰ বিত্তীয় প্ৰয়োজনীয়তা পূৰণৰ বাবে উদ্ভাৱনীমূলক সমাধান সূত্ৰ বিকশিত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

দ্বিতীয়তে, তেওঁ বিনিয়োগকাৰীসকলক দীৰ্ঘম্যাদী ঋণ আৰু অধিক বিস্তৃত ঋণ ব্যৱস্থাটোক সমৰ্থন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে বীমা কোম্পানী,  পেঞ্চন কোম্পানী,  পেঞ্চন পুঁজি, ভৱিষ্যনিধি পুঁজি আৰু মিউচুৱেল ফাণ্ডসমূহে ক্ৰমাৎ দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে উপলব্ধ ধৈৰ্যশীল মূলধন অধিক পৰিমাণে ধৰি ৰাখিছে। তেওঁ এই প্ৰতিষ্ঠানসমূহক এএএ ৰেটিংপ্ৰাপ্ত বিত্তীয় সঁজুলিৰ বাহিৰৰ বিনিয়োগৰ সুযোগসমূহো বিবেচনা কৰিবলৈ উৎসাহিত কৰে।

তৃতীয়তে, তেওঁ বণ্ডৰ ক্ৰয়-বিক্ৰয় অধিক সহজ কৰি তোলাৰ লগতে শ্বেয়াৰ বজাৰৰ আৰ্হিত তাৎক্ষণিকভাৱে লেনদেন সম্পন্ন কৰাৰ ব্যৱস্থা গঢ়ি তুলিবলৈ বজাৰখনৰ অংশীদাৰসকলক আহ্বান জনায়।

চতুৰ্থতে, তেওঁ ৰপ্তানিকাৰক আৰু তেওঁলোকক বিত্তীয় সাহায্য প্ৰদান কৰা প্ৰতিষ্ঠানসমূহক মুক্ত বাণিজ্য চুক্তিৰ জৰিয়তে সৃষ্টি হোৱা সুযোগসমূহক বিনিয়োগৰ সিদ্ধান্তলৈ ৰূপান্তৰিত কৰাৰ লগতে মুকলি হোৱা বজাৰসমূহৰ চাহিদা পূৰণৰ বাবে নিজৰ উৎপাদন আৰু সেৱা প্ৰদানৰ সক্ষমতা গঢ়ি তুলিবলৈ আহ্বান জনায়।

পঞ্চমতে, তেওঁ পুনৰ উল্লেখ কৰে যে চৰকাৰে সকলো অংশীদাৰৰ সৈতে কাম কৰিবলৈ সদায় আগ্ৰহী আৰু এই খণ্ডৰ অধিক সংস্কাৰ তথা উন্নয়নৰ বাবে অংশীদাৰসকলৰ পৰা পৰামৰ্শ আৰু নতুন ধাৰণা আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে ভাৰতৰ অব্যাহত বিকাশ আৰু স্থিতিস্থাপকতাৰ প্ৰতি আস্থা প্ৰকাশ কৰি ভাষণৰ সামৰণি মাৰে। দেশৰ অৰ্থনৈতিক লক্ষ্যসমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ মাজত সহযোগিতাৰ গুৰুত্বৰ বিষয়তো তেওঁ বিশেষভাৱে আলোকপাত কৰে।

 

Abhishek Dayal/ Shabbir Azad/ Ishita Biswas/US


(ৰিলিজ আই ডি : 2342647) অতিথি কক্ষ : 2