পোষ্ট কৰা হৈছে:
24 NOV 2026 10:49AM by PIB Guwahati
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ বাণিজ্য বিভাগৰ অধীনস্থ কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষই (এপেডা) ২০২৬ চনৰ ২০ নৱেম্বৰত বাৰাণসীত ‘অংশীদাৰসকলৰ সৈতে মত-বিনিময়’ কাৰ্যসূচীৰ আয়োজন কৰে।
এই কাৰ্যসূচীত ৰপ্তানিকাৰী আৰু চৰকাৰী সংস্থাসমূহ একত্ৰিত হৈ কৃষি তথা সংসাধিত খাদ্য ৰপ্তানিৰ সৈতে জড়িত মূল বিষয়সমূহ, যেনে ৰপ্তানি সুবিধা, পেকেজিং, ৰচদ পাতি, বজাৰত প্ৰৱেশ, নিয়ন্ত্ৰণমূলক প্ৰয়োজনীয়তা আৰু প্ৰাতিষ্ঠানিক সহায় সন্দৰ্ভত আলোচনা কৰে। এপেডাৰ বিষয়াসকলে অংশগ্ৰহণকাৰীসকলে উত্থাপন কৰা উদ্বেগসমূহৰ সমাধান কৰাৰ লগতে ৰপ্তানি সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত আঞ্চলিক ৰপ্তানিকাৰীসকলৰ অধিক অংশগ্ৰহণ সুবিধাজনক কৰাত সকলো সম্ভাৱ্য সহায়ৰ আশ্বাস দিয়ে।
এপেডাৰ অধ্যক্ষ শ্ৰী অভিষেক দেৱৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্যসূচীৰ এক মুখ্য আকৰ্ষণ আছিল উত্তৰ প্ৰদেশৰ ফাৰুখাবাদৰ পৰা কাটাৰলৈ প্ৰথমবাৰৰ বাবে শীতলীকৃত সেউজীয়া মটৰ আৰু মিশ্ৰিত শাক-পাচলিৰ ৰপ্তানি চালানৰ ভাৰ্চুৱেল ফ্লেগ-অফ। মে/ছ শ্ৰী লক্ষ্মী ফ্ৰ’জেন ফুডছে ৰপ্তানি কৰা এই চালানত ৬৩ মেট্ৰিক টন শীতলীকৃত সেউজীয়া মটৰ আৰু মিশ্ৰিত শাক-পাচলি আছে। এই চালান ফাৰুখাবাদৰ পৰা আৰম্ভ হৈ নহাভা শ্বেভা বন্দৰৰ মাজেৰে কাটাৰৰ দোহালৈ প্ৰেৰণ কৰা হয়।
চালানৰ এই প্ৰথম প্ৰচেষ্টাই উত্তৰ প্ৰদেশৰ কৃষি ৰপ্তানিৰ সম্ভাৰ বৈচিত্ৰ্যময় কৰাৰ ক্ষেত্ৰত, বিশেষকৈ মূল্য সংযোজিত আৰু শীতলীকৃত খাদ্য খণ্ডত এক গুৰুত্বপূৰ্ণ বিকাশ প্ৰতিফলিত কৰে। ফাৰুখাবাদ আৰু ইয়াৰ সমীপৰ অঞ্চলসমূহত শাক-পাচলি উৎপাদন আৰু প্ৰক্ৰিয়াকৰণৰ যথেষ্ট সম্ভাৱনা আছে৷ এই ৰপ্তানিয়ে আঞ্চলিক কৃষি উৎপাদনক খাদ্য-প্ৰক্ৰিয়াকৰণ সুবিধা তথা আন্তঃৰাষ্ট্ৰীয় যোগান শৃংখলাৰ সৈতে সংযোগ কৰাৰ সম্ভাৱনা প্ৰতিফলিত কৰাৰ ফলত কৃষক, কৃষক উৎপাদক সংগঠন (এফ পি অ’), প্ৰক্ৰিয়াকাৰী আৰু ৰপ্তানিকাৰীসকলৰ বাবে সুযোগ সৃষ্টি হয়।
কাৰ্যসূচীত ভাষণ দি এপেডাৰ অধ্যক্ষ শ্ৰী অভিষেক দেৱে কৃষি আৰু সংসাধিত খাদ্য ৰপ্তানিৰ প্ৰচাৰৰ হকে সদস্য ৰপ্তানিকাৰীসকলক প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ বাবে এপেডাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। তেওঁ শেহতীয়াকৈ আৰম্ভ হোৱা ভাৰত কৃষি নিৰ্যাত যোজনা (বি কে এন ৱাই)ৰ বিষয়েও কয়। এই যোজনাৰ লক্ষ্য হৈছে কৃষি ৰপ্তানিক উৎসাহিত কৰাৰ লগতে ৰপ্তানি সম্পৰ্কীয় আন্তঃগাঁথনি আৰু কাৰ্যকলাপ শক্তিশালী কৰা। তেওঁ এফ পি অ’সমূহৰ সবলীকৰণ আৰু ৰপ্তানি মূল্য শৃংখলাত এইসমূহৰ একত্ৰীকৰণ সুবিধাজনক কৰাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ সূচল কৰি তোলাৰ লক্ষ্যৰে সমৃদ্ধ এপেডাৰ ভাৰতী পদক্ষেপৰ বিষয়েও আলোকপাত কৰে।
অধ্যক্ষগৰাকীয়ে বিশ্ব বজাৰত ভাৰতীয় কৃষি সামগ্ৰীৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে ৰপ্তানিকাৰক, এফ পি অ’, চৰকাৰী বিভাগ আৰু অন্যান্য অংশীদাৰসকলৰ মাজত সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই মত-বিনিময়ে ৰপ্তানিকাৰীসকলে সন্মুখীন হোৱা ব্যৱহাৰিক প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰাৰ আৰু প্ৰাতিষ্ঠানিক সহায় তথা ৰপ্তানি সুবিধা শক্তিশালী কৰাৰ ব্যৱস্থাসমূহ আলোচনা কৰাৰ সুযোগো প্ৰদান কৰে।
এই কাৰ্যসূচীত এপেডা, উত্তৰ প্ৰদেশ চৰকাৰৰ কৃষি বিভাগ, ই চি জি চি, ডি পি পি কিউ শ্চ, এ আই ক্লাছ আৰু অন্যান্য সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰপ্তানিকাৰী, এফ পি অ’ আৰু কৃষি তথা খাদ্য-প্ৰক্ৰিয়াকৰণ খণ্ডৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
অংশীদাৰসকলৰ সৈতে সম্পৰ্ক, বজাৰ উন্নয়ন পদক্ষেপ, আন্তঃগাঁথনি সহায় আৰু ক্ষমতা বৃদ্ধি কাৰ্যসূচীৰ জৰিয়তে এপেডা-এ ভাৰতৰ কৃষি আৰু সংসাধিত খাদ্য ৰপ্তানিৰ সম্প্ৰসাৰণ সুবিধাজনক কৰি আহিছে। ফাৰুখাবাদৰ পৰা কাটাৰলৈ শীতলীকৃত সেউজীয়া মটৰ আৰু মিশ্ৰিত শাক-পাচলিৰ প্ৰথমবাৰৰ বাবে ৰপ্তানি চালানে উত্তৰ প্ৰদেশৰ কৃষি ৰপ্তানিৰ সামগ্ৰীৰ বৈচিত্ৰ্য আৰু ভৌগোলিক পৰিসৰ সম্প্ৰসাৰণৰ দিশত এক পদক্ষেপ প্ৰতিফলিত কৰে।
Abhishek Dayal/ Shabbir Azad/ Ishita Biswas/DD