গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ইটানগৰত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF)-ৰ দ্বাদশ বেটেলিয়নৰ চৌহদ উদ্বোধন কৰে।

এন ডি আৰ এফৰ দ্বাদশ বেটেলিয়নে কেৱল অৰুণাচল প্ৰদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলতে নহয়, প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি সঁহাৰি জনাবলৈ কাষৰীয়া কেইবাটাও অঞ্চলতো সেৱা আগবঢ়াব

উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ এছডিআৰএফৰ বাবে প্ৰশিক্ষণো এই চৌহদত অনুষ্ঠিত কৰা হ'ব

কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত ২৪ ঘণ্টাই দুৰ্যোগ সাহায্য অভিযানৰ বাবে সম্ভৱপৰ সকলো ধৰণৰ সাহায্য আগবঢ়াব

এনডিআৰএফে শীঘ্ৰেই বিশ্বৰ এনে সকলো সংস্থাৰ মাজত এক আগশাৰীৰ দুৰ্যোগ সঁহাৰি বাহিনী হিচাপে আত্মপ্ৰকাশ কৰিব

মোদী চৰকাৰৰ অধীনত দেশখনে আগতীয়া সতৰ্কবাণী ব্যৱস্থা, প্ৰতিৰোধ, প্ৰশমন, প্ৰস্তুতি, দুৰ্যোগৰ আশংকা হ্ৰাস আৰু শূন্য হতাহত দৃষ্টিভংগীৰে আগবাঢ়িছে

বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত, ঘূৰ্ণীবতাহৰ আগতীয়া সতৰ্কবাণী এতিয়া সাত দিন আগতীয়াকৈ উপলব্ধ হয়, যাৰ ফলত জীৱন আৰু সম্পত্তিৰ সুৰক্ষা সম্ভৱ হৈছে

আগতীয়া সতৰ্কবাণী প্ৰণালীৰ জৰিয়তে সতৰ্কবাণী পোৱাৰ লগে লগে, এনডিআৰএফ/এছডিআৰএফৰ কৰ্মীসকল তৎক্ষণাৎ লোকসকলক সহায় কৰিবলৈ উপস্থিত হয়

শেহতীয়া বছৰবোৰত, কেইবাজাকো ঘূৰ্ণীবতাহ এজনো লোকৰ প্ৰাণ নোলোৱাকৈ পাৰ হৈ গৈছে, এয়া আমাৰ আগতীয়া প্ৰস্তুতি আৰু কাৰ্যকৰী দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰত্যক্ষ ফলাফল

এনডিআৰএফে এতিয়ালৈকে ১১,০০০ ৰো অধিক উদ্ধাৰ আৰু সাহায্য অভিযান চলাই ১.৬১ লাখৰো অধিক জীৱন ৰক্ষা কৰিছে

২০১৪ চনৰ পৰা ২০২৬ চনৰ ভিতৰত, এনডিআৰএফ, এছডিআৰএফ আৰু ৰাজ্য চৰকাৰৰ সমন্বিত প্ৰচেষ্টাই লাখ লাখ নাগৰিকৰ জীৱন ৰক্ষা কৰাত সহায় কৰিছে

মোদী চৰকাৰে এনডিএমএ, এনডিআৰএফ, এছডিআৰএফ আৰু ৰাজ্যিক প্ৰশাসনযন্ত্ৰৰ মাজত সমন্বয় নিশ্চিত কৰি এক শক্তিশালী দুৰ্যোগ ব্যৱস্থাপনা প্ৰণালী স্থাপন কৰিছে

জাপান, নেপাল, তুৰস্ক আৰু শ্ৰীলংকাকে ধৰি কেইবাখনো দেশত দুৰ্যোগ সাহাৰ্য্য অভিযান চলাই এনডিআৰএফে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। ২০২৬ চনক এনডিআৰএফৰ বাবে সক্ষমতা বৃদ্ধিৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছে

২০১৯ চনৰ পৰা ২০২৬ চনলৈ, গৃহ মন্ত্ৰালয়ে ৮ কোটিতকৈও অধিক গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰাৰ লক্ষ্যত সফলতাৰে উপনীত হৈছে

পোষ্ট কৰা হৈছে: 22 NOV 2026 6:23PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ)ৰ দ্বাদশ বেটেলিয়নৰ চৌহদ উদ্বোধন কৰে। অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী চৌনা মেইন, কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহন, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক ড০ মহেশ দীক্ষিত, এনডিআৰএফৰ সঞ্চালক প্ৰধান শ্ৰী পীয়ুষ আনন্দ আৰু আন কেইৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ)ৰ দ্বাদশ বেটেলিয়ন ইয়াত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে। অৰুণাচল প্ৰদেশ আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল হৈছে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি আটাইতকৈ বিপদাপন্ন অঞ্চলসমূহৰ ভিতৰত অন্যতম। এই চৌহদৰ সকলো ভৱন ভূমিকম্প-প্ৰতিৰোধী মান অনুসৰি নিৰ্মাণ কৰা হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ বিৰুদ্ধে প্ৰতিৰক্ষাৰ প্ৰথম শাৰী আমাৰ দ্বাদশ বেটেলিয়নৰ সুবিধাৰে আৰম্ভ হয়। এই চৌহদটোৱে কেৱল অৰুণাচল প্ৰদেশ আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেই নহয়, কেইবাটাও চুবুৰীয়া অঞ্চলৰ বাবেও দুৰ্যোগ সঁহাৰি কেন্দ্ৰ হিচাপে কাম কৰিব। উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ)ৰ বাবেও ইয়াত প্ৰশিক্ষণ অনুষ্ঠিত কৰা হ'ব।

শ্ৰী অমিত শ্বাহে কয় যে কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ বাবে ইয়াত এটা অলিম্পিক পৰ্যায়ৰ ছুইমিং পুল আৰু এটা ডাইভিং টেংকো নিৰ্মাণ কৰা হৈছে। এই অলিম্পিক পৰ্যায়ৰ পুলটো ইটানগৰ আৰু সমগ্ৰ অৰুণাচল প্ৰদেশৰ সকলো সাঁতোৰ খেলুৱৈৰ বাবে বিনামূলীয়াকৈ মুকলি কৰা হ'ব। তেওঁ কয় যে যদি উত্তৰ-পূৰ্বাঞ্চলৰ কোনো সাঁতোৰবিদে ২০৩৬ চনৰ অলিম্পিকত পদক লাভ কৰে, তেন্তে সেই প্ৰাপ্তিৰ যাত্ৰা এই পুলৰ পৰাই আৰম্ভ হ'ব, কিয়নো উত্তৰ-পূৰ্বাঞ্চলৰ খেলুৱৈসকলে ক্ৰীড়াত পদক জয় কৰাৰ ক্ষেত্ৰত নিৰন্তৰভাৱে আগৰণুৱা হৈ আহিছে। গৃহ মন্ত্ৰালয়ে ২০১৯ চনৰ পৰা ২০২৬ চনলৈ ৮ কোটিতকৈও অধিক গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰাৰ লক্ষ্য সফলতাৰে পূৰণ কৰিছে। শ্ৰী অমিত শ্বাহে কয় যে প্ৰতিটো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ) আৰু এনডিআৰএফ গছপুলি ৰোপণ অভিযানত সক্ৰিয়ভাৱে জড়িত হৈ আছে। এই ৮ কোটি গছে নিশ্চিতভাৱে প্ৰকৃতিৰ সেৱা কৰিব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয় যে দুৰ্যোগ ব্যৱস্থাপনা আইন বলৱৎ হোৱাৰ একেটা বছৰতে এনডিআৰএফ গঠন কৰা হৈছিল। অৱশ্যে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ সমগ্ৰ দুৰ্যোগ ব্যৱস্থাপনা পৰিকাঠামোত এক মৌলিক পৰিৱৰ্তন আৰম্ভ হয়। ইয়াৰ পূৰ্বে, দুৰ্যোগৰ প্ৰতি দেশৰ সামগ্ৰিক দৃষ্টিভংগী প্ৰাথমিকভাৱে সকাহ-মুখী আৰু প্ৰতিক্ৰিয়াশীল আছিল। দুৰ্যোগ সংঘটিত হোৱাৰ পিছতহে চৰকাৰে প্ৰভাৱিত অঞ্চলসমূহত উপস্থিত হৈছিল আৰু ধ্বংসৰ পিছত পুনৰ্নিৰ্মাণ আৰু মেৰামতিৰ কামত নিয়োজিত হৈছিল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশখনে আগতীয়া সতৰ্কবাণী প্ৰণালী, প্ৰতিৰোধ, প্ৰশমন, প্ৰস্তুতি, দুৰ্যোগৰ আশংকা হ্ৰাস আৰু শূন্য হতাহতৰ দৃষ্টিভংগীৰ দিশে আগবাঢ়িছে। আমি আৰু নিষ্ক্ৰিয় হৈ নাথাকোঁ। আগতীয়া সতৰ্কবাণী প্ৰণালীৰ জৰিয়তে সতৰ্কবাণী পোৱাৰ লগে লগে, এনডিআৰএফ আৰু এছডিআৰএফৰ কৰ্মীসকলে তৎক্ষণাৎ লোকসকলক সহায় কৰিবলৈ আৰু দুৰ্যোগস্থলীত কাৰ্যকৰী উদ্ধাৰ তথা সাহায্য অভিযান চলাবলৈ আগবাঢ়ি যায়। আনকি দুৰ্যোগ হোৱাৰ আগতেই, কেৱল নাগৰিকেই নহয়, তেওঁলোকৰ পশুধনকো তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয়।

শ্ৰী অমিত শ্বাহে কয় যে ২০১৪ চনৰ পৰা ২০২৬ চনৰ ভিতৰত, এনডিআৰএফ, এছডিআৰএফ আৰু সকলো ৰাজ্যৰ সমন্বিত প্ৰচেষ্টাই লাখ লাখ নাগৰিকৰ জীৱন ৰক্ষা কৰাত সহায় কৰিছে। এক বিস্তৃত প্ৰণালী বিকশিত কৰা হৈছে য'ত কেৱল এনডিআৰএফ আৰু এছডিআৰএফৰ কৰ্মীয়েই নহয়, পাটৱাৰীৰ পৰা আৰম্ভ কৰি এনচিচি কেডেট, স্কাউট শিশু আৰু গাঁৱত কাম কৰি থকা আপদা মিত্ৰসকলেও দুৰ্যোগ হোৱাৰ আগতেই লোকসকলক সহায় কৰিবলৈ সাজু হৈ থাকে। ই উদ্ধাৰ আৰু সাহায্য অভিযানত গুৰুত্বপূৰ্ণ সমৰ্থন প্ৰদান কৰে। প্ৰতিষ্ঠানিক প্ৰস্তুতিৰ অভাৱত কোনো দুৰ্যোগ প্ৰতিৰোধ কৰিব নোৱাৰি, বা ইয়াৰ প্ৰভাৱ কাৰ্যকৰীভাৱে হ্ৰাস কৰিব নোৱাৰি। ২০১৪ চনৰ পৰা, ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এনডিএমএ), এনডিআৰএফ, এছডিআৰএফ, গৃহ মন্ত্ৰালয় আৰু পাটৱাৰী পৰ্যায়লৈকে এই প্ৰণালীয়ে নীতি, গৃহ মন্ত্ৰালয়ৰ দ্বাৰা সেইবোৰ প্ৰস্তুত কৰা আৰু এনডিআৰএফ, এছডিআৰএফ আৰু ৰাজ্যিক প্ৰশাসন যন্ত্ৰৰ দ্বাৰা সেইবোৰৰ কাৰ্যকৰী ৰূপায়ণৰ বিস্তৃত আলোচনা নিশ্চিত কৰে।

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে এনডিএমএ-ই বিভিন্ন ধৰণৰ দুৰ্যোগৰ সন্মুখীন হ'বলৈ সঁহাৰি প্ৰট'কল আৰু এছঅ'পি প্ৰস্তুত কৰিছে আৰু সেইবোৰ ৰাজ্যসমূহক প্ৰদান কৰিছে। ২০১৪ চনৰ পৰা ২০২৬ চনৰ ভিতৰত, এনডিআৰএফৰ কাৰ্যকৰী প্ৰসাৰ আৰু মোতায়েনো যথেষ্ট সম্প্ৰসাৰিত হৈছে। আজি, এনডিআৰএফ সমগ্ৰ দেশৰ ৭০ৰো অধিক স্থানত মোতায়েন কৰা হৈছে। বান প্ৰৱণ অঞ্চলবোৰত, এনডিআৰএফৰ দলবোৰে বান হোৱাৰ আগতেই সেই স্থানত উপস্থিত হয়। বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ সৈতে, ঘূৰ্ণীবতাহৰ আগতীয়া সতৰ্কবাণী, যি আগতে ২৪ৰ পৰা ৪৮ ঘণ্টা আগতীয়াকৈ উপলব্ধ আছিল, এতিয়া সাত দিন আগতেই জাৰি কৰিব পাৰি। ঘূৰ্ণীবতাহ প্ৰভাৱিত অঞ্চলৰ পৰা সকলো নাগৰিকক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছে। যোৱা চাৰি বছৰত, এই কাৰ্যকৰী প্ৰণালীয়ে কেইবাটাও ঘূৰ্ণীবতাহৰ সময়ত জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাত সহায় কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে শেহতীয়া বছৰবোৰত কেইবাটাও ঘূৰ্ণীবতাহত এজন লোকেও প্ৰাণ হেৰুওৱা নাই। এয়া আমাৰ আগতীয়া প্ৰস্তুতিৰ প্ৰত্যক্ষ ফলাফল। এনডিআৰএফে এতিয়ালৈকে ১১,০০০ ৰো অধিক অভিযান চলাইছে আৰু ১.৬১ লাখৰো অধিক লোকৰ জীৱন ৰক্ষা কৰিছে। এনডিআৰএফে কেৱল ভাৰততে উদ্ধাৰ অভিযান চলোৱাই নহয়, জাপান, নেপাল, তুৰস্ক আৰু শ্ৰীলংকাকে ধৰি কেইবাখনো দেশলৈ ইয়াৰ সেৱা আগবঢ়াইছে, যাৰ ফলত এনডিআৰএফ আৰু তিৰংগৰ সন্মান হৈছে। ইয়াৰ পূৰ্বে, যেতিয়াই ভাৰতত কোনো দুৰ্যোগ আহিছিল, বিশ্বৰ বিভিন্ন প্ৰান্তৰ দুৰ্যোগ সঁহাৰি সংস্থাই দেশক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। আজি, বিশ্বৰ যিকোনো ঠাইত যেতিয়াই দুৰ্যোগ হয়, আমাৰ এনডিআৰএফে গৌৰৱেৰে ভাৰতক প্ৰতিনিধিত্ব কৰে আৰু জীৱন ৰক্ষা কৰিবলৈ প্ৰভাৱিত অঞ্চলত উপস্থিত হয়। এয়া ভাৰত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সাফল্য।

গৃহ মন্ত্ৰালয়ে এনডিআৰএফৰ সৈতে জড়িত তিনিটা মুখ্য ক্ষেত্ৰত বিশেষ মনোযোগ দিছে: সম্প্ৰসাৰণ, সম্পদ আৰু প্ৰশিক্ষণ। সম্পদৰ অৰ্থ কেৱল বাজেট আৱণ্টন নহয়; আধুনিক সঁজুলিৰ উপলব্ধতা নিশ্চিত কৰাতো মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ২০২৬ বৰ্ষক ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ বাবে সক্ষমতা বৃদ্ধিৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে সোনকালেই সমগ্ৰ বিশ্বৰ এনে সকলো সংস্থাৰ মাজত এনডিআৰএফে এক আগশাৰীৰ দুৰ্যোগ সঁহাৰি বাহিনী হিচাপে আত্মপ্ৰকাশ কৰিব। উত্তৰ-পূব ভাৰত আমাৰ দেশৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ অংশ। ই কেইবাখনো দেশৰ সৈতে সীমান্ত শ্বেয়াৰ কৰে আৰু বহুতো গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পদক্ষেপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আজি অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত ইটানগৰৰ সমীপত এটা এনডিআৰএফ (NDRF) বেটেলিয়ন স্থাপন কৰা হৈছে।আমাৰ এনডিআৰএফ জোৱানসকলে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক দুৰ্যোগৰ পৰা ৰক্ষা কৰিবলৈ, তেওঁলোকৰ বীৰত্ব প্ৰদৰ্শন কৰিবলৈ আৰু ইতিবাচক ফলাফল নিশ্চিত কৰিবলৈ সক্ষম হ'ব। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ উত্তৰ-পূব অঞ্চললৈ সম্ভৱপৰ সকলো ধৰণৰ  সহায় আগবঢ়াব আৰু অঞ্চলটোৰ লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিবলৈ গোটেই বছৰজুৰি চব্বিশ ঘণ্টাই অভিযান অব্যাহত ৰাখিব।

 

***

RK/PS/PR/MK


(ৰিলিজ আই ডি : 2340133) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी , Gujarati , Tamil , Malayalam