পোষ্ট কৰা হৈছে:
24 NOV 2026 11:38AM by PIB Guwahati
১৯৫২ চনত প্ৰতিষ্ঠিত ভাৰতীয় মহাকাশ চিকিৎসা সমিতি (আই এছ এ এম) হৈছে দেশৰ একমাত্ৰ পঞ্জীভুক্ত মহাকাশ চিকিৎসা সমিতি। জ্ঞানৰ আদান-প্ৰদানক উৎসাহিত কৰা আৰু জটিল মহাকাশ চিকিৎসা সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ সমাধানৰ হকে অগ্ৰণী গৱেষণাৰ বাবে উৎসৰ্গিত এই সমিতিয়ে ১৯৫৪ চনৰ পৰা ইয়াৰ বাৰ্ষিক বৈজ্ঞানিক সন্মিলন আয়োজন কৰি আহিছে। আই এছ এ এম-এ ২০২৬ চনৰ ২৬-২৭ নৱেম্বৰত বেংগালুৰুৰ ইনষ্টিটিউট অব এৰোস্পেচ মেডিচিন (আই এ এম)-ত ইয়াৰ ৬৫ সংখ্যক বাৰ্ষিক সন্মিলন আয়োজন কৰিব। ভাৰতত মহাকাশ চিকিৎসা সম্পৰ্কীয় কাৰ্যকলাপৰ প্ৰধান সংযোগী কেন্দ্ৰ হিচাপে আই এ এম-এ থলুৱা বিমানৰ শৈলী আৰু বিকাশ তথা ভাৰতৰ উচ্চাকাংক্ষী মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ বাবে চিকিৎসা সহায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই বছৰৰ বিষয়বস্তু, ‘এক আকাশ - এক মিছন: ৰানৱে’ৰ পৰা কক্ষপথলৈ মহাকাশ চিকিৎসা সম্পৰ্কীয় সহায়’, ৰ জৰিয়তে মহাকাশ চিকিৎসাৰ এক ঐক্যবদ্ধ দৃষ্টিভংগী প্ৰকাশ কৰা হৈছে। ইয়াৰ জৰিয়তে সামৰিক বিমান চলাচল, অসামৰিক বিমান চলাচল আৰু মানৱ মহাকাশ উৰণক নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰাৰ প্ৰয়াস কৰা হৈছে। এই বিষয়বস্তুৱে ক্লিনিকেল উৎকৃষ্টতা, পৰিচালনামূলক চিকিৎসা আৰু অত্যাধুনিক গৱেষণাৰ মাজৰ সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লক্ষ্য হৈছে মানৰ সমন্বয় সাধন আৰু উৰণৰ প্ৰতিটো ক্ষেত্ৰতে আন্তঃবিষয়ক সহযোগিতা বৃদ্ধি কৰা।
সন্মিলনখন ভাৰত আৰু বিদেশৰ বিশিষ্ট সামৰিক তথা অসামৰিক গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল আশুতোষ দীক্ষিতে উদ্বোধন কৰিব। এই অনুষ্ঠানত সামৰিক আৰু অসামৰিক বিমান খণ্ডৰ চিকিৎসা পেছাদাৰী, ভাৰতীয় বায়ুসেনাৰ এয়াৰক্ৰু আৰু ডি আৰ ডি অ’, মহাকাশ উদ্যোগ সংস্থাসমূহৰ প্ৰখ্যাত বিজ্ঞানীসহ প্ৰায় ২৫০গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ আশা কৰা হৈছে।
এই অনুষ্ঠানৰ এক মুখ্য আকৰ্ষণ হ’ব ‘চেমিলাক’ৰ মুখ্য কাৰ্যবাহী শ্ৰী এ পি ভি এছ প্ৰসাদে প্ৰদান কৰিবলগীয়া এয়াৰ মাৰ্শ্বাল সুব্ৰত মুখাৰ্জী স্মাৰক বক্তৃতা আৰু ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ প্ৰধান পৰামৰ্শদাতা (এৰোস্পেচ মেডিচিন) এয়াৰ ভাইচ মাৰ্শ্বাল অনুপম আগৰৱালে (অৱসৰপ্ৰাপ্ত) প্ৰদান কৰিবলগীয়া এয়াৰ ভাইচ মাৰ্শ্বাল শ্ৰীনাগেশ স্মাৰক বক্তৃতা। ইয়াৰ উপৰি, জে এইচ এফ মানেকশ্ব পেনেলত উইং কমাণ্ডাৰ সুৰেন্দৰ সোধী (অৱসৰপ্ৰাপ্ত) আৰু কৰ্ণেল কে এন ৰাও (অৱসৰপ্ৰাপ্ত)ৰ বিশেষজ্ঞৰ অৱলোকন কাৰ্য্সূচী থাকিব। এই বছৰ এক যুগান্তকাৰী সংযোজন হিচাপে সমিতিয়ে মহাকাশচাৰী উইং কমাণ্ডাৰ ৰাকেশ শৰ্মা (অৱসৰপ্ৰাপ্ত)ৰ স্মৰণীয় উত্তৰাধিকাৰক সন্মান জনাবলৈ "মহাকাশচাৰী ৰাকেশ শৰ্মা বক্তৃতা" শীৰ্ষক এক উল্লেখযোগ্য বক্তৃতা শৃংখলা আৰম্ভ কৰিছে। এই শৃংখলাৰ লক্ষ্য হৈছে মহাকাশ অন্বেষণৰ ভৱিষ্যৎ আৰু মহাকাশ চিকিৎসা তথা প্ৰযুক্তিবিদ্যাত ভাৰতৰ সম্প্ৰসাৰিত পদক্ষেপ সন্দৰ্ভত আলোচনা কৰিবলৈ দূৰদৰ্শী আৰু অগ্ৰগামীসকলক একত্ৰিত কৰা । উদ্বোধনী বক্তৃতা প্ৰদান কৰিব স্কাইৰুট এৰোস্পেচৰ চি ই অ’ শ্ৰী পৱন কুমাৰ চান্দনাই।
বৈজ্ঞানিক কাৰ্যসূচীত পেনেল, ছিম্পোজিয়াম, মঞ্চ আৰু পোষ্টাৰ অধিৱেশনৰ জৰিয়তে শতাধিক গৱেষণা পত্ৰ উপস্থাপন কৰা হ’ব। আলোচনাৰ পৰিপূৰক হিচাপে এক বৈজ্ঞানিক প্ৰদৰ্শনীত অত্যাধুনিক মহাকাশ চিকিৎসা সঁজুলি তথা জৈৱ-চিকিৎসা যন্ত্ৰ প্ৰদৰ্শন কৰা হ’ব। সন্মিলনখনে বৌদ্ধিক আদান-প্ৰদানৰ বাবে এক মঞ্চ হিচাপে কাম কৰাৰ লগতে বিষয় বিশেষজ্ঞসকলক সহযোগিতা কৰাৰ আৰু মহাকাশ চিকিৎসাৰ অগ্ৰগতিত যৌথতা তালিকাভুক্ত কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰিব।
JS/VK/SM/DD