জল শক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

জল জীৱন মিছন ২.০-ৰ অধীনত ১ লাখ যুৱক-যুৱতীক দক্ষ কৰি তুলিবলৈ খোৱাপানী আৰু অনাময় বিভাগে প্ৰশিক্ষণ সঞ্চালকালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে

বহনক্ষম গ্ৰাম্য জল যোগান সেৱাৰ বাবে দক্ষ কৰ্মশক্তি শক্তিশালী কৰাৰ উদ্দেশ্যে জল শক্তি মন্ত্ৰালয়ৰ দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ সৈতে অংশীদাৰিত্ব

‘নল জল মিত্ৰ’ৰ এক দক্ষ স্থানীয় কৰ্মশক্তি গঢ়ি তুলি গ্ৰাম্য যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ পদক্ষেপ

দেশজুৰি আইটিআই আৰু এনএছটিআই-সমূহৰ জৰিয়তে জল যোগান পৰিচালনা আৰু চোৱাচিতা প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব

পোষ্ট কৰা হৈছে: 25 NOV 2026 5:00PM by PIB Guwahati

গ্ৰাম্য খোৱাপানীৰ আন্তঃগাঁথনিৰ দীৰ্ঘম্যাদী স্থায়িত্ব নিশ্চিত কৰা আৰু স্থানীয়ভাৱে কৰ্মসংস্থাপন সৃষ্টিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে জল শক্তি মন্ত্ৰালয়ৰ (এমঅ’জেএছ) অধীনস্থ খোৱাপানী আৰু অনাময় বিভাগ (ডিডিডব্লিউএছ) আৰু দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ (এমএছডিই) অধীনস্থ প্ৰশিক্ষণ সঞ্চালকালয়ে (ডিজিটি) আজি জল জীৱন মিছন ২.০-ৰ (জেজেএম ২.০) অধীনত জল যোগান পৰিচালনা আৰু চোৱাচিতা দক্ষতা বিকাশ কাৰ্যসূচীৰ (নল জল মিত্ৰ) বাবে এক বুজাবুজিৰ চুক্তিত (এমঅ’ইউ) স্বাক্ষৰ কৰে।

নতুন দিল্লীস্থিত মাননীয় কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীৰ আৱাসিক কাৰ্যালয়ত মাননীয় কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী চিআৰ পাটিল, মাননীয় জল শক্তি ৰাজ্যিক মন্ত্ৰী শ্ৰী ভি সোমান্না আৰু মাননীয় দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ ৰাজ্যিক মন্ত্ৰী শ্ৰী জয়ন্ত চৌধুৰীৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

এনজেজেএম-ৰ যুটীয়া সচিব শ্ৰীমতী স্বাতী মীনা নায়ক আৰু ডিজিটি-ৰ উপ-সঞ্চালক প্ৰধান শ্ৰী সুনীল কুমাৰ গুপ্তাই আনুষ্ঠানিকভাৱে এই চুক্তিখনত স্বাক্ষৰ কৰে। চুক্তি স্বাক্ষৰ অনুষ্ঠানত এমএছডিই-ৰ সচিব শ্ৰীমতী দেৱশ্ৰী মুখাৰ্জী, ডিডিডব্লিউএছ-ৰ সচিব শ্ৰী অশোক কেকে মীনা, এনজেজেএম-ৰ অতিৰিক্ত সচিব তথা মিছন সঞ্চালক শ্ৰী কমল কিশোৰ চোন আৰু দুয়োটা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

অনুষ্ঠানত উপস্থিত থকা মাননীয় কেন্দ্ৰীয় মন্ত্ৰীসকলে এই পদক্ষেপৰ শলাগ লৈ কয় যে এক দক্ষ স্থানীয় কৰ্মশক্তিৰ জৰিয়তে গ্ৰাম্য জল যোগান ব্যৱস্থা শক্তিশালী কৰা আৰু গ্ৰাম্য যুৱক-যুৱতীসকলৰ বাবে জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত ই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। জল জীৱন মিছন ২.০-ৰ উদ্দেশ্যসমূহ সফল কৰি তুলিবলৈ দেশৰ বৃত্তিমূলক প্ৰশিক্ষণ আন্তঃগাঁথনিৰ সদ্ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ‘সমগ্ৰ চৰকাৰ’ দৃষ্টিভংগীৰ অধীনত আন্তঃমন্ত্ৰালয় সহযোগিতাৰ গুৰুত্বক তেওঁলোকে স্বীকাৰ কৰে।

জল জীৱন মিছন ২.০ আৰু এই দক্ষতা বিকাশ পদক্ষেপৰ বিষয়ে অৱগত কৰি খোৱাপানী আৰু অনাময় বিভাগৰ সচিব শ্ৰী অশোক কেকে মীনাই কয় যে ইতিমধ্যে প্ৰায় ১৬ কোটি গ্ৰাম্য পৰিয়ালক নলৰ পানী যোগান ব্যৱস্থাৰ সৈতে সংযোগ কৰা হৈছে, এতিয়া পৰৱৰ্তী অগ্ৰাধিকাৰ হৈছে এই সম্পদসমূহক দীৰ্ঘম্যাদীভাৱে সুৰক্ষিত কৰি ৰাখিব পৰা এক শক্তিশালী পৰিচালনা আৰু চোৱাচিতা ব্যৱস্থা গঢ়ি তোলা। তেওঁ গুৰুত্ব আৰোপ কৰে যে গাঁও আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহতে সময়মতে কাৰিকৰী সহায় উপলব্ধ হ’ব লাগে যাতে বাহিৰা সংস্থাৰ ওপৰত নিৰ্ভৰ নকৰাকৈ দৈনন্দিন পৰিচালনাগত সমস্যাসমূহ দ্ৰুতগতিত সমাধান কৰিব পৰা যায়।

শ্ৰী মীনাই উল্লেখ কৰে যে ডিডিডব্লিউএছ আৰু ডিজিটি-ৰ এই অংশীদাৰিত্বই ভাৰতৰ বৃত্তিমূলক প্ৰশিক্ষণ ব্যৱস্থাক পোনপটীয়াকৈ গ্ৰাম্য জল খণ্ডৰ সৈতে সংযুক্ত কৰিব। সুশৃংখলিত শ্ৰেণীকোঠাৰ শিক্ষা আৰু কাৰ্যক্ষম গ্ৰাম্য জল যোগান আঁচনিসমূহত ব্যৱহাৰিক অভিজ্ঞতাৰ জৰিয়তে পৰিচালনা আৰু চোৱাচিতা কাৰ্যকলাপত সহায় কৰিবলৈ প্ৰশিক্ষিত যুৱক-যুৱতীৰ এক নতুন গোট গঢ়ি তোলা হ’ব। তেওঁ লগতে কয় যে প্ৰমাণপত্ৰপ্ৰাপ্ত প্ৰাৰ্থীসকলৰ তথ্য জিলা আৰু গ্ৰাম পঞ্চায়ত পৰ্যায়ত উপলব্ধ কৰা হ’ব, যাৰ ফলত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে তেওঁলোকৰ নিজ নিজ নীতি আৰু প্ৰয়োজনীয়তা অনুসৰি দক্ষ কৰ্মী নিয়োগ কৰিব পাৰিব।

এই বুজাবুজিৰ চুক্তিয়ে জল জীৱন মিছন ২.০-ৰ অধীনত জল যোগান পৰিচালনা আৰু চোৱাচিতা দক্ষতা বিকাশ কাৰ্যসূচী ৰূপায়ণৰ বাবে ডিডিডব্লিউএছ আৰু ডিজিটি-ৰ মাজত এক সহযোগিতামূলক কাঠামো আনুষ্ঠানিকভাৱে গঢ়ি তুলিছে। সমগ্ৰ দেশতে থকা আইটিআই আৰু এনএছটিআই নেটৱৰ্কৰ সদ্ব্যৱহাৰ কৰি গ্ৰাম্য পাইপযুক্ত জল যোগান ব্যৱস্থাৰ পৰিচালনা আৰু চোৱাচিতাত সহায় কৰিব পৰা এক প্ৰশিক্ষিত আৰু প্ৰমাণপত্ৰপ্ৰাপ্ত কৰ্মশক্তি সৃষ্টি কৰাই হৈছে এই পদক্ষেপৰ মূল লক্ষ্য।

কাৰ্যসূচীটোৰ মূল বৈশিষ্ট্যসমূহ:

১. পৰিসৰ আৰু বিত্তীয় ব্যয়: এই বুজাবুজিৰ চুক্তিৰ অধীনত জল জীৱন মিছনৰ বৰ্ধিত সময়ছোৱাত কমেও ১,০০,০০০ (এক লাখ) প্ৰাৰ্থীক প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে, যাৰ বাবে আনুমানিক প্ৰায় ₹১১১.৯৩ কোটি ব্যয় হ’ব আৰু এই সম্পূৰ্ণ ব্যয় ডিডিডব্লিউএছ-এ নিজৰ বিভাগীয় পৰ্যায়ৰ পুঁজিৰ পৰা বহন কৰিব।

২. ১৬৫ ঘণ্টীয়া এনএছকিউএফ-সংলগ্ন পাঠ্যক্ৰম: ডিডিডব্লিউএছ-ৰ সৈতে আলোচনা কৰি ডিজিটি-ৰ অধীনস্থ চেণ্ট্ৰেল ষ্টাফ ট্ৰেইনিং এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটে (চিএছটিএআৰআই) প্ৰস্তুত কৰা আৰু এনচিভিইটি-ৰ দ্বাৰা অনুমোদিত এই হ্ৰস্বম্যাদী প্ৰশিক্ষণ (এছটিটি) পাঠ্যক্ৰমটোত ১২০ ঘণ্টাৰ আনুষ্ঠানিক প্ৰশিক্ষণ (তাত্ত্বিক আৰু ব্যৱহাৰিক) আৰু ৪৫ ঘণ্টাৰ বাধ্যতামূলক অন-দ্য-জব ট্ৰেইনিং (অ’জেটি) অন্তৰ্ভুক্ত থাকিব।

৩. লক্ষ্য গোট আৰু দ্বৈত প্ৰমাণপত্ৰ: চৰকাৰী আইটিআই আৰু এনএছটিআই-সমূহৰ ক্ৰাফ্টছমেন ট্ৰেইনিং স্কিমৰ (চিটিএছ) ফিটাৰ আৰু প্লাম্বাৰ ট্ৰেডৰ বৰ্তমানৰ আৰু উত্তীৰ্ণ প্ৰশিক্ষাৰ্থীসকলৰ বাবে ইয়াক এক ঐচ্ছিক বিষয় হিচাপে আগবঢ়োৱা হ’ব। সফলতাৰে প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত প্ৰশিক্ষাৰ্থীসকলে তেওঁলোকৰ ৰাষ্ট্ৰীয় ট্ৰেড প্ৰমাণপত্ৰৰ (এনটিচি) উপৰি ডিজিটি-ৰ পৰা এনএছকিউএফ-সংলগ্ন হ্ৰস্বম্যাদী প্ৰশিক্ষণ (এছটিটি) প্ৰমাণপত্ৰ লাভ কৰিব।

৪. ব্যৱহাৰিক দক্ষতা আৰু ক্ষেত্ৰভিত্তিক অভিজ্ঞতা: এই পাঠ্যক্ৰমত প্লাম্বিং, জল বিতৰণ ব্যৱস্থা, পাম্প আৰু মটৰ, সাধাৰণ বৈদ্যুতিক কাম, পানীৰ গুণাগুণ নিৰীক্ষণ আৰু দৈনন্দিন পৰিচালনা আৰু চোৱাচিতাৰ বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। কাৰ্যক্ষম গ্ৰাম্য পাইপযুক্ত জল যোগান আঁচনিসমূহত ডিডিডব্লিউএছ-ৰ দ্বাৰা সুবিধাপ্ৰাপ্ত ৪৫ ঘণ্টীয়া অ’জেটি-ৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলে গাঁৱৰ বাস্তৱ পৰিৱেশত পোনপটীয়া অভিজ্ঞতা লাভ কৰিব।

৫. ৰূপায়ণ আৰু পৰিচালনা: ডিজিটি-ৰ এক অধীনস্থ কাৰ্যালয় নেচনেল ইনষ্ট্ৰাকচনেল মিডিয়া ইনষ্টিটিউটে (এনআইএমআই) পুঁজি বিতৰণ, প্ৰশিক্ষণ সমন্বয়, মূল্যায়ন আৰু প্ৰমাণপত্ৰ প্ৰদানৰ বাবে প্ৰশিক্ষণ অংশীদাৰ হিচাপে কাম কৰিব। ডিডিডব্লিউএছ-এ প্ৰশিক্ষকৰ অভিমুখীকৰণ, অ’জেটি স্থান চিনাক্তকৰণত সহায় কৰিব আৰু নিজ নিজ ৰাজ্যিক মানৱ সম্পদ নীতি অনুসৰি পৰিচালনা আৰু চোৱাচিতা ভূমিকাত নিয়োগৰ সম্ভাৱনাৰ বাবে জিলা আৰু গ্ৰাম পঞ্চায়ত পৰ্যায়ত প্ৰমাণপত্ৰপ্ৰাপ্ত প্ৰাৰ্থীসকলৰ তথ্য শ্বেয়াৰ কৰিব। ডিডিডব্লিউএছ-ৰ যুটীয়া সচিব পৰ্যায়ৰ তলৰ নোহোৱা এগৰাকী বিষয়াৰ অধ্যক্ষতাত গঠিত এখন যুটীয়া পৰিচালনা সমিতিয়ে ইয়াৰ ৰূপায়ণ, লক্ষ্য আৰু পুঁজিৰ ব্যৱহাৰৰ তদাৰক কৰিব।

ডিডিডব্লিউএছ আৰু ডিজিটি-ৰ এই অংশীদাৰিত্ব ভাৰতৰ গ্ৰাম্য জল খণ্ডত পৰিচালনা আৰু চোৱাচিতাৰ সামৰ্থ্যক আনুষ্ঠানিক ৰূপ দিয়াৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। দেশৰ সুপ্ৰতিষ্ঠিত বৃত্তিমূলক প্ৰশিক্ষণ ব্যৱস্থাৰ ভিতৰত জল যোগান পৰিচালনা আৰু চোৱাচিতাৰ দক্ষতা অন্তৰ্ভুক্ত কৰি এই পদক্ষেপে কাৰিকৰী আৰু ক্ষেত্ৰভিত্তিক দক্ষতাৰে সমৃদ্ধ প্ৰমাণপত্ৰপ্ৰাপ্ত নল জল মিত্ৰসকলৰ এক বহনক্ষম ধাৰা গঢ়ি তুলিব। এই কাৰ্যসূচীয়ে গ্ৰাম্য পাইপযুক্ত জল যোগান আন্তঃগাঁথনিৰ দীৰ্ঘম্যাদী কাৰ্যক্ষমতাত সহায় কৰিব, তৃণমূল পৰ্যায়ত সেৱা প্ৰদান ব্যৱস্থা শক্তিশালী কৰিব আৰু গ্ৰাম্য যুৱক-যুৱতীসকলৰ বাবে অৰ্থপূৰ্ণ জীৱিকাৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত জল জীৱন মিছন ২.০-ৰ উদ্দেশ্যসমূহ সফল হোৱাত অৰিহণা যোগাব।

TM/AK/MM


(ৰিলিজ আই ডি : 2341654) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil , Kannada