57th International Film Festival of India 2026
20 – 28 Nov 2026

আপোনাৰ স্মাৰ্টফোনে আপোনাক নিয়ন্ত্ৰণ কৰিছেনে কি? আইএফএফআই ২০২৬-ত ডিজিটেল সতৰ্ক-বাৰ্তা প্ৰদান কৰিছে তামিল থ্ৰিলাৰ স্ক্ৰল-য়ে

আইচিএফটি-ইউনেস্কোৰ প্ৰতিষ্ঠিত গান্ধী পদকৰ বাবে মনোনীত এই অগতানুগতিক ছবিখন সম্পূৰ্ণৰূপে স্মাৰ্টফোনৰ পৰ্দাৰ জৰিয়তে উন্মোচিত হয়

“এনে এখন থ্ৰিলাৰ যিয়ে উপদেশ নিদিয়ে, বৰং ভাবিবলৈহে বাধ্য কৰে”: স্ক্ৰল আৰু ডিজিটেল আসক্তিৰ বিপদসমূহৰ সন্দৰ্ভত পৰিচালক কন্নন এছ

পোষ্ট কৰা হৈছে: 26 NOV 2026 7:32PMby PIB Guwahatiৰিলিজ আই ডি : 2342350Views: 3

আমি কিছুসময়ৰ বাবে স্ক্ৰল কৰোঁ, ঘণ্টাৰ পিছত ঘণ্টা ধৰি লাগি ধৰোঁ, পৰৱৰ্তী নটিফিকেশ্যনৰ পিছত দৌৰোঁ আৰু পৰৱৰ্তী ছোৱাইপ-ৰ ওচৰত আত্মসমৰ্পণ কৰোঁ। কিন্তু স্ক্ৰীনখনেই যদি আমাৰ জীৱনবোৰ স্ক্ৰল কৰিবলৈ আৰম্ভ কৰে, তেতিয়া কি হ'ব? এই উদ্বেগজনক সম্ভাৱনাটোক অন্বেষণ কৰি তামিল পূৰ্ণদৈৰ্ঘ্য ছবি স্ক্ৰল(Scrol)l-য়ে গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ত স্মাৰ্টফোনৰ আসক্তি, এলগৰিথমৰ কাৰচাজি আৰু ডিজিটেল দাসত্ব সম্পৰ্কীয় বিষয়সমূহৰ সম্পৰীক্ষা কৰিছে।

মহোৎসৱৰ সমান্তৰালভাৱে প্ৰেছ ইনফৰ্মেচন ব্যুৰ' (PIB)-য়ে অনুষ্ঠিত কৰা এক সংবাদমেলত পৰিচালক-প্ৰযোজক কন্নন এছ-ৰ সৈতে মুখ্য অভিনেতা-অভিনেত্ৰী অৰবিন্দ সুন্দৰ আৰু কাব্যা অনিলে ছবিখনৰ অপৰম্পৰাগত গল্পকথন, চলচ্চিত্ৰ নিৰ্মাণৰ পৰীক্ষামূলক কৌশল আৰু সমসাময়িক বিষয়বস্তু সন্দৰ্ভত আলোচনা কৰে

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/1.JPG(1)_20261126193521_0b7312.jpeg

ইণ্ডিয়ান পেনোৰামা শাখাৰ বাবে নিৰ্বাচিত স্ক্ৰল  হৈছে আইএফএফআই ২০২৬-ত আইচিএফটি-ইউনেস্কোৰ (ICFT-UNESCO) গান্ধী পদকৰ বাবে মনোনীত একমাত্ৰ তামিল ছবি। ১২৮ মিনিট দৈৰ্ঘ্যৰ এই মনঃস্তাত্বিক থ্ৰিলাৰ ছবিখনে এক অভিনৱ স্ক্ৰীন-লাইফ (screen-life) ফৰ্মেট ব্যৱহাৰ কৰিছে, য'ত কাহিনীভাগ সম্পূৰ্ণৰূপে এটা মোবাইল ফোনৰ ইণ্টাৰফেচৰ জৰিয়তে আগবাঢ়ে। 

ছবিখনত স্মাৰ্টফোনৰ আসক্তিৰ বিৰুদ্ধে যুঁজি থকা এজন যুৱকৰ কাহিনী আগবঢ়োৱা হৈছে, যিয়ে নিজৰ জীৱনটো পুনৰ নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰয়াস কৰি এটা এপ্লিকেশ্যন ডাউনলোড কৰে। ‘গে’মিফাইড টাস্ক’ আৰু পুৰস্কাৰৰ জৰিয়তে ডিজিটেল মুক্তিৰ প্ৰতিশ্ৰুতিৰে যি আৰম্ভ হয়, সেয়া অতি সোনকালেই উদ্বেগজনক প্ৰত্যাহ্বান আৰু মানসিক হেঁচাৰ এক চক্ৰলৈ পৰিণত হয়।

 আইচিএফটি-ইউনেস্কো গান্ধী পদক-ৰ বাবে হোৱা ছবিখনৰ মনোনয়ন সন্দৰ্ভত ক'বলৈ গৈ পৰিচালক কন্নন এছে ক্ৰমবৰ্ধমান প্ৰযুক্তি-নিৰ্ভৰ বিশ্বত সত্য, অহিংসা আৰু আত্ম-সংযমৰ গান্ধীবাদী মূল্যবোধৰ প্ৰাসংগিকতাত আলোকপাত কৰে। ‘ব্লু হোৱেল চেলেঞ্জ’ (Blue Whale Challenge)-ৰ দৰে বাস্তৱ জগতৰ ডিজিটেল পৰিঘটনাৰ পৰা প্ৰেৰণা লৈ তেওঁ কয় যে ছবিখনে উপদেশমূলক নোহোৱাকৈ যুৱ-প্ৰজন্মৰ দৰ্শকসকলক অনিয়ন্ত্ৰিত ডিজিটেল নিৰ্ভৰশীলতাৰ বিষয়ে চিন্তা কৰিবলৈ উৎসাহিত কৰিব বিচাৰে। তেওঁ মন্তব্য কৰে, "আমি বক্তৃতাৰ পৰিৱৰ্তে এক আকৰ্ষণীয় থ্ৰিলাৰৰ জৰিয়তে এক শক্তিশালী সামাজিক বাৰ্তা দিব বিচাৰিছোঁ।"

 

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/3.JPG_20261126193819_aa89ea.jpeg

সম্পূৰ্ণৰূপে মোবাইল ফোনৰ ইণ্টাৰফেচৰ ভিতৰতে এখন ছবি নিৰ্মাণ কৰাৰ প্ৰত্যাহ্বানসমূহৰ বিষয়েও কন্ননে মন্তব্য প্ৰকাশ কৰে। অধিকাংশ অভিনেতাই বেলেগ বেলেগ স্থানৰ পৰা স্বতন্ত্ৰভাৱে নিজৰ অংশসমূহৰ শ্বুটিং কৰিছিল, আৰু বহু কলা-কুশলীয়ে মহোৎসৱতহে প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষভাৱে পৰস্পৰক লগ পাইছিল। তেওঁ ব্যাখ্যা কৰে, "কাহিনীভাগক ৰোমাঞ্চকৰ আৰু প্ৰভাৱশালী কৰি ৰখাৰ লগতে মোবাইল স্ক্ৰীনৰ সীমিত ফ্ৰেমৰ ভিতৰত চিনেমাৰ উত্তেজনা বৰ্তাই ৰখাই আছিল আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।" মূল চৰিত্ৰত অভিনয় কৰা মুখ্য অভিনেতা অৰবিন্দ সুন্দৰে আন এটা এপ্লিকেশ্যনৰ জৰিয়তে স্মাৰ্টফোনৰ আসক্তি দূৰ কৰিবলৈ চেষ্টা কৰাৰ বিড়ম্বনা সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে। তেওঁ কয় যে দৈনন্দিন জীৱনটোৱেই চৰিত্ৰটোৰ বাবে তেওঁৰ প্ৰস্তুতি হৈ পৰিছিল, "আমি প্ৰতিদিনেই এই বাস্তৱতাৰ নিৰন্তৰ অনুশীলন কৰি আছোঁ।" তেওঁ লগতে কয় যে ছবিখনৰ স্বকীয় ফৰ্মেটে দৰ্শকসকলক মূল চৰিত্ৰটোৰ উদ্বেগজনক ডিজিটেল জগতখনত ডুব যাবলৈ বাধ্য কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/2.JPG_20261126193906_8cb0cb.jpeg

কাব্যা অনিলে চিত্ৰনাট্যখনৰ অপৰম্পৰাগত আখ্যান আৰু সমসাময়িক প্ৰাসংগিকতাত আলোকপাত কৰে। তেওঁ কয় যে ছবিখনে ক্ষতিকাৰক ডিজিটেল প্ৰত্যাহ্বানসমূহক মহিমামণ্ডিতও নকৰে আৰু সেইবোৰৰ পৰিণামক চাঞ্চল্যকৰ ৰূপো নিদিয়ে, বৰঞ্চ সংযোগ স্থাপন আৰু নিয়ন্ত্ৰণ কৰা — দুয়োটা দিশতে প্ৰযুক্তিৰ সামৰ্থ্যৰ এক চিন্তা-উদ্দীপক পৰীক্ষণ দাঙি ধৰিছে। 

সংবাদমেলখন সঞ্চালনা কৰে শ্ৰী সুৰেশ কুমাৰ এম-য়ে।

 

Watch the full press conference here:

Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

* * *

PIB IFFI Team | Rabeehashmi/ Supriya/ Swadhin/ Darshana | IFFI 57 – 109/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2342350
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026