প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

অপাৰেচন দৃষ্টি: মীৰাটৰ সামৰিক চিকিৎসালয়ত আয়োজিত শল্য চিকিৎসা চকু শিবিৰত এএফএমএছ চিকিৎসকসকলৰ দ্বাৰা অভিলেখ সংখ্যক ৪১২ টা দৃষ্টিশক্তি ঘূৰাই অনা অস্ত্ৰোপচাৰ সম্পন্ন

পোষ্ট কৰা হৈছে: 25 NOV 2026 3:51PM by PIB Guwahati

‘অপাৰেচন দৃষ্টি’ৰ অধীনত মীৰাটৰ সামৰিক চিকিৎসালয়ত আয়োজিত এক শল্য চিকিৎসা চকু শিবিৰত সশস্ত্ৰ বাহিনী চিকিৎসা সেৱাৰ (এএফএমএছ) বিশেষজ্ঞ চিকিৎসকৰ এটা দলে বিনামূলীয়াকৈ মুঠ ৪১২ টা দৃষ্টিশক্তি ঘূৰাই অনা অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে। ২০২৬ চনৰ ২৫ নৱেম্বৰত সামৰণি পৰা এই পাঁচদিনীয়া শিবিৰটোৱে ১৯৭ গৰাকী আৰ্থিকভাৱে পিছপৰা সাধাৰণ নাগৰিককে ধৰি সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ জীৱনলৈ নতুন পোহৰ কঢ়িয়াই আনে; তেওঁলোকৰ ছানি পৰা, গ্লুক’মা, ভিট্ৰিঅ’-ৰেটিনেল আৰু টেৰিজিয়ামৰ অস্ত্ৰোপচাৰ কৰা হয়। সম্পূৰ্ণৰূপে দৃষ্টিহীন হৈ পৰা প্ৰায় ৬০ গৰাকী পৈণত ছানি পৰা ৰোগীৰ সফল অস্ত্ৰোপচাৰ আছিল এই শিবিৰটোৰ বিশেষ আকৰ্ষণ।

বিগত দুমাহত এএফএমএছৰ চকু বিশেষজ্ঞ আৰু চিকিৎসা বিষয়াসকলে বাগপত, বুলন্দচহৰ, হাপুৰ, চামলি আৰু মোৰাদাবাদত ১২,০০০ তকৈও অধিক ৰোগীৰ ছানি পৰা আৰু অন্যান্য চকুৰ ৰোগৰ পৰীক্ষা সম্পন্ন কৰে, যাৰ ফলত দূৰ-দূৰণিৰ চহৰ আৰু গাঁৱৰ বাসিন্দাসকলো উপকৃত হয়। মীৰাটৰ সামৰিক চিকিৎসালয়ত আয়োজিত এই শিবিৰত প্ৰায় ৫,০০০ ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল। অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱা ৰোগীসকলক সামৰিক চিকিৎসালয়লৈ অনা হয় আৰু ২০২৬ চনৰ ২২ ৰ পৰা ২৪ নৱেম্বৰৰ ভিতৰত ৪১২ টা অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়।

শিবিৰটোৰ সামৰণি অনুষ্ঠানত উত্তৰ প্ৰদেশৰ সৈনিক কল্যাণ বিকাশ নিগম আৰু পিআৰডি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড° সোমেন্দ্ৰ টোমৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ ৰোগী আৰু চিকিৎসা দলটোৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বৃহৎ পৰিসৰত সাধাৰণ নাগৰিকসকললৈ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে ভাৰতীয় সেনাৰ প্ৰচেষ্টাৰ শলাগ লয়।

এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি ডিজিএএফএমএছ এয়াৰ মাৰ্শ্বাল সন্দীপ থাৰেজাই চিকিৎসা দলটোৰ অসাধাৰণ অৱদান তথা পেছাদাৰী উৎকৰ্ষ, নিষ্ঠাবান সেৱা আৰু সহানুভূতিশীল ৰোগীৰ যত্নৰ ক্ষেত্ৰত এক নতুন মানদণ্ড স্থাপন কৰাৰ বাবে প্ৰশংসা কৰে। তেওঁ কয় যে এএফএমএছে কেৱল অৱসৰপ্ৰাপ্ত সৈনিক আৰু কৰ্মৰত জোৱানসকলৰ নিৰ্ভৰশীল পৰিয়ালৰ ওপৰতেই নহয়, বৰঞ্চ এনে চিকিৎসা সুবিধা লাভ নকৰা সাধাৰণ নাগৰিকসকলৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।

৪১২ টা অস্ত্ৰোপচাৰ হৈছে পূৰ্বৰ যিকোনো চকু শিবিৰৰ তুলনাত সৰ্বাধিক, যিয়ে গুণগত মানদণ্ডৰ স্বাস্থ্যসেৱা আৰু সহানুভূতিশীল সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়িছে। আৰ্মি হস্পিটেল (ৰিচাৰ্চ এণ্ড ৰেফাৰেল)-ৰ চকু চিকিৎসা বিভাগৰ মুৰব্বী ব্ৰিগেডিয়াৰ সঞ্জয় কুমাৰ মিশ্ৰৰ নেতৃত্বত বিশেষজ্ঞ চিকিৎসকৰ এটা দলে এই অস্ত্ৰোপচাৰসমূহ সম্পন্ন কৰে। তেওঁ দেশৰ দুৰ্গম আৰু সুবিধাবঞ্চিত অঞ্চলসমূহলৈ উন্নত চকু চিকিৎসা সেৱা কঢ়িয়াই নিয়া বৃহৎ শল্য চিকিৎসা চকু শিবিৰৰ শৃংখলা ‘অপাৰেচন দৃষ্টি’ৰ নেতৃত্ব বহন কৰি আছে। এই শিবিৰটো এইচকিউ সূৰ্য কমাণ্ডৰ তত্ত্বাৱধানত আয়োজন কৰা হৈছিল।

 

***

SR/SPS/Savvy/MM


(ৰিলিজ আই ডি : 2341655) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil