আয়ুষ
azadi ka amrit mahotsav

২০২৬ চনৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে আয়ুষ পেভিলিয়ন ।

বিনামূলীয়া স্বাস্থ্যসেৱা পৰামৰ্শ, যোগাসন সত্ৰ আৰু অংশগ্ৰহণমূলক সুস্থতা কাৰ্যকলাপে বৃহৎ সংখ্যক লোকক আকৰ্ষণ কৰিছে।

পোষ্ট কৰা হৈছে: 23 NOV 2026 12:12PM by PIB Guwahati

নতুন দিল্লীৰ ভাৰত মণ্ডপমৰ ২ নং প্ৰেক্ষাগৃহত ১৩ৰ পৰা ২৭ নৱেম্বৰলৈ অনুষ্ঠিত ৪৫ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (IITF) ২০২৬ত আয়ুষ মন্ত্ৰালয়ে ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ পৰম্পৰাগত স্বাস্থ্যসেৱা ব্যৱস্থাসমূহ প্ৰদৰ্শন কৰিছে। আয়ুষ পেভিলিয়নত স্বাস্থ্যসেৱা সম্পৰ্কীয় পৰামৰ্শ, অংশগ্ৰহণমূলক কাৰ্যকলাপ, পৰম্পৰাগত খাদ্য প্ৰস্তুতি, ঔষধি উদ্ভিদৰ প্ৰদৰ্শনী আৰু শিক্ষামূলক উপস্থাপনৰ জৰিয়তে দৰ্শনাৰ্থীসকলক এক আকৰ্ষণীয় অভিজ্ঞতা প্ৰদান কৰা হৈছে। এইসমূহৰ জৰিয়তে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু সুস্থ জীৱনশৈলী গঢ়ি তোলাৰ ক্ষেত্ৰত আয়ুষ ব্যৱস্থাসমূহৰ প্ৰাসংগিকতা দাঙি ধৰা হৈছে।

এই পেভিলিয়নত আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ বিভিন্ন প্ৰতিষ্ঠান আৰু গৱেষণা পৰিষদক একত্ৰিত কৰি পৰম্পৰাগত জ্ঞানক দৈনন্দিন স্বাস্থ্যচৰ্চাৰ সৈতে সংযোগ স্থাপন কৰা বিভিন্ন কাৰ্যকলাপ উপস্থাপন কৰা হৈছে।
চিচিআৰএএছ-চিএআৰআই(CCRAS–CARI)-য়ে আয়ুৰ্বেদিক বহিঃবিভাগীয় (OPD) সেৱা আৰু প্ৰকৃতি পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, স্বাস্থ্যসন্মত জীৱনশৈলী আৰু আয়ুৰ্বেদিক সুস্থতা সম্পৰ্কে তথ্য প্ৰদান কৰিছে।
নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান (AIIA)-এ অশ্বগন্ধা, শতাৱৰী, অৰ্জুন, আমলখি, হালধি আৰু গুডুচীকে ধৰি দৈনন্দিন ব্যৱহৃত বিভিন্ন বনৌষধি আৰু মছলা প্ৰদৰ্শন কৰিছে। লগতে এইসমূহৰ পৰম্পৰাগত প্ৰয়োগ আৰু স্বাস্থ্যৰ উন্নতি সাধনৰ ক্ষেত্ৰত ইয়াৰ প্ৰাসংগিকতা সম্পৰ্কেও তথ্য প্ৰদান কৰা হৈছে।
ঔষধি বনৌষধি ব্যৱহাৰৰ পূৰ্বে উপযুক্ত মাত্ৰা, ব্যক্তিৰ স্বাস্থ্যজনিত অৱস্থা আৰু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰাৰ গুৰুত্ব সম্পৰ্কেও দৰ্শনাৰ্থীসকলক সজাগ কৰা হৈছে।

জয়পুৰৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান (NIA)-এ ৰাগী কুকিজ, ত্ৰিফলা জাম, এলোভেৰা জেল আৰু বনৌষধিৰে প্ৰস্তুত কৰা লিপ বামৰ দৰে আয়ুষ আহাৰজাত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰিছে। ইয়াৰ আকৰ্ষণীয় অংশসমূহৰ ভিতৰত আহাৰ (খাদ্য) আৰু বিহাৰ (জীৱনশৈলী)ৰ ওপৰত আধাৰিত আয়ুৰ্বেদিক সাপ-জখলা খেলৰ লগতে মানৱ শৰীৰৰ বিভিন্ন তন্ত্ৰৰ দৃশ্যায়ন আগবঢ়োৱা ভাৰ্চুৱেল ৰিয়েলিটী (VR) অভিজ্ঞতা অন্তৰ্ভুক্ত আছে।
ইয়াৰ উপৰি প্ৰকৃতি, পঞ্চকৰ্ম, আয়ুৰ্বেদিক ৰন্ধন প্ৰণালী আৰু দৈনন্দিন জীৱনত আয়ুৰ্বেদৰ ভূমিকা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে তথ্য, শিক্ষা আৰু যোগাযোগ (IEC) সম্পৰ্কীয় সামগ্ৰীসমূহো প্ৰদৰ্শন কৰা হৈছে।

ৰাষ্ট্ৰীয় আয়ুৰ্বেদ বিদ্যাপীঠ (RAV)-এ পোষক কুকিজ, আয়ুৰ্বেদিক ব্ৰেড আৰু পৰম্পৰাগত পানীয় ‘পানকম’ৰ প্ৰদৰ্শনৰ জৰিয়তে আয়ুৰ্বেদভিত্তিক খাদ্য উদ্ভাৱনসমূহ প্ৰসাৰিত কৰিছে। ‘দাদী ছে পুছো’ আৰু ‘মিলেটছ অন দ্য হুইল’ৰ দৰে কাৰ্যকলাপসমূহে দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰাৰ লগতে পৰম্পৰাগত খাদ্যাভ্যাস, শ্ৰীঅন্নৰ পুষ্টিগত উপকাৰিতা আৰু স্বাস্থ্যসন্মত জীৱনশৈলী সম্পৰ্কে সজাগতা সৃষ্টি কৰিছে।

মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান (MDNIY)-এ পেভিলিয়নৰ বাবে নিৰ্ধাৰিত মঞ্চত নিয়মীয়াকৈ যোগাসনৰ প্ৰদৰ্শন আৰু অনুশীলন সত্ৰ অনুষ্ঠিত কৰি আহিছে। দৰ্শনাৰ্থীসকলক তেওঁলোকৰ বয়স, স্বাস্থ্যজনিত সমস্যা আৰু জীৱনশৈলীৰ ওপৰত ভিত্তি কৰি ব্যক্তিগতভাৱে যোগাসন সম্পৰ্কীয় পৰামৰ্শও প্ৰদান কৰা হৈছে। যোগাসন সম্পৰ্কীয় কুইজ আৰু আসন প্ৰতিযোগিতাসমূহেও দৰ্শনাৰ্থীসকলক অংশগ্ৰহণৰ বাবে উৎসাহিত কৰিছে। ইয়াৰ ফলত দৰ্শনাৰ্থীসকলৰ মাজত দৈনন্দিন জীৱনচৰ্যাত যোগাসন অন্তৰ্ভুক্ত কৰাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

কেন্দ্ৰীয় ইউনানী চিকিৎসা গৱেষণা পৰিষদ (CCRUM)-ৰ অধীনত নতুন দিল্লীৰ আঞ্চলিক ইউনানী চিকিৎসা গৱেষণা প্ৰতিষ্ঠান (RRIUM)-এ পৰিচালনা কৰা ইউনানী বিপণীখনত পৰম্পৰাগত ইউনানী খাদ্য প্ৰস্তুতি আৰু স্বাস্থ্যসেৱা পদ্ধতিসমূহৰ ওপৰত আলোকপাত কৰা হৈছে। দৰ্শনাৰ্থীসকলক ইউনানী কাহৱা, হৰীৰা, হালৱা ঘীকোৱাৰ, গুলকন্দ আৰু মুৰব্বা আমলাৰ সোৱাদ লোৱাৰ সুবিধা প্ৰদান কৰা হৈছে।
এটা পৰিৱৰ্তিত ডিজিটেল মিজাজ মূল্যায়ন কিয়স্কৰ জৰিয়তে দৰ্শনাৰ্থীসকলে নিজৰ মিজাজ বা প্ৰকৃতি নিৰ্ণয় কৰাৰ লগতে ব্যক্তিগতভিত্তিক খাদ্য সম্পৰ্কীয় পৰামৰ্শ লাভ কৰিব পাৰিছে। এই বিপণীখনত ইউনানী চিকিৎসা পদ্ধতিৰ  ডিজিটেল উপস্থাপন আৰু তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হৈছে।
১৮ আৰু ১৯ নৱেম্বৰত ইউনানী বহিঃবিভাগ (OPD)-এ ১৫১ গৰাকী ৰোগীক বিনামূলীয়া চিকিৎসা পৰামৰ্শ আৰু ঔষধ প্ৰদান কৰে।

চেন্নাইৰ সিদ্ধ চিকিৎসাৰ কেন্দ্ৰীয় গৱেষণা পৰিষদ (CCRS) আৰু ৰাষ্ট্ৰীয় সিদ্ধ প্ৰতিষ্ঠান (NIS)-এ পৰিচালনা কৰা সিদ্ধ বিপণীখনৰ জৰিয়তে সিদ্ধ চিকিৎসা পদ্ধতিৰ মূলনীতি, প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ পদ্ধতি আৰু চিকিৎসা সম্পৰ্কীয় প্ৰয়োগসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা হৈছে।
এই বিপণীখনত সিদ্ধ আহাৰ, পুষ্টি, জীৱনশৈলীৰ পৰিৱৰ্তন, ৰোগ নিৰ্ণয়ৰ পদ্ধতি, পৰম্পৰাগত ঔষধ প্ৰস্তুতি আৰু বৰ্ম চিকিৎসাকে ধৰি বিভিন্ন চিকিৎসা পদ্ধতিৰ প্ৰদৰ্শন কৰা হৈছে। দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰাৰ বাবে ডিজিটেল উপস্থাপন, তথ্যচিত্ৰ আৰু তথ্য, শিক্ষা তথা যোগাযোগ (IEC) সম্পৰ্কীয় সামগ্ৰী ব্যৱহাৰ কৰা হৈছে।
ইয়াৰ উপৰি বিপণীখনত ৰাষ্ট্ৰীয় সিদ্ধ প্ৰতিষ্ঠান (NIS)-ৰ শৈক্ষিক আৰু গৱেষণামূলক কাৰ্যকলাপসমূহৰ ওপৰতো আলোকপাত কৰা হৈছে। ইয়াৰ ভিতৰত বিএছএমএছ, এমডি (সিদ্ধ) আৰু পি এইচ ডি পাঠ্যক্ৰমসমূহ অন্তৰ্ভুক্ত আছে। এই পদক্ষেপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক সিদ্ধ চিকিৎসা বিষয়ত শিক্ষা গ্ৰহণ আৰু এই ক্ষেত্ৰত কেৰিয়াৰ গঢ়ি তুলিবলৈ উৎসাহিত কৰা হৈছে।

যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ কেন্দ্ৰীয় গৱেষণা পৰিষদ (CCRYN)-এ ডিজিটেল অডিঅ’-ভিজুৱেল সমল, তথ্য, শিক্ষা আৰু যোগাযোগ (IEC) সম্পৰ্কীয় সামগ্ৰী আৰু আয়ুষ আহাৰৰ প্ৰদৰ্শনীৰ জৰিয়তে যোগ আৰু প্ৰাকৃতিক চিকিৎসা পদ্ধতিসমূহ উপস্থাপন কৰিছে।
দৰ্শনাৰ্থীসকলক মাখানা লাড়ু, বাদামৰ লাড়ু, তিলৰ লাড়ু আৰু নিমখীয়া খাদ্যকে ধৰি স্বাস্থ্যসন্মত লঘু আহাৰৰ বিভিন্ন বিকল্পৰ সৈতে পৰিচয় কৰাই দিয়া হৈছে।
ইয়াৰ উপৰি ১৭ আৰু ১৮ নৱেম্বৰত যোগ, প্ৰাকৃতিক চিকিৎসা, খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰিৱৰ্তন সম্পৰ্কে বিনামূলীয়া পৰামৰ্শও প্ৰদান কৰা হৈছিল।

ৰাষ্ট্ৰীয় ছোৱা-ৰিগপা প্ৰতিষ্ঠানে দৰ্শনাৰ্থীসকলক হিমালয় অঞ্চলৰ প্ৰাচীন চিকিৎসা পৰম্পৰাসমূহৰ বিষয়ে বিস্তৃত ধাৰণা প্ৰদান কৰিছে। এই বিপণীখনত ছোৱা-ৰিগপা খাদ্যাভ্যাস, চিকিৎসামূলক পদ্ধতি আৰু বনৌষধিৰে প্ৰস্তুত কৰা ঔষধ সম্পৰ্কে বিতং তথ্য উপস্থাপন কৰা হৈছে। ইয়াৰ উপৰি ছোৱা-ৰিগপাৰ পৰম্পৰাগত গ্ৰন্থসমূহৰ আধাৰত চিকিৎসকসকলে দৰ্শনাৰ্থীসকলক ব্যক্তিগতভিত্তিক পৰামৰ্শ আৰু নিৰ্দেশনা প্ৰদান কৰিছে।

ৰাষ্ট্ৰীয় ঔষধি উদ্ভিদ পৰিষদ(NMPB)-এ প্ৰত্যক্ষ প্ৰদৰ্শনী, তথ্যসমৃদ্ধ সামগ্ৰী আৰু শতাৱৰী ঔষধি উদ্ভিদ বিতৰণৰ জৰিয়তে ঔষধি উদ্ভিদৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে। কিউ আৰ  ক’ড সংলগ্ন উদ্ভিদসমূহৰ জৰিয়তে দৰ্শনাৰ্থীসকলে এই উদ্ভিদসমূহৰ বিষয়ে তথ্য লাভ কৰিব পাৰিছে। ইয়াৰ উপৰি ঔষধি উদ্ভিদ আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে তথ্যপত্ৰ, পুস্তিকা আৰু ‘প্ৰফেছৰ আয়ুষ্মান’ শীৰ্ষক কমিকছ কিতাপ বিতৰণ কৰা হৈছে।

বিভিন্ন প্ৰদৰ্শনী আৰু অংশগ্ৰহণমূলক কাৰ্যকলাপৰ জৰিয়তে আইআইটিএফ (IITF) ২০২৬-ত আয়ুষ পেভিলিয়নে দৰ্শনাৰ্থীসকলক ভাৰতৰ পৰম্পৰাগত স্বাস্থ্যসেৱা ব্যৱস্থাসমূহৰ অভিজ্ঞতা লাভ কৰাৰ লগতে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, পুষ্টি আৰু সুস্থতা বৃদ্ধিৰ ক্ষেত্ৰত এই ব্যৱস্থাসমূহৰ ভূমিকা সম্পৰ্কে জ্ঞান আহৰণৰ এক মঞ্চ প্ৰদান কৰিছে।
এই পেভিলিয়নে সহজলভ্য, আকৰ্ষণীয় আৰু শিক্ষামূলক পদক্ষেপৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা আৰু আয়ুষ চিকিৎসা পদ্ধতিসমূহক জনসাধাৰণৰ অধিক কাষ চপাই নিয়াৰ ক্ষেত্ৰত আয়ুষ মন্ত্ৰালয়ৰ নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰতিফলন ঘটাইছে।

 


SR/AK/SG/SD


(ৰিলিজ আই ডি : 2340330) অতিথি কক্ষ : 15
ত এই ৰিলিজটো পঢ়ক: Telugu , English , Urdu , हिन्दी , Punjabi , Tamil