বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

দূৰদৰ্শী বেংকিং পদ্ধতি আৰু শক্তিশালী ঋণ মূল্যায়ন সামৰ্থ্যৰ জৰিয়তে ৰাজহুৱা খণ্ডৰ বেংকসমূহ (পিএছবি) অধিক শক্তিশালী হৈ উঠিছে

ঐতিহাসিকভাৱে নিম্ন স্তৰৰ অনাদায়ী সম্পত্তিৰ সৈতে পিএছবিসমূহৰ সম্পত্তিৰ গুণগত মান সৰ্বকালৰ সৰ্বোচ্চ পৰ্যায়ত উপনীত হৈছে

পিএছবিসমূহৰ মুঠ অগ্ৰিম ঋণ বছৰেকীয়া ১৮.৮% বৃদ্ধিৰে ১২৭ লাখ কোটি টকাত উপনীত হৈছে

খুচুৰা, কৃষি আৰু এমএছএমই খণ্ডৰ অগ্ৰিম ঋণ ক্ৰমান্বয়ে ১৭.০%, ১৯.৫% আৰু ২০.৪% হাৰত বৃদ্ধি পাইছে

মুঠ জমা ধন বছৰেকীয়া ১২.৯% হাৰত বৃদ্ধি পাই ১৬৫.২ লাখ কোটি টকা হৈছে

শুদ্ধ এনপিএৰ অনুপাত ০.৩৩% লৈ অৱনমিত হোৱাৰ লগতে মুঠ এনপিএ ৪৪,১০০ কোটি টকালৈ হ্ৰাস পাইছে

পোষ্ট কৰা হৈছে: 26 NOV 2026 6:47PM by PIB Guwahati

দূৰদৰ্শী ঋণ মূল্যায়ন আৰু কাৰ্যকৰী বিপদাশংকা ব্যৱস্থাপনা নীতিৰ সমৰ্থনত ৰাজহুৱা খণ্ডৰ বেংকসমূহে (পিএছবি) উচ্চ সম্পত্তিৰ গুণগত মান বজাই ৰাখি দ্ৰুতগতিত আগবাঢ়ি গৈছে। পিএছবিসমূহত প্ৰৱৰ্তন কৰা পদ্ধতিগত সংস্কাৰসমূহে বিভিন্ন খণ্ডত— বিশেষকৈ উৎপাদনশীল খণ্ডত উচ্চ মানৰ আৰু দ্ৰুতগতিত ঋণ বৃদ্ধিৰ ৰূপত সুফল দেখুৱাবলৈ সক্ষম হৈছে। পিএছবিসমূহৰ দ্বাৰা এমএছএমই আৰু কৰ্পৰেট খণ্ডলৈ ঋণ প্ৰদানৰ ক্ষেত্ৰতো উল্লেখযোগ্য উন্নতি পৰিলক্ষিত হৈছে, য’ত কৃষি আৰু খুচুৰা খণ্ডৰ সমান্তৰালভাৱে এই দুয়োটা খণ্ডতে দ্ৰুত হাৰত ঋণ বৃদ্ধি পাইছে। একে সময়তে, অনাদায়ী ঋণৰ হাৰ হ্ৰাস আৰু বেয়া ঋণৰ শক্তিশালী আদায়ৰ জৰিয়তে সম্পত্তিৰ গুণগত মান সৰ্বকালৰ সৰ্বোচ্চ পৰ্যায়লৈ উন্নীত হৈছে। এই সংস্কাৰসমূহৰ প্ৰাতিষ্ঠানিককৰণে পিএছবিসমূহত সু-প্ৰশাসনভিত্তিক বেংকিং ব্যৱস্থাৰ  শক্তিশালী ভেটি গঢ়ি তুলিছে, যিয়ে অৰ্থনৈতিক উত্থানত অৰিহণা যোগাইছে।

যোৱা ৫ বছৰত পিএছবিসমূহৰ অগ্ৰিম ঋণ ১৫.১% হাৰত দ্ৰুতগতিত বৃদ্ধি পাই ৩০.০৯.২০২৬ তাৰিখলৈ ১২৭ লাখ কোটি টকাত উপনীত হৈছে। ইয়াৰ সমান্তৰালভাৱে, অনাদায়ী ঋণৰ হাৰ দ্ৰুতগতিত হ্ৰাস কৰি পিএছবিসমূহে ঋণ মূল্যায়নৰ ক্ষেত্ৰত থকা দৃঢ় দূৰদৰ্শিতাৰো পৰিচয় দিছে। ৩১.০৩.২০২১ তাৰিখলৈ থকা ৬৭.৭ লাখ কোটি টকা অগ্ৰিম ঋণৰ বিপৰীতে ২০২১-২২ বিত্তীয় বৰ্ষত ২.৩৫% হাৰত অনাদায়ী হোৱা ঋণৰ পৰিমাণ আছিল ১.৪৪ লাখ কোটি টকা। এতিয়া ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত ১২৭ লাখ কোটি টকা অগ্ৰিম ঋণৰ বিপৰীতে এই পৰিমাণ মাত্ৰ ৩৮,৭৮০ কোটি টকালৈ নামি আহিছে, যাৰ ফলত অনাদায়ী হোৱা ঋণৰ অনুপাত মাত্ৰ ০.৬২% হৈছে— এয়া বিচক্ষণতাৰ সৈতে হোৱা বিকাশৰ  উল্লেখযোগ্য নিদৰ্শন।

এই ঋণ বৃদ্ধি কেৱল সম্পত্তিৰ গুণগত মানৰ দিশৰ পৰাই বিচক্ষণ নহয়, বৰঞ্চ ই বিভিন্ন খণ্ডত সুষমভাৱে বিস্তৃত হৈ আছে। পিএছবিসমূহে খুচুৰা, কৃষি, এমএছএমই আৰু কৰ্পৰেট খণ্ডত সমান ভাৰসাম্য বজাই ৰাখি উৎপাদনশীল আৰু উপভোগ্য উভয় খণ্ডলৈকে একেলগে ঋণ আগবঢ়াইছে। যোৱা ৫ বছৰৰো অধিক কাল ধৰি খুচুৰা আৰু কৃষি খণ্ডলৈ শক্তিশালী হাৰত ঋণ প্ৰবাহ অব্যাহত থকাৰ বিপৰীতে এমএছএমই আৰু কৰ্পৰেট খণ্ডলৈ আগবঢ়োৱা ঋণৰ পৰিমাণেও গতি লাভ কৰি আন খণ্ডসমূহক সামান্যভাৱে অতিক্ৰম কৰিছে।

বেংক অনুসৰি ঋণ বৃদ্ধিৰ প্ৰদৰ্শনলৈ চালে দেখা যায় যে প্ৰায় সকলো বেংকেই সমানভাৱে ঋণ আগবঢ়াইছে, য’ত বেংক অৱ মহাৰাষ্ট্ৰই আন বেংকসমূহক অতিক্ৰম কৰি শীৰ্ষত আছে; আনহাতে ভাৰতীয় ষ্টেট বেংক, কানাড়া বেংক, বেংক অব্ বৰোদা আৰু পঞ্জাব নেচনেল বেংকৰ দৰে বৃহৎ বেংকসমূহেও দ্ৰুতগতিত অগ্ৰগতি লাভ কৰিছে।

উচ্চ ঋণ বৃদ্ধিৰ পাছতো বেংকসমূহৰ অনাদায়ী ঋণৰ অনুপাতত নিৰন্তৰ উন্নতি পৰিলক্ষিত হৈছে— কেৱল পঞ্জাব এণ্ড সিন্দ বেংকে এই অনুপাতত সামান্য হ্ৰাস নথিভুক্ত কৰিছে, যদিও বেংকটোৰ অনাদায়ী ঋণৰ অনুপাত পূৰ্বৰে পৰা ০.৫৭% ৰ দৰে নিম্ন স্তৰতেই আছে। বৃহৎ বেংকসমূহৰ ভিতৰত ভাৰতীয় ষ্টেট বেংক, পঞ্জাব নেচনেল বেংক আৰু কানাড়া বেংকৰ অনাদায়ী ঋণৰ হাৰ এতিয়াও নিম্ন পৰ্যায়ত আছে। বৰ্তমান সকলো পিএছবিৰে অনাদায়ী ঋণৰ অনুপাত ১% তকৈ কম হৈছে।

অনাদায়ী ঋণৰ হাৰ হ্ৰাস পোৱাৰ লগতে পৰ্যাপ্ত পুঁজি সংৰক্ষণ আৰু শক্তিশালী ঋণ আদায়ৰ ব্যৱস্থাই বেংকসমূহক এনপিএ নিম্ন স্তৰত ৰখাত সহায় কৰিছে। দূৰদৰ্শী ঋণ মূল্যায়ন আৰু দক্ষ ঋণ সংগ্ৰহৰ সামূহিক প্ৰচেষ্টাৰ ফলস্বৰূপে পিএছবিসমূহে ₹১২৭ লাখ কোটিতকৈও অধিক অগ্ৰিম ঋণৰ বিপৰীতে শুদ্ধ এনপিএ ০.৩৩% ৰ দৰে অতি নিম্ন স্তৰত ৰাখিবলৈ সক্ষম হৈছে, যাৰ পৰিমাণ মাত্ৰ ৪৪,১০০ কোটি টকা। বিশেষ নিৰীক্ষণ একাউণ্টৰ (এছএমএ) ক্ষেত্ৰতো পিএছবিসমূহৰ ওপৰত চাপ যথেষ্ট কম হৈ আছে, য’ত ৫ কোটি টকাৰ ওপৰৰ অগ্ৰিম ঋণৰ ভিতৰত এছএমএ-১ আৰু ২-ৰ অধীনত থকা মুঠ ঋণৰ পৰিমাণ মাত্ৰ ১৮,৮০০ কোটি টকা। এছএমএ স্তৰতো পিএছবিসমূহে নিৰন্তৰ উন্নতি সাধন কৰিছে— ৩০.০৯.২০২৫ তাৰিখলৈ মুঠ মানক অগ্ৰিম ঋণৰ বিপৰীতে ৫ কোটি টকাৰ ওপৰৰ এছএমএ-১ আৰু ২ ঋণৰ অনুপাত ০.২৪% থকাৰ বিপৰীতে ৩০.০৯.২০২৬ তাৰিখলৈ ই মাত্ৰ ০.১৪% লৈ হ্ৰাস পাইছে।

দূৰদৰ্শী ঋণ মূল্যায়ন আৰু কাৰ্যকৰী বিপদাশংকা ব্যৱস্থাপনা পদ্ধতিয়ে এটা অধিক শক্তিশালী আৰু সুদৃঢ় বেংকিং খণ্ড গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰিছে, যি দীৰ্ঘম্যাদীভাৱে অৰ্থনীতিৰ ঋণৰ চাহিদা পূৰণ কৰিবলৈ সম্পূৰ্ণ সক্ষম।

KT/KMN/SS/MM


(ৰিলিজ আই ডি : 2342335) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil