বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

এনএলএমচিৰ ২২ সংখ্যক ব’ৰ্ড বৈঠক সম্পন্ন; প্ৰায় ১,৩০০ কোটি টকা মূল্যৰ নতুন সম্পত্তি মুদ্ৰাকৰণ আৰু মূল্যায়নৰ প্ৰস্তাৱ বিবেচনা

২০২৬-২৭ বিত্তীয় বৰ্ষত ৯,০০০ কোটিৰো অধিক টকাৰ সম্পত্তি মুদ্ৰাকৰণৰ উপৰি মুদ্ৰাকৰণৰ প্ৰক্ৰিয়া অধিক শক্তিশালী কৰাৰ বাবে নতুন প্ৰস্তাৱ বিবেচনা এনএলএমচিৰ।

নতুন দিল্লী আৰু মুম্বাইত থকা নিজা আৱাসিক সম্পত্তিৰ মুদ্ৰাকৰণৰ প্ৰক্ৰিয়া আগবঢ়াই নিব এনএলএমচিয়ে।

পোষ্ট কৰা হৈছে: 26 NOV 2026 11:45AM by PIB Guwahati

ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ (DPE) অধীনত থকা নেচনেল লেণ্ড মনিটাইজেচন কৰ্প’ৰেচন লিমিটেডে (NLMC) কালি নতুন দিল্লীত পৰিচালনা সমিতিৰ ২২ সংখ্যক বৈঠক অনুষ্ঠিত কৰে।

ব’ৰ্ডে সম্পত্তি মুদ্ৰাকৰণৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱবিলাক, স্বতন্ত্ৰ মূল্যায়ন প্ৰতিবেদন, চৰকাৰৰ পৰা চৰকাৰলৈ (G2G) লেনদেন, এনএলএমচিৰ নিজা সম্পত্তিৰ মুদ্ৰাকৰণ, শেহতীয়াকৈ অনুষ্ঠিত ই-নিলামৰ ফলাফল আৰু নিগমটোৰ প্ৰতিষ্ঠানিক শক্তিশালীকৰণৰ দিশত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাবোৰৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে।

ব’ৰ্ডে ভাৰত সঞ্চাৰ নিগম লিমিটেড (BSNL) আৰু মহানগৰ টেলিফোন নিগম লিমিটেড (MTNL)-ৰ সৈতে জড়িত নতুন সম্পত্তি মুদ্ৰাকৰণ আৰু মূল্যায়নৰ প্ৰস্তাৱবোৰৰ বিষয়ে আলোচনা কৰে। এই প্ৰস্তাৱসমূহৰ মুঠ নিৰ্ধাৰিত মূল্য প্ৰায় ১,৩০০ কোটি টকা। চৰকাৰৰ নিৰ্ধাৰিত পদ্ধতি অনুসৰি পৰৱৰ্তী প্ৰক্ৰিয়া আগবঢ়োৱাৰ বাবে এই প্ৰস্তাৱবোৰ বিবেচনা কৰা হয়।এই প্ৰস্তাৱবোৰ চলিত বিত্তীয় বৰ্ষত এনএলএমচিয়ে ইতিমধ্যে মুদ্ৰাকৰণ কৰা ৯,০০০ কোটিৰো অধিক টকাৰ সম্পত্তিৰ অতিৰিক্ত। ইয়াৰ জৰিয়তে নিগমটোৰ সম্পত্তি মুদ্ৰাকৰণৰ ব্যৱস্থাবোৰে ক্ৰমাৎ গতি লাভ কৰাৰ লগতে ৰাজহুৱা খণ্ডৰ অতিৰিক্ত আৰু পৰ্যাপ্তভাৱে ব্যৱহাৰ নোহোৱা সম্পত্তিৰ পৰা মূল্য আহৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰতিফলন ঘটোৱাৰ ব্যৱস্থা কৰা হৈছে।

 

ইয়াৰ লগতে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ (CPSE) আৰু চৰকাৰী সংস্থাবোৰৰ সম্পত্তি মুদ্ৰাকৰণৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ উপৰি এনএলএমচিয়ে নিজৰ সম্পত্তিৰ পৰ্টফলিঅ’ও বজাৰলৈ উলিয়াই আনিছে। ব’ৰ্ডে নতুন দিল্লী আৰু মুম্বাইত অৱস্থিত এনএলএমচিৰ নিজা ১৭টা আৱাসিক সম্পত্তিৰ মূল্যায়ন প্ৰতিবেদন বিবেচনা কৰে। এই সম্পত্তিবিলাকৰ বন্ধকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰৰ পৰা অধিগ্ৰহণ কৰা হৈছিল। ইয়াৰ পূৰ্বে এনএলএমচিয়ে চলিত ই-নিলাম প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰয়াগৰাজ আৰু চেন্নাইত থকা নিজৰ আৱাসিক সম্পত্তিবিলাক বজাৰত বিক্ৰীৰ বাবে উলিয়াই দিছিল। নতুন দিল্লী আৰু মুম্বাইৰ সম্পত্তিবিলাক মুদ্ৰাকৰণৰ প্ৰস্তাৱে স্বচ্ছ, প্ৰতিযোগিতামূলক আৰু বজাৰভিত্তিক প্ৰক্ৰিয়াৰ জৰিয়তে নিজৰ সম্পত্তিৰ পৰা মূল্য আহৰণৰ এই প্ৰচেষ্টাক অধিক সম্প্ৰসাৰিত কৰিব।

২০২৬ চনৰ ১২ অক্টোবৰ আৰু ৩ নৱেম্বৰত বিশাখাপট্টনমত ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেডৰ (RINL) হৈ এনএলএমচিয়ে অনুষ্ঠিত কৰা দুটা ই-নিলামৰ সফল ফলাফলৰ বিষয়েও ব’ৰ্ডক অৱগত কৰা হয়। এই দুটা ই-নিলামৰ জৰিয়তে ২৬৪টা ভূমিখণ্ডৰ বাবদ সৰ্বমুঠ ৫৮৪.৪০ কোটি টকাৰ সৰ্বোচ্চ (H1) নিবিদা মূল্য লাভ কৰা হৈছে। এনএলএমচিৰ প্ৰথমটো সম্পূৰ্ণ প্ৰক্ৰিয়াভিত্তিক ই-নিলাম পদক্ষেপৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। ইয়াৰ উপৰি, সম্প্ৰসাৰিত কাৰ্যকলাপ আৰু ক্ৰমবৰ্ধমান সম্পত্তি মুদ্ৰাকৰণৰ প্ৰস্তাৱৰ সফল ৰূপায়ণৰ বাবে এনএলএমচিৰ প্ৰাতিষ্ঠানিক শক্তিশালীকৰণ আৰু সাংগঠনিক সক্ষমতা বৃদ্ধিৰ বিভিন্ন ব্যৱস্থাৰ বিষয়েও ব’ৰ্ডে আলোচনা কৰে।

সম্পত্তি মুদ্ৰাকৰণৰ পদক্ষেপবিলাকৰ ক্ৰমবৰ্ধমান পৰিসৰৰ সৈতে এনএলএমচিয়ে সুদৃঢ় মূল্যায়ন ব্যৱস্থা, স্বচ্ছ আৰু প্ৰতিযোগিতামূলক নিলাম, সুনিৰ্দিষ্ট লেনদেন প্ৰক্ৰিয়া আৰু ফলপ্ৰসূ আন্তঃমন্ত্ৰালয় সমন্বয়ৰ জৰিয়তে ভাৰত চৰকাৰৰ সম্পত্তি মুদ্ৰাকৰণৰ কাৰ্যসূচী আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

অতিৰিক্ত ৰাজহুৱা খণ্ডৰ ভূমি আৰু ভৱনবিলাকৰ অৰ্থনৈতিক সম্ভাৱনাক বাস্তৱ ৰূপ দিয়াৰ লগতে সেইবিলাকৰ উৎপাদনশীল ব্যৱহাৰ নিশ্চিত কৰা আৰু চৰকাৰৰ বহল অৰ্থনৈতিক উন্নয়নৰ লক্ষ্যত অৰিহণা যোগাবলৈ এনএলএমচি প্ৰতিশ্ৰুতিবদ্ধ।

 

এনএলএমচিৰ বিষয়ে

নেচনেল লেণ্ড মনিটাইজেচন কৰ্প’ৰেচন লিমিটেড (NLMC) হৈছে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অধীনস্থ সম্পূৰ্ণৰূপে চৰকাৰী মালিকানাধীন এটা প্ৰতিষ্ঠান। কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ (CPSE) আৰু অন্যান্য চৰকাৰী সংস্থাবিলাকৰ অতিৰিক্ত ভূমি আৰু ভৱন সম্পত্তিৰ মুদ্ৰাকৰণৰ দায়িত্ব গ্ৰহণ আৰু এই প্ৰক্ৰিয়াত সহায় আগবঢ়োৱাৰ উদ্দেশ্যে প্ৰতিষ্ঠানটো গঠন কৰা হৈছে।

Website: https://nlmc.dpe.gov.in

 

KT/KMN/SS/PK


(ৰিলিজ আই ডি : 2341837) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Gujarati , Urdu , हिन्दी , Tamil