57th International Film Festival of India 2026
20 – 28 Nov 2026

ইফি ২০২৬-ত মিড-ফেষ্ট ছবি ‘আই মেটাৰে’ পৰিচয়, আত্মীয়তা আৰু মানৱতাৰ বহুস্তৰীয় দিশৰ সন্ধান কৰিছে: পৰিচালক আলিনা ছেৰবান

মুখ্য চৰিত্ৰটোত কাম কৰাৰ অভিজ্ঞতাই মোক মোৰ ৰোমা শিপাক গৌৰৱেৰে আঁকোৱালি ল’বলৈ সহায় কৰিলে: মুখ্য অভিনেত্ৰী ডেনিছা ফাৰ্কাছ

পোষ্ট কৰা হৈছে: 24 NOV 2026 8:18PMby PIB Guwahatiৰিলিজ আই ডি : 2340992Views: 3

ৰোমা সম্প্ৰদায়ৰ এনে বহু অকথিত কাহিনী আজিও আৱিষ্কাৰৰ অপেক্ষাত আছে বুলি মন্তব্য কৰিছে গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)ৰ মিড-ফেষ্ট ছবি ‘আই মেটাৰ’ (ইউ কণ্টেজ)-ৰ পৰিচালক তথা ৰোমানিয়ান-ৰোমা চলচ্চিত্ৰ নিৰ্মাতা আলিনা ছেৰবানে।

আজি ইফিৰ সমান্তৰালকৈ প্ৰেছ ইনফৰ্মেচন ব্যুৰো (পিআইবি)ৰ দ্বাৰা আয়োজিত এক সংবাদমেলত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ছেৰবানে ছবিখনৰ আঁৰৰ অনুপ্ৰেৰণা, ইয়াত ৰোমা সম্প্ৰদায়ৰ চিত্ৰণ আৰু চিনেমাৰ জৰিয়তে সমাজৰ গতানুগতিক ধাৰণাসমূহক প্ৰত্যাহ্বান জনোৱাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে। এই বাৰ্তালাপত ছবিখনৰ মুখ্য অভিনেত্ৰী ডেনিছা ফাৰ্কাছ আৰু ভেনেছা ডেনচিয়াইও অংশগ্ৰহণ কৰে।

ৰোমানিয়ান আৰু ৰোমানী ভাষাৰ সংলাপ সম্বলিত এই বহুভাষিক ড্ৰামা ছবিখনৰ আজি ইফিত ভাৰতীয় প্ৰিমিয়াৰ অনুষ্ঠিত হয়। ৰোমানিয়া, জাৰ্মানী আৰু বেলজিয়ামৰ যৌথ প্ৰযোজনাত নিৰ্মিত ছবিখনে পৰিচয়, পৰিয়াল, আত্মীয়তা আৰু নিজৰ অতীতক অতিক্ৰম কৰি এক নতুন ভৱিষ্যত গঢ়াৰ সংগ্ৰামৰ কাহিনী অন্বেষণ কৰিছে। ইয়াত ৰেবেকা নামৰ এগৰাকী তৰুণী ৰোমা মহিলাৰ জীৱন যাত্ৰা দেখুওৱা হৈছে, যিয়ে নিজৰ ঘৰ বুলি ভবা অনাথ আশ্ৰমখন এৰি যাবলৈ সাজু হৈছে। কাৰাগাৰৰ পৰা মুক্তি পাবলৈ ওলোৱা পিতৃৰ সৈতে পুনৰ মিলিত হৈ চিৰদিন সপোন দেখা এখন পৰিয়াল গঢ়ি তোলাৰ আশা বুকুত বান্ধি ৰখা ৰেবেকাৰ বাবে বিশ্ববিদ্যালয়ত অভিনয় অধ্যয়ন কৰাৰ সুযোগটোৱে এক নতুন আৰম্ভণিৰ সম্ভাৱনা কঢ়িয়াই আনে।

চিনেমাৰ জৰিয়তে গতানুগতিক ধাৰণাসমূহক প্ৰত্যাহ্বান জনোৱাৰ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ছবিখনে মানৱতাৰ বিভিন্ন দিশ অন্বেষণ কৰাৰ প্ৰয়াস কৰিছে। তেওঁ কয়, “ছবিখনে প্ৰশ্ন উত্থাপন কৰিছে যে কোন মানুহ হিচাপে গণ্য হোৱাৰ যোগ্য। মই মানৱতাৰ বিভিন্ন স্তৰসমূহ চিত্ৰিত কৰিব বিচাৰোঁ।” ইফিৰ অংশ হ’বলৈ পাই আনন্দ প্ৰকাশ কৰি তেওঁ ভাৰত ভ্ৰমণক নিজৰ ঘৰলৈ উভতি অহাৰ দৰে অনুভূতি বুলি অভিহিত কৰে।

পৰ্দাত ৰোমা সম্প্ৰদায়ক উপস্থাপন কৰাৰ প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি ছেৰবানে লক্ষ্য কৰে যে যথেষ্ট সাংস্কৃতিক প্ৰভাৱ থকা সত্ত্বেও এই সম্প্ৰদায়টো আজিও সমাজৰ প্ৰান্তীয় স্তৰতে ৰৈ গৈছে। তেওঁ কয়, “ফ্লেমেংকোৰ দৰে আমাৰ সংস্কৃতিয়ে বিশ্ব সংস্কৃতিত প্ৰভাৱ পেলাইছে। কিন্তু আমি আজিও সমাজৰ মূলসুঁতিৰ পৰা আঁতৰত আছোঁ। আমি আন মানুহৰ ইমান ওচৰতে বাস কৰোঁ, তথাপি তেওঁলোকে আমাক এতিয়াও চিনি নাপায়।”

ছবিখনৰ সবলীকৰণৰ বাৰ্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ছেৰবানে কয় যে তেওঁ বিশেষকৈ পিছপৰা পটভূমিৰ যুৱক-যুৱতীসকলৰ কাষ চাপিব বিচাৰিছিল। “মই এনে এটা কাহিনী ক’ব বিচাৰিছিলোঁ যিয়ে প্ৰথম আৰু প্ৰধানকৈ সুবিধাবঞ্চিত গোটৰ যুৱক-যুৱতীসকলক শক্তিশালী কৰি তুলিব। মই তেওঁলোকক সেই কথাটোৱেই ক’ব বিচাৰিছিলোঁ যিটো মই নিজেও শুনিব বিচাৰিছিলোঁ— যে মই পৰিস্থিতি চম্ভালি ল’ব পাৰিম, আৰু এই পৃথিৱীত আমাৰ প্ৰত্যেকৰে বাবে হয়তো একোটা সৰু স্থান আছে,” তেওঁ কয়।

ৰেবেকাৰ চৰিত্ৰত অভিনয় কৰা মুখ্য অভিনেত্ৰী ডেনিছা ফাৰ্কাছে ছবিখনক এক গভীৰ ব্যক্তিগত অভিজ্ঞতা বুলি বৰ্ণনা কৰে, যিয়ে নিজৰ পৰিচয়ৰ সৈতে থকা তেওঁৰ সম্পৰ্ক সলনি কৰি পেলাইছিল। নিজৰ ৰোমা জনগোষ্ঠীয় পৰিচয় স্বীকাৰ কৰাৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত থকা দ্বিধাবোধৰ কথা স্মৰণ কৰি তেওঁ কয়, “প্ৰথমবাৰৰ বাবে মই ৰোমা লোকসকলক এক ইতিবাচক দৃষ্টিভংগীৰে দেখিলোঁ।” তেওঁ লগতে কয় যে এই চৰিত্ৰটোত অভিনয় কৰাৰ অভিজ্ঞতাই তেওঁক নিজৰ পৰিচয়ক লৈ থকা সংকোচ ভাব আঁতৰাই গৌৰৱেৰে নিজৰ শিপাক আঁকোৱালি ল’বলৈ সহায় কৰিলে। “মই ৰোমা হোৱাৰ বাবে গৌৰৱান্বিত,” বুলি উল্লেখ কৰি অৱশেষত এই সম্প্ৰদায় আৰু ইয়াৰ সন্তানসকলৰ কাহিনীবোৰ যে সকলোৱে শুনিবলৈ পাইছে, তাকে লৈ তেওঁ আনন্দ প্ৰকাশ কৰে।

অধিৱেশনখন সঞ্চালনা কৰে প্ৰাঞ্জল ৰায়ে।

 

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

PIB IFFI Team | Rabeehashmi/ Supriya/ Bibin/ Darshana | IFFI 57 - 088


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2340992
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026