57th International Film Festival of India 2026
20 – 28 Nov 2026

মাতৃৰ ব্যাকুলতাৰ পৰা এটি শিশুৰ জীৱন সংগ্ৰামলৈ: ইফিত প্ৰদৰ্শিত হৈছে মনোৰম হৃদয়স্পৰ্শী কাহিনী- ‘ৰহমা’ আৰু ‘দ্য ফাৰ্ম’

মানুহৰ নিয়ন্ত্ৰণৰ তাড়নাই আন জীৱকুলৰ বাবে মাতি আনে বিপদ: এলিফ এডা

পোষ্ট কৰা হৈছে: 23 NOV 2026 2:21PMby PIB Guwahatiৰিলিজ আই ডি : 2340407Views: 3

গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ৰ ‘ইণ্টাৰনেচনেল চিনেমা’ শিতানত প্ৰদৰ্শিত দুখন ছবিৰ নিৰ্মাতাসকলৰ উপস্থিতিত অনুষ্ঠিত এখন সংবাদমেলত মাতৃত্ব, সহমৰ্মিতা, মানৱীয় সংবেদনশীলতা আৰু জীৱনৰ পৱিত্ৰতাৰ দৰে বিষয়সমূহ বিশেষভাৱে চৰ্চালৈ আহে। ‘ৰহমা’ আৰু ‘দ্য ফাৰ্ম’ নামৰ ছবি দুখনে পৃথক অথচ গভীৰভাৱে আন্তঃসম্পৰ্কিত বিষয়বস্তুৰ অন্বেষণ কৰি দৰ্শকক নিজৰ জীৱন সংগ্ৰামৰ ঊৰ্ধ্বলৈ গৈ আনৰ বেদনা আৰু আকাংক্ষাক উপলব্ধি কৰিবলৈ আহ্বান জনাইছে।

এই সংবাদমেলত ‘ৰহমা’ ছবিখনৰ পৰিচালক তথা লেখক ফেইচাল ছয়ছাল, ‘দ্য ফাৰ্ম’ৰ পৰিচালক তথা লেখক এলিফ এডা আৰু ‘দ্য ফাৰ্ম’ৰ চিত্ৰগ্ৰহণকাৰী (ডিঅ’পি) এমৰে পেকচাকিৰ উপস্থিত থাকে। পৰ্দাত এই হৃদয়স্পৰ্শী কাহিনীসমূহ জীৱন্ত কৰি তোলাৰ আঁৰৰ সৃজনীশীল দৃষ্টিভংগী, বিষয়বস্তুৰ গভীৰতা আৰু নিজৰ অভিজ্ঞতাৰ বিষয়ে নিৰ্মাতাসকলে আলোকপাত কৰে।

ৰহমা: মাতৃত্ব, ব্যাকুলতা আৰু মানৱীয় সম্পৰ্কৰ এক মৰ্মস্পৰ্শী অন্বেষণ

ফেইচাল ছয়ছালৰ দ্বাৰা লিখিত আৰু পৰিচালিত ‘ৰহমা’ ছবিখনৰ কাহিনী এগৰাকী পুৰাতত্ত্ববিদ মেৰিয়েমক কেন্দ্ৰ কৰি আগবাঢ়িছে। একাধিক অস্ত্ৰোপচাৰ আৰু বিফল আইভিএফ চিকিৎসাৰ পাছতো মাতৃত্বৰ স্বাদ লাভ কৰিব নোৱাৰা মেৰিয়েমৰ মনৰ ব্যাকুলতা অপূৰ্ণ হৈয়েই ৰয়। আশাৰ ৰেঙণি ক্ষীণ হৈ অহাৰ সময়তে স্বামী ইব্ৰাহিমৰ অনিচ্ছা সত্ত্বেও তেওঁ জৰ্জিয়াত ছাৰোগেচীৰ কথা চিন্তা কৰে। কিন্তু অকলে জীয়াই থকাৰ সংগ্ৰাম চলাই থকা ন বছৰীয়া চিৰিয়ান অনাথ শিশু ৰহমাক লগ পোৱাৰ পাছতেই তেওঁৰ জীৱনে এক অপ্ৰত্যাশিত মোৰ লয়। মেৰিয়েমে যেতিয়া লাহে লাহে ৰহমাৰ পৰিস্থিতিৰ বিষয়ে জানিব পাৰে, তেতিয়া দুয়োৰে মাজত এক অসাধাৰণ সম্পৰ্ক গঢ় লৈ উঠে, যিয়ে মেৰিয়েমৰ জীৱনলৈ মানসিক প্ৰশান্তি আৰু আৱেগিক নিৰাময় কঢ়িয়াই আনে।

ছবিখনৰ আঁৰৰ অনুপ্ৰেৰণাৰ বিষয়ে উল্লেখ কৰি ফেইচাল ছয়ছালে কয় যে সন্তান লাভৰ তীব্ৰ আকাংক্ষাৰে দম্পতীসকলে কৰা সংগ্ৰাম আৰু আনহাতে পৰিয়াল অবিহনে ডাঙৰ-দীঘল হোৱা অসংখ্য শিশুৰ বাস্তৱিকতাৰ মাজৰ বৈপৰীত্যৰ চিন্তাৰ পৰাই এই কাহিনীটোৰ জন্ম হৈছে। ‘ৰহমা’ৰ জৰিয়তে তেওঁ পিতৃত্ব-মাতৃত্বৰ আৱেগিক জটিলতা, পৰিয়ালৰ প্ৰকৃত অৰ্থ আৰু মানৱীয় সম্পৰ্কই কিদৰে অপ্ৰত্যাশিতভাৱে আমাৰ গভীৰ আৱেগিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰে, তাকেই অন্বেষণ কৰিবলৈ চেষ্টা কৰিছে।

দ্য ফাৰ্ম: জীৱনৰ পৱিত্ৰতা ৰক্ষাৰ বাবে এগৰাকী কিশোৰীৰ সাহসী পদক্ষেপ

এলিফ এডাৰ ৰচনা আৰু পৰিচালনাত নিৰ্মিত ‘দ্য ফাৰ্ম’ ছবিখনত ১২ বছৰীয়া ইৰেমৰ কাহিনী বৰ্ণনা কৰা হৈছে। পিতৃ-মাতৃৰ আকস্মিক বিয়োগৰ পাছত তাই এখন দুগ্ধ পামত (ডেইৰী ফাৰ্ম) থকা দূৰ সম্পৰ্কীয় আইতাকৰ ওচৰলৈ থাকিবলৈ যায়। গাখীৰ উৎপাদন বৃদ্ধিৰ বাবে নৱজাত পোৱালিবোৰক সিহঁতৰ মাকৰ পৰা আঁতৰাই ৰখাৰ যি প্ৰথা, সেয়া দেখি ইৰেম ব্যথিত হৈ পৰে আৰু চকুৰ আগত দেখা এই নিষ্ঠুৰতাক মানি ল’ব নোৱাৰে। পামখনৰ পশু চিকিৎসকৰ সহকাৰী হিচাপে কাম কৰা খালিদ নামৰ এজন অনাথ কিশোৰৰ সহায়ত তাই গৰ্ভৱতী গাইগৰুকেইজনীক মুক্ত কৰাৰ এক দৃঢ় অভিযানত নামে।

ছবিখনৰ মূল দৰ্শনৰ বিষয়ে উল্লেখ কৰি এলিফ এডাই সকলো ধৰণৰ জীৱনক সন্মান জনোৱা আৰু আনৰ দুখ-কষ্টৰ প্ৰতি সহমৰ্মিতা গঢ়ি তোলাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। তেওঁ মন্তব্য কৰে যে প্ৰকৃত বিপদ কেৱল নিজে কষ্ট পোৱাত নহয়, বৰঞ্চ আনৰ যন্ত্ৰণাৰ প্ৰতি উদাসীন হৈ পৰাতহে নিহিত হৈ থাকে। পৃথিৱীত জীৱনৰ পৱিত্ৰতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে মানুহৰ সকলো বস্তু নিজৰ নিয়ন্ত্ৰণত ৰখাৰ যি তাড়না, সেয়াই প্ৰায়ে আন জীৱকুলৰ বাবে যন্ত্ৰণাৰ কাৰণ হৈ পৰে।

চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে লগতে কয় যে ছবিখনৰ জৰিয়তে তেওঁ জীৱ-জন্তুৰ প্ৰায়ে অদৃশ্য হৈ থকা যন্ত্ৰণাক এক কণ্ঠ দিব বিচাৰিছিল। ইয়াৰ উপৰিও তেওঁ চলচ্চিত্ৰ জগতত এগৰাকী মহিলা পৰিচালক হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ প্ৰত্যাহ্বানসমূহৰ বিষয়েও কয় আৰু সৃজনীশীল আকাংক্ষা পূৰণৰ পথত মহিলাসকলে সন্মুখীন হোৱা অতিৰিক্ত অসুবিধাসমূহৰ কথা আলোকপাত কৰে।

‘দ্য ফাৰ্ম’ত কাম কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰি চিত্ৰগ্ৰহণকাৰী এমৰে পেকচাকিৰে গাইগৰুবোৰৰ দৃশ্যগ্ৰহণ কৰোঁতে সন্মুখীন হোৱা অনন্য প্ৰত্যাহ্বানসমূহৰ কথা উল্লেখ কৰে। নিৰ্মাণৰ সময়ছোৱাৰ অভিজ্ঞতা স্মৰণ কৰি তেওঁ কয় যে জীৱ-জন্তুবোৰৰ আচৰণ আৰু চৌপাশৰ সূক্ষ্ম দিশসমূহ কেমেৰাত বন্দী কৰিবলৈ তেওঁ পামসমূহত যথেষ্ট সময় কটাইছিল আৰু সিহঁতৰ নিচেই কাষত থাকিছিল। বিভিন্ন প্ৰত্যাহ্বান সত্ত্বেও জীৱ-জন্তুৰ সৈতে দৃশ্যগ্ৰহণ কৰাৰ এই অভিজ্ঞতা চলচ্চিত্ৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ এক অতি আনন্দদায়ক আৰু সমৃদ্ধিশালী অংশ আছিল বুলি তেওঁ অভিহিত কৰে।

সামগ্ৰিকভাৱে ‘ৰহমা’ আৰু ‘দ্য ফাৰ্ম’-এ সহমৰ্মিতা, আপোনত্ব আৰু সংবেদনশীলতাৰ এক হৃদয়স্পৰ্শী বাৰ্তা কঢ়িয়াই আনিছে, যিয়ে দৰ্শকক নিজৰ পৰিস্থিতিৰ ঊৰ্ধ্বলৈ গৈ আনৰ জীৱন আৰু সংগ্ৰামক স্বীকৃতি দিবলৈ সোঁৱৰাই দিয়ে।

এই অনুষ্ঠানটি আঁত ধৰে শ্ৰীমতী শিল্পা নীলকণ্ঠই।

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

PIB IFFI Team | Rabeehashmi/ Supriya/ Gopika/ Darshana | IFFI 57 - 070


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2340407
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026