57th International Film Festival of India 2026
20 – 28 Nov 2026

কিৰ্গিজ নাটক ‘স্কাইলাৰ্ক’-য়ে আই এফ এফ আই-ত স্থানান্তৰণ, স্মৃতি আৰু সহণশীলতাৰ কাহিনী উপস্থাপন কৰে

গ্ৰাঁ-প্ৰী বিজয়ী ছবিখনৰ নিৰ্মাতাদ্বয়ে বাটকেন সীমান্তৰ বাস্তৱতা, কিৰ্গিজ লোককথা আৰু ৰাজ কাপুৰৰ ক্লাছিকসমূহৰ লগতে মিথুন চক্ৰৱৰ্তীৰ ছবিৰ প্ৰসংগ উল্লেখৰে শৈশৱৰ স্মৃতিচাৰণ কৰে

পোষ্ট কৰা হৈছে: 26 NOV 2026 2:33PMby PIB Guwahatiৰিলিজ আই ডি : 2341990Views: 3

৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাত তেওঁলোকৰ ছবি স্কাইলাৰ্ক(Skylark)-ৰ ভাৰতীয় প্ৰিমিয়াৰ অনুষ্ঠিত হোৱাৰ পিছত আজি গোৱাত প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ' (PIB)-য়ে আয়োজন কৰা এক সংবাদমেলত ছবিখনৰ পৰিচালক তথা চিত্ৰনাট্যকাৰ নার্গিজা ড'টিয়েভা আৰু প্ৰযোজিকা গুলনাৰা কাছমাম্বেটোভাই বক্তব্য দাঙি ধৰে। চলচ্চিত্ৰ নিৰ্মাতাদ্বয়ে ছবিখনৰ প্ৰেৰণা যোগোৱা বাস্তৱ জীৱনৰ অভিজ্ঞতা, মধ্য এছিয়াত ছোভিয়েট-পৰৱৰ্তী সীমা নিৰ্ধাৰণৰ মানৱীয় প্ৰমূল্যৰ অন্বেষণ, আৰু ভাৰতীয় চিনেমাৰ প্ৰতি থকা তেওঁলোকৰ দীৰ্ঘদিনীয়া হেঁপাহৰ প্ৰসংগ উল্লেখ কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-26at2.30.48PM_20261126143927_271410.jpeg

কিৰ্গিস্তান-তাজিকিস্তান সীমান্তৰ বাস্তৱ ঘটনা আৰু বাতৰিৰ আধাৰত নিৰ্মিত ৮৫ মিনিট দৈৰ্ঘ্যৰ এই কিৰ্গিজ নাটকখনে নতুনকৈ টনা সীমাৰেখাই শতিকা ধৰি একেলগে বসবাস কৰি অহা সম্প্ৰদায়সমূহক কেনেকৈ পৃথক কৰি পেলাইছিল তাৰ প্ৰতিচ্ছবি দাঙি ধৰে। ছবিখনত আইতাক এনেৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হোৱা কিশোৰ আইবেকৰ কাহিনী উপস্থাপন কৰা হৈছে। আইতাকৰ মৃত্যুৰ পিছত তেওঁৰ স্বামীৰ কাষতে এক সমাধিস্থল, যিডোখৰ সমাধিস্থল এতিয়া সীমান্তৰ সিপাৰে তাজিকিস্তানত অৱস্থিত, অন্তিম সৎকাৰ কৰাৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ গৈ আইবেকে এক মৰ্মস্পৰ্শী নৈতিক আৰু আৱেগিক পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হয়।

আমুৰ অটম ফিল্ম ফেষ্টিভেল ২০২৬-ত গ্ৰাঁ প্ৰী লাভ কৰা স্কাইলাৰ্ক-য়ে মধ্য এছিয়াৰ মৌখিক গল্পকথনৰ সৈতে সমসাময়িক চলচ্চিত্ৰৰ সংমিশ্ৰণ ঘটাইছে। ড'টিয়েভাই ব্যাখ্যা কৰে যে ছবিখন পোনপটীয়াকৈ সীমান্তৰ ঘটনাৱলীৰ দ্বাৰা অনুপ্ৰাণিত হৈছে, আনহাতে কাছমাম্বেটোভাই আঙুলিয়াই দিয়ে কেনেকৈ হঠাতে হোৱা সীমা বিভাজনে বাটকেন অঞ্চলৰ চিনাকি চৰণীয়াপথাৰ আৰু পূৰ্বপুৰুষসকলৰ সমাধিস্থলসমূহক নিষিদ্ধঘোষিত অঞ্চললৈ ৰূপান্তৰিত কৰিলে। কিৰ্গিজ লোককথাত ভেড়াৰ পিঠিত শান্তিৰে বাহ সাজি থকা স্কাইলাৰ্ক চৰাইটোৱে শান্তি আৰু সম্প্ৰীতিৰ প্ৰতীক বহন কৰে, যিয়ে সংঘাতৰ মাজতো মানৱীয় সহনশীলতাৰ বাৰ্তাটোক সুদৃঢ় কৰি তোলে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-26at2.30.45PM_20261126144014_129a47.jpeg

ভাৰতৰ সৈতে থকা নিজৰ সাংস্কৃতিক সম্পৰ্কৰ কথা সুঁৱৰি চলচ্চিত্ৰ নিৰ্মাতাদ্বয়ে ছোভিয়েট যুগৰ কিৰ্গিস্তানত ভাৰতীয় চিনেমাই কেনেকৈ তেওঁলোকৰ শৈশৱ গঢ় দিছিল সেই বিষয়ে স্মৰণ কৰে। তেওঁলোকে পৰিয়ালৰ সৈতে বলীউডৰ ছবি চোৱা আৰু চুবুৰীয়া শিশুসকলৰ সৈতে চোতালত গোট খাই গান গোৱা তথা ডিস্কো ডেন্সাৰ  ছবিৰ পৰা মিঠুন চক্ৰৱৰ্তীৰ নৃত্যভংগী অনুকৰণ কৰাৰ কথা মনত পেলায়। তেওঁলোকৰ মতে, যি সমাজত প্ৰেম-ভালপোৱাৰ ৰাজহুৱা প্ৰকাশ সংযত আছিল, তেনে সমাজত ভাৰতীয় ছবিসমূহে এক গুৰুত্বপূৰ্ণ "আৱেগৰ নতুন খিৰিকী" প্ৰদান কৰিছিল। পৰিচালকগৰাকীয়ে লগতে উল্লেখ কৰে যে ৰাজ কাপুৰৰ কালজয়ী ছবিসমূহৰ পৰা আৰম্ভ কৰি অমিতাভ বচ্চন অভিনীত ছবিসমূহলৈকে ভাৰতীয় চিনেমাই ইয়াৰ আন্তৰিকতা, গল্পকথন আৰু মানৱীয় সম্পৰ্ক উদযাপনৰ বাবে কিৰ্গিস্তানত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সমাদৰ লাভ কৰি আহিছে। অনুষ্ঠানটো সঞ্চালনা কৰে বৃন্দা ৰণদীপ সুদানে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-26at2.30.45PM(1)_20261126144036_49f7b5.jpeg

Watch full Press conference here:

Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

* * *

PIB IFFI Team | Rabeehashmi/ Supriya/ Sasmita/ Darshana | IFFI 57 – 104/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2341990
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026