পোষ্ট কৰা হৈছে:
27 NOV 2026 2:37PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (২৭ নৱেম্বৰ, ২০২৬) কেৰলমৰ ত্ৰিশূৰৰ বৈদ্যৰত্নম আয়ুৰ্বেদ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আয়ুৰ্বেদৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম বৃদ্ধিৰো ঊৰ্ধ্বত অৱদান আগবঢ়াইছে কেৰলমে। ই প্ৰাচীন আয়ুৰ্বেদিক শিক্ষাৰ সমৃদ্ধ আৰু উজ্জীৱিত পৰম্পৰাক লালন-পালন কৰি আহিছে। ই বৈদ্য পৰিয়ালৰ প্ৰজন্মৰ পাছত প্ৰজন্মৰ জৰিয়তে চিকিৎসা সম্পৰ্কীয় জ্ঞানকো সমৃদ্ধ কৰিছে। প্ৰমাণিত আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰাৰ ইয়াৰ পৰম্পৰা অবিৰতভাৱে বিকাশ হৈ আহিছে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আয়ুৰ্বেদৰ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ইয়াৰ প্ৰামাণিক পুথি-পাঁজি কেতিয়াও সংস্কৃততে সীমাবদ্ধ হৈ থকা নাই। কেৰলমত মালয়ালম আৰু মণিপ্ৰবলম ভাষাতো বহুতো মৌলিক কাম আৰু ভাষ্য প্ৰস্তুত কৰা হৈছে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰতিখন আয়ুৰ্বেদিক মহাবিদ্যালয়ে প্ৰমাণিত আৰু ফলপ্ৰসূ আয়ুৰ্বেদৰ জৰিয়তে জনসাধাৰণৰ প্ৰতি সেৱা কৰা উচিত। ই বিষয়ভিত্তিক আয়ুৰ্বেদিক শিক্ষাও প্ৰদান কৰিব লাগিব। এনে মহাবিদ্যালয়সমূহে বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ স্বাস্থ্যজনিত প্ৰত্যাহ্বানসমূহৰ প্ৰতি কাৰ্যকৰীভাৱে সঁহাৰি জনোৱাৰ জ্ঞান থকা বিশেষজ্ঞ সৃষ্টি কৰিবলৈ সক্ষম হ’ব লাগিব। বৈদ্যৰত্নম আয়ুৰ্বেদ মহাবিদ্যালয়ৰ কাম-কাজে এই নীতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি চলে বুলি জানিব পাৰি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৈদ্যৰত্নম আয়ুৰ্বেদ মহাবিদ্যালয়ৰ দৰে আয়ুৰ্বেদিক প্ৰতিষ্ঠানসমূহে ২০৪৭ চনৰ ভিতৰত সুস্বাস্থ্যৱান আৰু বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে তেওঁলোকৰ অৱদান আগবঢ়াই আছে।
আয়ুৰ্বেদিক বৃত্তিৰ অনুশীলনসমূহক জনহিতকৰ কামৰ সৈতে একত্ৰিত কৰা কেৰলমৰ আয়ুৰ্বেদিক পৰম্পৰাৰ এটা বিশেষ বৈশিষ্ট্যৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আনন্দ প্ৰকাশ কৰে। তেওঁ শিক্ষাৰ্থীসকলক তেওঁলোকৰ জীৱনৰ বৃত্তিগত পৰ্যায়ত প্ৰৱেশ কৰাৰ সময়ত পৰম্পৰাগত জ্ঞান-আধাৰিত উদ্যমিতা আৰু সেৱা কেনেদৰে সুবিধাবঞ্চিত লোকসকলৰ বাবে আগবঢ়াব পাৰি, সেয়া প্ৰদৰ্শন কৰা উচিত বুলি পৰামৰ্শ আগবঢ়ায়।
ৰাষ্ট্ৰপতিৰ ভাষণ চাবলৈ অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক
****
NKRM/SS/PRK/HS