পোষ্ট কৰা হৈছে:
26 NOV 2026 4:28PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱে কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এনএইচএম) আৰু প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ (পিএমএবিএইচআইএম) ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিমুখীকৰণ কৰ্মশালাত ভাষণ প্ৰদান কৰে। ২০২৬ চনৰ ২৫ নৱেম্বৰত আৰম্ভ হোৱা এই দুদিনীয়া কৰ্মশালাখনে দুয়োটা ৰাষ্ট্ৰীয় অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিবলৈ, ৰূপায়ণৰ অগ্ৰাধিকাৰসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আৰু উন্নত ৰাজহুৱা স্বাস্থ্য ফলাফলৰ বাবে সমন্বয় শক্তিশালী কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ প্ৰতিনিধি আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক একত্ৰিত কৰে।
কৰ্মশালাৰ প্ৰথম দিনা ভাষণ দি শ্ৰীমতী শ্ৰীবাস্তৱে শক্তিশালী পৰিস্থিতিজনিত সজাগতা আৰু কাৰ্যকৰী আন্তঃবিভাগীয় সমন্বয়ৰ দ্বাৰা সমৰ্থিত বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহৰ (এছডিজি) দিশত অগ্ৰগতি ত্বৰান্বিত কৰিবলৈ মিছন-মোড দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সংহত, সমন্বিত আৰু দক্ষ স্বাস্থ্যসেৱা প্ৰদানৰ সুবিধাৰ বাবে বিশেষকৈ আয়ুষ্মান ভাৰত ডিজিটেল মিছন (এবিডিএম) আৰু আৰোগ্য সেতুৰ সৈতে সংযোগ শক্তিশালী কৰি ডিজিটেল স্বাস্থ্য পদক্ষেপসমূহৰ সদ্ব্যৱহাৰ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
দ্বিতীয় দিনা অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি শ্ৰীমতী শ্ৰীবাস্তৱে ক’ভিড-১৯ মহামাৰীৰ অভিজ্ঞতা আৰু শিক্ষাৰ আধাৰত দেশৰ ৰাজহুৱা স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। মহামাৰীৰ সময়ত স্বাস্থ্যসেৱাৰ সুবিধা, গৱেষণাৰ সামৰ্থ্য, জিন’মিক ছিকুৱেন্সিং আৰু ভেকচিন বিকাশৰ দ্ৰুত সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তাৰ কথা স্মৰণ কৰি তেওঁ উল্লেখ কৰে যে ভৱিষ্যতৰ মহামাৰী আৰু ৰোগৰ প্ৰাদুৰ্ভাৱৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে সঁহাৰি জনাবলৈ দেশৰ প্ৰস্তুতি বৃদ্ধি কৰাৰ উদ্দেশ্যে পিএমএবিএইচআইএমৰ পৰিকল্পনা কৰা হৈছিল।
তেওঁ কয় যে এনএইচএমে উন্নত স্বাস্থ্যসেৱা প্ৰদানৰ জৰিয়তে স্বাস্থ্য সম্পৰ্কীয় মূল বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহ পূৰণ কৰাত অৰিহণা যোগোৱাৰ বিপৰীতে পিএমএবিএইচআইএমে ৰাজহুৱা স্বাস্থ্যৰ স্থিতিস্থাপকতা, জৰুৰীকালীন প্ৰস্তুতি আৰু মহামাৰী সঁহাৰিৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি, প্ৰতিষ্ঠানিক সামৰ্থ্য আৰু ব্যৱস্থাসমূহ শক্তিশালী কৰি এই প্ৰচেষ্টাসমূহৰ পৰিপূৰক হিচাপে কাম কৰে।
শ্ৰীমতী শ্ৰীবাস্তৱে কয় যে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি আৰু সেৱা প্ৰদান শক্তিশালী কৰিবলৈ স্বাস্থ্য খণ্ডত অধিক মূলধনী বিনিয়োগ আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰিছে।
২০২১ চনৰ ২৫ অক্টোবৰত ₹৬৪,১৮০ কোটি ব্যয়সাপেক্ষে আৰম্ভ কৰা পিএমএবিএইচআইএমৰ লক্ষ্য হৈছে ৰাজহুৱা স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰা, ৰোগ নিৰীক্ষণ আৰু প্ৰাদুৰ্ভাৱ সঁহাৰিৰ সামৰ্থ্য বৃদ্ধি কৰা, মহামাৰী সম্পৰ্কীয় গৱেষণাৰ প্ৰসাৰ ঘটোৱা আৰু জৰুৰীকালীন প্ৰস্তুতি তথা জৈৱ সুৰক্ষা উন্নত কৰা। এই অভিযানে দেশজুৰি ১৯,৯৮৩টা আন্তঃগাঁথনি গোটত অনুমোদন জনাইছে, যিয়ে স্বাস্থ্যসেৱাৰ সুবিধা, ৰোগ নিৰ্ণয়ৰ সামৰ্থ্য আৰু ক্ৰিটিকেল কেয়াৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি চিহ্নিত কৰিছে।
এই অভিযানৰ অধীনত পূৰ্বে ভৱনহীন স্থানত ১১,০০১টা আয়ুষ্মান আৰোগ্য মন্দিৰ–উপ-স্বাস্থ্য কেন্দ্ৰ আৰু ৫,৪৫৬টা নগৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপনৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনি শক্তিশালী কৰা হৈছে। বিনামূলীয়া ঔষধ আৰু ৰোগ নিৰ্ণয় পদক্ষেপটোৱে এই কেন্দ্ৰসমূহত অত্যাৱশ্যকীয় ঔষধ আৰু ৰোগ নিৰ্ণয় সেৱাৰ উপলব্ধতাক অধিক সমৰ্থন আগবঢ়াইছে, যাৰ ফলত প্ৰাথমিক স্বাস্থ্যসেৱাৰ সুবিধা উন্নত হৈছে।
২,১৫১টা খণ্ড ৰাজহুৱা স্বাস্থ্য গোট আৰু ৭৪৪টা জিলা পৰ্যায়ৰ সংহত ৰাজহুৱা স্বাস্থ্য পৰীক্ষাগাৰৰ জৰিয়তে ৰোগ নিৰ্ণয় আৰু ৰোগ নিৰীক্ষণ নেটৱৰ্কটোও শক্তিশালী কৰা হৈছে। ইয়াৰ উপৰি এই অভিযানৰ অধীনত ৬৩১টা ক্ৰিটিকেল কেয়াৰ ব্লক আৰু ৪৮টা ভাইৰাছ গৱেষণা আৰু ৰোগ নিৰ্ণয় পৰীক্ষাগাৰক সমৰ্থন জনোৱা হৈছে, যাৰ ফলত সময়মতে ৰোগ নিৰ্ণয়, ৰোগ ব্যৱস্থাপনা, জটিল ৰোগৰ চিকিৎসা আৰু গৱেষণাৰ সামৰ্থ্য বৃদ্ধি পাইছে।
পিএমএবিএইচআইএমৰ অধীনত কেন্দ্ৰীয় খণ্ডৰ পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰীমতী শ্ৰীবাস্তৱে ৰোগ নিৰীক্ষণ, প্ৰাদুৰ্ভাৱ অনুসন্ধান আৰু সঁহাৰি শক্তিশালী কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ (এনচিডিচি) শাখা স্থাপনৰ কথা উল্লেখ কৰে। অন্যান্য গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ ভিতৰত আছে প্ৰধান বিমানবন্দৰসমূহত কোৱাৰেণ্টাইন সুবিধাৰ বিকাশ, বিমানবন্দৰ আৰু বন্দৰসমূহত প্ৰৱেশদ্বাৰ শক্তিশালী কৰা আৰু ২০খন চহৰত মহানগৰ নিৰীক্ষণ গোট স্থাপন কৰা।
তেওঁ ভাৰত হেল্থ ইনিচিয়েটিভ ফৰ সহযোগ হিত এণ্ড মৈত্ৰী (ভিষ্ম) কিউবসমূহৰ কথাও উল্লেখ কৰে, যিয়ে জৰুৰীকালীন সময়ত মিনি-হস্পিতালৰ সুবিধা দ্ৰুতগতিত স্থাপন কৰাত সহায় কৰে আৰু প্ৰয়োজনীয় প্ৰতিষ্ঠানসমূহৰ বাবে এইচএলএলৰ জৰিয়তে উপলব্ধ। উদীয়মান ৰাজহুৱা স্বাস্থ্যজনিত ভাবুকিসমূহৰ অনুসন্ধান আৰু সঁহাৰি জনোৱাৰ বাবে দেশৰ সামৰ্থ্য শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ জিন’মিক ছিকুৱেন্সিং গৱেষণাৰ বাবে স্বাস্থ্য গৱেষণা বিভাগক প্ৰদান কৰা সমৰ্থনৰ কথাও তেওঁ উল্লেখ কৰে।
শক্তিশালী ৰোগ নিৰীক্ষণ ব্যৱস্থাৰ গুৰুত্বৰ ওপৰত জোৰ দি শ্ৰীমতী শ্ৰীবাস্তৱে ৰাজহুৱা স্বাস্থ্যজনিত পৰিঘটনাসমূহৰ সময়মতে চিনাক্তকৰণ আৰু সঁহাৰি জনোৱাৰ ক্ষেত্ৰত সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী (আইডিএছপি) আৰু সংহত স্বাস্থ্য তথ্য মঞ্চৰ (আইএইচআইপি) ভূমিকাৰ ওপৰত আলোকপাত কৰে। এই মঞ্চসমূহৰ জৰিয়তে লাভ কৰা তথ্যই ৰাষ্ট্ৰীয় যুটীয়া প্ৰাদুৰ্ভাৱ সঁহাৰি দলৰ জৰিয়তে মন্ত্ৰালয়ৰ সমন্বয় আৰু সহায় আগবঢ়োৱাত সুবিধা প্ৰদান কৰে।
আইএইচআইপি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কাৰ্যক্ষম হৈ আছে, যিয়ে ২.৫ লাখতকৈ অধিক চৰকাৰী আৰু ব্যক্তিগত স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে ৫০টা স্বাস্থ্যজনিত অৱস্থা আৰু ১২টা ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচীক সামৰি লৈছে।
শ্ৰীমতী শ্ৰীবাস্তৱে পিএমএবিএইচআইএমৰ লক্ষ্যসমূহ সময়মতে পূৰণ কৰাটো নিশ্চিত কৰিবলৈ অগ্ৰাধিকাৰ প্ৰদান, নিয়মীয়া নিৰীক্ষণ আৰু কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মাজত ঘনিষ্ঠ সমন্বয়ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক তেওঁলোকৰ আন্তঃগাঁথনি আৰু মূলধনী বিনিয়োগৰ প্ৰয়োজনীয়তাসমূহ চিনাক্ত কৰিবলৈ আৰু দেশজুৰি স্বাস্থ্যসেৱাৰ সুবিধাসমূহ অধিক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰিব পৰাকৈ প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ উৎসাহিত কৰে।
অভিযানটোৰ কাৰ্যকৰী ৰূপায়ণৰ দিশত সামূহিক প্ৰচেষ্টাৰ আহ্বান জনাই তেওঁ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক মন্ত্ৰালয়ৰ সৈতে ঘনিষ্ঠ সমন্বয়েৰে কাম কৰিবলৈ অনুৰোধ জনায় যাতে অনুমোদিত আন্তঃগাঁথনিসমূহ প্ৰয়োজনীয় সঁজুলি, মানৱ সম্পদ আৰু পৰিচালনাগত ব্যৱস্থাৰে কাৰ্যক্ষম সুবিধালৈ ৰূপান্তৰিত হয়। তেওঁ জোৰ দি কয় যে উদীয়মান ৰাজহুৱা স্বাস্থ্য প্ৰত্যাহ্বান আৰু ভৱিষ্যতৰ স্বাস্থ্যজনিত জৰুৰীকালীন পৰিস্থিতিৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে সঁহাৰি জনোৱাৰ বাবে দেশৰ সামৰ্থ্য শক্তিশালী কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যৰ নিৰন্তৰ সহযোগিতা অপৰিহাৰ্য হ’ব।
কৰ্মশালাখনত পিএমএবিএইচআইএমৰ ভৌতিক আৰু বিত্তীয় অগ্ৰগতি সম্পৰ্কীয় কাৰিকৰী অধিৱেশনৰ লগতে ৰূপায়ণৰ স্থিতি, সাফল্য আৰু অগ্ৰাধিকাৰসমূহৰ ওপৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা উপস্থাপন কৰা হয়। আলোচনাসমূহত আন্তঃগাঁথনিসমূহ সময়মতে কাৰ্যক্ষম কৰি তোলা, স্বাস্থ্যসেৱা প্ৰদান উন্নত কৰা আৰু এটা স্থিতিস্থাপক ৰাজহুৱা স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যৰ সমন্বিত প্ৰচেষ্টা, নিয়মীয়া নিৰীক্ষণ আৰু বিনিয়োগৰ একত্ৰীকৰণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়।
কৰ্মশালাখনত কৰ্ণাটক চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব শ্ৰী ঋত্বিক ৰঞ্জনম পাণ্ডে; কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক শ্ৰীমতী আৰাধনা পাটনায়ক; কৰ্ণাটকৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক শ্ৰী এছ আশ্ৰম পাশা; মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া-কৰ্মচাৰী আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
SR/MM
HFW/ Union Health Secretary addresses PM ABHIM national workshop/26 November 2026/2