57th International Film Festival of India 2026
20 – 28 Nov 2026

কাহিনীৰ পূৰ্বে “অনুভূতি”: ইফি ২০২৬-ত সীমান্তৰ পৰিধি ভাঙি মানৱীয় আৱেগ কঢ়িয়াই আনিছে ‘আকুই’ আৰু ‘দ্য হাণ্ট্ৰেছে’

মানৱীয় সম্পৰ্ক, আৱেগ আৰু ন্যায়ৰ অন্বেষণ কৰা ছবিসমূহৰ বিষয়ে আলোচনা কৰিলে পৰিচালক টিয়াগো গুৱেডেছ আৰু চুজান এণ্ড্ৰুজ কোৰিয়াই

পোষ্ট কৰা হৈছে: 23 NOV 2026 7:32PMby PIB Guwahatiৰিলিজ আই ডি : 2340672Views: 7

গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ত প্ৰদৰ্শিত দুখন সম্পূৰ্ণ ভিন্নধৰ্মী ছবিৰ মাজত এটা উমৈহতীয়া বৈশিষ্ট্য আছে— দুয়োখনেই দৰ্শকক বুজি পোৱাৰ আগতেই অনুভৱ কৰাবলৈ বিচাৰে আৰু কাহিনী কথনৰ কেন্দ্ৰবিন্দুত মানৱীয় আৱেগক স্থান দিছে। চলচ্চিত্ৰ নিৰ্মাতা টিয়াগো গুৱেডেছ আৰু চুজান এণ্ড্ৰুজ কোৰিয়াই আজি মহোৎসৱৰ সময়ত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁলোকৰ নিজ নিজ ছবি ‘আকুই’ আৰু ‘দ্য হাণ্ট্ৰেছ’ (লা কাজাডোৰা)-ৰ বিষয়ে অন্তৰ্দৃষ্টিসম্পন্ন তথ্য ভাগ-বতৰা কৰে।

টিয়াগো গুৱেডেছৰ পৰিচালনাত নিৰ্মিত ‘আকুই’ হৈছে জে এম কোটজিৰ ‘জিছাছ ট্ৰিল’জী’ৰ আধাৰত নিৰ্মিত এখন ডিষ্ট’পিয়ান ড্ৰামা, যিখন ছবি ‘ইণ্টাৰনেচনেল কম্পিটিচন’ শিতানত প্ৰদৰ্শিত হৈছে। আনহাতে, মেক্সিকান-আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা চুজান এণ্ড্ৰুজ কোৰিয়াৰ প্ৰথমখন কাহিনীচিত্ৰ ‘দ্য হাণ্ট্ৰেছ’ (লা কাজাডোৰা) হৈছে মেক্সিকোৰ চিউডাড জুয়াৰেজত মহিলাৰ ওপৰত হোৱা বাস্তৱ জীৱনৰ হিংসাৰ ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত এখন স্পেনিছ ভাষাৰ ড্ৰামা থ্ৰিলাৰ।

আকুই: পচন্দৰ ভিত্তিত গঢ় লৈ উঠা এক পৰিয়াল

২০২৬ চনৰ ১৮ মে’ত কান চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা ‘আকুই’ ছবিখন গোৱাত ২০ ৰ পৰা ২৮ নৱেম্বৰলৈ অনুষ্ঠিত ইফি ২০২৬-ৰ ‘ইণ্টাৰনেচনেল কম্পিটিচন’ শিতানত প্ৰদৰ্শিত হৈছে। কোটজিৰ ‘জিছাছ ট্ৰিল’জী’ৰ আধাৰত এখন একক ছবি হিচাপে নিৰ্মাণ কৰা এই ছবিখন এনে এখন সমাজৰ পটভূমিত গঢ় লৈ উঠিছে য’ত মানুহে অতীতৰ কোনো স্মৃতি নোহোৱাকৈ নিজৰ জীৱন আৰম্ভ কৰে, স্মৃতিবোৰ মচি পেলোৱা হয় আৰু নিয়ম মানি চলাটো বাধ্যতামূলক কৰা হয়।

ছবিখনৰ কাহিনী ছাইমন নামৰ চৰিত্ৰটোক কেন্দ্ৰ কৰি আগবাঢ়িছে, যিয়ে এই নতুন জগতখনলৈ যোৱাৰ পথত লগ পোৱা ডেভিড নামৰ এটা সৰু ল’ৰাক নিজৰ ওচৰলৈ লৈ আনে। ল’ৰাটোক এগৰাকী মাতৃৰ প্ৰয়োজন বুলি অনুভৱ কৰি ছাইমনে ইনেছক বিচাৰি উলিয়ায়। ইনেছ সন্মত হয় আৰু তিনিওজনে মিলি লাহে লাহে এক গতানুগতিকতাৰ বাহিৰৰ পৰিয়াল গঢ়ি তোলে। কিন্তু যিখন সমাজে সকলোৱে ইয়াৰ নিয়ম মানি চলাটো আশা কৰে, সেই সমাজে নিয়মৰ মাজত খাপ খাবলৈ অস্বীকাৰ কৰা ডেভিডক সহজে গ্ৰহণ কৰিব নোৱাৰে। নিজৰ কল্পনাশক্তি আৰু স্বাধীনতাৰ আকাংক্ষাৰ জৰিয়তে সি চাৰিওফালৰ জগতখনক প্ৰত্যাহ্বান জনায়। ছাইমন আৰু ইনেছে উপলব্ধি কৰে যে এটা সন্তান ডাঙৰ-দীঘল কৰাটো এক অনিশ্চিত যাত্ৰা, যি প্ৰশ্নৰে ভৰা আৰু যাৰ কোনো সহজ উত্তৰ নাই।

পৰিচালক টিয়াগো গুৱেডেছে কয় যে ছবিখনে মানুহ হোৱাৰ প্ৰকৃত অৰ্থ কি তাৰেই অন্বেষণ কৰিব বিচাৰিছে আৰু এনে কিছুমান দাৰ্শনিক প্ৰশ্ন উত্থাপন কৰিছে যাৰ ওপৰত প্ৰত্যেকেই চিন্তা কৰা উচিত বুলি তেওঁ বিশ্বাস কৰে। কোটজিৰ কিতাপসমূহক চিনেমাৰ ৰূপ দিয়াৰ সন্দৰ্ভত তেওঁ বুজাই দিয়ে যে কিতাপবোৰ পঢ়োঁতে তেওঁ কাহিনীটোৰ গাঁথনিতকৈ ই সৃষ্টি কৰা অনুভূতিবোৰৰ ওপৰতহে অধিক গুৰুত্ব দিছিল। ইয়াৰ ফলত কিতাপখনৰ মূল সাৰমৰ্মৰ তীব্ৰতাই পৰ্দাত এক দৃশ্যগত অভিজ্ঞতা হিচাপে প্ৰাণ পাই উঠাত সহায় কৰে বুলি তেওঁ কয়।

গুৱেডেছে লগতে এই ধাৰণাটোৰো অন্বেষণ কৰিছে যে পৰিয়াল সদায় তেজৰ সম্পৰ্কৰ দ্বাৰা নিৰ্ধাৰিত নহয়, বৰঞ্চ ধৰ্ম বা ঈশ্বৰৰ আশ্ৰয় নোলোৱাকৈ গভীৰ মানৱীয় অভিজ্ঞতাৰ মাজেৰে লোৱা সিদ্ধান্তৰ দ্বাৰাহে গঢ় লৈ উঠে। স্পেনিছ আৰু পৰ্তুগীজ ভাষাত ‘ইয়াত’ অৰ্থ বুজোৱা ছবিখনৰ শিৰোনামটোৱেও এই কথাকে প্ৰতিফলিত কৰে। চৰিত্ৰসমূহে যেতিয়া নিজৰ সিদ্ধান্তবোৰ লয়, কেমেৰাটো লাহে লাহে বহল দৃশ্যৰ পৰা নিচেই ওচৰৰ দৃশ্যলৈ গতি কৰে, যিয়ে দৰ্শকক চৰিত্ৰবোৰক বুজি পোৱাৰ অধিক ওচৰলৈ লৈ যায়। গুৱেডেছে ছবিখনত কিছু নীৰৱতা আৰু অস্পষ্টতাও এৰি দিছে, যাতে দৰ্শকে কাহিনীটোৰ নিজস্ব ব্যাখ্যা আগবঢ়াব পাৰে। অহা জানুৱাৰী মাহত পৰ্তুগাল, স্পেইন আৰু ফ্ৰান্সত ‘আকুই’ প্ৰদৰ্শিত হোৱাৰ কথা আছে।

দ্য হাণ্ট্ৰেছ: ন্যায়ৰ বাবে এক আকুল আহ্বান

‘দ্য হাণ্ট্ৰেছ’ (লা কাজাডোৰা) হৈছে চুজান এণ্ড্ৰুজ কোৰিয়াৰ দ্বাৰা লিখিত আৰু পৰিচালিত ২০২৬ চনৰ এখন স্পেনিছ ভাষাৰ ড্ৰামা থ্ৰিলাৰ। ছবিখনত এড্ৰিয়ানা পাজে চিউডাড জুয়াৰেজৰ এগৰাকী কাৰখানাৰ শ্ৰমিক তথা নিৰ্যাতনৰ বলি হোৱা এগৰাকী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে নিজাববীয়াকৈ অপৰাধীক শাস্তি দিয়াৰ পথ বাছি লয়। ছবিখনত মহিলাৰ ওপৰত হোৱা বাস্তৱ জীৱনৰ হিংসাৰ ঘটনা আৰু ২০১৩ চনৰ “ডায়েনা, হাণ্টাৰ অব্ দ্য বাছ ড্ৰাইভাৰ্ছ” নামৰ গোচৰটোৰ আধাৰ লোৱা হৈছে— য’ত ব্যাপক অপৰাধমুক্ত পৰিৱেশৰ মাজত এগৰাকী অচিনাক্ত মহিলা প্ৰতিশোধকাৰীয়ে বাছ চালকসকলক গুলীয়াই হত্যা কৰিছিল।

মেক্সিকো আৰু টেক্সাছৰ সীমান্তৱৰ্তী অঞ্চলৰ পটভূমিত নিৰ্মিত এই ছবিখনত কাৰখানাত কাম কৰা মহিলাসকলে সন্মুখীন হোৱা যৌন হিংসা আৰু শোষণৰ অভিজ্ঞতাক চিত্ৰিত কৰা হৈছে। ২৪ ঘণ্টাৰ সময়ছোৱাত আগবঢ়া এই কাহিনীটোত মূল চৰিত্ৰটোৰ অভিজ্ঞতা আৰু ন্যায়ৰ বাবে তাই চলোৱা সংগ্ৰামৰ ওপৰত আলোকপাত কৰা হৈছে।

কোৰিয়াই কয় যে তেওঁৰ মূল উদ্দেশ্য আছিল দৰ্শকক মূল চৰিত্ৰটোৰ অসহায়তা আৰু হতাশাৰ এক সংবেদনশীল অভিজ্ঞতা প্ৰদান কৰা, যাতে সহায়ৰ বাবে কৰা আহ্বানবোৰ নিৰৱে উপেক্ষিত হোৱাৰ পাছত তাই কিয় ন্যায় আৰু প্ৰতিশোধ নিজৰ হাতত তুলি ল’লে, সেয়া দৰ্শকে সহমৰ্মিতাৰে বুজিব পাৰে। ছবিখন ন্যায়ৰ সপক্ষে আৰু মহিলাৰ বিৰুদ্ধে চলি থকা অপৰাধসমূহৰ বিৰুদ্ধে পৰিৱৰ্তনৰ এক আহ্বান।

কোৰিয়াই উল্লেখ কৰে যে অন্যান্য প্ৰকল্পৰ সমান্তৰালকৈ এই ছবিখন নিৰ্মাণ কৰোঁতে তেওঁৰ দহ বছৰ সময় লাগিছিল। এই যাত্ৰাই তেওঁক শিকালে যে চলচ্চিত্ৰ নিৰ্মাণত ধৈৰ্য আৰু নিষ্ঠাৰ লগতে “কাহিনীটোৰ সৈতে লাগি থকাৰ” দৃষ্টিভংগী আৰু কলা-কুশলী, অভিনেতা তথা দৰ্শকৰ সৈতে সুন্দৰভাৱে যোগাযোগ স্থাপন কৰাৰ কৌশল জড়িত হৈ থাকে। গুৱেডেছৰ দৰেই তেওঁও কয় যে কেৱল কাহিনীটোৰ ওপৰত গুৰুত্ব দিয়াতকৈ দৰ্শকৰ মাজলৈ “অনুভূতি” প্ৰেৰণ কৰাটোহে তেওঁৰ উদ্দেশ্য আছিল। যদিও প্ৰথম অৱস্থাত তেওঁ শংকিত হৈছিল যে বাস্তৱ জীৱনৰ পটভূমি নজনাকৈ আন্তঃৰাষ্ট্ৰীয় দৰ্শকে হয়তো কাহিনীটোৰ সৈতে একাত্ম হ’ব নোৱাৰিব, কিন্তু মূল চৰিত্ৰটোৰ ভয় আৰু আৱেগে সংস্কৃতি আৰু সীমান্তৰ পৰিধি ভাঙি দৰ্শকৰ মন চুই যোৱা দেখি তেওঁ ব্যথিত হোৱাৰ লগতে নম্ৰতাৰে অভিভূত হৈ পৰে।

অনুষ্ঠানটিৰ আঁত ধৰে শ্ৰীমতী শ্ৰীয়ংকা চেটাৰ্জীয়ে।

সীমান্তৰ ঊৰ্ধৰ কাহিনী

যদিও এখন ছবি স্মৃতিহীন এক কাল্পনিক জগতৰ পটভূমিত নিৰ্মিত আৰু আনখন এখন অতি বাস্তৱ সীমান্তৱৰ্তী চহৰৰ পটভূমিত, তথাপি ‘আকুই’ আৰু ‘দ্য হাণ্ট্ৰেছ’ একেটা বিন্দুতেই মিলিত হৈছে: দুয়োখনেই মগজুতকৈ আগতে হৃদয়ৰ সৈতে কথা পাতে। দুয়োগৰাকী পৰিচালকে কাহিনীৰ গাঁথনিতকৈ অনুভূতিক অগ্ৰাধিকাৰ দিবলৈ বাছি লৈছে আৰু সেই অনুভূতিকে ব্যৱহাৰ কৰি মানৱীয় সম্পৰ্ক, পৰিয়ালৰ অৰ্থ, ব্যক্তিগত স্বাধীনতা আৰু ন্যায়ৰ অন্বেষণৰ দৰে কঠিন প্ৰশ্নসমূহ উত্থাপন কৰিছে। তেওঁলোকৰ ছবিসমূহে দেখুৱাইছে যে নিৰ্দিষ্ট সাংস্কৃতিক আৰু সামাজিক পটভূমিত শিপাই থকা কাহিনীসমূহেও কিদৰে ভাষা আৰু সীমান্তৰ সীমা অতিক্ৰম কৰি দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে, যিয়ে চলিত বৰ্ষৰ ইফি-ৰ মূল বিষয়বস্তু ‘ষ্ট’ৰীজ উইদাউট বৰ্ডাৰ্ছ’ৰ মূল ভাৱধাৰাকে প্ৰতিফলিত কৰিছে।

 

 

ইফিলইড ইয়াত পঢ়ক:  https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

PIB IFFI Team | Rabeehashmi/ LekshmiPriya/ Anushka/ Darshana | IFFI 57 - 077


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2340672
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026