আজি গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ত প্ৰেছ ইনফৰ্মেচন ব্যুৰো (পিআইবি)-ৰ দ্বাৰা আয়োজিত এক সংবাদমেলত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ নিৰ্মাতা সূৰজ কুমাৰে তেওঁৰ নন-ফীচাৰ তথ্যচিত্ৰ ‘নিৰ্মাণজলী: দ্য চণ্ডীগড় অব্ মাচেই নৱিকি’ৰ জৰিয়তে স্থপতিবিদ মাচেই নৱিকিৰ অখ্যাত ঐতিহ্য পোহৰলৈ আনে। ছবিখনত চণ্ডীগড়ৰ অনন্য জালিযুক্ত সম্মুখভাগ, চুবুৰীয়া বজাৰ আৰু নগৰীয়া ভূ-দৃশ্যত প্ৰতিফলিত হোৱা চহৰখনৰ স্থাপত্য পৰিকল্পনালৈ নৱিকিৰ অৱদানৰ বিষয়ে অন্বেষণ কৰা হৈছে।
কঠোৰ আৰু বিশাল অট্টালিকা জাপি দিয়াৰ পৰিৱৰ্তে নৱিকিৰ নক্সাসমূহে ভাৰতৰ জলবায়ু আৰু সামূহিক জীৱনশৈলীৰ সৈতে সংগতি ৰাখিছিল। তেওঁ এটা কৃত্ৰিম জলাশয়ৰ পৰিকল্পনা কৰিছিল, যিটো পৰৱৰ্তী সময়ত ‘সুখনা হ্ৰদ’ হিচাপে পৰিচিত হয়। ইয়াৰ উপৰিও তেওঁ বিদ্যালয়, উদ্যান, বজাৰ আৰু ৰাজহুৱা স্থানযুক্ত স্বয়ংসম্পূৰ্ণ আৱাসিক ‘ছুপাৰব্লক’ৰ ধাৰণা আগবঢ়াইছিল। অৱশ্যে ১৯৫০ চনত, নিজৰ এই পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিবলৈ ভাৰতলৈ উভতি অহাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে এক বিমান দুৰ্ঘটনাত নৱিকিৰ মৃত্যু হয়। কিন্তু তেওঁৰ অংকনসমূহৰ জৰিয়তে সেই ধাৰণাসমূহ জীয়াই থাকিল, যিবোৰ চুইছ স্থপতিবিদ পিয়েৰ জেনেৰেটে চিনাক্ত কৰি চণ্ডীগড়ৰ ছেক্টৰ ৭ আৰু ৮-ৰ উন্নয়নত অন্তৰ্ভুক্ত কৰিছিল।
এই অখ্যাত ইতিহাস পুনৰ নিৰ্মাণ কৰিবলৈ ভাৰতৰ বাহিৰতো ব্যাপক আৰ্কাইভেল গৱেষণাৰ প্ৰয়োজন হৈছিল। চণ্ডীগড় স্থাপত্য সংগ্ৰহালয়ত নৱিকিৰ মাত্ৰ ২০ ৰ পৰা ২৫ টা কৰ্মহে সংৰক্ষিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত সূৰজ কুমাৰে ‘দ্য ট্ৰিবিউন’ কাকতৰ পুৰণি সংস্কৰণ আৰু নৱিকিয়ে স্থাপত্য বিভাগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰা নৰ্থ কেৰ’লিনা ষ্টেট ইউনিভাৰ্ছিটিৰ ডিজিটাইজড ডিজাইন নোটসমূহৰ পৰা তথ্য সংগ্ৰহ কৰে। পোলেণ্ডৰ ৰাষ্ট্ৰদূতৰ পৰামৰ্শ অনুসৰি পোলেণ্ড দূতাবাস আৰু পলিচ ইনষ্টিটিউটে এই গৱেষণাত সহযোগিতা আগবঢ়ায়।
সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপত কুমাৰে কয় যে নৱিকিৰ ৭৫ বছৰ পুৰণি নক্সাসমূহে বৰ্তমানৰ গৰমৰ প্ৰকোপ আৰু অপৰিকল্পিত নগৰ সম্প্ৰসাৰণৰ সমস্যাৰে যুঁজি থকা ভাৰতীয় চহৰসমূহৰ বাবে মূল্যৱান শিক্ষা আগবঢ়ায়। আধুনিক স্থাপত্যই স্থানীয় জলবায়ু আৰু মানুহৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খুৱাই চলা উচিত বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।
সূৰজ কুমাৰ আৰু ড° গৰিমা সিঙৰ নেতৃত্বত ‘জনছনছ সূৰজ ফিল্মছ ইণ্টাৰনেশ্যনেল’ (জেএছএফআই)-ৰ দ্বাৰা প্ৰযোজিত ‘নিৰ্মাণজলী’ৰ চিত্ৰনাট্য মূৰ্তজা আলী খানৰ, চিত্ৰগ্ৰহণ ৰাকেশ ৰাণাৰ, সম্পাদনা অমিত ৰয়ৰ আৰু সংগীত শুভেন্দ্ৰ ৰাও তথা ছাস্কিয়া ৰাও-ডি হাছৰ। ছবিখনত বিশিষ্ট অভিনেতা ভিক্টৰ বেনাৰ্জীয়েও অভিনয় কৰিছে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচন (আইআইএমচি)-ৰ প্ৰাক্তন ছাত্ৰ সূৰজৰ তথ্যচিত্ৰ আৰু কাহিনীচিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ২৭ বছৰৰ অভিজ্ঞতা আছে। তেওঁৰ পূৰ্বৰ কৰ্মৰাজিৰ ভিতৰত ৫০০ৰো অধিক তথ্যচিত্ৰৰ লগতে ‘থিংকিং অব্ হিম’ আৰু ‘পিপলান্ত্ৰী’ৰ দৰে ছবি অন্যতম।
সংবাদমেলখন ইয়াত চাওক:
সংবাদমেলখন আঁত ধৰে শ্ৰীমতী আৰুষী বব্বৰে।
ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48


PIB IFFI Team | Rabeehashmi/ Supriya/ Sasmita/ Darshana | IFFI 57 - 072