প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীত ৬৬ সংখ্যক এনডিচি পাঠ্যক্ৰমৰ সমাৱৰ্তন আৰু সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান প্ৰতিৰক্ষা মন্ত্ৰীৰ

পৰিৱৰ্তিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজত তাৎক্ষণিক ভাবুকিৰ মোকাবিলা কৰাৰ লগতে ভৱিষ্যতৰ নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰাটো সময়ৰ আহ্বান: শ্ৰী ৰাজনাথ সিং।

পোষ্ট কৰা হৈছে: 26 NOV 2026 2:56PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে সম্ভাব্য নিৰাপত্তাজনিত বিপদৰ আগতীয়া অনুমান কৰা, বিকল্প পৰিস্থিতি পৰীক্ষা কৰা আৰু ভৱিষ্যতৰ নিৰাপত্তা পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰতিষ্ঠানবোৰক সাজু কৰি তোলাৰ আহ্বান জনাইছে। ইয়াৰ লগতে পৰিৱৰ্তিত ভূ-ৰাজনৈতিক পৰিস্থিতি আৰু যুদ্ধৰ পৰিৱৰ্তিত প্ৰকৃতিৰ ফলত উদ্ভৱ হোৱা তাৎক্ষণিক ভাবুকিসমূহৰ বিৰুদ্ধে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। ২০২৬ চনৰ ২৬ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত নেচনেল ডিফেন্স কলেজ (এনডিচি)ৰ ৬৬ সংখ্যক পাঠ্যক্ৰমৰ সমাৱৰ্তন আৰু সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয় যে বিশ্বৰ শক্তিৰ ভাৰসাম্যৰ পৰিৱৰ্তন, কৌশলগত প্ৰভাৱৰ নতুন কেন্দ্ৰসমূহৰ উত্থান আৰু পৰম্পৰাগত মিত্ৰতাসমূহৰ পুনৰ বিন্যাসৰ লগতে সংঘাতৰ পৰিৱৰ্তিত প্ৰকৃতিয়ে নিৰাপত্তা পৰিৱেশক ক্ৰমাৎ অধিক জটিল কৰি তুলিছে।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পৰম্পৰাগত সামৰিক ভাবুকিৰ সৈতে ক্ৰমাৎ চাইবাৰ আক্ৰমণ, অপতথ্যৰ প্ৰচাৰ, অৰ্থনৈতিক হেঁচা প্ৰয়োগ, যোগান শৃংখলৰ ব্যাঘাত আৰু হাইব্ৰিড যুদ্ধৰ অন্যান্য ৰূপবিলাকেও একেলগে দেখা দিছে। ইয়াৰ ফলত আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তাৰ লগতে শান্তি আৰু সংঘাতৰ মাজৰ পাৰ্থক্য ক্ৰমাৎ অস্পষ্ট হৈ পৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতৰ ভৌগোলিক অৱস্থান, বিস্তৃত স্থল সীমান্ত, সামুদ্ৰিক স্বাৰ্থ আৰু বৰ্ধিত আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতাই দেশখনক জটিল কৌশলগত পৰিৱেশৰ মাজত অৱস্থান কৰাইছে। সেয়েহে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত ভৱিষ্যৎমুখী দৃষ্টিভংগী গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

কৌশলগত শিক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা নীতি নিৰ্ধাৰণৰ মাজত সংযোগ স্থাপনৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰি শ্ৰী ৰাজনাথ সিঙে কয় যে এনডিচিয়ে প্ৰতিৰক্ষা বাহিনী, অসামৰিক সেৱা আৰু বন্ধু দেশবোৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সামূহিক পেছাদাৰী অভিজ্ঞতা আৰু বৌদ্ধিক সক্ষমতাক একত্ৰিত কৰাৰ বাবে এখন মূল্যৱান মঞ্চ প্ৰদান কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত প্ৰত্যক্ষভাৱে অৱদান আগবঢ়োৱাৰ উদ্দেশ্যে এই বৌদ্ধিক সম্পদৰ অধিক ব্যৱহাৰৰ বাবেও তেওঁ আহ্বান জনায়।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি প্ৰতিটো পাঠ্যক্ৰমৰ সময়ছোৱাত গভীৰভাৱে পৰ্যালোচনাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কেইটামান গুৰুত্বপূৰ্ণ সমসাময়িক প্ৰত্যাহ্বান চিনাক্ত কৰাৰ এটা প্ৰাতিষ্ঠানিক ব্যৱস্থা গঢ়ি তোলাৰ পৰামৰ্শ আগবঢ়ায় এনডিচিক। তেওঁ কয় যে এই প্ৰত্যাহ্বানবিলাকৰ ভিতৰত ভাৰতৰ কৌশলগত চুবুৰীয়া অঞ্চল, সীমান্ত ব্যৱস্থাপনা, সামুদ্ৰিক নিৰাপত্তা, গুৰুত্বপূৰ্ণ প্ৰযুক্তি, অৰ্থনৈতিক নিৰাপত্তা, গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ সুৰক্ষা তথা ক্ৰমবৰ্ধমান আভ্যন্তৰীণ আৰু বাহ্যিক ভাবুকি আদি বিষয় অন্তৰ্ভুক্ত হ'ব পাৰে।

শ্ৰী ৰাজনাথ সিঙে এনডিচিক এনে এক ব্যৱস্থা গঢ়ি তোলাৰ বাবেও আহ্বান জনায়, যাৰ জৰিয়তে কৰ্মৰত জ্যেষ্ঠ সামৰিক বিষয়া, অসামৰিক সেৱাৰ বিষয়া আৰু অন্যান্য সংশ্লিষ্ট কৰ্তৃপক্ষক দেশৰ সন্মুখত থকা নিৰ্দিষ্ট সমসাময়িক প্ৰত্যাহ্বানসমূহ শিক্ষানুষ্ঠানখনৰ পাঠ্যক্ৰমৰ অংশগ্ৰহণকাৰীসকলৰ পৰ্যালোচনাৰ বাবে আনুষ্ঠানিকভাৱে উত্থাপন কৰিবলৈ আমন্ত্ৰণ জনোৱা হ'ব পাৰে। তেওঁ কয়, “এই প্ৰত্যাহ্বানবিলাক বিভিন্ন মন্ত্ৰালয় আৰু সংস্থাই সন্মুখীন হোৱা প্ৰকৃত পৰিচালনাগত, কৌশলগত, প্ৰশাসনিক আৰু নীতি-সম্পৰ্কীয় বিষয়ৰ মাজৰ পৰা নিৰ্বাচন কৰিব পাৰি। ইয়াৰ ফলত এনডিচিৰ শৈক্ষিক পৰিকাঠামোৰ সৈতে বাস্তৱ জগতৰ বিষয়ৰ সংযোগ স্থাপন হ'ব আৰু সেইবোৰ বিভিন্ন দৃষ্টিকোণৰ পৰা পৰ্যালোচনা কৰাৰ সুযোগ লাভ কৰিব।”

শৈক্ষিক গৱেষণাক কাৰ্যকৰী নীতি-নিৰ্ধাৰণৰ পৰামৰ্শলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে এনডিচিৰ পাঠ্যক্ৰমৰ অংশগ্ৰহণকাৰীসকলে কৰা গৱেষণা কেৱল শৈক্ষিক গৱেষণা-পত্ৰ বা শ্ৰেণীকোঠাৰ আলোচনাৰ মাজতে সীমাবদ্ধ থাকিব নালাগে। তেওঁ গুৰুত্ব আৰোপ কৰে যে নিৰ্বাচিত গৱেষণাসমূহৰ পৰিসমাপ্তি নিৰ্দিষ্ট, ব্যৱহাৰিক আৰু কাৰ্যকৰী পৰামৰ্শসম্বলিত বিস্তৃত প্ৰতিবেদনৰ ৰূপত হ'ব লাগে।তেওঁ কয় যে এনে প্ৰতিবেদনবিলাক আনুষ্ঠানিকভাৱে প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু প্ৰাসংগিক ক্ষেত্ৰত অন্যান্য সংশ্লিষ্ট মন্ত্ৰালয়ৰ ওচৰত দাখিল কৰাৰ লগতে বিবেচনাৰ বাবে চৰকাৰৰ উপযুক্ত পৰ্যায়ত উপস্থাপন কৰা উচিত।

শ্ৰী ৰাজনাথ সিঙে কয়, “এনডিচিৰ প্ৰতিটো পাঠ্যক্ৰমৰ পৰিসমাপ্তি কেৱল প্ৰশিক্ষিত কৌশলগত নেতাৰ এটা নতুন গোটৰ সৃষ্টিৰ মাজতে সীমাবদ্ধ থাকিব নালাগে; বৰঞ্চ ইয়াৰ জৰিয়তে এনে এক গৱেষণা, বিশ্লেষণ আৰু নীতি-নিৰ্ধাৰণমূলক পৰামৰ্শৰ ভঁৰাল গঢ় লৈ উঠিব লাগে, যিয়ে ৰাষ্ট্ৰৰ প্ৰাতিষ্ঠানিক জ্ঞান আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰস্তুতিত অৱদান আগবঢ়ায়। এনডিচিত সৃষ্টি হোৱা বৌদ্ধিক সম্পদে আমাৰ কৌশলগত চিন্তা-চৰ্চা আৰু নীতি-নিৰ্ধাৰণ প্ৰক্ৰিয়াত অৰ্থপূৰ্ণ ৰূপত প্ৰতিফলিত হ'ব লাগে। ইয়াত গতিশীল সংযোগেই হৈছে মূল চাবিকাঠি।”

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে বাস্তৱ ক্ষেত্ৰত, বিশেষকৈ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়বোৰত, সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে নেতৃবৃন্দই সম্পূৰ্ণ তথ্য লাভ কৰাৰ বা প্ৰতিটো সম্ভাৱ্য বিকল্প পৰীক্ষা কৰাৰ সুযোগ খুব কমেইহে পায়। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে কৌশলগত নেতৃত্বৰ বাবে উপলব্ধ বিকল্পবিষয়ৰ মূল্যায়ন কৰি সেইবোৰৰ বহল পৰিচালনাগত, অৰ্থনৈতিক, কূটনৈতিক আৰু প্ৰাতিষ্ঠানিক প্ৰভাৱৰ বিষয়ে সচেতন হৈ সুচিন্তিত সিদ্ধান্ত গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়।

শ্ৰী ৰাজনাথ সিঙে উদীয়মান প্ৰযুক্তিৰ অন্তৰ্ভুক্তিৰ জৰিয়তে এনডিচিত অনুষ্ঠিত কৌশলগত অনুশীলন অধিক শক্তিশালী কৰি তোলাৰ আহ্বান জনায়। তেওঁ কয় যে এই অনুশীলনৰ জৰিয়তে অধিক গতিশীল আৰু বাস্তৱসন্মত পৰিস্থিতিৰ সৃষ্টি তথা বিভিন্ন বিকল্প কাৰ্যপন্থা পৰীক্ষা কৰাৰ সুবিধা প্ৰদান কৰিব লাগে আৰু কৌশলগত সিদ্ধান্তৰ সুদূৰপ্ৰসাৰী তথা বহুক্ষেত্ৰত অপ্ৰত্যাশিত পৰিণতি অনুধাৱন কৰিবলৈ অংশগ্ৰহণকাৰীসকলক সক্ষম কৰি তুলিব লাগে।

এনডিচিক কৌশলগত শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ এটা প্ৰধান প্ৰতিষ্ঠান হিচাপে অভিহিত কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে এই মহাবিদ্যালয়খনৰ সৰ্ববৃহৎ শক্তি হৈছে জ্যেষ্ঠ সামৰিক বিষয়া, অসামৰিক বিষয়া আৰু আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীসকলক এখন উমৈহতীয়া মঞ্চত একত্ৰিত কৰা আৰু তেওঁলোকক কেৱল বিভিন্ন খণ্ডৰ জটিলতাবোৰেই নহয়, আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগীবোৰো অন্বেষণ কৰাৰ অনন্য সুযোগ প্ৰদান কৰা।তেওঁ লগতে কয় যে এই প্ৰতিষ্ঠানখনে একত্ৰিত কৰা অভিজ্ঞতা আৰু দৃষ্টিভংগীৰ বৈচিত্ৰ্য বৰ্তমানৰ সময়ত বিশেষভাৱে মূল্যৱান, কিয়নো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰত্যাহ্বানবিলাক ক্ৰমাৎ প্ৰাতিষ্ঠানিক আৰু ভৌগোলিক সীমাৰ পৰিসৰ অতিক্ৰম কৰি গৈছে।

শ্ৰী ৰাজনাথ সিঙে এনডিচিত কৃত্ৰিম বুদ্ধিমত্তা (AI), মেচিন লাৰ্নিং, ৰবটিক্স, মানৱবিহীন স্বয়ংচালিত বাহন, মহাকাশ আৰু বিমান প্ৰযুক্তি, ছেমিকণ্ডাক্টৰ তথা অন্যান্য উদীয়মান প্ৰযুক্তিৰ বিষয়ে বিশেষ অধিৱেশন আৰম্ভ কৰাৰ পদক্ষেপক প্ৰশংসা কৰে। তেওঁ এক বিশেষ AI পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা আৰু কৌশলগত অনুশীলনবিলাকত ক্ল’জড-লুপ AI ধাৰণাৰ অন্তৰ্ভুক্তিকো আদৰণি জনায়।তেওঁ কয় যে এনে পদক্ষেপে পাঠ্যক্ৰমটোক সমসাময়িক প্ৰয়োজনৰ সৈতে অধিক প্ৰাসংগিক কৰি তুলিব আৰু ভৱিষ্যতৰ কৌশলগত নেতাসকলক উদীয়মান প্ৰযুক্তিগত বিকাশৰ সৈতে পৰিচিত হোৱাৰ সুযোগ প্ৰদান কৰিব।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এনডিচিয়ে গ্ৰহণ কৰা শৈক্ষিক ৰূপান্তৰৰ পদক্ষেপবিলাকৰো শলাগ লয়। তেওঁ কয় যে আইআইটি মাদ্ৰাজৰ তত্ত্বাৱধানত আৰম্ভ কৰা কৌশলগত নেতৃত্ব আৰু ৰাজহুৱা নীতি বিষয়ক এক্সিকিউটিভ এমবিএ পাঠ্যক্ৰমটো শৈক্ষিক গভীৰতা আৰু সমসাময়িক প্ৰাসংগিকতা বৃদ্ধিৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ।তেওঁ লগতে কয় যে আইআইটি মাদ্ৰাজৰ দৰে মৰ্যাদাসম্পন্ন প্ৰতিষ্ঠানৰ সৈতে এই সহযোগিতাই ৰাষ্ট্ৰীয় নিৰাপত্তা অধ্যয়নৰ ক্ষেত্ৰখনলৈ ব্যৱস্থাপনা, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত মূল্যৱান বিশেষজ্ঞতা কঢ়িয়াই আনিছে।

শ্ৰী ৰাজনাথ সিঙে বন্ধুদেশবোৰৰ বিষয়াসকলৰ অংশগ্ৰহণৰ জৰিয়তে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় কৌশলগত সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত এনডিচিৰ অৱদানৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ভাৰতীয় সমকক্ষ বিষয়াসকলৰ সৈতে একেলগে অধ্যয়ন কৰাৰ ফলত এই বিষয়াসকলে নিৰন্তৰ পেছাদাৰী মত-বিনিময়, বিভিন্ন কৌশলগত দৃষ্টিভংগীৰ বিষয়ে জ্ঞান আহৰণ আৰু দীৰ্ঘস্থায়ী বন্ধুত্ব তথা পাৰস্পৰিক বিশ্বাসৰ সম্পৰ্ক গঢ়ি তোলাৰ সুযোগ লাভ কৰে।তেওঁ লগতে কয় যে উমৈহতীয়া শিক্ষা আৰু অভিজ্ঞতাৰ জৰিয়তে গঢ় লৈ উঠা এনে সম্পৰ্কবিলাক অংশীদাৰ দেশবোৰৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত স্থায়ী সম্পদ হিচাপে পৰিগণিত হয়।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় কৌশলগত সম্পৰ্ক কাৰ্যসূচী (INSTEP)ৰ দৰে ব্যৱস্থা বোৰৰ জৰিয়তে বিস্তৃত আন্তঃৰাষ্ট্ৰীয় মত-বিনিময়ৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত এনডিচিৰ ভূমিকাকো স্বীকাৰ কৰে। তেওঁ শেহতীয়াকৈ সামৰণি পৰা দুসপ্তাহজোৰা এটা কাৰ্যসূচীৰ চতুৰ্থ সংস্কৰণৰ কথা উল্লেখ কৰে, য’ত গ্ল’বেল ছাউথৰ ২২খন দেশৰ ২৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ লগতে ভাৰতীয় প্ৰতিৰক্ষা বাহিনী আৰু অসামৰিক সেৱাৰ ১০ গৰাকী জ্যেষ্ঠ বিষয়া তথা প্ৰতিৰক্ষা কোম্পানীৰ ৩ গৰাকী বিষয়াই অংশগ্ৰহণ কৰিছিল।

ক্ৰমাৎ অধিক আন্তঃসম্পৰ্কিত হৈ পৰা বিশ্বত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বত আলোকপাত কৰি শ্ৰী ৰাজনাথ সিঙে কয়, “ভাৰতৰ বিশ্বাস যে সাৰ্বভৌমত্বৰ প্ৰতি সন্মান, পাৰস্পৰিক বিশ্বাস আৰু উমৈহতীয়া দায়বদ্ধতাৰ ভিত্তিত এনে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সহযোগিতামূলক দৃষ্টিভংগী গ্ৰহণ কৰা উচিত। এনডিচিত গঢ় লৈ উঠা পেছাদাৰী সম্পৰ্ক আৰু বন্ধুত্ব পাঠ্যক্ৰমৰ সমাপ্তিৰ পাছতো অব্যাহত থাকিব লাগে। এই প্ৰতিষ্ঠানখনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰাক্তন শিক্ষাৰ্থীৰ নেটৱৰ্কে অভিজ্ঞতা আৰু কৌশলগত বুজাবুজিৰ মূল্যৱান ভঁৰাল হিচাপে কাম কৰে, যিয়ে দ্বিপাক্ষিক সম্পৰ্ক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অধিক সুদৃঢ় কৰাত অৱদান আগবঢ়াব পাৰে।”

এই অনুষ্ঠানত এনডিচিৰ কমাণ্ডেণ্ট এয়াৰ মাৰ্শ্বাল মনীষ কুমাৰ গুপ্তা, আইআইটি মাদ্ৰাজৰ ডীন (ফেকাল্টী) অধ্যাপক কে মুৰলী, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে এনডিচিৰ পাঠ্যক্ৰমৰ অধ্যাপকবৃন্দ আৰু অংশগ্ৰহণকাৰীসকল উপস্থিত থাকে।

৬৬ সংখ্যক এনডিচি পাঠ্যক্ৰমৰ বিষয়ে

এই পাঠ্যক্ৰমটো প্ৰতি বছৰে জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈ ৪৭ সপ্তাহ ধৰি অনুষ্ঠিত হয় আৰু ইয়াক ছটা অধ্যয়ন খণ্ডত বিভক্ত কৰা হৈছে। এই ছটা অধ্যয়ন খণ্ড হৈছে— ভাৰতক অনুধাৱন আৰু কৌশলৰ পৰিচয়, অৰ্থনৈতিক নিৰাপত্তাৰ অধ্যয়ন, বিজ্ঞান আৰু প্ৰযুক্তি, বিভিন্ন গোলকীয় বিষয়, আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা পৰিৱেশ, ভাৰতৰ কৌশলগত চুবুৰীয়া অঞ্চল আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে কৌশল তথা আন্তঃগাঁথনি।

ভাৰত আৰু বিদেশৰ মুঠ ১২২ গৰাকী বিষয়াই এই পাঠ্যক্ৰমত অংশগ্ৰহণ কৰে। তেওঁলোক ভাৰতীয় প্ৰতিৰক্ষা বাহিনী, ভাৰতীয় অসামৰিক সেৱা, ভাৰতীয় আৰক্ষী সেৱা আৰু চৰকাৰৰ অন্যান্য বিভাগৰ পৰা নিৰ্বাচিত হৈ আহিছে।ইয়াৰ ভিতৰত ৪০ গৰাকী বিদেশী বিষয়া আফগানিস্তান, অষ্ট্ৰেলিয়া, বাংলাদেশ, ভূটান, ব্ৰাজিল, ইজিপ্ত, ইণ্ডোনেছিয়া, ইৰান, জাপান, কেনিয়া, কাজাখস্তান, মালদ্বীপ, ম্যানমাৰ, নেপাল, নাইজেৰিয়া, ফিলিপাইনছ, ৰাছিয়া, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, উজবেকিস্তান আৰু ভিয়েটনামৰ পৰা আহিছে।

SR/Savvy/PK


(ৰিলিজ আই ডি : 2341997) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Nepali , Marathi