পোষ্ট কৰা হৈছে:
24 NOV 2026 5:12PM by PIB Guwahati
কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বি. এল. বাৰ্মাৰ সৈতে কাইলৈ ৰাষ্ট্ৰীয় ৰাজধানীস্থিত ডঃ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত (DAIC) সমাৱেশ (SAMAVESH-Single Access Mechanism for All Verticals of Empowerment & Social Harmony) আৰু নতুন ই-অনুদান পৰ্টেলৰ শুভাৰম্ভ কৰিব।
মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনস্থ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ (DoSJE) ডিজিটেল শাসন বাতাবৰণক শক্তিশালী কৰাৰ দিশত এই শুভাৰম্ভণি এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
তেওঁ কয় যে উভয় প্লেটফৰ্মকে সুগমতা বৃদ্ধি, সেৱা প্ৰদান কাৰ্য্যক সৰল কৰি তোলা, প্ৰতিষ্ঠানিক দক্ষতাৰ অগ্ৰগতি সাধন আৰু বিভাগৰ আঁচনি তথা কাৰ্য্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত অধিক স্বচ্ছতা আৰু জবাবদিহিতাক প্ৰসাৰিত কৰাৰ বাবে ডিজাইন কৰা হৈছে।
সমাৱেশঃ আঁচনি আৰু সেৱা সমূহৰ এক ঐক্যবদ্ধ ডিজিটেল গেটৱে’
সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে বিকশিত কৰা সমাৱেশে বিভাগটোৰ আঁচনি, সেৱা আৰু সাংগঠনিক পৰ্টেলসমূহক একক সংহত মঞ্চত একত্ৰিত কৰি এক ঐক্যবদ্ধ ডিজিটেল গেটৱে’ হিচাপে কাম কৰিব। ইয়াৰ লক্ষ্য হৈছে নাগৰিক, হিতাধিকাৰী আৰু আন-আন অংশীদাৰসকলক একক ডিজিটেল আন্তঃপৃষ্ঠৰ জৰিয়তে তথ্য আৰু সেৱাসমূহৰ সুবিধাজনক, নিৰৱচ্ছিন্ন আৰু ব্যৱহাৰকাৰী-অনুকূল প্ৰৱেশ প্ৰদান কৰা।

সমাৱেশে বিভাগৰ ২০-ৰো অধিক পৰ্টেলক একত্ৰিত কৰিছে। ইয়াত ভিন্ন আঁচনি আৰু কাৰ্য্যসূচীৰ বাবে এণ্ড-টু-এণ্ড ডিজিটেল ৱৰ্কফ্ল’ প্ৰদান কৰা ৯ টা পৰ্টেলো আছে। একাধিক ডিজিটেল প্লেটফৰ্মক একত্ৰিত কৰি এই পদক্ষেপে নেভিগেচন সৰলীকৰণ, প্ৰৱেশৰ বাধা হ্ৰাস আৰু কল্যাণমূলক সেৱাৰ অধিক ফলপ্ৰসূ প্ৰদানৰ সুবিধা প্ৰশস্ত কৰিব বিচাৰিছে।
ইয়াৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত হৈছে এটা সাধাৰণ লগইন সুবিধা। যিয়ে ব্যৱহাৰকাৰীসকলক এটা ঐক্যবদ্ধ প্ৰমাণীকৰণ ব্যৱস্থাৰ যোগেদিয়েই একাধিক সেৱাত প্ৰৱেশ কৰিবলৈ সক্ষম কৰি তোলে। এই প্লেটফৰ্মত ‘সামাজিক সহায়ক’ নামেৰে এটি এআই-চালিত চাটবতো থাকিব। ইয়াক ভাষিণীৰ সৈতে একত্ৰীকৰণৰ জৰিয়তে ২২-ৰো অধিক আঞ্চলিক ভাষাত তথ্য আৰু সহায় আগবঢ়াবলৈ ডিজাইন কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত চৰকাৰী সেৱাসমূহ অধিক অন্তৰ্ভুক্ত আৰু ভাষিক পটভূমিৰ নাগৰিকসকলৰ বাবে সুলভ হৈ উঠিব।
পৰ্টেলটোৱে ডিজিলকাৰ আৰু ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা প্ৰণালীৰ (PFMS) দৰে ৰাষ্ট্ৰীয় ডিজিটেল প্লেটফৰ্মৰ সৈতে একত্ৰীকৰণৰ জৰিয়তে সেৱাসমূহৰ নিৰৱচ্ছিন্ন প্ৰৱেশৰ অধিক সুবিধা প্ৰশস্ত কৰিব। এক একত্ৰিত হিতাধিকাৰী ডেচব’ৰ্ডে আঁচনি ৰূপায়ণ আৰু হিতাধিকাৰী সম্পৰ্কীয় তথ্যৰ অধিক নিৰীক্ষণ, অনুসৰণ আৰু তদাৰকী প্ৰশস্ত কৰিব।
কৃত্ৰিম বুদ্ধিমত্তা, বহুভাষিক সমৰ্থন আৰু আন্তঃকাৰ্য্যকৰী ডিজিটেল আন্তঃগাঁথনিৰ সংহতিৰ জৰিয়তে সমাৱেশে বিভাগটোৰ বাবে অধিক সুলভ, সঁহাৰিজনক আৰু নাগৰিক-কেন্দ্ৰিক ডিজিটেল আন্তঃপৃষ্ঠ প্ৰশস্ত কৰিব খুজিছে।
নতুন ই-অনুদান পৰ্টেলঃ অনুদান-সাহায্য ব্যৱস্থাপনাক সৰলীকৰণ
নতুন ই-অনুদান পৰ্টেলে বিভাগটোৰ চাৰি গুৰুত্বপূৰ্ণ আঁচনি— নেচনেল একচন প্লেন ফৰ ড্ৰাগ ডিমাণ্ড ৰিডাকচন (NAPDDR), স্মাইল (SMILE), অটল ব্যয় অভ্যুদয় যোজনা (AVYAY) আৰু শ্ৰেষ্ঠাৰ (SHRESHTA) অধীনস্থ অনুদান-সাহায্য প্ৰক্ৰিয়াসমূহক এক ঐক্যবদ্ধ ডিজিটেল প্লেটফৰ্মত একত্ৰিত কৰিব।
বিভাগৰ আঁচনি সমূহৰ অধীনত সাহায্য লাভ কৰা বেচৰকাৰী সংস্থা (NGO), স্বেচ্ছাসেৱী সংস্থা আৰু আন-আন প্ৰতিষ্ঠানসমূহৰ বাবে ইজ অৱ ডুয়িং বিজনেছৰ প্ৰচাৰৰ লক্ষ্যৰে এই নৱীকৃত পৰ্টেলটো বিকশিত কৰা হৈছে। ই আবেদন পদ্ধতি সৰল কৰিব, নথি-পত্ৰৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিব আৰু স্বয়ংক্ৰিয় নথি-পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া প্ৰৱৰ্তন কৰিব। ইয়াৰ ফলশ্ৰুতিত পদ্ধতিগত জটিলতা হ্ৰাস পাব আৰু অনুদান-সাহায্য প্ৰস্তাৱৰ অধিক কাৰ্য্যক্ষম প্ৰক্ৰিয়াকৰণৰ সুবিধা প্ৰশস্ত হ'ব।
এই প্লেটফৰ্মে ভিডিঅ’-ভিত্তিক পৰিদৰ্শন আৰু জিঅ’-টেগ কৰা প্ৰমাণকে প্ৰমুখ্য কৰি প্ৰযুক্তি-চালিত ই-পৰিদৰ্শন সুবিধাৰ জৰিয়তেও নিৰীক্ষণ আৰু জবাবদিহিতাক গভীৰ কৰিব। এই বৈশিষ্ট্যসমূহে ভিন্ন আঁচনিৰ অধীনত সমৰ্থিত প্ৰতিষ্ঠান আৰু প্ৰকল্পসমূহৰ উন্নত তদাৰকীৰ সুবিধা প্ৰশস্ত কৰিব।
পিএফএমএছ-ৰ সৈতে একত্ৰীকৰণে পুঁজিৰ বিতৰণ আৰু পেমেন্টৰ এণ্ড-টু-এণ্ড অনুসৰণ কৰিবলৈ সক্ষম কৰিব, পুঁজিৰ ব্যৱহাৰত অধিক স্বচ্ছতা নিশ্চিত কৰিব আৰু বিত্তীয় জবাবদিহিতা গভীৰ কৰিব। ঐক্যবদ্ধ ডিজিটেল কাঠামোয়ে অনুদান ব্যৱস্থাপনাৰ দক্ষতা বৃদ্ধি কৰিব, সময়মতে প্ৰক্ৰিয়াকৰণৰ সুবিধা প্ৰদান কৰিব আৰু সমৰ্থিত প্ৰকল্প তথা কাৰ্য্যকলাপসমূহৰ ৰূপায়ণৰ নিৰীক্ষণ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
বুজাবুজিৰ চুক্তিৰ আদান-প্ৰদান
ইয়াৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰযুক্তিগত সহযোগিতা গভীৰ কৰা আৰু দক্ষতা বিকাশ তথা নিয়োগৰ সুযোগ সম্প্ৰসাৰণৰ লক্ষ্যৰে দুখনি গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি (MoU) আদান-প্ৰদানো কৰা হ’ব।
ইয়াত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ তথা ভাষিণীৰ মাজত প্ৰথম বুজাবুজিৰ চুক্তি আদান-প্ৰদান কৰা হ’ব। ইয়াৰ ফলশ্ৰুতিত সমাৱেশৰ সৈতে বহুভাষিক সুগমতা আৰু ভাষা প্ৰযুক্তি সেৱাৰ একত্ৰীকৰণৰ সুবিধা প্ৰশস্ত হ’ব। এই সহযোগিতাই ২২-ৰো অধিক আঞ্চলিক ভাষাত তথ্য আৰু সেৱাসমূহৰ প্ৰৱেশত সহায় কৰিব তথা নথি-পত্ৰৰ সাৰাংশকে প্ৰমুখ্য কৰি প্ৰযুক্তি-সক্ষম সেৱা প্ৰদান কৰিব। ইয়াৰ ফলশ্ৰুতিত প্লেটফৰ্মৰ অন্তৰ্ভুক্ত আৰু নাগৰিক-কেন্দ্ৰিক পদ্ধতি অধিক ব্যাপক হৈ উঠিব।
প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ (PM-AJAY) অনুদান-সাহায্য উপাংশৰ অধীনত দক্ষতা আৰু নিয়োগৰ বাবে সহায় আৰু সেৱা প্ৰদানৰ অৰ্থে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ তথা ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমৰ (NSDC) মাজত দ্বিতীয়খন বুজাবুজিৰ চুক্তিৰ আদান-প্ৰদান হ’ব। এই অংশীদাৰিত্বৰ উদ্দেশ্য হৈছে হিতাধিকাৰীসকলৰ বাবে দক্ষতা বিকাশ আৰু নিয়োগ সম্পৰ্কীয় মধ্যৱৰ্তিতা গভীৰ কৰা, জীৱিকাৰ সুযোগৰ উন্নত প্ৰৱেশৰ সুবিধা প্ৰশস্ত কৰা আৰু আৰ্থ-সামাজিক সবলীকৰণত সহায় কৰা।
সমাৱেশ আৰু নতুন ই-অনুদান পৰ্টেলৰ শুভাৰম্ভণিয়ে কল্যাণমূলক কাৰ্য্যসূচী সমূহৰ অধিক ফলপ্ৰসূ ৰূপায়ণৰ বাবে ডিজিটেল প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰতিষ্ঠানিক অংশীদাৰিত্বৰ উপযোগিতা গ্ৰহণ কৰিবলৈ বিভাগটোৰ অবিৰত দায়বদ্ধতাৰ মনোভাৱকে প্ৰতিফলিত কৰিছে। এই পদক্ষেপসমূহে বিভাগটোৰ ডেলিভাৰী ব্যৱস্থাক শক্তিশালী কৰিব, নাগৰিক আৰু ৰূপায়ণকাৰী সংস্থাসমূহৰ বাবে সহজলভ্যতাৰ অগ্ৰগতি সাধন কৰিব তথা সৰ্বাংগীন, স্বচ্ছ আৰু প্ৰযুক্তি-চালিত শাসন ব্যৱস্থাৰ বিস্তৃত লক্ষ্যক আগুৱাই নিব বুলি আশা কৰা হৈছে।
****
PR-244-TAR/KV/GA/RK/SB