পাঁচটা ভাষাত ৮০০ৰো অধিক চলচ্চিত্ৰৰ উপ-শিৰোনাম(Subtitling ) অনুবাদ কৰা প্ৰখ্যাত উপ-শিৰোনাম অনুবাদক ৰেখছে গোৱাত অনুষ্ঠিত ৫৭সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)ত উপশিৰোনাম প্ৰস্তুত কৰাৰ কলা আৰু ভাৰতীয় চলচ্চিত্ৰক বিশ্বৰ দৰ্শকৰ মাজলৈ লৈ যোৱাত ইয়াৰ ভূমিকা সন্দৰ্ভত নিজৰ অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টি ব্যক্ত কৰে।
গোৱাত অনুষ্ঠিত মহোৎসৱখনৰ এক বিশেষ পাঠদানমূলক অনুষ্ঠান ‘সীমা অতিক্ৰম কৰা শব্দ: বিভিন্ন সংস্কৃতিৰ মাজত উপশিৰোনাম প্ৰস্তুতকৰণ’ শীৰ্ষক আলোচনাত তেওঁ এই বিষয়সমূহৰ বিষয়ত আলোকপাত কৰে।
উপ-শিৰোনাম প্ৰস্তুত কৰাটো কেৱল শব্দৰ অনুবাদতে সীমাবদ্ধ নহয় বুলি উল্লেখ কৰি ৰেখছে কয় যে ইয়াৰ বাবে ধৈৰ্য, সৃষ্টিশীলতা, সাংস্কৃতিক বুজাবুজি আৰু চলচ্চিত্ৰ এখনৰ মাজত নিহিত হৈ থকা আৱেগৰ প্ৰতি সংবেদনশীলতাৰ প্ৰয়োজন।
শুদ্ধতাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰি তেওঁ কয়, “উপ-শিৰোনাম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ধৈৰ্য অতি প্ৰয়োজনীয়। আপুনি বাৰে বাৰে পৰীক্ষা কৰি চাব লাগিব।”
অ’টিটি মঞ্চসমূহৰ প্ৰচলন হোৱাৰ পূৰ্বে মূলতঃ বঁটা প্ৰদানৰ অনুষ্ঠানসমূহলৈ প্ৰেৰণ কৰিবলগীয়া চলচ্চিত্ৰৰ বাবেহে উপ-শিৰোনাম প্ৰস্তুত কৰা হৈছিল বুলি ৰেখছে স্মৰণ কৰে।
কিন্তু ডিজিটেল মাধ্যমত চলচ্চিত্ৰ সম্প্ৰচাৰৰ ব্যৱস্থাই পৰৱৰ্তী সময়ত উপশিৰোনামৰ পৰিসৰ বহুখিনি বৃদ্ধি কৰে।
ইয়াৰ ফলত আঞ্চলিক ভাষাৰ চলচ্চিত্ৰসমূহেও বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ কাষ চাপিবলৈ সক্ষম হৈছে।
অৱশ্যে, অ’টিটি মঞ্চসমূহে উপ-শিৰোনামৰ মূল অনুবাদ সলনি কৰি দিয়াৰ বিষয়টোত তেওঁ উদ্বেগ প্ৰকাশ কৰে।
তেওঁ মূল অনুবাদৰ যথাৰ্থতা আৰু স্বকীয়তা অক্ষুণ্ণ ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
নিজৰ সৃষ্টিশীল পদ্ধতিৰ বিষয়ে ব্যাখ্যা কৰি ৰেখছে কয় যে উপশিৰোনাম প্ৰস্তুত কৰাৰ কোনো নিৰ্দিষ্ট নিয়মাৱলী নাই আৰু ইয়াৰ বাবে বহু সময়ত ব্যক্তিগত পদ্ধতি অৱলম্বন কৰিবলগীয়া হয়।তেওঁ গীতৰ উপ-শিৰোনামত ছন্দ বজাই ৰখাটো পছন্দ কৰে, যাতে দৰ্শকে গীতৰ কথা আৰু সংলাপৰ মাজৰ পাৰ্থক্য সহজে বুজিব পাৰে।
তেওঁ লগতে পিৰামিডৰ দৰে এক গাঁথনি ব্যৱহাৰ কৰে, য’ত চুটি বাক্যবোৰ দীঘল বাক্যৰ ওপৰত ৰখা হয়।
উপ-শিৰোনাম অধিক স্পষ্টকৈ দেখাৰ সুবিধাৰ বাবে তেওঁ হালধীয়া ৰঙৰ আখৰ ব্যৱহাৰ কৰাটো পছন্দ কৰে।
উপ-শিৰোনাম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত জড়িত বিভিন্ন সূক্ষ্ম দিশৰ বিষয়ে ব্যাখ্যা কৰি ৰেখছে কথিত ভাষাৰ অভিব্যক্তি আৰু গীতৰ অনুবাদৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে কয়।
ইয়াৰ ভিতৰত ‘ডাংগামাৰী’ শীৰ্ষক গীতটোৰ অনুবাদৰ প্ৰসংগও তেওঁ উল্লেখ কৰে।
তেওঁ তামিল ভাষাৰ ‘ভেশম’ আৰু ‘ভেছাম’ শব্দ দুটাৰো উদাহৰণ দাঙি ধৰে।
তেওঁৰ মতে, উচ্চাৰণৰ সামান্য পাৰ্থক্যই শব্দৰ অৰ্থ সলনি কৰি দিব পাৰে। উদাহৰণস্বৰূপে, ইয়াৰ এটা শব্দই ছদ্মবেশ বুজোৱাৰ বিপৰীতে আনটোৱে বিহ বুজায়।
‘কাবালি’ চলচ্চিত্ৰখনত কাম কৰাৰ অভিজ্ঞতা স্মৰণ কৰি তেওঁ অভিনেতা ৰজনীকান্তৰ হাঁহিৰ বিভিন্ন ধৰণৰ প্ৰকাশভংগী বুজাবলৈ ‘উদাৰ হাঁহি’ আৰু ‘সন্দেহসূচক মৃদু হাঁহি’ৰ দৰে অভিব্যক্তি ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰে।
সকলোকে চলচ্চিত্ৰ উপভোগৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত উপশিৰোনামৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি তেওঁ শ্ৰৱণজনিত অসুবিধা থকা লোকসকলৰ বাবেও ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ লগতে কয় যে কোনো নিৰ্দিষ্ট সংস্কৃতিৰ সৈতে জড়িত অভিব্যক্তি আৰু সম্পৰ্কৰ শব্দসমূহৰ অনুবাদ কৰোঁতে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে।
এনে শব্দ আৰু অভিব্যক্তিৰ ক্ষেত্ৰত আক্ষৰিক অনুবাদ কৰাৰ পৰিৱৰ্তে ইয়াৰ প্ৰকৃত অৰ্থ আৰু সাংস্কৃতিক তাৎপৰ্য বুজি পোৱাটো অধিক গুৰুত্বপূৰ্ণ।
কৃত্ৰিম বুদ্ধিমত্তাৰ (এ আই) ক্ৰমবৰ্ধমান ব্যৱহাৰৰ প্ৰসংগত ৰেখছে সতৰ্ক কৰি দিয়ে যে এ আইৰ জৰিয়তে প্ৰস্তুত কৰা উপ-শিৰোনামে বহু সময়ত প্ৰকৃত অৰ্থ বিকৃত কৰিব পাৰে।
ইয়াৰ ফলত লিংগবাচক উল্লেখ সলনি হোৱাৰ লগতে কোনো দৃশ্যৰ অন্তৰ্নিহিত আৱেগো হেৰাই যাব পাৰে।
তেওঁ মন্তব্য কৰে, “এ আইয়ে অভিধানৰ শব্দবোৰ জানে, কিন্তু নাটকীয়তা অথবা আত্মাৰ আবেগৰ বিষয়ে নাজানে।”

এই মন্তব্যৰ জৰিয়তে তেওঁ উপশিৰোনাম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মানৱীয় সৃষ্টিশীলতাৰ অব্যাহত গুৰুত্বৰ কথাও দোহাৰে।
“উপ-শিৰোনাম চলচ্চিত্ৰৰ নিৰ্মাণ-পৰৱৰ্তী কামৰ অৱশিষ্ট অংশ নহয়,” বুলি উল্লেখ কৰি তেওঁ কয় যে উন্নত মানৰ উপশিৰোনামে কেৱল চলচ্চিত্ৰৰ সংলাপসমূহ পুনৰ উপস্থাপন কৰিলেই নহ’ব, বৰঞ্চ ইয়াৰ প্ৰকৃত অৰ্থ আৰু আৱেগো দৰ্শকৰ মাজলৈ কঢ়িয়াই নিব লাগিব।তেওঁৰ মতে, উপ-শিৰোনামৰ জৰিয়তে কাহিনীয়ে ভাষিক আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হয়।
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
* * *
PIB IFFI Team | Rabeehashmi/ Supriya/ Gopika/ Darshana/DM | IFFI 57 - 101