উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

সংবিধান দিৱসত ২২টা অনুসূচিত ভাষাত ভাৰতীয় সংবিধানৰ সংশোধিত সংস্কৰণ উন্মোচন উপ-ৰাষ্ট্ৰপতিৰ

সকলো অনুসূচিত ভাষাত সংবিধান উভৈনদী কৰোৱাটোৱে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ চেতনাক প্ৰতিফলিত কৰে: উপ-ৰাষ্ট্ৰপতি

ভাষিক বৈচিত্ৰ্যই ভাৰতৰ শক্তি; প্ৰতিটো ভাষাক সন্মান জনাওক আৰু প্ৰতিটো মাতৃভাষাক উদযাপন কৰক: উপ-ৰাষ্ট্ৰপতি

মাতৃভাষাত সংবিধান সুলভ হোৱাটোৱে নাগৰিকক সবল কৰাৰ লগতে গণতান্ত্ৰিক অংশগ্ৰহণ অধিক সুদৃঢ় কৰে: উপ-ৰাষ্ট্ৰপতি

পোষ্ট কৰা হৈছে: 26 NOV 2026 4:10PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণণে আজি সংবিধান দিৱস উপলক্ষে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ২২টা অনুসূচিত ভাষাৰ আটাইকেইটাতে ভাৰতীয় সংবিধানৰ সংশোধিত সংস্কৰণ উন্মোচন কৰে।

ভাৰতৰ গণতান্ত্ৰিক যাত্ৰাৰ এটা ঐতিহাসিক মাইলৰ খুঁটি হিচাপে এই উপলক্ষক অভিহিত কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, সকলো অনুসূচিত ভাষাতে সংবিধান সুলভ কৰোৱাটোৱে ভাৰতৰ ভাষিক বৈচিত্ৰ্য আৰু গণতান্ত্ৰিক অন্তৰ্ভুক্তিৰ চেতনাক উদযাপন কৰে। তেওঁ মন্তব্য কৰে যে, নিজৰ নিজৰ মাতৃভাষাত সংবিধান সুলভ হ’লে শাসন ব্যৱস্থা নাগৰিকসকলৰ অধিক কাষ চাপিব আৰু তেওঁলোকে নিজৰ সাংবিধানিক অধিকাৰ, কৰ্তব্য আৰু মূল্যবোধবিলাক অধিক ভালদৰে বুজি পোৱাত সহায়ক হ’ব।
 

সংবিধানৰ খচৰা প্ৰস্তুতকৰণ সমিতিৰ অধ্যক্ষ ড০ বি. আৰ. আম্বেদকাৰ আৰু সংবিধান সভাৰ আন সদস্যসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰী চি. পি. ৰাধাকৃষ্ণণে কয় যে, সংবিধান কেৱল এখন আইনী গাঁথনিয়েই নহয়, বৰঞ্চ ই ৰাষ্ট্ৰৰ জীৱন্ত আত্মা। সংবিধানক জনসাধাৰণৰ অধিক কাষ চপাই নিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু তেওঁৰ দলৰ প্ৰচেষ্টাৰ তেওঁ শলাগ লয়। তেওঁ কয় যে, এই প্ৰচেষ্টাই ভাৰতৰ ভাষিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ ভাষাবিলাক আৰু জ্ঞানৰ পৰম্পৰা সংৰক্ষণ তথা প্ৰসাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাবোৰতো তেওঁ আলোকপাত কৰে। তেওঁ কয় যে, ‘জ্ঞান ভাৰতম্’ আৰু ‘কাশী তামিল সংগমম’ৰ দৰে কাৰ্যসূচীবোৰে ভাৰতৰ সভ্যতাৰ ঐতিহ্য সংৰক্ষণ আৰু বিভিন্ন অঞ্চলৰ মাজত সাংস্কৃতিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰে।

শ্ৰী চি. পি. ৰাধাকৃষ্ণণে কয় যে, ভাৰতৰ শক্তি ইয়াৰ বৈচিত্ৰ্যৰ মাজতে নিহিত হৈ আছে আৰু ভাষাবিলাক কেৱল যোগাযোগৰ মাধ্যমেই নহয়, বৰঞ্চ ই সংস্কৃতি, পৰম্পৰা আৰু পৰিচয়ৰো বাহক। ভাৰতৰ সকলো ভাষাৰ প্ৰতি পাৰস্পৰিক সন্মানৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে, প্ৰতিগৰাকী ব্যক্তিৰে নিজৰ মাতৃভাষাৰ প্ৰতি বিশেষ আকৰ্ষণ থাকে যদিও আনৰ ভাষা আৰু মাতৃভাষাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। তেওঁ নাগৰিকসকলক নিজ নিজ মাতৃভাষাক উদযাপন কৰাৰ লগতে ভাৰতক এখন সম্প্ৰীতিপূৰ্ণ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা সমৃদ্ধ ভাষিক বৈচিত্ৰ্যক আঁকোৱালি ল’বলৈ আহ্বান জনায়।

মহাকবি সুব্ৰমণিয়া ভাৰতীৰ বাণী স্মৰণ কৰি তেওঁ কয় যে, ভাৰতত বহু ভাষা প্ৰচলিত যদিও ৰাষ্ট্ৰৰ সেৱাৰ ক্ষেত্ৰত দেশবাসীৰ চিন্তা-চেতনা, আকাংক্ষা আৰু কৰ্ম একতাৰ ডোলেৰে বান্ধ খাই আছে। তেওঁ লগতে কয় যে, ২২টা অনুসূচিত ভাষাৰ আটাইকেইটাতে সংবিধানৰ সংস্কৰণ উন্মোচনে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ চেতনাক মূৰ্ত ৰূপ প্ৰদান কৰিছে আৰু ই ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ গঢ়াৰ দিশত দেশৰ যাত্ৰাক অধিক শক্তিশালী কৰিব।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সকলোকে ‘নেচন ফাৰ্ষ্ট—ৰাষ্ট্ৰ প্ৰথম’ নীতিৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে, দেশৰ সকলো ভাষাৰ সংৰক্ষণ আৰু বিকাশৰ বাবে এখন শক্তিশালী আৰু ঐক্যবদ্ধ ৰাষ্ট্ৰ অপৰিহাৰ্য।

এই অনুষ্ঠানত আইন আৰু ন্যায় মন্ত্ৰালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল, বিধায়িনী বিভাগৰ সচিব ড০ ৰাজীৱ মণি আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

PR/ASM/VM/PK


(ৰিলিজ আই ডি : 2342102) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Gujarati , Telugu