পোষ্ট কৰা হৈছে:
26 NOV 2026 8:00PM by PIB Guwahati
২০২৬ চনৰ ২৬ নৱেম্বৰত আবু ধাবিত ভাৰত-ইউএই যুটীয়া প্ৰতিৰক্ষা সহযোগিতা সমিতিৰ (জেডিচিচি) চতুৰ্দশ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতৰ ফালৰ পৰা প্ৰতিৰক্ষা সচিব শ্ৰী ৰাজেশ কুমাৰ সিঙে আৰু ইউএইৰ ফালৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আণ্ডাৰ ছেক্ৰেটেৰী লেফটেনেণ্ট জেনেৰেল ইব্ৰাহিম নাছেৰ এম. আল আলাৱিয়ে যুটীয়াভাৱে সভাপতিত্ব কৰে।
২০২৬ চনৰ মে’ মাহত প্ৰধানমন্ত্ৰীৰ ইউএই ভ্ৰমণৰ সময়ত স্বাক্ষৰিত ‘ভাৰত-ইউএই কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্ব কাঠামো’ত অন্তৰ্ভুক্ত পদক্ষেপসমূহক এই বৈঠকে কৌশলগত দিশ নিৰ্দেশনা প্ৰদান কৰে। দুয়োপক্ষই বিশেষকৈ প্ৰতিৰক্ষা উদ্যোগ, প্ৰতিৰক্ষা উদ্ভাৱন আৰু উন্নত প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ, সামৰিক প্ৰশিক্ষণ আৰু সামুদ্ৰিক সুৰক্ষাৰ দৰে বিস্তৃত ক্ষেত্ৰসমূহত দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ সন্মত হয়। তেওঁলোকে পৰৱৰ্তী প্ৰজন্মৰ প্ৰতিৰক্ষা সঁজুলিৰ যৌথ বিকাশ আৰু যৌথ উৎপাদনৰ অংশীদাৰিত্ব ত্বৰান্বিত কৰিবলৈও সহমত প্ৰকাশ কৰে।
পৰৱৰ্তী জেডিচিচি বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে মধ্যৱৰ্তী সময়ছোৱাত নিয়মীয়া ব্যৱধানত প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা কৰিবলৈ দুয়োগৰাকী সহ-অধ্যক্ষই সিদ্ধান্ত লয়। ভাৰতীয় প্ৰতিনিধি দলটোত প্ৰতিৰক্ষা বিভাগ, ভাৰতীয় প্ৰতিৰক্ষা বাহিনী, ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ সচিবালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰতিনিধিসকল অন্তৰ্ভুক্ত আছিল।
ব্যৱসায়-পৰা-ব্যৱসায়লৈ (বি২বি) অংশীদাৰিত্বৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগৰ এটা প্ৰতিনিধি দলেও জেডিচিচি প্ৰতিনিধি দলটোৰ সৈতে অংশগ্ৰহণ কৰে। বৈঠকৰ সমান্তৰালভাৱে দুয়োখন দেশৰ প্ৰতিৰক্ষা উদ্যোগসমূহৰ মাজত এক বি২বি মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগৰ প্ৰতিনিধি দলটোৱে টাৱাজুন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক পৰিদৰ্শন কৰে আৰু ইউএইৰ সমকক্ষসকলৰ সৈতে পাৰস্পৰিক সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহ অন্বেষণ কৰিবলৈ ইউএইৰ টাৱাজুন ইক’নমিক কাউন্সিলৰ সৈতে এক বৈঠকত মিলিত হয়।
প্ৰতিৰক্ষা সচিবৰ নেতৃত্বত যোৱা ভাৰতীয় প্ৰতিনিধি দলটোৱে ইউএইৰ প্ৰতিৰক্ষা পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰী মহম্মদ বিন মুবাৰক ফাধেল আল মাজৰুইকো সাক্ষাৎ কৰে। দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ উদীয়মান ভূ-ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ দোহাৰে। প্ৰতিৰক্ষা সচিবগৰাকীয়ে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ শুভেচ্ছা বাৰ্তাও তেওঁক প্ৰদান কৰে।
ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা সচিবগৰাকীয়ে আবু ধাবিৰ ‘ৱাহাট আল কাৰামা’ত ইউএইৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰা সাহসী জোৱানসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ভাৰত আৰু ইউএইৰ মাজত বাণিজ্য আৰু সাংস্কৃতিক বিনিময়ৰ ওপৰত প্ৰতিষ্ঠিত শতিকা পুৰণি ঐতিহাসিক সম্পৰ্ক আছে, যাক জনসাধাৰণৰ মাজৰ সুদৃঢ় সম্পৰ্কই অধিক সমৃদ্ধ কৰিছে। এই দ্বিপাক্ষিক সম্পৰ্কক এক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হৈছে, য’ত এতিয়া কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্বও অন্তৰ্ভুক্ত হৈছে।
SR/Savvy/MM