পোষ্ট কৰা হৈছে:
25 NOV 2026 4:01PM by PIB Guwahati
নতুন দিল্লী, ২৫ নৱেম্বৰ: ভাৰতৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এমএছএমই) খণ্ডই এক উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। ২০২৬ চনৰ ৩০ অক্টোবৰত উদ্যম পঞ্জীয়ন পৰ্টেল আৰু উদ্যম এছিষ্ট প্লেটফৰ্মত মুঠ পঞ্জীয়নৰ সংখ্যা ১০ কোটি অতিক্ৰম কৰে। এই সাফল্যই ভাৰতৰ এমএছএমই খণ্ডক অধিক আনুষ্ঠানিক, সৰ্বাংগীণ আৰু ডিজিটেলভাৱে সবল কৰি তোলাৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।
এমএছএমই খণ্ডক আনুষ্ঠানিক ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য
উদ্যম পঞ্জীয়ন পৰ্টেল আৰু উদ্যম এছিষ্ট প্লেটফৰ্মৰ সন্মিলিত প্ৰচেষ্টাই ভাৰতৰ এমএছএমই খণ্ডক আনুষ্ঠানিক অৰ্থনৈতিক ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়াক এক নতুন গতি প্ৰদান কৰিছে। ২০২০ চনত ১.০২ কোটি পঞ্জীয়নৰ পৰা ২০২৬ চনত ১০ কোটিৰো অধিক পঞ্জীয়নলৈ হোৱা এই অগ্ৰগতিয়ে ডিজিটেল ব্যৱস্থাৰ প্ৰতি উদ্যোগীসকলৰ ক্ৰমবৰ্ধমান আগ্ৰহ আৰু উদ্যোগসমূহক আনুষ্ঠানিক অৰ্থনৈতিক ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ নিৰন্তৰ দায়বদ্ধতাক প্ৰদৰ্শন কৰে।
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে ২০২০ চনৰ ১ জুলাইত উদ্যম পঞ্জীয়ন পৰ্টেল মুকলি কৰে। এই পৰ্টেলে উদ্যোগসমূহক পঞ্জীয়নৰ বাবে এক সহজ, স্বচ্ছ, অনলাইন আৰু কাগজবিহীন ব্যৱস্থা প্ৰদান কৰে। এই ডিজিটেল পদক্ষেপৰ ফলত পঞ্জীয়ন প্ৰক্ৰিয়া যথেষ্ট সহজ হৈছে, ব্যৱসায় কৰাৰ সুবিধা বৃদ্ধি পাইছে আৰু উদ্যোগসমূহে ভাৰতৰ আনুষ্ঠানিক অৰ্থনৈতিক পৰিৱেশ তন্ত্ৰৰ অংশ হোৱাৰ সুযোগ লাভ কৰিছে।
ভাৰতত এমএছএমই পঞ্জীয়ন ব্যৱস্থাৰ বিৱৰ্তন: ইএম-IIৰ পৰা উদ্যম পঞ্জীয়নলৈ
বিগত বছৰবোৰত ভাৰতৰ এমএছএমই পঞ্জীয়ন ব্যৱস্থাৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। পূৰ্বৰ কাগজ-পত্ৰ আৰু নথি-পত্ৰৰ ওপৰত নিৰ্ভৰশীল প্ৰক্ৰিয়াৰ পৰা এই ব্যৱস্থা ক্ৰমান্বয়ে প্ৰযুক্তিনিৰ্ভৰ আৰু উদ্যোগীসকলৰ বাবে অধিক সুবিধাজনক ডিজিটেল ব্যৱস্থালৈ ৰূপান্তৰিত হৈছে।
এই যাত্ৰাৰ উল্লেখযোগ্য সাফল্যসমূহ হ’ল—
১. উদ্যোগী স্মাৰক পত্ৰ (ইএম -II) – ২০০৬ চনৰ পৰা ১৭ ছেপ্টেম্বৰ ২০১৫লৈ
এই সময়ছোৱাত এমএছএমই পঞ্জীয়ন মূলতঃ অফলাইন পদ্ধতিৰে কৰা হৈছিল। উদ্যোগীসকলে প্ৰয়োজনীয় নথি-পত্ৰসহ আবেদন জমা দিব লাগিছিল আৰু জিলা উদ্যোগ কেন্দ্ৰই (ডিআইচি) সেইবোৰ পৰীক্ষা কৰি পঞ্জীয়ন সম্পন্ন কৰিছিল। এই ন বছৰীয়া সময়ছোৱাত মুঠ ২১.৯৬ লাখ এমএছএমই পঞ্জীয়ন কৰা হৈছিল।
২. উদ্যোগ আধাৰ স্মাৰক পত্ৰ (ইউএএম) – ১৮ ছেপ্টেম্বৰ ২০১৫ৰ পৰা ৩০ জুন ২০২০লৈ
উদ্যোগ আধাৰ স্মাৰক পত্ৰ (ইউএএম) প্ৰৱৰ্তনৰ লগে লগে এমএছএমই পঞ্জীয়ন ব্যৱস্থাত ডিজিটেল পদ্ধতিৰ ব্যৱহাৰ আৰম্ভ হয়। আধাৰভিত্তিক এই অনলাইন ব্যৱস্থাই পূৰ্বৰ পঞ্জীয়ন প্ৰক্ৰিয়া সৰল কৰাৰ লগতে উদ্যোগীসকলৰ বাবে নীতি-নিয়ম মানি চলাৰ বোজাও হ্ৰাস কৰে। এই পাঁচ বছৰীয়া সময়ছোৱাত প্ৰায় ১.০২ কোটি এমএছএমই পঞ্জীয়ন কৰা হৈছিল।
৩. উদ্যম পঞ্জীয়ন – ১ জুলাই ২০২০ৰ পৰা
· উদ্যম পঞ্জীয়ন পৰ্টেল মুকলিৰ জৰিয়তে এমএছএমই পঞ্জীয়ন ব্যৱস্থাত এক বৃহৎ ডিজিটেল পৰিৱৰ্তন আহে। পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অনলাইন, কাগজবিহীন আৰু স্ব-ঘোষণাৰ ওপৰত আধাৰিত হৈ পৰিছিল, যাৰ ফলত আবেদনকাৰীৰ শাৰীৰিক উপস্থিতি বা নথিপত্ৰৰ প্ৰমাণ আপলোডৰ প্ৰয়োজনীয়তা আঁতৰ হৈছিল।
· আধাৰ আৰু পেন কাৰ্ডৰ বিৱৰণ সহ জিএছটি আৰু আয়কৰৰ তথ্যৰ সৈতে সংযোগ স্থাপনৰ ফলত পঞ্জীয়ন প্ৰক্ৰিয়া অধিক সৰল হৈ পৰে। এই ব্যৱস্থাটোৱে নৱীকৰণৰ প্ৰয়োজনীয়তা আঁতৰ কৰিছিল আৰু পঞ্জীয়ন সম্পূৰ্ণৰূপে বিনামূলীয়া কৰি তুলিছিল, যাৰ ফলত সমগ্ৰ দেশৰ উদ্যোগীসকলৰ বাবে আনুষ্ঠানিক ব্যৱস্থাৰ অন্তৰ্ভুক্তি অধিক সহজ আৰু সুগম হৈ পৰে।
৪. উদ্যম এছিষ্ট প্লেটফৰ্ম (ইউএপি) – ১১ জানুৱাৰী ২০২৩ৰ পৰা
· বিশেষকৈ অনানুষ্ঠানিক খণ্ডত কাম কৰা বহু ক্ষুদ্ৰ উদ্যোগে পঞ্জীয়নৰ সুবিধা লাভ কৰাত অসুবিধাৰ সন্মুখীন হোৱাৰ বিষয়টো বিবেচনা কৰি মন্ত্ৰালয়ে ২০২৩ চনৰ ১১ জানুৱাৰীত উদ্যম এছিষ্ট প্লেটফৰ্ম (ইউএপি) মুকলি কৰে।
· এই প্লেটফৰ্মৰ জৰিয়তে নিৰ্ধাৰিত বিত্তীয় প্ৰতিষ্ঠান আৰু সহযোগী সংস্থাসমূহৰ সহায়ত যোগ্য অনানুষ্ঠানিক ক্ষুদ্ৰ উদ্যোগসমূহক এক সৰল পদ্ধতিৰে আনুষ্ঠানিক ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰা হয়।
উদ্যম: প্ৰৱেশাধিকাৰ, স্বীকৃতি আৰু অন্তৰ্ভুক্তিমূলক বিকাশৰ পথ প্ৰশস্ত
· উদ্যম পঞ্জীয়নে বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহক উদ্যোগ চিনাক্ত কৰাত সহায় কৰে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বাবে ঋণ নিশ্চয়তা আঁচনি (চিজিটিএমএছই), অগ্ৰাধিকাৰ খণ্ডলৈ ঋণ প্ৰদান (Priority Sector Lending) আৰু অন্যান্য ঋণ তথা বিত্তীয় আঁচনি ৰূপায়ণ কৰাত সুবিধা হয়।
· মহিলা উদ্যোগী, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ উদ্যোগী, গ্ৰামোদ্যোগ, পৰম্পৰাগত শিল্পী আৰু সমাজৰ অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক আনুষ্ঠানিক অৰ্থনৈতিক ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰাৰ জৰিয়তে ই সৰ্বাংগীণ অৰ্থনৈতিক বিকাশৰ ভেঁটি অধিক শক্তিশালী কৰে।
· তাৰোপৰি, উদ্যমৰ জৰিয়তে লাভ কৰা আনুষ্ঠানিক স্বীকৃতিয়ে প্ৰযোজ্য যোগ্যতাৰ প্ৰয়োজনীয়তা সাপেক্ষে প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী (পিএমইজিপি), ৰাষ্ট্ৰীয় অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কেন্দ্ৰ, ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বাবে ৰাজহুৱা ক্ৰয় নীতি আৰু অন্যান্য উদ্যোগ বিকাশমূলক কাৰ্যসূচীৰ লক্ষ্য পূৰণতো সহায় কৰে। অৱশ্যে, এই সুবিধাসমূহ প্ৰযোজ্য যোগ্যতাৰ চৰ্ত অনুসৰিহে লাভ কৰিব পাৰি।
সৰ্বাংগীণ বিকাশৰ দিশত অগ্ৰগতি: মহিলাৰ অংশগ্ৰহণ
উদ্যম পঞ্জীয়ন আৰু উদ্যম এছিষ্ট প্লেটফৰ্মৰ পঞ্জীয়নৰ তথ্য অনুসৰি—
মহিলাৰ নেতৃত্বত পৰিচালিত এমএছএমই: ৩.৭৬ কোটি পঞ্জীয়ন, যি মুঠ পঞ্জীয়নৰ ৩৭.৮ শতাংশ
এই পৰিসংখ্যাই সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক আনুষ্ঠানিক স্বীকৃতি প্ৰদানৰ ক্ষেত্ৰত ডিজিটেল পঞ্জীয়ন ব্যৱস্থাৰ গুৰুত্ব আৰু সৰ্বাংগীণ উদ্যোগশীলতাৰ ভেঁটি শক্তিশালী কৰাত ইয়াৰ ভূমিকা স্পষ্ট কৰি তুলিছে।
১০ কোটি পঞ্জীয়নৰ এই সাফল্য কেৱল এটা সংখ্যা নহয়; ই আনুষ্ঠানিক স্বীকৃতি লাভৰ দিশত আগবঢ়া লাখ লাখ উদ্যোগৰ প্ৰচেষ্টা আৰু ভাৰতৰ বিকাশ যাত্ৰাত তেওঁলোকৰ অংশগ্ৰহণৰ প্ৰতীক। ইয়াৰ জৰিয়তে ভাৰতৰ ডিজিটেল ব্যৱস্থাৰ প্ৰতি উদ্যোগীসকলৰ ক্ৰমবৰ্ধমান আস্থা আৰু অধিক শক্তিশালী, সৰ্বাংগীণ তথা আত্মনিৰ্ভৰ অৰ্থনীতি গঢ়াৰ দিশত দেশজুৰি গঢ় লৈ উঠা সামূহিক প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।
***
PC/KG/MS