২০২৬ চনৰ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (আই এফ এফ আই) ভাৰতীয় পেনোৰামাৰ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ শাখাত প্ৰদৰ্শিত হিন্দী চলচ্চিত্ৰ ‘কৃষ্ণাৱতাৰম’ (কৃষ্ণাৱতাৰম পাৰ্ট ১: দ্য হাৰ্ট)ৰ নিৰ্মাতাসকলে আজি প্ৰেছ ইনফৰমেচন ব্যুৰো (পি আই বি)ৰ উদ্যোগত আয়োজিত এখন সংবাদমেলত অংশগ্ৰহণ কৰে।
চলচ্চিত্ৰখনৰ পৰিচালক হাৰ্দিক গজ্জৰ আৰু প্ৰযোজক সজন ৰাজ কুৰুপে ভগৱান শ্ৰীকৃষ্ণৰ জীৱনক এক সমৃদ্ধ দৃশ্যগত আৰু সমসাময়িক চলচ্চিত্ৰীয় ৰূপত বিশ্বৰ দৰ্শকৰ সন্মুখত তুলি ধৰাৰ প্ৰচেষ্টাৰ বিষয়ে নিজৰ অভিজ্ঞতা ব্যক্ত কৰে।

চলচ্চিত্ৰখনৰ মূল ধাৰণাৰ বিষয়ে ব্যাখ্যা কৰি প্ৰযোজক সজন ৰাজ কুৰুপে কয় যে ভাৰতত ভগৱান শ্ৰীকৃষ্ণক কেৱল পৌৰাণিক চৰিত্ৰৰ শ্ৰেণীত সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি।
তেওঁ কয়, “ভাৰতত কৃষ্ণ পৌৰাণিক কাহিনীৰ ঊৰ্ধ্বত। তেওঁ হৈছে বিশ্বাস, এক আবেগ আৰু আমাৰ ইতিহাসৰ জীৱন্ত অংশ।”
আদিকেশৱক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এক সাংস্কৃতিক পৰম্পৰাৰ মাজত ডাঙৰ-দীঘল হোৱা বুলি উল্লেখ কৰি তেওঁ ‘সকলো বস্তুৰ উৎস কৃষ্ণ’ বুলি থকা বিশ্বাসৰ কথা স্মৰণ কৰে।
তেওঁ লগতে কয় যে শ্ৰীকৃষ্ণৰ জীৱনক আন্তৰিকতা আৰু গভীৰ শ্ৰদ্ধাৰে উপস্থাপন কৰিবলৈ চলচ্চিত্ৰখনৰ সমগ্ৰ দলে সচেতনভাৱে প্ৰচেষ্টা চলাইছে।

চলচ্চিত্ৰ নিৰ্মাতাই লগতে জানিবলৈ দিয়ে যে ‘কৃষ্ণাৱতাৰম’ হৈছে তিনিটা খণ্ডৰ এক ধাৰাবাহিকৰ প্ৰথমটো অধ্যায়।
‘হৃদয়’, ‘মন’ আৰু ‘আত্মা’ক আধাৰ হিচাপে লৈ এই তিনিটা খণ্ড নিৰ্মাণ কৰা হৈছে।
ৰাম মোৰিৰ উপন্যাস ‘সত্যভামা’ৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰখনৰ চিত্ৰনাট্য প্ৰস্তুত কৰিছে প্ৰকাশ কাপাডিয়া, ৰাম মৰি আৰু হাৰ্দিক গজ্জৰে।
ইয়াৰ কাহিনীভাগ শ্ৰীমদ্ভাগৱত আৰু হৰিবংশৰ আধাৰত গঢ়ি তোলা হৈছে।
প্ৰথমটো খণ্ডত সত্যভামাৰ দৃষ্টিৰে বৃন্দাবন আৰু মথুৰাৰ পৰা দ্বাৰকাৰ শাসক হিচাপে প্ৰতিষ্ঠিত হোৱালৈকে শ্ৰীকৃষ্ণৰ জীৱনযাত্ৰা তুলি ধৰা হৈছে।
প্ৰথম খণ্ডটোত প্ৰেম, ত্যাগ, বিচ্ছেদ আৰু ভক্তিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।
আনহাতে, পৰৱৰ্তী দুটা খণ্ডত ক্ৰমে শ্ৰীকৃষ্ণৰ ৰাজনীতি আৰু কৌশলগত পৰিকল্পনা (দ্য মাইণ্ড) তথা শ্ৰীমদ্ভগৱদ্গীতাৰ উপদেশসমূহ (দ্য ছ’ল) সামৰি লোৱা হ’ব।
শ্ৰীকৃষ্ণৰ জীৱনৰ তুলনামূলকভাৱে কম পৰিচিত বহু ঘটনা চলচ্চিত্ৰখনত স্থান লাভ কৰিছে।
চলচ্চিত্ৰখনত সিদ্ধাৰ্থ গুপ্তা, সংস্কৃতি জায়না, সুষ্মিতা ভাট আৰু নিবাশিনী কৃষ্ণনে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
পৰম্পৰাগত কাহিনীৰ সৈতে আধুনিক দৰ্শকক সংযোগ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি পৰিচালক হাৰ্দিক গজ্জৰে কয় যে নতুন প্ৰজন্মই যাতে নিজৰ ইতিহাসক আকৰ্ষণীয় চলচ্চিত্ৰীয় প্ৰকাশভংগীৰ জৰিয়তে আৱিষ্কাৰ কৰিব পাৰে আৰু তাৰ সৈতে নিজকে সংযুক্ত কৰিব পাৰে, সেই লক্ষ্যৰে বিশেষভাৱে চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে।
নিৰ্মাতাসকলে কয়, “কাহিনী কোৱাৰ পদ্ধতি সময়ৰ লগে লগে সলনি হৈ থাকিব পাৰে। আমি এনে এটা সময়ত জীয়াই আছোঁ, যি সময়ত দৃশ্যগতভাৱে সমৃদ্ধ অভিজ্ঞতা সৃষ্টি কৰাৰ সুযোগ লাভ কৰিছোঁ।”
হাৰ্দিক গজ্জৰৰ দৃশ্যগত প্ৰভাৱ সৃষ্টিৰ ক্ষেত্ৰত থকা অভিজ্ঞতাৰ সহায়ত চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে।
৭.৫ একৰ বিশাল ভূমিত নিৰ্মাণ কৰা এটা বৃহৎ ছেটত চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ কৰা হয়।
দৃশ্যগত প্ৰভাৱ সৃষ্টিৰ ক্ষেত্ৰত কাম কৰা আগশাৰীৰ প্ৰতিভাসম্পন্ন ব্যক্তিসকলেও ইয়াত অংশগ্ৰহণ কৰে।
বিশ্বৰ বিভিন্ন প্ৰান্তৰ যুৱপ্ৰজন্মৰ সৈতে সংযোগ স্থাপনৰ লক্ষ্যৰে ইংৰাজীকে ধৰি একাধিক ভাষাত চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে।
চলচ্চিত্ৰখনৰ আৱেগিক সংযোগ গঢ়ি তোলাত সংগীতৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰি পৰিচালক গজ্জৰে সংগীত পৰিচালক প্ৰসাদ এছৰ সৈতে কৰা সহযোগিতাৰ বিষয়ে কয়।
বিশিষ্ট সংগীতজ্ঞ ড০ ভাৰত বাল্লাভালিৰ নিৰ্দেশনাত চলচ্চিত্ৰখনত যিমান পাৰি সিমান শাস্ত্ৰীয় সংগীত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা চলোৱা হয়।
ইয়াৰ জৰিয়তে পৰম্পৰাগত সংগীতৰ বিশুদ্ধতা আৰু সমসাময়িক সংগীতৰ ধাৰাৰ মাজত এক সুন্দৰ সমন্বয় গঢ়ি তোলাৰ লগতে আজিৰ দৰ্শকৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা কৰা হৈছে।
অনুষ্ঠানটোৰ আঁত ধৰে শ্ৰী সন্দীপ প্ৰসাদে।
সম্পূৰ্ণ সংবাদমেল ইয়াত চাব পাৰিব:
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
* * *
PIB IFFI Team/Rabeehashmi/LekshmiPriya/Sasmita/ Darshana/DM | IFFI 57 - 099