গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

শিৱৰাজ সিং চৌহান আৰু অন্নপূৰ্ণা দেৱীয়ে ‘নয়ী চেতনা ৫.০’ অভিযান মুকলি কৰে

মহিলা সুৰক্ষা, লিংগ সমতা আৰু সবলীকৰণৰ লক্ষ্যৰে ১৫টা মন্ত্ৰালয় তথা বিভাগৰ যুটীয়া প্ৰচেষ্টা

হিংসা-মুক্ত গাঁও গঢ়াৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

২৫ নৱেম্বৰৰ পৰা ২৩ ডিচেম্বৰ ২০২৬লৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এমাহজোৰা ৰাষ্ট্ৰীয় অভিযান

পোষ্ট কৰা হৈছে: 25 NOV 2026 5:48PM by PIB Guwahati

নতুন দিল্লী, ২৫ নৱেম্বৰ: কেন্দ্ৰীয় গ্ৰামোন্নয়ন তথা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে আজি নতুন দিল্লীৰ পিইউএছএ স্থিত ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান চৌহদত(এনএএছচি) লিংগ সমতা আৰু মহিলা সৱলীকৰণৰ ৰাষ্ট্ৰীয় অভিযান ‘নয়ী চেতনা: পেহেল বদলাব কী’ৰ পঞ্চম সংস্কৰণ ‘নয়ী চেতনা ৫.০’ৰ শুভাৰম্ভণি কৰে।এই অনুষ্ঠানত গ্ৰামোন্নয়ন বিভাগৰ সচিব শ্ৰী ৰোহিত কনছাল, মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ সচিব শ্ৰী অনিল মালিক আৰু ন্যায় বিভাগৰ সচিব শ্ৰী নীৰজ বাৰ্মাৰ লগতে অংশগ্ৰহণকাৰী মন্ত্ৰালয়সমূহৰ জ্যেষ্ঠ বিষয়া, ৰাজ্য চৰকাৰৰ প্ৰতিনিধি, উন্নয়নমূলক সহযোগী আৰু দেশৰ বিভিন্ন প্ৰান্তৰ মহিলা নেত্ৰীসকল উপস্থিত থাকে।

এই অনুষ্ঠানৰ কেন্দ্ৰবিন্দু আছিল গ্ৰামোন্নয়ন বিভাগ, মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়, ন্যায় বিভাগ আৰু ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ (এনএএলএছএ) দ্বাৰা স্বাক্ষৰিত ‘হিংসামুক্ত গাঁও গঢ়াৰ পদক্ষেপ’ৰ (ভিএফভিআই) ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি। এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে ডিএৱাই-এনআৰএলএম-ৰ অধীনস্থ লিংগ সম্পদ কেন্দ্ৰসমূহক ৱান ষ্টপ চেণ্টাৰ, মহিলা হেল্পলাইন ১৮১, দিশা ২.০ আৰু আইনী সাহায্য সেৱাসমূহক প্ৰতিৰোধ আৰু সুৰক্ষাৰ পৰা আৰম্ভ কৰি আইনী সহায় আৰু পুনৰ্বাসনলৈকে সমৰ্থনৰ একক শৃংখলাত সংযোগ কৰিছে। ৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পাইলট ভিত্তিত এই পদক্ষেপ ৰূপায়ণ কৰা হ’ব। ইয়াৰ মূল লক্ষ্য হৈছে—হিংসাৰ সন্মুখীন হোৱা কোনো মহিলাই যাতে সহায় বিচাৰি অকলশৰে সংগ্ৰাম কৰিবলগীয়া নহয়।

অনুষ্ঠানত ভাষণ দি শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে মহিলা সৱলীকৰণ, মৰ্যাদা আৰু সন্মান হৈছে ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগীৰ মূল আধাৰ। তেওঁ গ্ৰাম্য অৰ্থনীতিলৈ প্ৰায় ৩.৭৫ কোটি ‘লাখপতি দিদী’ৰ অৱদানৰো শলাগ লয়। তেওঁ লগতে কয় যে অৰ্থনৈতিক স্বাৱলম্বিতাৰ সৈতে মহিলাৰ মৰ্যাদা, সুৰক্ষা আৰু সমান সুযোগ নিশ্চিত কৰাটোও সমানেই প্ৰয়োজনীয়। পুৰুষতান্ত্ৰিক মানসিকতাৰ পৰিৱৰ্তন সাধনৰ বাবে তেওঁ সকলোকে ঐক্যবদ্ধ প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়।এই বুজাবুজিৰ চুক্তিয়ে মহিলা সুৰক্ষা, ন্যায়, পুনৰ্সংস্থাপন আৰু জীৱিকাৰ সহায়ক একেটা ব্যৱস্থাৰ অধীনলৈ আনিব বুলি উল্লেখ কৰি তেওঁ ৰাজ্য চৰকাৰ, আত্মসহায়ক গোট (এছএইচজি), অংগনৱাড়ী নেটৱৰ্ক আৰু স্থানীয় সমাজক এই অভিযানক তৃণমূল পৰ্যায়ত এক নিৰন্তৰ কাৰ্যসূচী হিচাপে ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। লগতে নিচামুক্ত আৰু হিংসামুক্ত গাঁও গঢ়াৰ বাবে ‘নিচামুক্ত ভাৰত অভিযান’কো এই পদক্ষেপৰ সৈতে সংযুক্ত কৰাৰ আহ্বান জনায়।

শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে অভিযানটো প্ৰতিটো পৰিয়াললৈ লৈ যোৱাৰ ক্ষেত্ৰত সমাজভিত্তিক প্ৰতিষ্ঠানসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ মহিলাসকলৰ বাবে উপলব্ধ সহায় সেৱাসমূহৰ অধিক প্ৰচাৰ আৰু ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কোনো বিপদগ্ৰস্ত মহিলাই যাতে সময়মতে সহায়ৰ পৰা বঞ্চিত নহয়, তাৰ বাবে মহিলা হেল্পলাইন ১৮১ আৰু জৰুৰীকালীন সঁহাৰি নম্বৰ ১১২ মনত ৰখা, সংৰক্ষণ কৰা আৰু আনৰ মাজতো প্ৰচাৰ কৰিবলৈ তেওঁ সকলো নাগৰিকক আহ্বান জনায়।

শ্ৰী ৰোহিত কনছালে ‘নয়ী চেতনা’ অভিযানৰ যাত্ৰাৰ কথা উল্লেখ কৰি কয় যে আৰম্ভণিতে সজাগতা সৃষ্টিৰ অভিযান হিচাপে আৰম্ভ হোৱা এই পদক্ষেপে এতিয়া সমগ্ৰ দেশতে এক সমাজৰ নেতৃত্বত পৰিচালিত গণ-আন্দোলনৰ ৰূপ লৈছে। বৰ্তমানলৈকে এই অভিযানত ৫.৩ কোটি লোকে অংশগ্ৰহণ কৰিছে আৰু প্ৰায় ৭,০০০টা লিংগ সমতা সম্পদ কেন্দ্ৰ স্থাপন কৰা হৈছে। তেওঁ কয় যে পঞ্চম সংস্কৰণৰ জৰিয়তে এই সজাগতা আৰু সমাজৰ আস্থাক কাৰ্যকৰী সহায়, আইনী সাহায্য আৰু সময়মতে ন্যায় লাভৰ ব্যৱস্থালৈ ৰূপান্তৰিত কৰা হ’ব।

শ্ৰী অনিল মালিকে হেল্পলাইন, আইনী সেৱা আৰু সহায়কাৰী প্ৰতিষ্ঠানসমূহৰ মাজত নিৰৱচ্ছিন্ন সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ সৈতে সময়মতে সঁহাৰি আৰু নিয়মীয়া অনুসৰণ ব্যৱস্থা নিশ্চিত কৰাৰ কথাও তেওঁ উল্লেখ কৰে। ১৬ দিনীয়া কাৰ্যসূচীৰ কথা উল্লেখ কৰি তেওঁ মহিলাৰ সুৰক্ষা নিশ্চিত কৰাটো পৰিয়াল, সমাজ আৰু প্ৰতিষ্ঠানসমূহৰ সামূহিক দায়িত্ব বুলি দোহাৰে।

শ্ৰী নীৰজ বাৰ্মাই বৰ্তমানৰ আইনী সুৰক্ষা ব্যৱস্থাসমূহক মহিলাসকলে বাস্তৱত সহজে লাভ কৰিব পৰা সেৱালৈ ৰূপান্তৰিত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। বিশেষকৈ গ্ৰাম্য আৰু দূৰৱৰ্তী অঞ্চলৰ মহিলাসকলৰ বাবে এই ব্যৱস্থা অধিক সুলভ কৰাৰ ওপৰত তেওঁ গুৰুত্ব দিয়ে। আইনী সজাগতা বৃদ্ধি, প্ৰয়োজনীয় সেৱালৈ প্ৰেৰণ আৰু বিনামূলীয়া আইনী সাহায্য প্ৰদানৰ ক্ষেত্ৰত এনএএলএছএ, টেলি-ল’, ন্যায় বন্ধু, পেৰালিগেল স্বেচ্ছাসেৱক আৰু লিংগ সমতা সম্পদ কেন্দ্ৰসমূহৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে।

অনুষ্ঠানত লিংগভিত্তিক বৈষম্য আৰু হিংসা প্ৰতিৰোধ কৰাৰ লগতে মহিলাৰ অৰ্থনৈতিক সৱলীকৰণৰ লক্ষ্যৰে চৰকাৰৰ সকলো বিভাগৰ সমন্বিত প্ৰচেষ্টাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এখন আন্তঃমন্ত্ৰালয় যৌথ পৰামৰ্শাৱলীও প্ৰকাশ কৰা হয়। এই পদক্ষেপত সহযোগিতা আগবঢ়োৱা ১৫টা মন্ত্ৰালয় আৰু বিভাগ হ’ল—গ্ৰামোন্নয়ন, মহিলা আৰু শিশু বিকাশ, বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা, গৃহ পৰিক্ৰমা, পঞ্চায়তীৰাজ, কৃষি আৰু কৃষক কল্যাণ, সামাজিক ন্যায় আৰু সৱলীকৰণ, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ, তথ্য আৰু সম্প্ৰচাৰ, ন্যায়, শ্ৰম আৰু নিযুক্তি, ৰাজহ আৰু পথ পৰিবহণ তথা ঘাইপথ।

ডিএৱাই-এনআৰএলএমৰ নেতৃত্বত পৰিচালিত এই অভিযান ২৩ ডিচেম্বৰ ২০২৬লৈকে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতেই চলিব। অভিযানটো চাৰিটা মূল বিষয়বস্তুৰ ওপৰত আধাৰিত—পৰিচয়, সম্পদৰ অধিকাৰ আৰু মালিকানা, যাতায়াত আৰু চলাচলৰ স্বাধীনতা, আৰু অবৈতনিক কামৰ পুনৰ বিতৰণ। আত্মসহায়ক গোট আৰু সমাজভিত্তিক প্ৰতিষ্ঠানসমূহৰ জৰিয়তে গ্ৰাম্য ভাৰতৰ বিভিন্ন অঞ্চলত সজাগতা অভিযান, সমদল, সমাজভিত্তিক বৈঠক, বাটৰ নাট আৰু পুৰুষ তথা যুৱকসকলৰ সৈতে মত-বিনিময়ৰ ব্যৱস্থা কৰা হ’ব।

অনুষ্ঠানত ‘নয়ী চেতনা ৪.০’ৰ মূল্যায়ন প্ৰতিবেদন আৰু ‘নয়ী চেতনা’ৰ শীৰ্ষগীত মুকলি কৰা হয়। লগতে লিংগ সমতা বিষয়ক বিশেষ উদ্যোগী (Gender Champions) আৰু ৱান ষ্টপ চেণ্টাৰৰ প্ৰশাসকসকলে ক্ষেত্ৰ পৰ্যায়ৰ অভিজ্ঞতা বিনিময় কৰে। আত্মসহায়ক গোটৰ মহিলা সদস্য, অংগনৱাড়ী কৰ্মী, ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু নাগৰিক সমাজৰ সহযোগীসকলৰ বৃহৎ অংশগ্ৰহণেৰে অনুষ্ঠানটোৱে লিংগ সমতাৰ বাবে ‘নয়ী চেতনা’ক এক প্ৰকৃত জন-আন্দোলন হিচাপে পুনৰ প্ৰতিষ্ঠা কৰে।

***

PU/MS


(ৰিলিজ আই ডি : 2341652) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Odia , Tamil