57th International Film Festival of India 2026
20 – 28 Nov 2026

এক শক্তিশালী পুনৰুত্থানৰ সাক্ষী হৈছে অসমীয়া চিনেমা: ইফি ২০২৬-ত চলচ্চিত্ৰ নিৰ্মাতা অন্তৰা জি জি চৌধুৰী

পোষ্ট কৰা হৈছে: 23 NOV 2026 8:10PMby PIB Guwahatiৰিলিজ আই ডি : 2340669Views: 6

আজি গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ৰ সমান্তৰালকৈ তেওঁৰ অসমীয়া কাহিনীচিত্ৰ ‘সূৰ্যমুখী’ সন্দৰ্ভত পিআইবি-ৰ দ্বাৰা আয়োজিত এক সংবাদমেলত অংশগ্ৰহণ কৰি চলচ্চিত্ৰ নিৰ্মাতা অন্তৰা জি জি চৌধুৰীয়ে কয় যে আঞ্চলিক চলচ্চিত্ৰ নিৰ্মাতাসকলে ক্ৰমাগতভাৱে বহল দৰ্শক সমাজৰ মাজলৈ আকৰ্ষণীয় কাহিনী লৈ অহাৰ লগে লগে অসমীয়া চিনেমাই এক শক্তিশালী পুনৰুত্থানৰ সাক্ষী হৈছে।

ছবিখনত উৎপল নামৰ এজন ল’ৰাৰ জীৱন কাহিনী দেখুওৱা হৈছে আৰু ৪০ বছৰৰ ব্যৱধানৰ পাছত তেওঁৰ জীৱনলৈ পুনৰ ঘূৰি চাই মানুহৰ সিদ্ধান্তসমূহে কিদৰে জীৱন গঢ় দিয়ে আৰু দীৰ্ঘস্থায়ী পৰিণতি এৰি যায়, তাৰেই অন্বেষণ কৰা হৈছে। ২২ নৱেম্বৰত গোৱাত অনুষ্ঠিত এই মহোৎসৱত ‘সূৰ্যমুখী’ ছবিখনৰ বিশ্ব প্ৰিমিয়াৰ অনুষ্ঠিত হয়।

ছবিখনৰ বিষয়ে কওঁতে পৰিচালকগৰাকীয়ে কয় যে সূৰ্যৰ প্ৰতি থকা তেওঁৰ আকৰ্ষণে তেওঁৰ কলাত্মক প্ৰচেষ্টাসমূহত বাৰে বাৰে প্ৰভাৱ পেলাই আহিছে। কাহিনীটোৰ সৰলতা আৰু ‘সূৰ্যমুখী’ৰ আকৰ্ষণীয় কেন্দ্ৰীয় চৰিত্ৰটোৱে তেওঁক বিশেষভাৱে আকৰ্ষিত কৰিছিল। ছবিখনৰ সাৰ্বজনীন আবেদনৰ কথা উল্লেখ কৰি চৌধুৰীয়ে বিশ্বাস ব্যক্ত কৰে যে ইয়াৰ বিষয়বস্তুৱে বিভিন্ন পটভূমিৰ দৰ্শকৰ মন চুই যাবলৈ সক্ষম হ’ব। তেওঁ লগতে অসমীয়া চিনেমাৰ পৰিৱৰ্তিত পৰিস্থিতিৰ বিষয়েও কথা পাতে আৰু আঞ্চলিক চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত দেখা দিয়া নতুন সৃজনীশীল উদ্যম তথা বৰ্ধিত সুযোগসমূহৰ কথা উল্লেখ কৰে।

ছবিখন প্ৰদৰ্শনৰ বাবে এক মঞ্চ প্ৰদান কৰাৰ বাবে ইফি-ৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি চৌধুৰীয়ে মহোৎসৱত নিজৰ ছবি প্ৰদৰ্শন কৰাৰ অভিজ্ঞতাক এক “অপূৰ্ব অনুভূতি” বুলি অভিহিত কৰে।

সংবাদমেলখনৰ আঁত ধৰে আকাশনীল শৰ্মাই।

সম্পূৰ্ণ সংবাদমেলখন ইয়াত চাওক:

ইফিলইড ইয়াত পঢ়ক:  https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

PIB IFFI Team | Rabeehashmi/Supriya/Smita/Darshana/IFFI 57 - 074


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2340669
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026