57th International Film Festival of India 2026
20 – 28 Nov 2026

দৰ্শকক হঁহুৱাব পৰাটো এক গুৰুত্বপূৰ্ণ সৃষ্টিশীল কাম: আইএফএফআই ২০২৬ত অনিল ৰবিপুড়িৰ মন্তব্য

পোষ্ট কৰা হৈছে: 25 NOV 2026 3:47PMby PIB Guwahatiৰিলিজ আই ডি : 2341379Views: 2

গোৱা, ২৫ নৱেম্বৰ:

“দৰ্শকক হঁহুৱাব পৰাটো  এক গুৰুত্বপূৰ্ণ  সৃষ্টিশীল কাম।” — ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) ২০২৬ৰ গোৱাত অনুষ্ঠিত এখন সংবাদমেলত এই মন্তব্য কৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপক পৰিচালক অনিল ৰবিপুড়িয়ে।

তেওঁ পৰিচালনা কৰা  ‘মানা শংকৰ বাৰা প্ৰসাদ গাৰু’ নামৰ চলচ্চিত্ৰখনক লৈ অনুষ্ঠিত সংবাদমেলত পৰিচালকগৰাকীয়ে এই মন্তব্য কৰে। ১৬৪ মিনিট দৈৰ্ঘ্যৰ তেলুগু ভাষাৰ এই ছবিখন আইএফএফআই ২০২৬ৰ ভাৰতীয় পেনোৰামাৰ মূলসুঁতিৰ চলচ্চিত্ৰ শাখাৰ বাবে নিৰ্বাচিত পাঁচখন চলচ্চিত্ৰৰ ভিতৰত অন্যতম।

সংবাদমেলত পৰিচালকগৰাকীৰ সৈতে উপস্থিত থাকে ছবিখনৰ প্ৰযোজক চাহু গাৰাপতি আৰু কে. সুষ্মিতা তথা অভিনেত্ৰী কেথেৰিন ট্ৰেছা।

“হাস্যৰস সৃষ্টি কৰাটো সদায় এক গুৰুত্বপূৰ্ণ আৰু কঠিন কাম”, বুলি মন্তব্য কৰি অনিল ৰবিপুড়িয়ে কয় যে পৰিয়ালকেন্দ্ৰিক আবেগ আৰু চিৰঞ্জীৱীৰ দৰে জনপ্ৰিয় তাৰকাৰ সৈতে জড়িত ছবিকলৈ দৰ্শকৰ প্ৰত্যাশাৰ মাজত সামঞ্জস্য ৰাখি হাস্যমধুৰ চিত্ৰনাট্য প্ৰস্তুত কৰাটো সহজ নহয়।

তেওঁ কয় যে কেনেধৰণৰ  কৌতুকে দৰ্শকৰ মন জয় কৰিব পাৰিব, সেয়া আগতীয়াকৈ অনুমান কৰাটো কঠিন।

নিজৰ দলটোৰ সহযোগিতাৰ কথা উল্লেখ কৰি পৰিচালকগৰাকীয়ে কয় যে সকলো বয়সৰ দৰ্শকৰ বাবে আকৰ্ষণীয় হ’ব পৰা কাহিনী নিৰ্মাণ কৰাই তেওঁৰ প্ৰধান লক্ষ্য ।

অনিল ৰবিপুড়িৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত ‘মানা শংকৰ বাৰা প্ৰসাদ গাৰু’ ছবিখনৰ কাহিনী এগৰাকী ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়াক কেন্দ্ৰ কৰি আগবাঢ়িছে।

পেছাগত দায়িত্বৰ প্ৰতি অত্যধিক নিষ্ঠাৰ বাবে বিষয়াগৰাকী পত্নী আৰু সন্তানৰ পৰা আঁতৰি থাকিবলগীয়া হয়।

ছয় বছৰৰ পিছত পৰিয়ালৰ সৈতে পুনৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে তেওঁ সন্তানৰ বিদ্যালয়খনতে এটা চাকৰি কৰিবলৈ লয়।

হাস্যৰস, একছন আৰু পাৰিবাৰিক আবেগৰ সংমিশ্ৰণেৰে নিৰ্মিত ছবিখনে পেছাগত দায়িত্ব তথা ব্যক্তিগত সম্পৰ্কৰ মাজৰ সংঘাতৰ লগতে পুনৰ মিলনৰ সম্ভাৱনাৰ দিশটোও প্ৰতিফলিত কৰিছে।

চিৰঞ্জীৱীৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি অনিল ৰবিপুড়িয়ে কয় যে তেওঁ শৈশৱৰ পৰাই অভিনেতাগৰাকীৰ চলচ্চিত্ৰ চাই আহিছে।

বিগত বছৰবোৰত চিৰঞ্জীৱীয়ে বিভিন্ন চৰিত্ৰত কৰা অভিনয়ৰ সৈতে পৰিচালকগৰাকীৰ পূৰ্বৰে পৰা থকা পৰিচয়ে তেওঁক বিশেষ চৰিত্ৰটো উপযুক্তভাৱে উপস্থাপন কৰিব পৰাকৈ এটা সৰল পাৰিবাৰিক কাহিনী প্ৰস্তুত কৰাত সহায় কৰিছে।

সংক্ৰান্তি উৎসৱৰ সময়ছোৱাত মুক্তি লাভ কৰা চলচ্চিত্ৰসমূহৰ সৈতে থকা নিজৰ সম্পৰ্কৰ বিষয়ে ক’বলৈ গৈ পৰিচালকগৰাকীয়ে কয় যে উৎসৱৰ বতৰটো পাৰিবাৰিক মনোৰঞ্জনধৰ্মী চলচ্চিত্ৰৰ বাবে স্বাভাৱিকতে উপযুক্ত সময়।

কাৰণ এই সময়ছোৱাত পৰিয়ালৰ সদস্যসকল একত্ৰিত হয় আৰু একেলগে চলচ্চিত্ৰ উপভোগ কৰিবলৈ ছবিগৃহলৈ যায়।

তেওঁ লগতে কয় যে দৈনন্দিন জীৱনৰ মানসিক চাপৰ পৰা কিছু সময়ৰ বাবে মুক্তি লাভ কৰাত চলচ্চিত্ৰই দৰ্শকক সহায় কৰে।

দৰ্শকৰ মুখত হাঁহি বিৰিঙাব পৰাৰ আনন্দই এনে চলচ্চিত্ৰ নিৰ্মাণ কৰি যাবলৈ তেওঁক যথেষ্ট অনুপ্ৰেৰণা যোগায় বুলিও পৰিচালকগৰাকীয়ে উল্লেখ কৰে।

চলচ্চিত্ৰখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী কেথেৰিন ট্ৰেছাই  অভিনেতা চিৰঞ্জীৱীৰ সৈতে কাম কৰাৰ অভিজ্ঞতাক এক মূল্যৱান শিক্ষণৰ সুযোগ বুলি অভিহিত কৰে।

গুৰুগম্ভীৰ চৰিত্ৰৰ পৰা গৈ পাতলীয়া তথা হাস্যৰসাত্মক চৰিত্ৰত অভিনয়  কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে অভিনয়ৰ ক্ষেত্ৰত বহুমুখী প্ৰতিভাৰ অধিকাৰী হোৱাৰ লগতে পৰিচালকৰ দৃষ্টিভংগী বুজি পোৱাটোও অতি গুৰুত্বপূৰ্ণ কথা।

আইএফএফআইৰ বাবে চলচ্চিত্ৰখন নিৰ্বাচিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে বাণিজ্যিক মনোৰঞ্জনধৰ্মী চলচ্চিত্ৰৰ জৰিয়তে অধিক সংখ্যক দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ তেওঁ বহুদিন ধৰি মনত এক  ইচ্ছা পুহি ৰাখিছে ।

চলচ্চিত্ৰ মহোৎসৱসমূহত মূলসুঁতিৰ চলচ্চিত্ৰক স্বীকৃতি প্ৰদানৰ বিষয়টোক আদৰণি জনাই অনিল ৰবিপুড়িয়ে এনেদৰে  বিভিন্ন ধৰণৰ চলচ্চিত্ৰক স্থান দিয়াৰ ক্ষেত্ৰত বিচাৰক মণ্ডলীৰ প্ৰচেষ্টাৰ শলাগ লয়।

তেওঁ কয় যে চলচ্চিত্ৰ মহোৎসৱসমূহে কলাত্মক তথা কাৰিকৰী উৎকৰ্ষতাৰ লগতে বৃহৎ সংখ্যক দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হোৱা বাণিজ্যিকভাৱে সফল চলচ্চিত্ৰসমূহকো স্বীকৃতি প্ৰদান কৰিব পাৰে।

আইএফএফআইত চলচ্চিত্ৰখনৰ প্ৰদৰ্শনে বিভিন্ন ধাৰাৰ চলচ্চিত্ৰৰ লগতে জনপ্ৰিয় চলচ্চিত্ৰৰো গুৰুত্বৰ কথাই  প্ৰতিফলিত কৰিছে।

হাস্যৰস, আবেগ আৰু একেলগে সময় কটোৱাৰ অভিজ্ঞতাৰ জৰিয়তে পৰিয়ালসমূহক একত্ৰিত কৰা কাহিনীৰ প্ৰদৰ্শনে বিশেষ তাৎপৰ্য বহন কৰিছে।

উক্ত সংবাদমেলৰ আঁত ধৰে স্বাতী আগৰৱালে।

সম্পূৰ্ণ সংবাদমেল ইয়াত চাব পাৰিব।

Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

* * *

PIB IFFI Team/Rabeehashmi/Supriya/Praveen/ Darshana | IFFI 57 - 094


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2341379
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026