পোষ্ট কৰা হৈছে:
25 NOV 2026 3:59PM by PIB Guwahati
গোলকীয় আৰু ঘৰুৱা প্ৰদৰ্শকসকলৰ ব্যাপক বৃদ্ধি পোৱা চাহিদাৰ প্ৰতি সঁহাৰি জনাই প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা উৎপাদন বিভাগে (ডিডিপি) ‘এৰ’ ইণ্ডিয়া ২০২৭’-ৰ বাবে বৃহৎ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিছে। ২০২৭ চনৰ ৮ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ বেংগালুৰুৰ য়েলাহাংকা বায়ু সেনা কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এছিয়াৰ সৰ্ববৃহৎ বিমান প্ৰদৰ্শনী তথা বিশ্বৰ অন্যতম আগশাৰীৰ এৰ’স্পেচ আৰু প্ৰতিৰক্ষা প্ৰদৰ্শনীৰ ১৬ সংখ্যক সংস্কৰণটোত প্ৰাৰম্ভিক ক্ষমতাতকৈ প্ৰায় ১২,০০০ বৰ্গমিটাৰ অধিক স্থানৰ বাবে আবেদন লাভ কৰা হৈছে— যিয়ে ভাৰতৰ দ্ৰুতগতিত বিকশিত হোৱা এৰ’স্পেচ আৰু প্ৰতিৰক্ষা খণ্ডটোকে প্ৰতিফলিত কৰিছে।
ভাৰতীয় বায়ু সেনাৰ এক সক্ৰিয় প্ৰশিক্ষণ কেন্দ্ৰৰ কঠোৰ বিমান সুৰক্ষা আৰু অভিযানগত নীতি-নিয়মৰ মাজত থাকি কাম কৰিবলগীয়া হোৱাৰ বাবে য়েলাহাংকা স্থানত অনুভূমিকভাৱে স্থান সম্প্ৰসাৰণ কৰাত কিছু সীমাবদ্ধতা আছে। স্থানৰ এই সীমাবদ্ধতা দূৰ কৰিবলৈ আৰু সৰ্বাধিক সংখ্যক প্ৰদৰ্শকক স্থান দিবলৈ ডিডিপিয়ে দুটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে:
- দুটা অতিৰিক্ত হেংগাৰৰ নিৰ্মাণ: সামগ্ৰিক মজিয়াৰ ক্ষমতা যথেষ্ট পৰিমাণে বৃদ্ধি কৰিবলৈ দুটা সম্পূৰ্ণ নতুন প্ৰদৰ্শনী হেংগাৰ নিৰ্মাণ কৰি থকা হৈছে।
- মেজেনাইন ফ্ল’ৰ নিৰ্মাণত প্ৰথমবাৰৰ বাবে অনুমতি: মাটিকালি বৃদ্ধি নকৰাকৈ ওপৰলৈ থকা স্থানৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ ‘এৰ’ ইণ্ডিয়া’ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শকসকলক হেংগাৰৰ উচ্চতা অনুযায়ী তেওঁলোকৰ আবণ্টিত ষ্টলৰ ভিতৰতে মেজেনাইন ফ্ল’ৰ নিৰ্মাণ কৰিবলৈ অনুমতি দিয়া হ’ব। সকলো মেজেনাইন গাঁথনিয়ে নিৰ্ধাৰিত গাঁথনিগত সুস্থিৰতা, ভাৰ বহন ক্ষমতা আৰু সুৰক্ষাৰ মানদণ্ড কঠোৰভাৱে মানি চলিব লাগিব।
‘এৰ’ ইণ্ডিয়া ২০২৭’-ত গোলকীয় এৰ’স্পেচ জগতৰ আগশাৰীৰ প্ৰতিষ্ঠান, ঘৰুৱা নিৰ্মাতা আৰু উদ্ভাৱকসকলে যাতে তেওঁলোকৰ অত্যাধুনিক সক্ষমতা আৰু প্ৰযুক্তিসমূহ প্ৰদৰ্শন কৰাৰ পৰ্যাপ্ত সুযোগ লাভ কৰে, সেয়া নিশ্চিত কৰাই হৈছে ডিডিপিৰ মূল লক্ষ্য।
SR/Savvy/MM