পোষ্ট কৰা হৈছে:
24 NOV 2026 2:42PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শ্ৰী জয়ন্ত চৌধাৰীৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰে, য'ত দক্ষতা বিকাশৰ ওপৰত দেশৰ বৰ্ধিত গুৰুত্ব আৰু দক্ষতাক এক পছন্দৰ কেৰিয়াৰৰ পথ হিচাপে গঢ়ি তোলাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা হৈছে।
শ্ৰী চৌধাৰীয়ে সমাগত ৱৰ্ল্ডস্কিলছ এছিয়া ২০২৭, আইটিআইসমূহৰ উন্নয়নৰ বাবে পিএম-সেতু উদ্যোগৰ সৈতে জড়িত প্ৰশিক্ষণ শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি এই পদক্ষেপসমূহে কেনেদৰে কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত উদীয়মান সুযোগৰ বাবে যুৱক-যুৱতীসকলক প্ৰস্তুত কৰি আছে সেই বিষয়ে প্ৰতিফলিত কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ
‘ভাৰতে নিজৰ দক্ষতাৰ যাত্ৰাক বিশ্ব পৰ্যায়লৈ লৈ গৈছে৷
কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শ্ৰী জয়ন্ত চৌধাৰীয়ে দক্ষতা বিকাশৰ ওপৰত দেশৰ বৰ্ধিত গুৰুত্ব আৰু দক্ষতাক এক পছন্দৰ কেৰিয়াৰৰ পথ হিচাপে গঢ়ি তোলাৰ গুৰুত্বৰ বিষয়ে লিখিছে।
তেওঁ সমাগত ৱৰ্ল্ডস্কিলছ এছিয়া ২০২৭, আইটিআইসমূহৰ উন্নয়নৰ বাবে পিএম-সেতু উদ্যোগৰ সৈতে জড়িত প্ৰশিক্ষণ শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে এই পদক্ষেপসমূহে কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত কেনেদৰে উদীয়মান সুযোগৰ বাবে যুৱপ্ৰজন্মক প্ৰস্তুত কৰি আছে সেই বিষয়েও আলোকপাত কৰে।’
MJPS/SS/VJ/SS/MK